# Peoples' North East ## Posts - [পাক অধীকৃত জম্মু-কাশ্মীৰত তীব্ৰতৰ ৰূপ ধাৰণ কৰিছে চৰকাৰ বিৰোধী প্ৰতিবাদে](https://peoplesnortheast.com/pok-protest-continue-for-10th-day/): পাক অধীকৃত জম্মু-কাশ্মীৰত চলি থকা সাধাৰণ জনতাৰ প্ৰতিবাদে আজি ভৰি দিলে দশম দিনত। ঈদগাহ ময়দানত প্ৰায় ৬০-৭০ হাজাৰ লোক একত্ৰিত হৈ সাব্যস্ত কৰিছে প্ৰতিবাদ। ইয়াৰ সমান্তৰালকৈ চহৰৰ ভিতৰত হাজাৰ-হাজাৰ লোকে হাতে-হাতে পাক অধীকৃত জম্মু-কাশ্মীৰৰ পতাকা আৰু বগা পতাকা লৈ স্বাধীনতাৰ শ্লোগান দি কঁপাই তুলিছে ৰাজপথ। প্ৰতিবাদকাৰী সাধাৰণ জনতাই পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফক সন্ত্ৰাসবাদী আখ্যা দিয়াৰ লগতে পাক সেনা প্ৰধান আছিম মুনিৰক সন্ত্ৰাসবাদীৰ কৰ্ণেল জেনেৰেল নামেৰে অভিহিত কৰি ক্ষোভ উজাৰে ৰাজপথত। উল্লেখ্য যে, যোৱা ৭ জুনত পাকিস্তানী সেনা আৰু ৰেঞ্জাৰ্ছসকলে চলোৱা গুলীচালনাত প্ৰাণ হেৰুৱাইছিল পাক অধীকৃত জম্মু-কাশ্মীৰৰ ৫৬গৰাকী সাধাৰণ নাগৰিকে। সেনাৰ এই বৰ্বৰ কাণ্ডৰ লগতে পাকিস্তানী চৰকাৰে বিগত চাৰিদিনৰ পৰা পাক অধীকৃত […] - [আমেৰিকাৰে ঐতিহাসিক চুক্তিৰ পিছতেই প্ৰথমটো প্ৰতিক্ৰিয়া ইৰাণৰ, ক'লে- 'এতিয়া সময়...'](https://peoplesnortheast.com/iran-first-reaction-after-historic-america-iran-peace-deal/): বিগত কেইবা মাহ ধৰি চলা ৰক্তাক্ত সংঘৰ্ষৰ অন্তত শান্তি প্ৰতিষ্ঠাৰ বাবে আমেৰিকা আৰু ইৰাণৰ মাজত সম্পন্ন হ’ল বুজাবুজি চুক্তিত স্বাক্ষৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ানৰ মাজত ডিজিটেল মাধ্যমযোগে সম্পন্ন হয় চুক্তি স্বাক্ষৰ কাৰ্যসূচী। বিভিন্ন দেশৰ লগতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে এই চুক্তিক ঐতিহাসিক আখ্যা দিয়াৰ পিছতেই এই সন্দৰ্ভত ইৰাণৰ পৰা আহিছে প্ৰথমটো প্ৰতিক্ৰিয়া। ইৰাণৰ চৰকাৰী সংবাদ সংস্থা IRNAৰ তথ্য অনুসৰি ইৰাণৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ইছমাইল বাঘাইয়ে কয়, ‘দুয়োখন দেশৰ ৰাষ্ট্ৰপতিৰ স্বাক্ষৰেৰে ইছলামাবাদ চুক্তিৰ খচৰা চূড়ান্ত কৰা হৈছে। এতিয়া এই চুক্তিখন প্ৰকৃততে কেনেদৰে কাৰ্যকৰী হয় সেয়া হ’ব লক্ষ্যণীয়।’ উল্লেখ্য যে, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ৰ উপস্থিতিত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে […] - [লোকসভাৰ অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ উদ্ধৱ গোটৰ ৬ সাংসদৰ; চামিল হ'ব সিন্দে বাহিনীৰ শিৱসেনাত](https://peoplesnortheast.com/six-rebel-mps-meet-lok-sabha-speaker/): উদ্ধৱ ঠাকৰে নেতৃত্বাধীন শিৱসেনাৰ ৬ গৰাকী বিসম্বাদী সাংসদে আজি সাক্ষাত কৰে লোকসভাৰ অধ্যক্ষ ওম বিৰলাক। সাংসদ কেইগৰাকীয়ে লোকসভাৰ অধ্যক্ষ বিৰলাক সাক্ষাতৰ সময়ত প্ৰদান কৰে এখন পত্ৰ। বিভিন্ন ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, এই ৬ গৰাকী বিসম্বাদী সাংসদে উদ্ধৱ ঠাকৰে গোটৰ পৰা আঁতৰি আহি একনাথ সিন্দে বাহিনীৰ শিৱসেনাত বিলয় হোৱাৰ কথা উল্লেখ কৰিছে এই পত্ৰখনত। উদ্ধৱ ঠাকৰে নেতৃত্বাধীন শিৱসেনাৰ একাংশ শীৰ্ষ নেতাই দলটোক কংগ্ৰেছৰ সৈতে চামিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সেয়ে আমি দল ত্যাগ কৰিছো। লোকসভাৰ অধ্যক্ষ ওম বিৰলাক প্ৰদান কৰা পত্ৰখনত এই কথা উল্লেখ আছে বুলিও সংবাদ মাধ্যমত প্ৰকাশ পাইছে খবৰ। পত্ৰখনত লগতে এই কথাও উল্লেখ আছে যে উদ্ধৱ ঠাকৰে […] - [এদিনীয়া ক্ৰিকেটত কেইবাটাও অভিলেখ শুভমন গিলৰ](https://peoplesnortheast.com/shubman-gill-creates-record-in-odi-cricket/): আফগানিস্তানৰ বিৰুদ্ধে চলি থকা তিনিখন মেচৰ এদিনীয়া শৃংখলাৰ দ্বিতীয়খন মেচত ভাৰতীয় অধিনায়ক শুভমন গিলে শতকীয় ইনিংছ খেলি কেইবাটাও অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। অধিনায়ক হিচাপে দেশৰ হৈ সৰ্বাধিক শতক অৰ্জন কৰাৰ ক্ষেত্ৰত শুভমনে ভংগ কৰে ৰাহুল দ্ৰাবিড়ৰ অভিলেখ। অধিনায়ক হিচাপে দ্ৰাবিড়ে ৬টা শতক অৰ্জন কৰাৰ বিপৰীতে শুভমনে এই পৰ্যন্ত খেলিছে ৭টা শতকীয় ইনিংছ। ইয়াৰ উপৰি শুভমনে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক শতক অৰ্জন কৰা ভাৰতীয় ক্ৰিকেটাৰৰ তালিকাত গৌতম গম্ভীৰক অতিক্ৰম কৰে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰত গৌতম গম্ভীৰে সৰ্বমুঠ ২০টা শতক অৰ্জন কৰিছিল। আনহাতে শুভমনে এই পৰ্যন্ত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ২১টা শতক অৰ্জন কৰিবলৈ সক্ষম হৈছে। ইফালে গিলে ভাৰতৰ ভূমিত খেলা এদিনীয়া ক্ৰিকেটত সম্পূৰ্ণ কৰিলে ১০০০ ৰান। […] - [আমেৰিকা-ইৰাণৰ শান্তি চুক্তিত উৎফুল্লিত ভাৰত, প্ৰধানমন্ত্ৰী মোদীয়ে ক'লে- 'মই এই চুক্তিক...'](https://peoplesnortheast.com/india-welcomes-peace-deal-between-us-and-iran/): আমেৰিকা আৰু ইৰাণৰ মাজত হোৱা শান্তি চুক্তিক আদৰণি জনাইছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই চুক্তিৰ জৰিয়তে মধ্য প্ৰাচ্যৰ লগতে সমগ্ৰ বিশ্বত শান্তি আৰু স্থিৰতা আহিব বুলি আশা প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, এই সংঘৰ্ষৰ বাবে সমগ্ৰ বিশ্বই আৰ্থিক ক্ষতিৰ সন্মুখীন হোৱাৰ লগতে বহু দেশৰ বিভিন্ন সা-সামগ্ৰী লোকচান হৈছিল। তেওঁ লগতে দুয়োখন দেশৰ মাজত হ’বলগীয়া আলোচনাৰ জৰিয়তে এটা স্থায়ী সমাধান ওলাব বুলিও আশা প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত লিখিছে, ‘পশ্চিম এছিয়াত চলি থকা সংঘৰ্ষৰ অন্ত পেলাবলৈ আমেৰিকা আৰু ইৰাণৰ মাজত হোৱা চুক্তিক আদৰণি জনাইছো। এই উত্তেজনাৰ ফলত সমগ্ৰ বিশ্বই গুৰুতৰ অৰ্থনৈতিক লোকচানৰ সন্মুখীন হোৱাৰ লগতে বহু […] - [TMCত বিভাজন... নেশ্যনেলিষ্ট চিটিজেন্স পাৰ্টীত বিলয় তৃণমূলৰ ২০ সাংসদ](https://peoplesnortheast.com/all-rebel-tmc-mps-to-merge-with-nationalist-citizens-party/): দেশৰ ৰাজনীতিৰ বাবে ডাঙৰ খবৰ। তৃণমূল কংগ্ৰেছৰ ২০ গৰাকী বিসম্বাদী সাংসদে নেশ্যনেলিষ্ট চিটিজেন্স পাৰ্টীত চামিল হোৱাৰ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ সৈতে ঘণ্টাজোৰা চলা বৈঠকৰ অন্তত এই ঘোষণা কৰে তৃণমূলৰ সাংসদ কাকলি ঘোষ দস্তীদাৰে। দেওবাৰে ওম বিৰলাক সাক্ষাতৰ পিছত সাংসদ কাকলি ঘোষে কয়, ‘লোকসভাৰ ২০জন বিদ্ৰোহী TMC সাংসদে নেশ্যনেলিষ্ট চিটিজেন্স পাৰ্টীত চামিল হম। আমি শাসকীয় এনডিএ মিত্ৰজোঁটৰ প্ৰতি সমৰ্থন আগবঢ়াম। আমাৰ বাবে লোকসভাত পৃথকে বহাৰ ব্যৱস্থা কৰি দিবলৈও অধ্যক্ষ ওম বিৰলাক অনুৰোধ জনাইছো।’ কাকলি ঘোষৰ উপৰিও TMCৰ আন এজন বিদ্ৰোহী সাংসদ সুদীপ বন্দোপাধ্যায়ে তৃণমূলৰ নাম সন্দৰ্ভত তেওঁৰ দলটোৱে আইনৰ সহায় ল’ব বুলি ইংগিত দিছে। তেওঁ কয়, ‘আমি নেশ্যনেলিষ্ট […] - [যোৰহাটত বায়ু সেনাৰ AN-32 বিমান দুৰ্ঘটনাগ্ৰস্ত, শ্বহীদ ৫ জোৱান](https://peoplesnortheast.com/iaf-plane-crash-in-jorhat/): যোৰহাটৰ ৰৰৈয়াত সংঘটিত ভাৰতীয় বায়ু সেনাৰ AN-32 বিমান দুৰ্ঘটনাই শোকাহত কৰি তুলিছে সমগ্ৰ দেশক। এই মৰ্মান্তিক দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে ভাৰতীয় বায়ু সেনাৰ পাঁচগৰাকী সাহসী জোৱানে। ভাৰতীয় বায়ু সেনাই এক বিবৃতিযোগে জনাইছে যে যোৰহাটত সংঘটিত AN-32 বিমান দুৰ্ঘটনাত স্কোৱাড্ৰন লীডাৰ প্ৰশান্ত সিং, ফ্লাইট লেফটেনেণ্ট শুভম কুমাৰ, ছাৰ্জেণ্ট জিতেন্দ্ৰ শৰ্মা, অগ্নিবীৰ বায়ু খেমাৰাম কুমাৱত আৰু অগ্নিবীৰ বায়ু ডেনিছ আলমে প্ৰাণ হেৰুৱায়। উল্লেখ্য যে, ভাৰতীয় বায়ু সেনাৰ বিমানখন দুপৰীয়া প্ৰায় ১১ মান বজাত যোৰহাট বায়ু সেনা ষ্টেচনত অৱতৰণৰ সময়তে দুৰ্ঘটনাত পতিত হয়। ঘটনাৰ পাছতে উদ্ধাৰ অভিযান চলোৱা হয় যদিও পাঁচগৰাকী বায়ু সেনা জোৱানক ৰক্ষা কৰিব পৰা নগ’ল। এই ঘটনাই ভাৰতীয় বায়ু সেনাৰ লগতে সমগ্ৰ […] - [চৰকাৰী অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড; জ্বলি চাৰখাৰ ৪০০০ EVM](https://peoplesnortheast.com/kolkata-government-building-fire-4000-evms-destroyed/): তৃণমূল কংগ্ৰেছৰ ভিতৰচ’ৰাত চলা দলীয় অন্তঃকলহৰ মাজতেই কলকাতাৰ পৰা আহিছে এটা ডাঙৰ খবৰ। কলকাতাৰ আলিপুৰদুৱাৰস্থিত এটা অট্টালিকাত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত জ্বলি চাৰখাৰ হয় ৪০০০ ইভিএম। অট্টালিকাটোত সংঘটিত অগ্নিকাণ্ডৰ এই ঘটনাত ইভিএম নষ্ট হোৱাৰ খবৰে ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। তথ্য অনুসৰি দক্ষিণ কলকাতাৰ আলিপুৰ অঞ্চলত থকা এটা ৯ মহলীয়া অট্টালিকাত যোৱা বুধবাৰে ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। এই অট্টালিকাটোত আন আন বিভাগৰ লগতে দক্ষিণ পৰগনা জিলা পৰিষদৰ কাৰ্যালয়ো আছিল। এই অগ্নিকাণ্ডৰ ঘটনা পোহৰলৈ অহাৰ পিছতেই পশ্চিম বংগ চৰকাৰৰ ৰাজ্যিক মন্ত্ৰী কৌশিক চৌধৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে অগ্নিকাণ্ডত প্ৰায় ৪০০০ ইভিএম নষ্ট হৈছে। শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা বিধানসভা নিৰ্বাচনত ৰাজ্যখনৰ ১০টা […] - [দুমাহ পুৰণি এটা কাণ্ডক লৈ মমতা বেনাৰ্জীৰ বিৰুদ্ধে এজাহাৰ](https://peoplesnortheast.com/fir-registered-against-tmc-chief-mamata-banerjee/): পশ্চিম বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ। প্ৰায় দুমাহ পুৰণি এটা আপত্তিজনক মন্তব্যৰ বাবে কলকাতা আৰক্ষীয়ে মমতা বেনাৰ্জীৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ। পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ পূৰ্বে কলকাতাত আয়োজিত এক বিৰোধ প্ৰদৰ্শনৰ সময়ত সাম্প্ৰদায়িক মন্তব্য দিয়াৰ অভিযোগ উত্থাপন হৈছিল মমতাৰ বিৰুদ্ধে। মমতা বেনাৰ্জীৰ এই মন্তব্যৰ বাবে সমাজত বিষবাস্প বিয়পি পৰাৰ অভিযোগ উত্থাপন কৰি ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা ১৯৬ (১), ৩৫১(২) আৰু ৩৫২ৰ অধীনত হেয়াৰ ষ্ট্ৰীট আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছে। খবৰ অনুসৰি, আৰক্ষীয়ে ‘জিৰ’ এজাহাৰ’ ৰুজু কৰি গোচৰটো হেয়াৰ ষ্ট্ৰীট আৰক্ষী থানালৈ স্থানান্তৰিত কৰে। উল্লেখ্য যে, সেই সময়ত মমতা বেনাৰ্জীয়ে কৰা মন্তব্যক […] - [ফুটবল বিশ্বকাপৰ মাজতেই দুঃখবৰ; দেহাৱসান ঘটিল বিশ্বকাপ জয়ী এইগৰাকী তাৰকাৰ](https://peoplesnortheast.com/former-brazilian-footballer-brito-passes-away/): ফিফা বিশ্ব কাপ ২০২৬ আৰম্ভ হোৱাৰ সময়তে ফুটবল অনুৰাগীৰ বাবে আহিল এটা দুঃখবৰ। ব্ৰাজিলৰ বিশ্ব কাপ জয়ী দলৰ সদস্য তথা কিম্বদন্তী ফুটবলাৰ ব্ৰিটোৰ দেহাৱসান। ১৯৭০ ফিফা বিশ্ব কাপ জয়ী ব্ৰাজিল দলৰ সদস্য ব্ৰিটোৱে ৮৬ বছৰ বয়সত ইহলীলা সম্বৰন কৰে। ব্ৰাজিলিয়ান ফুটবল ফেডাৰেশ্যনে তেওঁৰ মৃত্যুৰ খবৰ নিশ্চিত কৰি কয় যে ফুটবলাৰগৰাকী নিমোনিয়াত আক্ৰান্ত হৈ বিগত এসপ্তাহ ধৰি হাস্পতালত চিকিৎসাধীন হৈ আছিল। উল্লেখ্য যে, ব্ৰাজিলৰ অন্যতম মহান ডিফেণ্ডাৰ হিচাপে জনা যায় ব্ৰিটোক। ১৯৬৪ চনত ব্ৰাজিল দলত অভিষেক ঘটা ব্ৰিটোৱে একেৰাহে ৮ বছৰ নিজ দেশক প্ৰতিনিধিত্ব কৰিছিল। এইগৰাকী মহান ফুটবলাৰৰ মৃত্যুত ব্ৰাজিলিয়ান ফুটবল ফেডাৰেশ্যনে দুখ প্ৰকাশ কৰি কয় যে ব্ৰাজিলৰ ফুটবল ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ […] - ['আজি নিশা হ'ব ভয়ংকৰ আক্ৰমণ', ইৰাণক সকীয়নি ড'নাল্ড ট্ৰাম্পৰ](https://peoplesnortheast.com/donald-trump-warns-iran/): শান্তি আলোচনাৰ চৰ্চাৰ মাজতেই আমেৰিকা আৰু ইৰাণৰ মাজত পুনৰ এবাৰ আৰম্ভ হৈছে ভয়ংকৰ যুদ্ধৰ উকমুকনি। শেহতীয়াকৈ ইৰাণৰ তৰফৰ পৰা মাৰ্কিন সেনা ঘাটিত চলোৱা আক্ৰমণৰ প্ৰতিশোধত জ্বলি উঠিছে আমেৰিকা। দেশখনৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণক সকীয়নি প্ৰদান কৰি দেশখনে ভয়ংকৰ লোকচানৰ সন্মুখীন হ’ব বুলি ভাবুকি প্ৰদান কৰিছে। ট্ৰাম্পে সামাজিক মাধ্যম ট্ৰুথৰ জৰিয়তে এটা প’ষ্টত লিখিছে, ‘আমেৰিকাই আজি নিশা ইৰাণৰ ওপৰত ভয়ংকৰ আক্ৰমণ কৰিব।’ ট্ৰাম্পে লগতে দাবী কৰিছে যে ইৰাণৰ নেভী, এয়াৰফ’ৰ্ছ, ৰাডাৰ, এণ্টি এয়াৰক্ৰাফ্ট আৰু ডিফেন্সৰ সকলো ছিষ্টেম ধ্বংস হৈছে। প’ষ্টত ট্ৰাম্পে লিখিছে, ‘অতি শীঘ্ৰে আমি খাৰ্গ দ্বীপ আৰু অন্যান্য তেল সম্পৰ্কীয় আন্তঃগাঁথনি দখল কৰি তেল আৰু গেছৰ বজাৰখন সম্পূৰ্ণ নিয়ন্ত্ৰণত লম, ঠিক […] - [তৃণমূলত ধৰ্ম সংকট; এইবাৰ মমতা বেনাৰ্জীক শেষ সকীয়নি সাংসদ কল্যাণ বেনাৰ্জীৰ](https://peoplesnortheast.com/tmc-mp-kalyan-banerjee-gave-ultimatum-to-mamata-banerjee/): তৃণমূল কংগ্ৰেছত অব্যাহত থকা বিসম্বাদৰ মাজতে এইবাৰ সাংসদ কল্যাণ বেনাৰ্জীয়েও বিসম্বাদী শিৱিৰৰ নেতা-কৰ্মীৰ দৰে একে সুৰত সুৰ মিলোৱা পৰিলক্ষিত হৈছে। তৃণমূলৰ সাংসদগৰাকীয়ে মমতা বেনাৰ্জীক একপ্ৰকাৰ শেষ সকীয়নি প্ৰদান কৰি কয়, ‘তেওঁ এইটো সিদ্ধান্ত ল’ব লাগিব যে তেওঁ অভিষেক বেনাৰ্জীক দলত ৰাখিব নে মোক।’ কল্যাণ বেনাৰ্জীয়ে অতি ক্ষোভ আৰু অসন্তুষ্টিৰে কয় যে অভিষেক বেনাৰ্জীৰ বাবে দল আজি দুভাগত বিভক্ত হৈছে। তেওঁৰ অত্যন্ত বেয়া ব্যৱহাৰৰ বাবে আজি দলে এই ক্ষতিৰ সন্মুখীন হৈছে। মমতা বেনাৰ্জীৰ অতি ঘনিষ্ঠৰূপে পৰিচিত কল্যাণ বেনাৰ্জীয়ে কয়, ‘মই মমতা বেনাৰ্জীৰ সৈতে আছো, কিন্তু মমতা দিদিয়ে নিশ্চিত কৰিব লাগিব যে তেওঁ অভিষেকক ৰাখিব নে মোক। এই সিদ্ধান্ত মমতা দিদিয়ে প্ৰথমে ল’ব […] - [ফিফাই ঘোষণা কৰিলে পুৰস্কাৰৰ ধন; চেম্পিয়ন দলে লাভ কৰা ধনৰ পৰিমান জানি হ'ব আচৰিত...](https://peoplesnortheast.com/fifa-world-cup-2026-prize-money/): আজিৰ পৰা আৰম্ভ হ’ব ফুটবল বিশ্বকাপ। আমেৰিকা, কানাডা আৰু মেক্সিকোৰ দ্বাৰা আয়োজিত এইবাৰৰ ফুটবল মহাৰণত মুঠ ৪৮টা দলে অংশগ্ৰহণ কৰিব। বিশ্বকাপৰ উদ্বোধনী মেচখনৰ বাবে বিশ্বৰ কোটি-কোটি অনুৰাগী অধীৰ আগ্ৰহেৰে বাট চাই থকাৰ সময়তে ফিফাই ঘোষণা কৰিলে এইবাৰৰ পুৰস্কাৰৰ ধন। এইবাৰৰ পুৰস্কাৰৰ ধন যোৱা বছৰৰ তুলনাত যথেষ্ট বেছি। ২০২২ চনত কাটাৰত অনুষ্ঠিত হোৱা বিশ্বকাপৰ তুলনাত এইবাৰ পুৰস্কাৰৰ ধন প্ৰায় ৫০ শতাংশ বৃদ্ধি পাইছে। ২০২৬ চনৰ ফিফা বিশ্বকাপৰ পুৰস্কাৰৰ ধন ৬৫৫ মিলিয়ন ডলাৰ, যাৰ অৰ্থ হ’ল ভাৰতীয় টকাত ৬২৪১ কোটি টকা। ২০২২ চনৰ ফিফা বিশ্বকাপৰ পুৰস্কাৰৰ ধন আছিল ৪৪০ মিলিয়ন ডলাৰ। উল্লেখ্য যে টি-২০ বিশ্বকাপৰ তুলনাত ফিফা বিশ্বকাপ ২০২৬ৰ পুৰস্কাৰৰ ধন প্ৰায় ৬০ […] - [অপেক্ষা ১১ জুন : অসমতো ফুটবল প্ৰেমীৰ মাজত বিশ্বকাপৰ উত্তাপ](https://peoplesnortheast.com/fifa-world-cup-2026/): সম্পূৰ্ণ হৈ উঠিছে ফুটবল মহাযুদ্ধৰ আয়োজন। আমেৰিকা, মেক্সিকো আৰু কানাডাৰ কেইবাখনো চহৰ নগৰ প্ৰায় এমাহ ধৰি ফুটবল উন্মাদনাত নিমজ্জিত হৈ থাকিব। সুসজ্জিত মেক্সিকো চহৰৰ এষ্টাডিঅ’ এজটেকাত ১১ জুনৰ নিশা বিশ্ববাসী সাক্ষী হৈ ৰ’ব ফুটবল ইতিহাসৰ আন এক স্বৰ্ণিল যাত্ৰাৰ। প্ৰথমবাৰৰ বাবে ৪৮ টা দলৰ অংশগ্ৰহণেৰে তিনিখন দেশৰ সেউজ দলিচাত হ’বলগীয়া এই মহাৰণত কোন দলে বিজয়ৰ শেষ হাঁহি মাৰি অহা চাৰিবছৰৰ বাবে বিশ্ব ফুটবলৰ সাম্ৰাজ্য নিজৰ দখলত ৰাখিব তাৰ বাবে অপেক্ষা কৰিব লাগিব প্ৰায় এমাহ। ইতিমধ্যে বিশ্বৰ অন্য প্ৰান্তৰ লগতে অসমতো দেখা গৈছে ফুটবল উন্মাদনা। ইংলিছ প্ৰিমিয়াৰ লীগ, লা লীগা, বুণ্ডেছলিগা, আই এছ এলৰ পাছতে এনেদৰে বিশ্বকাপক লৈ উদ্বাউল হৈ পৰা দেখিবলৈ […] - [মোদী চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ হোৱা দিনটোতেই কেন্দ্ৰীয় কেবিনেটৰ কেইবাটাও ডাঙৰ সিদ্ধান্ত](https://peoplesnortheast.com/union-cabinet-decisions/): প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন এন ডি এ চৰকাৰৰ ১২ বছৰীয়া জয়ন্তী উপলক্ষে বুধবাৰে অনুষ্ঠিত হয় কেন্দ্ৰীয় কেবিনেটৰ বৈঠক। এই বৈঠকত আহমেদাবাদ মেট্ৰ’ ৰে’ল প্ৰকল্পৰ সম্প্ৰসাৰণকে ধৰি কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। আহমেদাবাদ মেট্ৰ’ৰ ফেজ ২এৰ অধীনত ৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ কৰিডৰত অনুমোদন জনাইছে কেবিনেটে, য’ত পাঁচটা নতুন ষ্টেচন নিৰ্মাণ কৰা হ’ব। ইফালে, এই বৈঠকতে অন্ধ্ৰ প্ৰদেশৰ অমৰাৱতী সম্পৰ্কীয় কেইবাটাও বৃহৎ প্ৰকল্পতো অনুমোদন জনোৱা হয়। অন্ধ্ৰপ্ৰদেশৰ নতুন ৰাজধানী অমৰাৱতীৰ বাবে ঘোষণা কৰা হৈছে কেন্দ্ৰীয় চৰকাৰৰ দুটা বৃহৎ আন্তঃগাঁথনি প্ৰকল্প। ইয়াৰ ভিতৰত আছে ১,২৯৯ কোটি টকা ব্যয়েৰে ২৩.২৫ লাখ বৰ্গফুট বিস্তৃত কেন্দ্ৰীয় চৰকাৰৰ সাধাৰণ পুল কাৰ্যালয়ৰ আৱাস (চৰকাৰী আৱাসগৃহ) আৰু ১,২৩৫ কোটি টকা […] - [ভাৰতীয় টি-২০ দল ঘোষণা; শ্ৰেয়াছ আয়াৰক অধিনায়কৰ দায়িত্ব, দলত স্থান লাভ বৈভৱ সূৰ্যবংশীৰ](https://peoplesnortheast.com/india-t20i-squad-announced-for-ireland-england-and-asian-games/): আয়াৰলেণ্ড, ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া টি-২০ শৃংখলাৰ লগতে এছিয়ান গেমছৰ বাবে বিচিচিআইয়ে ঘোষণা কৰিলে ভাৰতীয় টি-২০ দল। সূৰ্যকুমাৰ যাদৱক টি-২০ দলৰ অধিনায়কৰ দায়িত্বৰ পৰা অপসাৰণ কৰি শ্ৰেয়াছ আয়াৰক অধিনায়কৰ দায়িত্ব অৰ্পণ কৰা হৈছে। আনহাতে তিলক বাৰ্মাক প্ৰদান কৰা হৈছে ভাৰতীয় টি-২০ দলৰ উপ-অধিনায়কৰ দায়িত্ব। ইফালে আই পি এলত চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়োৱা ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীক প্ৰথমবাৰৰ বাবে ভাৰতীয় দলত স্থান লাভ কৰিছে। তেওঁক তিনিওটা স্কোৱাডতে দলত অন্তৰ্ভুক্ত কৰা হৈছে। আয়াৰলেণ্ডৰ বিৰুদ্ধে ঘোষিত টি-২০ দল শ্ৰেয়াছ আয়াৰ (অধিনায়ক), অভিষেক শৰ্মা, সঞ্জু ছেমছন, ঈষাণ কিষাণ, শিৱম ডুবে, তিলক বাৰ্মা, নীতিশ কুমাৰ ৰেড্ডী, অক্ষৰ পেটেল, ৱাশ্বিংটন সুন্দৰ, বৰুণ চক্ৰৱৰ্তী, ৰবি বিষ্ণোই, মহম্মচ ছিৰাজ, হৰ্ষিত […] - [গ্ৰেপ্তাৰৰ ভয়! পাটনা ছিভিল ক'ৰ্টত আত্মসমৰ্পণ খান ছাৰৰ](https://peoplesnortheast.com/khan-sir-in-civil-court-to-surrender/): পাটনা প্ৰশিক্ষক কেন্দ্ৰত সংঘটিত গুলীচালনাৰ ঘটনাক কেন্দ্ৰ কৰি বিপদত পৰা খান ছাৰে নিজৰ অধিবক্তাৰ সৈতে উপস্থিত হৈছে পাটনা ছিভিল ক’ৰ্টত। প্ৰাপ্ত খবৰ অনুসৰি খান ছাৰে আদালতত আত্মসমৰ্পণ কৰিব আৰু তাৰ পিছতে তেওঁৰ অধিবক্তাই জামিনৰ বাবে আবেদন দাখিল কৰিব। উল্লেখ্য যে, এজাহাৰ দাখিল কৰাৰ ২৪ ঘণ্টা পিছতো খান ছাৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নোহোৱাত আৰক্ষীৰ কৰ্মকাণ্ডত প্ৰশ্ন উত্থাপন হৈছিল। এজাহাৰ দাখিল হোৱাৰ পিছৰে পৰা খান ছাৰে ক’ত আত্মগোপন কৰি আছিল তাক লৈও উত্থাপন হৈছিল প্ৰশ্নৰ। ইফালে খান ছাৰক গ্ৰেপ্তাৰত পলম হোৱা কাৰ্যত অসন্তুষ্টি প্ৰকাশ কৰিছিল জ্ঞানবিন্দু কোচ্চিঙৰ শিক্ষক বৰুণ ঠাকুৰে। বৰুণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছিল, ‘প্ৰশাসনে তৎপৰতা গ্ৰহণ কৰা নাই। ৰোশন আনন্দক তাৎক্ষণিকভাৱে […] - [পুনৰ সংসদত উত্থাপন হ'ব সমষ্টি পুনৰ নিৰ্ধাৰণ বিধেয়ক; এই সমূহ দলৰ সৈতে কেন্দ্ৰৰ আলোচনা](https://peoplesnortheast.com/delimitation-bill-in-monsoon-session-2026/): সংসদত পুনৰ এবাৰ সমষ্টি পুনঃনিৰ্ধাৰণ বিধেয়ক উত্থাপন কৰাৰ যোজা চলাইছে কেন্দ্ৰ চৰকাৰে। ২০২৯ চনৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে ইয়াক প্ৰযোজ্য কৰাটোৱে চৰকাৰৰ প্ৰধান উদ্দেশ্য। কিছু দিন পূৰ্বে নাৰী শক্তি বন্দন অধিনয়মৰ জৰিয়তে এই বিধেয়কখন উত্থাপন কৰিছিল সংসদত। কিন্তু সদনত এই বিধেয়কখন গৃহীত কৰাত ব্যৰ্থ হৈছিল কেন্দ্ৰ চৰকাৰ। এইবাৰ কেন্দ্ৰ চৰকাৰে প্ৰতিখন ৰাজ্যতে লোকসভাৰ আসন ৫০ শতাংশ বৃদ্ধিৰ জৰিয়তে এই বিধেয়কখন পুনৰ সংসদত উত্থাপন কৰাৰ চিন্তা চৰ্চা কৰিছে। ইয়াৰ ফলত দক্ষিণ ভাৰতৰ ৰাজ্যকেইখনত প্ৰতিবাদ হ্ৰাস পোৱাৰ লগতে সেই ৰাজ্যসমূহৰ আঞ্চলিক দলসমূহৰ সমৰ্থন লাভ কৰাৰো সম্ভাৱনা বৃদ্ধি পাব। ইয়াৰ উপৰি তৃণমূল কংগ্ৰেছৰ বিসম্বাদী শিৱিৰ আৰু কংগ্ৰেছ-DMKৰ মাজত হোৱা বিভাজনেও কেন্দ্ৰ চৰকাৰক বিধেয়কখন গৃহীত কৰাত […] - [ভাৰতীয় শিৱিৰত মোক্ষম আঘাত; এদিনীয়া শৃংখলাৰ পৰা বাহিৰ বিৰাট কোহলী](https://peoplesnortheast.com/virat-kohli-ruled-out-of-afghanistan-series/): ভাৰত আৰু আফগানিস্তানৰ মাজত অনুষ্ঠিত হ’বলগীয়া তিনিখন মেচৰ এদিনীয়া শৃংখলাৰ পূৰ্বে ভাৰতীয় দল আৰু কোটি কোটি ক্ৰিকেট অনুৰাগীৰ বাবে আহিছে এক বেয়া খবৰ। হেমষ্ট্ৰিঙৰ আঘাতৰ বাবে এদিনীয়া শৃংখলাৰ পৰা বাহিৰ হৈছে বিৰাট কোহলী। কিংবদন্তী ক্ৰিকেটাৰগৰাকীৰ অনুপস্থিতিৰ অভাৱ ভাৰতীয় বেটিং ক্ৰমৰ বাবে এক ডাঙৰ ক্ষতি বুলি অভিহিত কৰা হৈছে। উল্লেখ্য যে, শেহতীয়াকৈ সম্পন্ন হোৱা আই পি এল ২০২৬ ছিজনত বিৰাট কোহলীয়ে বেটেৰে চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়াইছিল। RCBৰ হৈ খেলা কোহলীয়ে ছিজনটোত ১৬খন মেচত এটা শতক আৰু ৫টা অৰ্ধশতকৰ সহায়ত মুঠ ৬৭৫ ৰান সংগ্ৰহ কৰিছিল। গুজৰাট টাইটানছৰ বিৰুদ্ধে অনুষ্ঠিত চূড়ান্ত মেচখনত কোহলীয়ে ৪২টা বলত ৭৫ ৰানৰ গুৰুত্বপূৰ্ণ ইনিংছ খেলিছিল। কোহলীৰ এই ইনিংছটোৰ বাবেই RCBয়ে […] - [আভ্যন্তৰীণ বিদ্ৰোহত জৰ্জৰ TMC; মমতাক শলঠেকত পেলাই বহিষ্কৃত নেতাৰ ডাঙৰ মন্তব্য](https://peoplesnortheast.com/expelled-leader-riju-dutta-big-statement-amid-tmc-split/): পশ্চিম বংগত মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছ সম্প্ৰতি এক বৃহত আভ্যন্তৰীণ বিদ্ৰোহ আৰু ভাঙোনৰ সন্মুখীন হৈছে। দলটোৰ ভিতৰচ’ৰাত দেখা দিয়া বিসম্বাদৰ মাজতে দলৰ পৰা বহিষ্কৃত নেতা ৰিজু দত্তাই এক ডাঙৰ মন্তব্য প্ৰদান কৰিছে। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সযোগে এটা প’ষ্ট কৰি নেতাগৰাকীয়ে লিখিছে যে আকাৰ ল’ব ধৰিছে নতুন তৃণমূলে। ঋতব্ৰত বেনাৰ্জীক বিৰোধী দলৰ দলপতি আৰু আখৰুজ্জামানক মুখ্য সচেতক হিচাপে মনোনীত কৰা হৈছে। দত্তাই আৰু লিখিছে যে নিৰ্বাচনত জয়ী হোৱা ৬৪গৰাকী তৃণমূলৰ বিধায়কে মমতা বেনাৰ্জীক তেওঁলোকৰ নেতা হিচাপে মানি লয় কিন্তু অভিষেক বেনাৰ্জীক নহয়। ইয়াৰ পূৰ্বে হাওৰাৰ উলুবেৰিয়া (পূব) সমষ্টিৰ বহিষ্কৃত তৃণমূল কংগ্ৰেছৰ বিধায়ক ঋতব্ৰত বেনাৰ্জীয়ে বিধানসভাৰ অধ্যক্ষক সাক্ষাৎ কৰিবলৈ বুধবাৰে বিধানসভাত উপস্থিত […] - [ৰাজধানীত ভয়াৱহ অগ্নিকাণ্ড; ২১ গৰাকীৰ কৰুণ মৃত্যু, মৃতকৰ অধিকাংশ বিদেশী](https://peoplesnortheast.com/malviya-nagar-hotel-fire-kills-many-people/): দেশৰ ৰাজধানী দিল্লীৰ মালবীয় নগৰ অঞ্চলস্থিত এটা ছমহলীয়া অট্টালিকাত সংঘটিত ভয়াৱহ অগ্নিকাণ্ডত ২১গৰাকী লোকে কৰুণ মৃত্যুক সাৱটি লোৱাৰ খবৰ আহিছে। আশংকা কৰা অনুসৰি মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। অগ্নিকাণ্ড সংঘটিত হোৱাৰ খবৰ লাভ কৰাৰ লগে লগে ঘটনাস্থলত অগ্নিনিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ জুই নিয়ন্ত্ৰণৰ চেষ্টা চলোৱাৰ লগতে আৰম্ভ কৰে উদ্ধাৰ অভিযান। তাৎক্ষণিকভাৱে আৰম্ভ কৰা উদ্ধাৰ অভিযানত ৩৭গৰাকী লোকক হোটেলখনৰ পৰা জীৱন্তে উদ্ধাৰ কৰা হয়। এতিয়াও বহু সংখ্যক লোক হোটেলখনত আৱদ্ধ হৈ আছে। এই কৰুণ ঘটনাটোত এই পৰ্যন্ত কিমানজন লোকে প্ৰাণ হেৰুৱালে তাৰ নিশ্চিত তথ্য প্ৰকাশ কৰা নাই প্ৰশাসনে। প্ৰাথমিক তথ্য অনুসৰি হোটেলখনৰ তলত থকা ৰান্ধনি-শালৰ পৰাই জুইৰ সূত্ৰপাত […] - [বিতৰ্কৰ পিছতেই হঠাৎ ভাৰতীয় টেষ্ট দলত অন্তৰ্ভুক্ত এইগৰাকী বেগী বলাৰ](https://peoplesnortheast.com/auqib-nabi-joins-india-test-squad/): ৬ জুন অৰ্থাত শনিবাৰৰ পৰা আফগানিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া একমাত্ৰ টেষ্ট মেচখনৰ পূৰ্বে পোহৰলৈ আহিছে এক ডাঙৰ খবৰ। মেচখনৰ চাৰিদিন পূৰ্বে হঠাতে ভাৰতীয় দলত অন্তৰ্ভুক্ত কৰা হ’ল জম্মু-কাশ্মীৰৰ বেগী বলাৰ আকিব নবীক। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা খবৰ অনুসৰি জম্মু-কাশ্মীৰৰ এইগৰাকী বেগী বলাৰক বেকআপ হিচাপে ভাৰতীয় দলত অন্তৰ্ভুক্ত কৰিছে। উল্লেখ্য যে ২০২৫-২৬ বৰ্ষৰ ৰঞ্জী ছিজনত সৰ্বাধিক উইকেট দখল কৰিছিল আকিব নবীয়ে। আকিবৰ চমকপ্ৰদ প্ৰদৰ্শনৰ ভিত্তিতেই জম্মু-কাশ্মীৰে প্ৰথমবাৰৰ বাবে ৰঞ্জী ট্ৰফীৰ খিতাপ দখল কৰিছিল। আকিব নবীয়ে প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত এই পৰ্যন্ত ৪১ খন মেচত ১৫৬টা উইকেট দখল কৰিছে। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত অন্ত পৰা ৰঞ্জী ছিজনত আকিবে ১২.৫৭ গড়ে ৬০টা উইকেট দখল […] - [পুনৰ ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ ভয়ংকৰ আক্ৰমণ; মৃত্যু ৯জন লোকৰ](https://peoplesnortheast.com/russia-launches-major-missile-and-drone-attack-on-ukraine/): বিগত কেইবাবছৰো ধৰি ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি আছে যুদ্ধ। দুয়োখন দেশে অব্যাহত ৰাখিছে আক্ৰমণ-প্ৰত্যাক্ৰমণ। এই যুদ্ধৰ অন্ত পেলাবলৈ আমেৰিকাৰ মধ্যস্থতাত কেইবাবাৰো আলোচনা অনুষ্ঠিত হৈছিল যদিও এই পৰ্যন্ত ওলোৱা নাই কোনো ফলপ্ৰসূ সমাধান। ইয়াৰ মাজতে ৰাছিয়াই পুনৰ এবাৰ ইউক্ৰেইনৰ ওপৰত মিছাইল আৰু ড্ৰোণেৰে আক্ৰমণ কৰাৰ খবৰ আহিছে। এই ভয়ংকৰ আক্ৰমণত ইউক্ৰেইনৰ ৯গৰাকী নাগৰিক নিহত হোৱাৰ লগতে বহু লোক আহত হৈছে। ৰাছিয়াৰ এই আক্ৰমণ সন্দৰ্ভত তথ্য প্ৰকাশ কৰি কীভ প্ৰশাসনৰ শীৰ্ষ বিষয়াই জানিব দিয়ে যে ৰাছিয়াৰ তৰফৰ পৰা হোৱা আক্ৰমণত অতি কমেও চাৰিগৰাকী লোকৰ মৃত্যু হৈছে আৰু ৫৮ গৰাকী লোক গুৰুতৰভাৱে আহত হৈছে, ইয়াৰ ভিতৰত আছে দুটি শিশু। ভয়ংকৰ আক্ৰমণৰ কথা উল্লেখ […] - ['অভিষেকক হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচিছিল', বিজেপিৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ মমতা বেনাৰ্জীৰ](https://peoplesnortheast.com/mamata-banerjee-claim-bjp-attempt-to-murder-abhishek/): বিজেপিয়ে তৃণমূল কংগ্ৰেছ দলক নিঃশেষ কৰা আৰু দলটোৰ সাংসদ অভিষেক বেনাৰ্জীক হত্যা কৰাৰ গভীৰ ষড়যন্ত্ৰ ৰচাৰ ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে তৃণমূলৰ মুৰব্বী তথা পশ্চিম বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। প্ৰাক্তন মুখ্যমন্ত্ৰী বেনাৰ্জীয়ে লগতে তৃণমূলৰ নেতাসকলৰ ওপৰত হোৱা আক্ৰমণৰ বিৰুদ্ধে যদিহে প্ৰশাসনে কলকাতাত প্ৰতিবাদৰ অনুমতি নিদিয়ে তেন্তে তেওঁ দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ প্ৰদান কৰে। দলীয় কৰ্মী আৰু সমৰ্থকসকলক সম্বোধন কৰি মমতা বেনাৰ্জীয়ে কয় যে মঙলবাৰ অৰ্থাত ২ জুনত কলকাতাৰ ৰাণী ৰশ্মোনি পথত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ তৃণমূলে অনুমতি বিচাৰিছিল যদিও আৰক্ষীয়ে অনুমতি প্ৰদান নকৰিলে। প্ৰশাসনৰ এই সিদ্ধান্তক ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি অভিহিত কৰি আন্দোলন অব্যাহত ৰাখিব বুলিও কয় মমতা বেনাৰ্জীয়ে। তৃণমূল আৰু শক্তিশালী […] - [চীফ অৱ ডিফেন্স ষ্টাফ হিচাপে দায়িত্ব গ্ৰহণ এন এছ ৰাজা সুব্ৰমণিৰ](https://peoplesnortheast.com/ns-raja-subramani-take-charge-as-country-third-cds/): জেনেৰেল এন এছ ৰাজা সুব্ৰমণিয়ে ৩১ মে’ অৰ্থাত দেওবাৰে দেশৰ তৃতীয় চীফ অৱ ডিফেন্স ষ্টাফ হিচাপে দায়িত্ব গ্ৰহণ কৰে। কাৰ্যভাৰ গ্ৰহণ কৰাৰ লগে লগে তেওঁক চাউথ ব্লকত আনুষ্ঠানিকভাৱে গাৰ্ড অৱ অনাৰ দিয়া হয়। ৩০ মে’ত অৱসৰ গ্ৰহণ কৰা জেনেৰেল অনিল চৌহানৰ উত্তৰাধিকাৰী হিচাপে দায়িত্ব লয় গড়ৱাল ৰেজিমেণ্টৰ জ্যেষ্ঠ বিষয়া ৰাজা সুব্ৰমণিয়ে। দায়িত্ব গ্ৰহণ কৰিয়েই জেনেৰেল সুব্ৰমণিয়ে স্পষ্ট কৰি দিয়ে যে তেওঁৰ নেতৃত্বত ভাৰতীয় সশস্ত্ৰ বাহিনীৰ প্ৰধান গুৰুত্ব হ’ব ‘JAI’ (জয়) অৰ্থাৎ সমন্বয়, আত্মনিৰ্ভৰশীলতা আৰু উদ্ভাৱন। কঠিন পৰিস্থিতিত অসাধাৰণ কাম ৪০ বছৰতকৈও অধিক সময়ৰ বৰ্ণিল কেৰিয়াৰত লেফটেনেণ্ট জেনেৰেল এন এছ ৰাজা সুব্ৰমণিয়ে বিভিন্ন সংঘাতপূৰ্ণ অঞ্চল আৰু ভৌগোলিক পৰিস্থিতিত সেৱা আগবঢ়াই অহাৰ লগতে […] - [লেবাননত ইজৰাইলী সেনাৰ প্ৰৱেশ; ৪৪ বছৰৰ পিছত বিউফ'ৰ্টত উৰিল ইজৰাইলৰ পতাকা](https://peoplesnortheast.com/israel-flag-on-beaufort-castle-after-44-years/): শান্তি চুক্তিক লৈ ইৰাণ আৰু আমেৰিকাৰ মাজত চলি থকা আলোচনাৰ মাজতে ইজৰাইলৰ সৈন্য বাহিনীয়ে প্ৰৱেশ কৰিছে লেবাননত। ইজৰাইলৰ সৈন্য বাহিনীয়ে ৪৪ বছৰ পিছত পুনৰ এবাৰ দখল কৰে দক্ষিণ লেবাননৰ বিখ্যাত বিউফ’ৰ্ট দুৰ্গ। কেৱল এয়াই নহয় ইজৰাইলৰ সেনা বাহিনীয়ে দুৰ্গটোত ইজৰাইলৰ পতাকাৰ লগতে গোলানি ব্ৰিগেডৰ পতাকাও উত্তোলন কৰে। ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী কাটজে ইয়াক ‘কৌশলগত বিজয়’ বুলি অভিহিত কৰি হিজবুল্লাক প্ৰত্যক্ষ সতৰ্কবাণী জাৰি কৰে। দেওবাৰে পুৱা ইজৰাইলী ব্ৰডকাষ্ট কৰ্প’ৰেশ্যনে ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰা ছবিত ইজৰাইলী সৈন্যই নবাটিয়েহ চহৰৰ সমীপৰ বিউফ’ৰ্টত পতাকা উত্তোলন কৰা স্পষ্টভাৱে দেখা যায়। ইয়াৰ পিছত ইজৰাইল প্ৰতিৰক্ষা বাহিনীয়ে অঞ্চলটোত থকা জোৱানৰ ফটো আৰু ভিডিঅ’ প্ৰকাশ কৰে। আইডিএফৰ এগৰাকী মুখপাত্ৰই কয় […] - [কোটি কোটি ক্ৰিকেট অনুৰাগীৰ হৃদয়ত এতিয়া 'ৱাণ্ডাৰ কিড' বৈভৱ](https://peoplesnortheast.com/story-of-vaibhab-sooryavanshi/): বয়স মাত্ৰ ১৫ বছৰ। কিন্তু হাতত বেটখন লৈ খেলপথাৰত নমাৰ লগে লগে কম্পিত হয় বিশ্বৰ বাঘা বাঘা বেগী বলাৰৰ বলিং স্পাইক। গুলীৰ বেগত অহা বল ধুমুহাৰ গতিত বাউণ্ডেৰী পাৰ কৰোৱাটোৱে তেওঁৰ একমাত্ৰ লক্ষ্য। বয়সৰ জোখাৰে অভিজ্ঞ নহ’লেও তেওঁৰ বেটিং বিক্ৰমৰ পৰা সাৰি যোৱা নাই বুমৰাহ, পেট কামিন্স, ৰাবাডা, হেজলউডৰ দৰে দুৰ্দান্ত বলাৰ। যিমান ক’লেও প্ৰশংসাৰ বাবে শব্দৰ অভাৱ হ’ব এইগৰাকী ক্ৰিকেটাৰৰ বাবে। আমি যুগুত কৰা এই প্ৰতিবেদনৰ মূল নায়কজনক আজি আৰু আমি বেলেগকৈ পৰিচয় কৰাই দিয়াৰ প্ৰয়োজন নাই। কিয়নো ইতিমধ্যে বিশ্ব ক্ৰিকেটত ৱাণ্ডাৰ কিডৰূপে সমাদৃত হৈছে ১৫ বছৰীয়া ক্ৰিকেটাৰ জন। নাম বৈভৱ সূৰ্যবংশী। ২০১১ চনৰ বিহাৰৰ তাজপুৰত জন্মগ্ৰহণ কৰা বৈভৱে অতি […] - [মন্দিৰত আপত্তিজনক সামগ্ৰী উদ্ধাৰক লৈ উত্তেজনা; মোতায়েন বিশাল আৰক্ষী বাহিনী](https://peoplesnortheast.com/suspected-food-items-found-at-shiva-mandir-in-sribhumi/): শ্রীভূমি জিলাৰ আনিপুৰ অঞ্চলৰ এটা শিৱ মন্দিৰৰ প্ৰণামী বাকচৰ ওপৰত গৰুৰ কটা মূৰ উদ্ধাৰ হোৱা ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে। সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰাৰ বাবে কোনো দুষ্কৃতিকাৰীয়ে এই কাণ্ড কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনাৰ বাবে যাতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ নাযায় তাৰ বাবে বৃহৎ সংখ্যক আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে। ঈদ-উল-আজহাৰ পিছদিনা শ্রীভূমি জিলাৰ ৰামকৃষ্ণনগৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত আনিপুৰ সংলগ্ন বিষ্ণুপ্ৰিয়া মণিপুৰী অধ্যুষিত মদনপুৰ গাঁৱত এই ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হয়। স্থানীয় লোকসকলৰ অভিযোগ অনুসৰি, এটা শিৱ মন্দিৰৰ প্ৰণামী বাকচৰ ওপৰত গৰুৰ কটা মূৰ দেখা পোৱাৰ পিছতে অঞ্চলটোত এক চেপা উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয়। জানিব পৰা […] - [ভিনেশ ফোগাটলৈ সকাহ... এছিয়ান গেমছৰ ট্ৰায়েলত অংশ লোৱাৰ অনুমতি সৰ্বোচ্চ ন্যায়ালয়ৰ](https://peoplesnortheast.com/sc-permits-vinesh-phogat-to-participate-in-2026-asian-games-trials/): অহা ৩০ আৰু ৩১ মে’ত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছৰ বাছনি পৰীক্ষা বা ট্ৰায়েলত অংশ ল’ব পাৰিব দেশৰ তাৰকা মল্লযুঁজাৰু ভিনেশ ফোগাটে। দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ বাহাল ৰাখি দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্যনৰ আবেদন সন্দৰ্ভত জাননী জাৰি কৰিছে। এতিয়া পৰৱৰ্তী শুনানি অহা ১ জুনত অনুষ্ঠিত হ’ব। সৰ্বোচ্চ ন্যায়ালয়ে ভিনেশক ট্ৰায়েলত অংশ লোৱাৰ অনুমতি প্ৰদান কৰি কয়, ‘ট্ৰায়েল কাইলৈ অনুষ্ঠিত হ’ব, সেয়ে আপোনাক আমি বাধা দিব খোজা নাই। অৱশ্যে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ সন্দৰ্ভত আমাৰ কেইবাটাও প্ৰশ্ন আছে। সেইবোৰৰ উত্তৰ আপুনি দিব লাগিব।’ অৱশ্যে সৰ্বোচ্চ ন্য়ায়ালয়ে ভিনেশ ফোগাটৰ দাবী সন্দৰ্ভতো কেতবোৰ প্ৰশ্ন উত্থাপন কৰিছে। আদালতে কয় যে ভিনেশ ফোগাট কোনো সাধাৰণ এথলীট নহয়, […] - [কেৰালামৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পি বিজয়নৰ বাসগৃহত অভিযান চলোৱা EDৰ বিষয়াৰ ওপৰত আক্ৰমণ](https://peoplesnortheast.com/ed-officials-attacked-in-keralam/): কেৰালামৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নৰ বাসগৃহত অভিযান চলোৱা EDৰ এটা দলক পিনাৰাইৰ সমৰ্থকে ভয়ংকৰ আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে। প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয়নৰ ঘৰৰ পৰা অভিযান চলাই ওলাই অহাৰ পিছতেই সমৰ্থকে তদন্তকাৰী দলটোৰ ওপৰত আক্ৰমণ কৰে। এই সমগ্ৰ কাণ্ডৰ ভিডিঅ’ ফুটেজ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। কেৰালামৰ ১০টা ভিন্ন প্ৰান্তত কোচিন মিনাৰেলছ এণ্ড ৰুটাইল সন্দৰ্ভত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই চলোৱা অভিযানক লৈ CPI(M)ৰ কাৰ্যকৰ্তাসকলে প্ৰতিবাদ সাব্যস্ত কৰি আছিল। EDয়ে চলোৱা অভিযানস্থলীসমূহৰ ভিতৰত এটা আছে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিৰোধী দলপতি পিনাৰাই বিজয়নৰ বাসগৃহও। জানিব পৰা অনুসৰি তিৰুৱনন্তপুৰমৰ CPI(M) কাৰ্যকৰ্তাসকলে অভিযানকাৰী দলটোৰ বিষয়াৰ গাড়ীত আক্ৰমণ কৰে। কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ এই অভিযানত ক্ষুন্ন হৈয়ে বিজয়নৰ […] - [SIR সন্দৰ্ভত সৰ্বোচ্চ ন্যায়ালয়ৰ ডাঙৰ সিদ্ধান্ত](https://peoplesnortheast.com/supreme-court-verdict-on-sir/): ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ (SIR) প্ৰক্ৰিয়া সন্দৰ্ভত আজি সৰ্বোচ্চ ন্যায়ালয়ে এক ডাঙৰ ৰায় প্ৰদান কৰে। উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিছে যে নিৰ্বাচন আয়োগৰ SIR পৰিচালনাৰ কৰ্তৃত্ব আছে। এছ আই আৰ সন্দৰ্ভত দাখিল কৰা আৱেদন সম্পৰ্কীয় এটা গোচৰত উচ্চতম ন্যায়ালয়ে ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ (এছ আই আৰ) কৰাৰ ভাৰতৰ নিৰ্বাচন আয়োগৰ কৰ্তৃত্বক সমৰ্থন কৰে। মুখ্য ন্যায়াধীশ সূৰ্য্য কান্তৰ নেতৃত্বত গঠিত বিচাৰপীঠে ৰায় দিয়ে যে কেৱল স্বাভাৱিক ভোটাৰ তালিকা পুনৰীক্ষণ প্ৰক্ৰিয়াৰ পৰা পৃথক হোৱাৰ বাবেই এছ আই আৰ প্ৰক্ৰিয়াটোক অবৈধ বুলি অভিহিত কৰিব নোৱাৰি। আদালতে এছ আই আৰক বৈধ আৰু সাংবিধানিক প্ৰক্ৰিয়া বুলি ঘোষণা কৰে। আদালতে আৰু কয় যে, ‘এই প্ৰক্ৰিয়াটো আইনগতভাৱে শুদ্ধ।’ […] - [ভাৰতত এণ্ট্ৰি কৰ'ণাতকৈও বিপদজনক ভাইৰাছ ইব'লা!](https://peoplesnortheast.com/ebola-virus-concerns-28-year-old-woman-back-from-uganda-isolated-in-bengaluru/): আফ্ৰিকাত কৰ’ণাতকৈও ভয়াৱহ ইব’লা ভাইৰাছৰ সংক্ৰমণৰ মাজতে উগাণ্ডাৰ পৰা উভতি অহা এগৰাকী মহিলাক বাংগালুৰুৰ এখন চৰকাৰী হাস্পতালত পৰ্যবেক্ষণৰ বাবে আইছ’লেট কৰা হৈছে। মহিলাগৰাকীৰ শৰীৰত সামান্য বিষ হৈছে যদিও ভাইৰাছৰ কোনো গুৰুতৰ লক্ষণ দেখা পোৱা নাই আৰু তেওঁৰ অৱস্থা সুস্থিৰ বুলি হাস্পতাল কৰ্তৃপক্ষই জানিব দিয়ে। বিষয়াসকলৰ মতে, ইব’লা আক্ৰান্ত অঞ্চলৰ পৰা অহা মহিলাগৰাকীক হোটেলৰ পৰা চিকিৎসালয়লৈ লৈ যোৱা হয়। তেওঁৰ নমুনা পৰীক্ষাৰ বাবে নেশ্যনেল ইনষ্টিটিউট অৱ ভাইৰ’লজী (এন আই ভি)লৈ প্ৰেৰণ কৰা হৈছে, আৰু প্ৰতিবেদনৰ বাবে অপেক্ষা কৰা হৈছে। চৰকাৰে উল্লেখ কৰিছে যে এই পৰ্যন্ত ভাৰতত ইব’লাৰ কোনো নিশ্চিত ৰোগী ধৰা পৰা নাই। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে স্পষ্ট কৰি দিয়ে যে […] - [অনুপ্ৰৱেশকাৰীক লৈ কঠোৰ পদক্ষেপ অমিত শ্বাহৰ; গঠন হ'ল উচ্চস্তৰীয় সমিতি](https://peoplesnortheast.com/high-level-committee-on-demographic-change-infiltrate-1/): দেশত অভাৱনীয়ভাৱে বৃদ্ধি পোৱা অনুপ্ৰৱেশকাৰী সমস্যা প্ৰতিৰোধৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। মঙলবাৰে দেশৰ গৃহ মন্ত্ৰালয়ে জনগাঁথনি পৰিৱৰ্তন সন্দৰ্ভত এখন উচ্চস্তৰীয় সমিতি গঠন কৰিছে। এই সমিতিখনে অনুপ্ৰৱেশকাৰীৰ সৈতে জড়িত বিষয়সমূহ তদন্ত কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৫ বৰ্ষৰ ১৫ আগষ্টত এই সমিতিখন গঠন কৰিব বুলি উল্লেখ কৰিছিল। মোদীৰ সেই প্ৰতিশ্ৰুতি অনুসৰি আজি গঠন কৰা হ’ল সমিতিখন। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সামাজিক মাধ্যম এক্সৰ জৰিয়তে সমিতিখন গঠন কৰাৰ কথা ৰাজহুৱা কৰে। প্ৰাক্তন ন্যায়াধীশ প্ৰকাশ প্ৰভাকৰ নাভলেকাৰৰ অধ্যক্ষতাত গঠন কৰা হৈছে এই উচ্চস্তৰীয় সমিতিখন। এই সমিতিখনে দেশত বৃদ্ধি পোৱা অনুপ্ৰৱেশকাৰী সমস্যা আৰু আন আন অস্বাভাৱিক কাৰণত জনগাঁথনি পৰিৱৰ্তনৰ মূল্যায়নত সহায় কৰিব। […] - [বৰপেটা ৰোড আৰক্ষীৰ বৃহৎ সফলতা; গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কুখ্যাত চাইবাৰ প্ৰৱঞ্চক জাহিদুল](https://peoplesnortheast.com/barpeta-road-police-arrest-one-cyber-criminals-from-guwahati/): চাইবাৰ অপৰাধৰ বিৰুদ্ধে বৰপেটাৰোড আৰক্ষীয়ে অব্যাহত ৰাখিছে তীব্ৰ অভিযান। এই অভিযানৰ মাজতে পুনৰ এজন কুখ্যাত চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। ধৃত অপৰাধীজন হাউলীৰ বগাইজান পাৰাৰ জাহিদুল ইছলাম বুলি চিনাক্ত কৰা হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, জাহিদুল ইছলামে দীৰ্ঘদিন ধৰি অঞ্চলটোৰ লগতে বিভিন্ন প্ৰান্তৰ সহজ-সৰল লোকসকলক লক্ষ্য কৰি লৈছিল। অতি কৌশলেৰে লোকসকলৰ ক্ৰেডিট কাৰ্ডৰ পৰা ধন লুটি এক আতংকৰ সৃষ্টি কৰিছিল এই প্ৰৱঞ্চকজনে। বহু লোকৰ পৰা ধন সৰকোৱা প্ৰৱঞ্চকজনে আৰক্ষীৰ পৰা হাত সাৰিবলৈ বিগত কিছুদিনৰ পৰা গুৱাহাটীত আত্মগোপন কৰি আছিল। বৰপেটাৰোড আৰক্ষীয়ে এক নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত সোমবাৰে গুৱাহাটী মহনগৰীত এক অভিযান চলাই জাহিদুলক কৰায়ত্ত কৰে। বৰ্তমান আৰক্ষীয়ে […] - [মৰ্মান্তিক! কুঁৱা খান্দিবলৈ যোৱা ৫ শ্ৰমিকৰ সৈতে শোকাৱহ ঘটনা; ২জনৰ মৃতদেহ উদ্ধাৰ](https://peoplesnortheast.com/panna-ajaygarh-well-collapse/): মধ্য প্ৰদেশৰ পান্না জিলাত এটা কুঁৱা খননৰ সময়ত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। জিলাখনৰ বিহাৰপুৰৱাৰ নয়াপুৰৱাত হঠাত মাটি খহি পৰাৰ ফলত পাঁচগৰাকী শ্ৰমিক আৱদ্ধ হৈ পৰে। ইয়াৰে দুজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ বিপৰীতে এই পৰ্যন্ত আন ৩ জন শ্ৰমিকক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। এই শোকাৱহ ঘটনাৰ পিছতে গাঁওখনত এক বুজাব নোৱাৰা পৰিৱেশৰ সৃষ্টি হৈছে। জানিব পৰা অনুসৰি বিন্নু অহিৰৱাৰ নামৰ এজন লোকৰ খেতিপথাৰত বিগত ১০ দিনৰ পৰা ৭ জন শ্ৰমিক কুঁৱা খননৰ কামত নিয়োজিত হৈ আছিল। কিন্তু মঙলবাৰে পুৱা প্ৰায় ১১ বজাত হঠাতে ওপৰৰ পৰা বৃহত পৰিমাণৰ মাটি খহি পৰে। ফলত কুঁৱাৰ ভিতৰত কাম কৰি থকা ৫ গৰাকী শ্ৰমিক আৱদ্ধ […] - [ৰান মেচিন বনাম প্লে অফৰ চাপ; ধৰ্মশালাত সলনি হ'ব নে কোহলীৰ নক-আউট ৰেকৰ্ড](https://peoplesnortheast.com/virat-kohli-record-in-ipl-playoffs/): মঙলবাৰে চলিত আই পি এলৰ প্ৰথমখন কোৱালিফায়াৰত গুজৰাট টাইটানছৰ বিৰুদ্ধে খেলপথৰত নামিব ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু। এই খেলখন ধৰ্মশালাৰ হিমাচল প্ৰদেশ ক্ৰিকেট সন্থা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। মেচখনত জয়ী হোৱা দলটোৱে ফাইনেললৈ যোগ্যতা অৰ্জন কৰিব। বাংগালুৰু আৰু গুজৰাট দুয়োটা দলেই লীগ পৰ্যায়ত উন্নত প্ৰদৰ্শনেৰে ১৮ পইণ্টকৈ সংগ্ৰহ কৰি তালিকাৰ শীৰ্ষস্থান দখল কৰিছিল। শেহতীয়া ফৰ্মৰ প্ৰতি লক্ষ্য কৰিলে গুজৰাট টাইটানছৰ বাবে আটাইতকৈ ডাঙৰ ভাবুকি হৈছে বিৰাট কোহলী। চলিত ছিজনত কোহলীয়ে ১৪খন মেচত ১৬৩ ষ্ট্ৰাইক ৰেটৰ সহায়ত ৫৫৭ ৰান সংগ্ৰহ কৰিছে। প্ৰথম কোৱালিফায়াৰতো তেওঁৰ পৰা শক্তিশালী প্ৰদৰ্শনৰ আশা কৰিছে আৰ চি বিয়ে। অৱশ্যে আই পি এলত সৰ্বাধিক শতক অৰ্জনৰ অভিলেখ থকা কোহলীয়ে প্লে অফৰ খেলত […] - [AIADMKত বিসম্বাদ! তিনিজন বিধায়কে এৰিলে দল](https://peoplesnortheast.com/three-aiadmk-mla-quits-party/): তামিলনাডুত পুনৰ এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছে AIADMK। শেহতীয়াকৈ অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনৰ পিছতে AIADMKৰ ভিতৰত আভ্যন্তৰীণ সংঘাতৰ খবৰ পোহৰলৈ আহিছিল। দলীয় বিসম্বাদৰ মাজতে আজি দলটোৰ তিনিজন বিধায়কে তামিলনাডু বিধানসভাৰ অধ্যক্ষক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ প্ৰদান কৰে। পদত্যাগ পত্ৰ দাখিল কৰা বিধায়ক কেইজন হৈছে এম কুমাৰভেল, পি সত্যবামা আৰু এছ জয়কুমাৰ। আস্থা ভোটৰ সময়ত সমৰ্থন আগবঢ়াইছিল বিজয়ক তামিলনাডু বিধানসভাৰ অধ্যক্ষ জেচিডি প্ৰভাকৰে তিনিওজন বিধায়কৰ পদত্যাগ গ্ৰহণ কৰিছে। AIADMKৰ পৰা পদত্যাগ কৰাৰ লগে লগে বিধায়ক তিনিগৰাকীয়ে বিজয় থালাপতি নেতৃত্বাধীন চৰকাৰৰ মন্ত্ৰী আধৱ অৰ্জুনক তেওঁৰ কাৰ্যালয়ত সাক্ষা কৰে। উল্লেখ্য যে আস্থা ভোটদানৰ সময়ত দলীয় নির্দেশনা অমান্য কৰি টিভিকে চৰকাৰৰ সমর্থনত ভোট দিয়া […] - [গুলমাৰ্গ ৰোপ ৱে'ত বিজুতি; আৱদ্ধ শতাধিক পৰ্যটক](https://peoplesnortheast.com/snag-halts-gulmarg-gondola/): জম্মু-কাশ্মীৰৰ বিখ্যাত গুলমাৰ্গ ৰোপ ৱে’ত হোৱা বিজুতিৰ ফলত আৱদ্ধ হৈ পৰিছে শতাধিক পৰ্যটক। খবৰ অনুসৰি প্ৰায় ৩০০ লোক আৱদ্ধ হৈ আছে ৰোপ ৱে’ কেবিনত। হঠাৎ ৰোপ ৱে’ৰ কেবিনবোৰ ৰৈ যোৱাৰ লগে লগে পৰ্যটকসকলৰ মাজত আতংকময় পৰিৱেশৰ সৃষ্টি হয়। লগে লগে উদ্ধাৰ অভিযান আৰম্ভ কৰা হয়, য’ত সেনা, আৰক্ষী আৰু প্ৰশাসনৰ দল জড়িত হৈ পৰে। মুখ্যমন্ত্রী ওমৰ আব্দুল্লাই পৰিস্থিতি নিৰীক্ষণ কৰি থকা বুলি উল্লেখ কৰি আতংকিত হোৱাৰ কোনো প্রয়োজন নাই বুলি জনসাধাৰণক আশ্বাস প্ৰদান কৰে৷ প্ৰতিকূল বতৰৰ বাবে উদ্ধাৰত বাধা জানিব পৰা অনুসৰি বেয়া বতৰৰ বাবে উদ্ধাৰ অভিযানত সৃষ্টি হৈছে কিছু বাধাৰ। কাশ্মীৰত বিগত কিছুদিন ধৰি অব্যাহত আছে বৰষুণ আৰু শিলাবৃষ্টি। অৱশ্যে […] - [পাকিস্তানত ভয়ংকৰ বিস্ফোৰণ; বেলুচ লিবাৰেশ্যন আৰ্মীয়ে উৰুৱায় দিলে জাফৰ এক্সপ্ৰেছ, ৩০ জনৰ মৃত্যু](https://peoplesnortheast.com/massive-expolsion-at-pakistan/): পাকিস্তানৰ কুৱেটাত দেওবাৰে সংঘটিত হৈছে ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ। বেলুচ লিবাৰেশ্যন আৰ্মী (বিএলএ)ৰ মাজিদ ব্ৰিগেডৰ এগৰাকী আত্মঘাতী বোমাৰুৱে জাফৰ এক্সপ্ৰেছক লক্ষ্য কৰি ভয়ংকৰ বিস্ফোৰণ ঘটায়। বিস্ফোৰণ ইমানেই শক্তিশালী আছিল যে ৰে’লৰ এটা ডবা সম্পূৰ্ণৰূপে ভষ্মীভূত হয়। এই আক্ৰমণত কমেও ৩০ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত হোৱাৰ বিপৰীতে ৭০গৰাকীৰো অধিক লোক গুৰুতৰভাৱে আহত হৈছে। ইয়াক পৰিকল্পিত আত্মঘাতী আক্ৰমণ বুলি অভিহিত কৰিছে নিৰাপত্তা সংস্থাই। খবৰ অনুসৰি, কুৱেটা কেণ্টৰ পৰা সামৰিক জোৱান কঢ়িয়াই অনা জাফৰ এক্সপ্ৰেছ ৰে’লখন চামন গেটৰ সমীপত উপস্থিত হোৱাৰ লগতে আত্মঘাতী বোমাৰুৱে বিস্ফোৰণ ঘটায়। এই শক্তিশালী বিস্ফোৰণৰ ফলত ঘটনাস্থলীৰ সমীপত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়। ৰে’লৱে ট্ৰেকৰ সমীপত থকা […] - [দিল্লী জিমখানা ক্লাব খালী কৰাৰ নিৰ্দেশ; চৰকাৰে কিয় ল'লে এই সিদ্ধান্ত?](https://peoplesnortheast.com/central-government-ordered-delhi-gymkhana-club-to-be-taken-over-for-security-reasons/): নিৰাপত্তাজনিত কাৰণৰ দোহাই দি কেন্দ্ৰীয় চৰকাৰে দিল্লীৰ পুৰণি জিমখানা ক্লাবৰ দায়িত্ব লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। দিল্লীৰ ছফদৰজং ৰোডত অৱস্থিত ব্ৰিটিছ যুগৰ পুৰণি আৰু সন্মানীয় ক্লাব বুলি গণ্য কৰা হয় এই জিমখানা ক্লাবটোক। প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ অতি ওচৰৰ হোৱা বাবেই কেন্দ্ৰীয় চৰকাৰে ক্লাবটোৰ দায়িত্ব গ্ৰহণৰ সিদ্ধান্ত লোৱা বুলি অনুমান কৰা হৈছে। সেই অনুসৰি ক্লাব প্ৰশাসনক অহা জুন মাহৰ ৬ তাৰিখৰ ভিতৰত চৌহদটো চৰকাৰক গতাই দিবলৈ নিৰ্দেশ প্ৰদান কৰিছে নগৰ উন্নয়ন মন্ত্ৰালয়ে । এই নিৰ্দেশ অনুসৰি ৫ জুনত ভূমি আৰু উন্নয়ন কাৰ্যালয়ে ক্লাবটো আনুষ্ঠানিকভাৱে দখল কৰিব। চৰকাৰৰ কাৰিকৰী বিভাগৰ এটা দল অধিগ্ৰহণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ সেই স্থানত উপস্থিত হ’ব। নিৰ্দেশত স্পষ্টকৈ উল্লেখ আছে যে […] - [আপ এৰি বিজেপিলৈ অহা ৰাঘৱ চাড্ডাই লাভ কৰিলে ডাঙৰ দায়িত্ব](https://peoplesnortheast.com/raghav-chadha-named-chairman-of-rajya-sabha-committee-on-petitions/): শেহতীয়াকৈ আম আদমী পাৰ্টী ত্যাগ কৰি বিজেপিত যোগদান কৰা ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাড্ডাক ৰাজ্যসভাৰ আবেদন (Petitions) সমিতিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। ৰাজ্যসভাৰ অধ্যক্ষ চি পি ৰাধাকৃষ্ণনে ৰাঘৱ চাড্ডাৰ নেতৃত্বত ১০ জনীয়া সদস্যৰে এই সমিতিখন গঠন কৰে। ৰাজ্যসভাৰ তৰফৰ পৰা জাৰি কৰা অধিসূচনাত কোৱা হৈছে, ‘ৰাঘৱ চাড্ডাক সমিতিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে।’ ২০ মে’ৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাজ্যসভাৰ অধ্যক্ষই এই সমিতিখন পুনৰ গঠন কৰিছে। চাড্ডাৰ উপৰি সমিতিৰ সদস্যসকল হ’ল- হৰ্ষ মহাজন, গুলাম আলী, শম্ভু চৰণ পেটেল, মায়ংককুমাৰ নায়ক, মস্তান ৰাও যাদৱ বীধা, জেবি মাথেৰ হিছাম, সুভাশীষ খুন্তিয়া, ৰণগৌৰা নাৰ্জাৰী আৰু সন্দোষ কুমাৰ পি। আন এখন অধিসূচনাত ৰাজ্যসভা সচিবালয়ে উল্লেখ কৰে […] - [অভাৱনীয় শক্তি সংকটৰ দিশে ভাৰত?](https://peoplesnortheast.com/india-heading-towards-energy-crisis/): দিনে-দিনে বাঢ়িছে চাহিদা, কমিছে উৎপাদন অভাৱনীয় শক্তি সংকটৰ দিশে ভাৰত? পিক আৱাৰত চাহিদা বৃদ্ধি পাইছে ২৭১ গিগাৱাটলৈ ভাৰতত এবছৰত ১৪০ লাখ এচি বিক্ৰী তাপ বিদ্যুৎ প্ৰকল্পত হ্ৰাস পাইছে কয়লাৰ যোগান প্ৰথমে কোৱা হৈছিল সোণ কিনিব নালাগে।পেট্ৰ’ল-ডিজেলৰ ব্যৱহাৰত সংযমী হওক। দেশত ইন্ধনৰ সংকট নাই, কিন্তু ইয়াৰ ব্যৱহাৰ নিয়ন্ত্ৰণ কৰক। আৰু এতিয়া নতুনকৈ কোৱা হৈছে-বিদ্যুতৰ ব্যৱহাৰৰ ক্ষেত্ৰত মিতব্যয়ী হওক। কাৰণ, দেশত শক্তি সংকট হ’ব পাৰে! যোৱা কেইদিনমানৰ পৰা সমগ্ৰ দেশত ‘লকডাউন’ৰ বাতৰি বিয়পিছে। যদিও কেন্দ্ৰীয় চৰকাৰে ইয়াক উৰাবাতৰি আখ্যা দিছে তথাপি ৰাইজৰ মনৰ পৰা সেই আশংকা দূৰ হোৱা নাই। পশ্চিম এছিয়াৰ যুদ্ধ তথা হৰমুজ সংকটৰ প্ৰভাৱ ভাৰতত বিশেষভাৱে পৰিছে।নিতৌ টকাৰ অৱমূল্যায়ন হৈ আছে।অভিলেখ […] - [ড'নাল্ড ট্ৰাম্পৰ কন্যা ইভাংকাক হত্যাৰ ভয়ংকৰ ষড়যন্ত্ৰ](https://peoplesnortheast.com/ivanka-trump-assassination-attempt/): আমেৰিকা ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ কন্যা ইভাংকা ট্ৰাম্পক হত্যা কৰাৰ ভয়ংকৰ ষড়যন্ত্ৰ পোহৰলৈ আহিছে। ঘটনা সন্দৰ্ভত আমেৰিকা তদন্তকাৰী সংস্থাই ইৰাণ সমৰ্থিক সন্ত্ৰাসবাদী নেটৱৰ্কৰ সৈতে জড়িত এজন সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিছে। ধৃত সন্ত্ৰাসবাদীজনে ইৰাণী সৈন্য কামাণ্ডাৰ কাছিম ছুলেমানীৰ মৃত্যুৰ প্ৰতিশোধ স্বৰূপে ইভাংকা ট্ৰাম্পক হত্যাৰ পৰিকল্পনা ৰচিছিল। নিউয়ৰ্ক প’ষ্টত প্ৰকাশিত প্ৰতিবেদন অনুসৰি, ‘IRGCৰ সন্ত্ৰাসবাদী মহম্মদ বাকৰ ছাদ দাউদ আল-ছাদীয়ে ইভাংকাক হত্যা কৰাৰ শপত খাইছিল আৰু তেওঁৰ ওচৰৰ পৰা ইভাংকাৰ ফ্লৰিডাস্থিত বাসগৃহৰ নক্সাও তদন্তকাৰী সংস্থাই উদ্ধাৰ কৰিছে।’ প্ৰতিবেদন অনুসৰি, ২০২০ চনত আমেৰিকা সেনাই বাগদাদত সংঘটিত কৰা ড্ৰ’ন আক্ৰমণৰ পিছৰে পৰা ধৃত সন্ত্ৰাসবাদীজনে ট্ৰাম্প পৰিয়ালক নিঃশেষ কৰাৰ পৰিকল্পনা ৰচিছিল। আমেৰিকাৰ এই ড্ৰ’ন আক্ৰমণত নিহত হৈছিল কাছিম ছুলেমানী […] - [ইব’লা আহিছে ইব’লা | মাৰাত্মাক ইব’লাৰ বাবেই স্থগিত ভাৰত-আফ্ৰিকা ফ’ৰামৰ শীৰ্ষ সন্মিলন](https://peoplesnortheast.com/ebola-is-coming/): # আতংকৰ নাম ইব’লা # কংগো-উগাণ্ডাত ছানিছে ইব’লাই # আক্ৰান্ত হৈছে শ শ লোক, অজস্ৰ লোকৰ প্ৰাণহানি ইব’লাৰ বাবেই স্থগিত ৰাখিবলৈ বাধ্য হ’ল ভাৰত-আফ্ৰিকা ফ’ৰামৰ চতুৰ্থ শীৰ্ষ সন্মিলন। চলিত মাহৰ শেষৰ ফালে অনুষ্ঠিত হোৱাৰ কথা আছিল ভাৰত-আফ্ৰিকা ফ’ৰামৰ শীৰ্ষ সন্মিলন। বিপজ্জনক ইব’লা ভাইৰাছৰ কবলত পৰিছে আফ্ৰিকা।ক্ৰমশঃ ইয়াৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে।স্বাভাবিকতেই ইয়াৰ ক্ষতিশংকা বিয়পিছে বিশ্বৰ বিভিন্ন প্ৰান্তলৈ।এই পৰিপ্ৰেক্ষিতত চলিত মাহৰ ২৮ মে’ৰ পৰা ৩১ মে’লৈ হ’ব লগা ভাৰত-আফ্ৰিকা ফ’ৰামৰ শীৰ্ষ সন্মিলন স্থগিত ৰখা হৈছে। এই সন্মিলনত আফ্ৰিকাৰ বিভিন্ন দেশৰ প্ৰায় ৫৪ জন প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰাৰ কথা আছিল। কিন্তু জনস্বাস্থ্যজনিত সাম্ভাব্য বিপদৰ পৰা হাত সাৰিবলৈ আফ্ৰিকান ইউনিয়ন আৰু ভাৰতীয় প্ৰশাসনৰ মাজত হোৱা আলোচনা […] - [অশান্ত পশ্চিম এছিয়াঃ ভাৰতীয় অৰ্থনীতিত কলীয়া ডাঁৱৰৰ ছাঁ](https://peoplesnortheast.com/pms-priority-in-financial-reforms/): অশান্ত পশ্চিম এছিয়াঃ ভাৰতীয় অৰ্থনীতিত কলীয়া ডাঁৱৰৰ ছাঁ অৰ্থনীতিৰ গতি সুস্থিৰ কৰাত গুৰুত্ব প্ৰধানমন্ত্ৰী মোদীৰ ‘আধৰুৱা প্ৰকল্প সম্পূৰ্ণ কৰক, ফাইল পেলাই নাৰাখিব’ ‘সুশাসন আৰু সেৱাত গুৰুত্ব দিয়ক, বিতৰ্কত নোসোমাব’ ৰিফৰ্ম এক্সপ্ৰেছ, বিত্তীয় সংস্কাৰত অগ্ৰাধিকাৰ প্ৰধানমন্ত্ৰীৰ পশ্চিম এছিয়া এতিয়া অশান্ত। আৰু ইয়াৰ প্ৰভাৱ পৰিছে ভাৰতকে বিশ্বৰ বহুদেশত। মুলতঃ ইৰাণ-আমেৰিকা আৰু ইজ্ৰায়েলৰ মাজত অব্যাহত থকা যুদ্ধবাজ পৰিস্থিতিয়ে ভাৰতৰ অৰ্থনীতিত বিৰূপ প্ৰভাৱ পেলাইছে। বিশেষকৈ শক্তিখণ্ডত দেখা দিয়া অচলাৱস্থাই ভৱিষ্যতে দেশত বৃহৎ ইন্ধন-সংকটে দেখা দিয়াৰ আশংকা ঘনীভূত হৈছে। সমান্তৰালকৈ ভাৰতীয় টকাৰ পতনমুখী ধাৰা এতিয়াও ব্যাহত হোৱা নাই। টকাৰ মূল্যমান ক্ৰমশঃ নিম্নমুখী হৈ থকাটো পৰম উদ্বেগৰ বিষয় হৈ পৰিছে। এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ […] - [একেবাৰে বন্ধ কৰি দিয়ক ৰঞ্জী ট্ৰফী... কিয় ক্ষোভত ফাটি পৰিল প্ৰাক্তন ভাৰতীয় অধিনায়ক](https://peoplesnortheast.com/scrap-the-ranji-trophy/): আফগানিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া একমাত্ৰ টেষ্ট মেচৰ বাবে ঘোষণা কৰা ভাৰতীয় টেষ্ট দলত স্থান লাভ নকৰিলে জম্মু-কাশ্মীৰৰ বেগী বলাৰ আকিব নবীয়ে। প্ৰতিভাৱান আকিবক আওকান কৰাৰ বাবে প্ৰাক্তন ভাৰতীয় অধিনায়ক দিলীপ ভেংচৰকাৰে অজিত আগাৰকাৰ নেতৃত্বাধীন নিৰ্বাচন সমিতিক তীব্ৰ সমালোচনা কৰিছে। ২০২৫-২৬ বৰ্ষৰ ৰঞ্জী ছিজনত অসাধাৰণ প্ৰদৰ্শন কৰা নবীক নিৰ্বাচন সমিতিয়ে উপেক্ষা কৰা কাৰ্যত প্ৰাক্তন ভাৰতীয় বেগী বলাৰ ইৰফান পাঠান আৰু প্ৰাক্তন মুম্বাই দলৰ অধিনায়ক শিশিৰ হট্টনগাডীয়েও হতাশ হৈ পৰা পৰিলক্ষিত হৈছে। ২০২৫-২৬ ৰঞ্জী ছিজনত নবীয়ে ১০খন মেচত চমকপ্ৰদ ১২.৫৬ গড়ে ৬০টা উইকেট দখল কৰিছিল। ছিজনটোত তেওঁ আছিল সৰ্বাধিক উইকেট দখলকাৰী বলাৰ। জম্মু-কাশ্মীৰে প্ৰথমবাৰৰ বাবে ৰঞ্জী ট্ৰফীৰ খিতাপ দখল কৰাৰ ক্ষেত্ৰতো নবীৰ ভূমিকা […] - [বিশ্বৰ সৰ্বোচ্চ শৃংগ আৰোহণ কৰি উভতাৰ পথত মৃত্যু দুই ভাৰতীয় পৰ্বতাৰোহীৰ](https://peoplesnortheast.com/two-indian-climbrs-die/): বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট সফলতাৰে আৰোহণ কৰি উভতাৰ পথত কৰুণ মৃত্যুক আকোৱালি লয় দুগৰাকী ভাৰতীয় পৰ্বতাৰোহীয়ে। দেশৰ আগশাৰীৰ নিউজ এজেন্সিয়ে প্ৰকাশ কৰা বাতৰি অনুসৰি মৃত পৰ্বতাৰোহী দুজনক অৰুণ কুমাৰ তিৱাৰী আৰু সন্দীপ আৰে বুলি চিনাক্ত কৰা হৈছে। নেপাল এক্সপেডিশ্যন অপাৰেটৰ্ছ এছ’চিয়েশ্যনৰ সাধাৰণ সম্পাদক ঋষি ভাণ্ডাৰীয়ে কয় যে শৃংগৰ পৰা নামি অহাৰ সময়ত দুয়োজন পৰ্বতাৰোহীয়ে অত্যন্ত ক্লান্ত হৈ পৰিছিল। তেওঁলোকৰ গাইডসকলে তেওঁলোকক বচাবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল যদিও তেওঁলোকক বচাব পৰা নাছিল। ঋষি ভাণ্ডাৰীয়ে পিটিআইক জনোৱা মতে, বুধবাৰে সন্দীপ আৰেই এভাৰেষ্টৰ শিখৰত উপনীত হোৱা যেন লাগে, আনহাতে বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৫.৩০ বজাত অৰুণ কুমাৰ তিৱাৰীয়ে শিখৰত উপনীত হয়। তেওঁ লগতে উল্লেখ কৰে […] - [‘উন্নত ভাৰত ২০৪৭’- কেৱল শ্লোগান নহয়, এয়া প্ৰতিশ্ৰুতিহে](https://peoplesnortheast.com/better-india-2047/): ‘উন্নত ভাৰত ২০৪৭’- কেৱল শ্লোগান নহয়, এয়া প্ৰতিশ্ৰুতিহে… এক্স হেণ্ডেলত প্ৰধানমন্ত্ৰী মোদীৰ অঙ্গীকাৰ ‘উন্নত ভাৰত শ্লোগান নহয়, এয়া প্ৰতিশ্ৰুতিহে’ – প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে নিজৰ এক্স হেণ্ডেলত এই কথা উল্লেখ কৰিছে। উল্লেখ্য যে, বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছিল কেন্দ্ৰীয় কেবিনেটৰ পূৰ্ণাংগ বৈঠক। এই বৈঠকত কেন্দ্ৰীয় কেবিনেটৰ সকলো সদস্যৰ উপৰি স্বাধীন দায়িত্বপ্ৰাপ্ত মন্ত্ৰী তথা বিভিন্ন বিভাগৰ ৰাজ্যিক মন্ত্ৰীসকলো উপস্থিত আছিল। দীৰ্ঘ এই বৈঠকত শক্তি, কৃষি, সাৰ, বিমান পৰিবহণ, জাহাজ আৰু লজিষ্টিক আদি খণ্ডৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰা হয়। শুকুৰবাৰে নিজৰ এক্স হেণ্ডেলত দিয়া পোষ্টটোত প্ৰধানমন্ত্ৰী মোদীয়ে বৈঠকখনক এখন ‘ফলপ্ৰসু বৈঠক’ বুলি অভিহিত কৰে।   পশ্চিম এছিয়াত অব্যাহত থকা অশান্তিকৰ পৰিস্থিতিৰ […] - [‘এক দেশ, এক নিৰ্বাচন’, কেতিয়া কাৰ্যকৰী হ’ব প্ৰধানমন্ত্ৰী মোদীৰ স্বপ্নৰ এই প্ৰকল্প](https://peoplesnortheast.com/one-nation-one-election/): One Nation One Election ‘এক দেশ, এক নিৰ্বাচন’ কেতিয়া কাৰ্যকৰী হ’ব প্ৰধানমন্ত্ৰী মোদীৰ স্বপ্নৰ এই প্ৰকল্প পুনৰ চৰ্চালৈ আহিছে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ স্বপ্নৰ প্ৰকল্প ‘এক দেশ, এক নিৰ্বাচন’ (One Nation One Election) পদ্ধতি। এই পদ্ধতি প্ৰৱৰ্তিত হ’লে দেশজুৰি একেলগে সম্পন্ন হ’ব লোকসভা, বিধানসভাকে ধৰি স্থানীয় নগৰ-নিকায় আৰু পঞ্চায়ত নিৰ্বাচন। ইয়াৰ ফলত ৰাজকোষত ৰাহি হ’ব প্ৰায় ৭ লাখ কোটি টকা! কেৱল সেয়াই নহয়, বৃদ্ধি পাব দেশৰ প্ৰশাসনিক কামকাজৰ গতিশীলতা।সমান্তৰালভাৱে দেশৰ জিডিপিও বাঢ়িব।জিডিপিৰ সাম্ভাব্য বৃদ্ধিৰ হাৰ হ’বগৈ আনুমানিক ১.৬ শতাংশ। প্ৰশাসনিক গতিশীলতা আৰু জিডিপি বৃদ্ধিৰ এই দাবী কৰিছে ‘এক দেশ, এক নিৰ্বাচন’ সন্দৰ্ভত গঠিত যুটীয়া সংসদীয় সমিতি(জেপিচি)য়ে। বুধবাৰে গান্ধীনগৰত এখন সংবাদমেলত জেপিচিৰ অধ্যক্ষ […] - [অস্বাভাৱিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে তৎপৰ শ্রীভূমি জিলা প্রশাসন](https://peoplesnortheast.com/sribhumi-district-administration-is-active-against-abnormal-price-hike/): শ্ৰীভূমি চহৰৰ সন্তৰ বজাৰত নিত্য প্ৰয়োজনীয় সামগ্ৰী আৰু শাক-পাচলিৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ খবৰ প্ৰচাৰ হোৱাৰ পাছতেই তৎপৰ হৈ পৰে শ্রীভূমি জিলা প্রশাসন। সাধাৰণ ৰাইজৰ একাধিক অভিযোগৰ ভিত্তিত আজি সন্তৰ বজাৰত অভিযান চলাই জিলা প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াসকলে। অভিযানকালত বজাৰত থকা বিভিন্ন দোকানত গৈ মূল্য তালিকা সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰা হয়। লগতে ব্যৱসায়ীসকলক কঠোৰভাৱে সতৰ্ক কৰি দিয়া হয় যাতে কোনো ব্যৱসায়ীয়ে নিত্য প্ৰয়োজনীয় সামগ্ৰী বা শাক-পাচলি অধিক মূল্যত বিক্ৰী কৰিব নোৱাৰে। প্ৰশাসনৰ ফালৰ পৰা স্পষ্টকৈ জনোৱা হৈছে যে, বজাৰত কৃত্ৰিম সংকট সৃষ্টি কৰা বা সাধাৰণ গ্ৰাহকক হাৰাশাস্তি কৰাৰ যিকোনো চেষ্টা কঠোৰভাৱে দমন কৰা হ’ব। জিলা প্ৰশাসনৰ বিষয়াসকলে জনায় যে বৰ্তমান শ্ৰীভূমিত অত্যাৱশ্যকীয় সামগ্ৰী আৰু […] - ['ককৰ'চ জনতা পাৰ্টী'ৰ ওপৰত কঠোৰ একশ্যন](https://peoplesnortheast.com/cockroach-jatnta-partys-twitter-account-blocked/): দেশৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ এটা মন্তব্যৰ বিৰোধিতাৰে আৰম্ভ হোৱা ব্যংগাত্মক ৰাজনৈতিক আন্দোলন ‘ককৰ’চ জনতা পাৰ্টী’ (চি জে পি)ৰ টুইটাৰ একাউণ্ট নিষিদ্ধ কৰি দিয়া হ’ল ভাৰতত। বিগত কিছুদিনৰ পৰা ইণ্টাৰনেটত ব্যাপক হাৰত চৰ্চা হৈছে চিজেপিৰ। ইণ্টাৰনেটত অভূতপূৰ্ব সমাদৰ পোৱাৰ পিছতেই বন্ধ কৰি দিয়ে চিজেপিৰ টুইটাৰ একাউণ্টটো। এই পদক্ষেপৰ পিছতেই চিজেপিৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে প্ৰথমে টুইটাৰ একাউণ্টটো হেক কৰিবলৈ চেষ্টা চলাইছিল। কিন্তু একাউণ্টটো হেক কৰিব নোৱাৰাত বন্ধ কৰি দিলে। সামাজিক মাধ্যমত ট্ৰেণ্ডিঙত থকা চিজেপিৰ এক্সত ফলোৱাৰ্ছৰ সংখ্যা ১.৬ লাখৰো অধিক আছিল। আনহাতে ইনষ্টাগ্ৰামত ফলোৱাৰ্ছৰ সংখ্যা ১৩ মিলিয়নৰো অধিক। উল্লেখ্য যে চিজেপি নামৰ এই অনলাইন অভিযান ১৬ মে’ৰ […] - [বিপদ বাঢ়িছে ট্ৰাম্পৰ | ট্ৰাম্পৰ ইচ্ছাত ইৰাণত নচলিব যুদ্ধ! আমেৰিকাৰ শক্তি কাঢ়িলে ছিনেটে](https://peoplesnortheast.com/trump-in-danger/): লাখ লাখ মুছলমানৰ ওপৰত আক্ৰমণৰ ফল পালে আমেৰিকাই US ছিনেটত গৃহীত ট্ৰাম্পৰ যুদ্ধ কৰা শক্তি হ্ৰাস কৰাৰ প্ৰস্তাৱ ইৰানৰ সৈতে বৃদ্ধি পোৱা উত্তেজনাৰ মাজতে আমেৰিকান ছিনেটৰ ডাঙৰ সিদ্ধান্ত কাঢ়ি লোৱা হ’ল ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ একপক্ষীয় সামৰিক শক্তি শেহতীয়াভাৱে ট্ৰাম্পে ইৰাণৰ ওপৰত আক্ৰমণৰ ভাবুকি দিছিল সামৰিক আক্ৰমণ বা বিমান আক্ৰমণ চলোৱাৰ দিছিল ভাবুকি যুদ্ধ নিয়ন্ত্ৰণ কৰিবলৈ ছিনেটৰ ডাঙৰ পদক্ষেপ ডেম’ক্ৰেটসকলৰ লগতে ডোনাল্ড ট্ৰাম্পৰ নিজা দল ৰিপাব্লিকান পাৰ্টীৰ কেইবাজনো ছিনেটৰেও এই প্ৰস্তাৱৰ সপক্ষে কৰে ভোটদান প্ৰস্তাৱ গৃহীত হোৱাৰ ফলত ট্ৰাম্পে অনাগত দিনত ইচ্ছা অনুসৰি কৰিব নোৱাৰিব আক্ৰমণ আক্ৰমণ কৰিবলগীয়া হ’লে আনুষ্ঠানিক অনুমোদন ল’ব লাগিব ছিনেটৰ ইৰাণৰ ওপৰত কৰা পৰিকল্পনাৰ সময়তে মোক্ষম আঘাত ট্ৰাম্পৰ - [কোকৰাঝাৰৰ ঢোলমাৰা বজাৰত তীব্ৰ উত্তেজনা | মুছলমান ব্যৱসায়ীক দোকান বন্ধ কৰাৰ ধমকি!](https://peoplesnortheast.com/tension-in-the-dholmara-market-kokrajhar/): কোকৰাঝাৰৰ ঢোলমাৰা বজাৰত তীব্ৰ উত্তেজনা মুছলমান ব্যৱসায়ীক দোকান বন্ধ কৰিবলৈ দাবী ধমকি দিয়াৰ অভিযোগ দোকানলৈ শিলগুটি নিক্ষেপ কৰাৰো অভিযোগ ভুক্তভোগীৰ মৃণাল ৰবিদাস নামৰ এগৰাকী ব্যক্তিৰ বিৰুদ্ধে উত্থাপিত হৈছে চৰম উদ্ভণ্ডালিৰ অভিযোগ ঘটনাক কেন্দ্ৰ কৰিয়েই ঢোলমাৰা বজাৰত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ঘটনাস্থলিত আৰক্ষী উপস্হিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চলাইছে চেষ্টা - [অসমত স্থান নাই বাংলাদেশীৰ, বিচাৰি বিচাৰি আটক বাংলাদেশীক](https://peoplesnortheast.com/no-place-for-bangladeshis-in-assam/): বাংলাদেশীৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান আৰক্ষীৰ অভিযানত আটক তিনি বাংলাদেশীক কাছাৰৰ গুমৰাত গ্ৰেপ্তাৰ তিনি বাংলাদেশীক ২০১২ চনত অবৈধভাৱে প্ৰৱেশ কৰিছিল ভাৰতত তেতিয়াৰে পৰা ভাৰতৰ বিভিন্ন ঠাইত বাস কৰিছিল বাংগালুৰুৰ পৰা কাছাৰলৈ আহিছিল বাংলাদেশী কেইজন পুনৰ বাংলাদেশলৈ উভতি যাবলৈ চেষ্টা কৰোতেই গ্ৰপ্তাৰ কৰে আৰক্ষীয়ে কালাইন আৰু গুণাৰা আৰক্ষীৰ যুটিয়া অভিযানত গ্ৰেপ্তাৰ কৰে আটকাধীন তিনি বাংলাদেশীৰ ভিতৰত এগৰাকী মহিলা, দুজন পুৰুষ ধৃত মহিলা গৰাকীৰ নাম ৰিনা আখতাৰা ধৃত বাংলাদেশী কেইটাৰ নাম মহম্মদ আওয়াল আৰু মহম্মদ হাৰুণ - [এতিয়াৰে পৰা মন গ'লেই ৰাজপথত বাহন উলিয়াব নোৱাৰিব কাঢ়া নিৰ্দেশ প্ৰশাসনৰ](https://peoplesnortheast.com/rules-due-to-the-fuel-crisis/): এতিয়াৰে পৰা মন গলেই ৰাজপথত বাহন উলিয়াব নোৱাৰিব সাধাৰণ লোকে ইন্ধন সংকটৰ বাবে কাঢ়া নিয়ম প্ৰশাসনৰ প্ৰশাসনে নিৰ্ধাৰণ কৰি দিব কোন দিনা বাহন উলিয়াব পাৰিব আপুনি আৰম্ভ হ’ল ODD-EVEN Vehicle Movement Syste এদিন চলিব যুগ্ম নম্বৰৰ বাহন,পিছদিনা চলিব অযুগ্ম নম্বৰৰ বাহন কোন দিনা আপুনি বাহন উলিয়াব পাৰিব, সেয়া ঠিক কৰি দিব প্ৰশাসনে ইন্ধনৰ সংকট নিয়ন্ত্ৰণ আৰু যান-বাহনৰ চাপ কমাবলৈ নতুন নিয়ম জাৰি কৰিছে প্ৰশাসনে শেহতীয়াকৈ ছিক্কিম চৰকাৰে জাৰি কৰিছে নিয়ম অৱশ্যে বাইক, টেক্সি, এম্বুলেঞ্চ আৰু অগ্নিনিৰ্বাপক বাহন এই নিয়মত নপৰিব শনিবাৰ আৰু দেওবাৰে স্বাভাৱিকভাৱে চলিব সকলো বাহন - [কোৰবানীক লৈ মুছলমান সমাজৰ ঐতিহাসিক সিদ্ধান্ত | কোৰবানীৰ পৰা বিৰত থাকিব মুছলমান সমাজ](https://peoplesnortheast.com/historic-decision-of-the-muslim-community-on-sacrifice/): ইছলাম ধৰ্মাৱলম্বী পৱিত্ৰ বকৰি ঈদলৈ মাজত মাথো কেইটামান দিন ঈদ-উল আজহাৰক লৈ উৎকণ্ঠাত সমগ্ৰ মুছলমান সমাজ এইবাৰ ঈদ-উল-আজহাৰক লৈ মুছলমান সমাজৰ ঐতিহাসিক সিদ্ধান্ত সমাজত শান্তি-সম্প্ৰীতি অটুট ৰখোৱাত এই সিদ্ধান্ত মুছলমান সমাজৰ বকৰি ঈদৰ দিনটোত গো-ধন হত্যা বা ভক্ষণ নকৰাৰ সিদ্ধান্ত কোনো ব্যক্তিয়ে ক্ৰয় আৰু বিক্ৰী নকৰে গো-ধন কাছাৰ জিলাৰ উধাৰন্দৰ মুছলমান সমাজৰ এই সিদ্ধান্ত পানগ্ৰামত অনুষ্ঠিত এখন সভাত সৰ্বসন্মতি ক্ৰমে গ্ৰহণ কৰে এই সিদ্ধান্ত সকলো মুছলমান সমাজে এই সিদ্ধান্তক সহযোগিতা আগবঢ়োৱাৰ আহ্বান - [মুখ্যমন্ত্ৰী শুভেন্দুৰ ৰঙা চকু, চলিব বুলড'জাৰ](https://peoplesnortheast.com/tmc-leaders-are-in-danger/): বিপদ বাঢ়িছে TMCৰ নেতাৰ মাজত TMC নেতাৰ দুৰ্নীতিৰ বিৰুদ্ধে অভিযান শুভেন্দু অধিকাৰীৰ সাংসদ অভিষেক বেনাৰ্জীৰ সম্পত্তিৰ ওপৰত চলিব বুলড’জাৰ নেতাগৰাকীৰ ১৭টা সম্পৰ্ত্তিৰ বুলড’জাৰৰ পৰিকল্পনা পৌৰ নিগমৰ জাননী প্ৰেৰণ নেতা গৰাকীক ৭দিনৰ ভিতৰত কাৰণ দৰ্শোৱা জাননী হালিচা নাৱাজ শান্তি নিকেতন আৰু কালিঘাটত থকা বাসগৃহৰ উপৰতো অভিযোগ অবৈধ ভূমিত ঘৰ আৰু উদ্যোগ স্থাপনৰ অভিযোগ অভিষেকৰ লগতে অন্য চাৰি নেতাৰ বিৰুদ্ধেও আনিছে অভিযোগ বেলেঘাটাৰ ৰাজু নস্কৰৰ অবৈধ ভূমিত থকা ১৮টা সম্পৰ্ত্তি কস্বাৰ পপ্পুৰ অবৈধ ভূমিত থকা ২৪টা সম্পৰ্ত্তি মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ এক্সনত এতিয়া অতিষ্ঠ TMCৰ নেতা - [১০০০ টকাৰ ঘোচ ধৰাই দিয়ক, চৰকাৰৰ পৰা ১ লাখ টকাৰ পুৰস্কাৰ লওক!](https://peoplesnortheast.com/thalapati-rule-to-end-corruption/): ১০০০ টকাৰ ঘোচ ধৰাই দিয়ক, চৰকাৰৰ পৰা ১ লাখ টকাৰ পুৰস্কাৰ লওক! দুৰ্নীতিৰ অন্ত পেলাবলৈ আহিল ‘থালাপতি ৰুল’ কোনো চৰকাৰী কৰ্মচাৰীয়ে যদি ১০০০ টকাও ঘোচ হিচাপে দাবী কৰে তেন্তে আপুনিও কৰিব পাৰিব অভিযোগ দাখিল কৰা তথ্য আৰু অভিযোগ যদি সত্য বুলি প্ৰমাণিত হলে বিহা হব শাস্তি তথ্য প্ৰদানকাৰী নাগৰিকজনক চৰকাৰৰ তৰফৰ পৰা দিয়া হ’ব ১ লাখ টকাৰ নগদ পুৰস্কাৰ অভিযোগকাৰীয়ে দাখিল কৰিব লাগিব ঘোচ বিচৰাৰ স্পষ্ট ভিডিঅ’ বা অডিঅ’ প্ৰমাণ গোপনে ৰখা হ’ব তথ্য যোগান ধৰা ব্যক্তিজনৰ পৰিচয় তামিলনাডু চৰকাৰে মুকলি কৰিছে হেল্পলাইন নম্বৰ ২৪ ঘন্টাই সক্ৰিয় হৈ থাকিব এই নম্বৰ লগতে থাকিব বিশেষ দুৰ্নীতি-বিৰোধী বিভাগ জনসাধাৰণে তলত দিয়া মাধ্যমৰ সহায়ত […] - [অসহ্যকৰ গৰম! অতিৰিক্ত গৰমত ৩জনৰ সৈতে শোকাৱহ ঘটনা](https://peoplesnortheast.com/destruction-from-the-sky/): বিনা কাৰণত ঘৰৰ পৰা বাহিৰলৈ নোলাব গোলকীয় উষ্ণতা ৫০ডিগ্ৰী ছেলছিয়াছলৈ তাপমাত্ৰা বৃদ্ধি উৎকট গৰমৰ বাবে বিকল হৈ পৰিছে এচি ক’লাৰ শীতল পানী খাইও ৰক্ষা পোৱা নাই জনতা অসহ্যকৰ গৰমত মৃত্য হৈছে ৩জনৰ নাগপুৰ সংঘটিত হৈছে এই ঘটনা অসমতো গোলকীয় উষ্ণতা বৃদ্ধি পোৱা সম্ভাৱনা নাগপুৰত ৪৫.৫ডিগ্ৰী পৰ্যন্ত তাপমাত্ৰা বৃদ্ধিত মৃত্যু ৩জনৰ আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা   Youtube Video Link – https://www.youtube.com/watch?v=T58-3QTOTTI Facebook Video Link – https://www.facebook.com/61586464553011/videos/1512255460427370 - [শিহৰণকাৰী দুৰ্ঘটনা... পথৰ পৰা ২৫০ মিটাৰ তলত বাগৰিল বলেৰো, একেটা পৰিয়ালৰে ৫ জনৰ মৃত্যু](https://peoplesnortheast.com/road-accident-at-uttarakhand/): শুকুৰবাৰে উত্তৰাখণ্ডৰ পৌৰী-দেৱপ্ৰয়াগ পথত সংঘটিত হয় এক মৰ্মান্তিক পথ দুৰ্ঘটনা। কুণ্ডধাৰৰ সমীপৰ ২৫০ মিটাৰ দ খাৱৈত এখন বলেৰো বাহন বাগৰি পৰাৰ ফলত একেটা পৰিয়ালৰ পাঁচজন সদস্যৰ থিতাতে মৃত্যু হয়। আনহাতে দুৰ্ঘটনাটোত এজন যুৱক গুৰুতৰভাৱে আহত হয়। দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে দেৱপ্ৰয়াগ আৰক্ষী, এছডিআৰএফ, আৰু অন্যান্য উদ্ধাৰকাৰী দলে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। যথেষ্ট কষ্টৰ অন্তত উদ্ধাৰকাৰী দলে গুৰুতৰভাৱে আহত আৰমান নামৰ যুৱকজনক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে। আৰক্ষীয়ে জনোৱা মতে, দুৰ্ঘটনাটোত নিহত আটাইকেইজন লোক হৰিদ্বাৰ জিলাৰ লক্ষৰ অঞ্চলৰ কোতৱালি থানা অন্তৰ্গত ৰায়পুৰ জীতপুৰ গাঁৱৰ বাসিন্দা। নিহত লোক কেইজনক আফজাল, শ্বাব্বো, আন্নাভিয়া, ছাদাব গুফৰাণ বুলি চিনাক্ত কৰা হৈছে। শুকুৰবাৰে […] - [বানে কিমান ক্ষতি কৰিলে উজনিত... ১০ ছেপ্তেম্বৰৰ ভিতৰত স্পষ্ট হ'ব ছবি](https://peoplesnortheast.com/assam-cm-himanta-biswa-sarma-at-jorhat/): শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে ১০ ছেপ্টেম্বৰৰ ভিতৰত অসমৰ বানপানীৰ ফলত হোৱা মুঠ ক্ষতি আৰু লোকচানৰ পৰিমাণৰ স্পষ্ট মূল্যায়ন হ’ব। তেওঁ উল্লেখ কৰে যে ৯ আগষ্টৰ পৰা ৩০ আগষ্টলৈ উজনি অসমৰ চাৰিখন জিলাৰ বানপীড়িত পৰিয়ালৰ ঘৰে ঘৰে গৈ প্ৰথম পৰ্যায়ৰ মূল্যায়ন চলাব। যোৰহাট কনভেনচন চেণ্টাৰত বিষয়াসকলৰ সৈতে হোৱা আলোচনাৰ অন্তত সাংবাদিকৰ আগত শৰ্মাই কয় যে প্ৰথম পৰ্যায়ৰ মূল্যায়নৰ পিছত ভুল শুধৰণি আৰু বাদ পৰা লোকসকলক চিনাক্তকৰণৰ বাবে দ্বিতীয় ৰাউণ্ড অনুষ্ঠিত কৰা হ’ব। তেওঁ কয় যে আমি আশা কৰিছো যে ১০ ছেপ্টেম্বৰৰ ভিতৰত লোকচান আৰু ক্ষতিৰ স্পষ্ট ছবি এখন পোৱা যাব, বা বানপীড়িত পৰিয়ালসমূহক সাহায্য প্ৰদানৰ বাবে প্ৰয়োজনীয় মুঠ […] - [গৃহ মন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ TMCৰ তিনি বিসম্বাদী সংখ্যালঘু সাংসদৰ](https://peoplesnortheast.com/tmc-ncpi-mps-abu-tahir-khan-yusuf-pathan-khalilur-rahman-meets-amit-shah/): পশ্চিম বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূলৰ বিৰুদ্ধে বিদ্ৰোহ কৰা তিনিজন সাংসদ আবু তাহিৰ খান, ইউছুফ পাঠান আৰু খলিলুৰ ৰহমানে বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে। বৈঠকত তেওঁলোকে SIR আৰু লাউডস্পীকাৰ নিষেধাজ্ঞাৰ বিষয়টো উত্থাপন কৰে। বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পিছত তৃণমূলৰ বিৰুদ্ধে বিদ্ৰোহ কৰি এনচিপিআইত যোগদান কৰা ২০ জন সাংসদৰ ভিতৰত আবু তাহিৰ খান, ইউছুফ পাঠান আৰু খলিলুৰ ৰহমান অন্যতম। এনচিপিআইয়ে এনডিএক সমৰ্থন আগবঢ়াইছে। অৱশ্যে এনচিপিআইৰ সাংসদ হিচাপে অধ্যক্ষৰ পৰা এইসকল সাংসদে এতিয়াও অনুমোদন লাভ কৰা নাই। শেহতীয়া বাতৰি অনুসৰি সংখ্যালঘু প্ৰধান সমষ্টিৰ পৰা জয়ী হোৱা আবু তাহিৰ খান, ইউছুফ পাঠান আৰু খলিলুৰ ৰহমান এন ডি এত অস্বস্তিত পৰিছে আৰু […] - [ভাৰত-শ্ৰীলংকা প্ৰথম টেষ্টৰ পূৰ্বে আৰু এগৰাকী তাৰকা ক্ৰিকেটাৰ বাহিৰ](https://peoplesnortheast.com/kusal-mendis-is-likely-to-miss-ind-vs-sl-1st-test/): ১৫ আগষ্টৰ পৰা আৰম্ভ হ’বলগীয়া টেষ্ট শৃংখলাৰ পূৰ্বে ভাৰত আৰু শ্ৰীলংকাৰ মাজত শুকুৰবাৰৰ পৰা আৰম্ভ হ’ব প্ৰস্তুতিমূলক মেচ। ইতিমধ্যে শৃংখলা আৰম্ভ হোৱাৰ পূৰ্বেই ভাৰতীয় দলৰ পৰা বাহিৰ হৈছে তাৰকা বেগী বলাৰ জশপ্ৰীত বুমৰাহ। এতিয়া আঘাতৰ বাবে আৰু এগৰাকী তাৰকা ক্ৰিকেটাৰ প্ৰথম মেচৰ পৰা বাহিৰ হোৱাৰ খবৰ আহিছে। অৱশ্যে এইবাৰ শ্ৰীলংকান শিৱিৰত লাগিছে এই আঘাত। আঘাতৰ পৰা সম্পূৰ্ণৰূপে সুস্থ হৈ নুঠাৰ বাবে শ্ৰীলংকাৰ উইকেটকীপাৰ বেটাৰ কুশল মেণ্ডিছে প্ৰথম টেষ্টত খেলিব নোৱাৰিব। শ্ৰীলংকাৰ এটা স্থানীয় ৱেবছাইটত প্ৰকাশিত বাতৰি অনুসৰি গালে টেষ্টত কুশল মেণ্ডিছৰ উপস্থিতি প্ৰায় অনিশ্চিত। তেওঁ এতিয়াও আঘাতৰ পৰা সম্পূৰ্ণৰূপে সুস্থ হৈ উঠা নাই। ঘৰুৱা টি-২০ লীগৰ সময়ত হেমষ্ট্ৰিঙৰ আঘাতত ভুগিছিল মেণ্ডিছ। […] - [তেহেলকা মেগাজিনৰ প্ৰাক্তন সম্পাদক তৰুণ তেজপালক ১০ বছৰৰ কাৰাদণ্ড](https://peoplesnortheast.com/tarun-tejpal-sentenced-to-10-years-of-imprisonment/): তেহেলকা মেগাজিনৰ সহঃপ্ৰতিষ্ঠাপক তথা প্ৰাক্তন মুখ্য সম্পাদক তৰুণ তেজপালক যৌন নিৰ্যাতনৰ এক গুৰুতৰ অভিযোগত ১০ বছৰৰ কাৰাবাসৰ শাস্তি প্ৰদান কৰিছে ব’ম্বে উচ্চ ন্যায়ালয়ে। গোৱা বিচাৰপীঠে নিম্ন আদালতৰ ৰায় বাতিল কৰি তেওঁক দোষী সাব্যস্ত কৰে। ৰায়দানৰ পিছতে তেওঁ এই সিদ্ধান্তত গভীৰভাৱে হতাশ হোৱা বুলি কয় আৰু নিশ্চিতভাৱে উচ্চতম ন্যায়ালয়ৰ কাষ চপাৰ কথা উল্লেখ কৰে। ইফালে তেজপালে আত্মসমৰ্পণৰ বাবে ৮ সপ্তাহৰ সময় বিচাৰিছে। তেওঁ লগতে এই সমগ্ৰ ঘটনাটোত তেওঁ ৰাজনৈতিক চক্ৰান্তৰ বলি হোৱা বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। উল্লেখ্য যে, এই সমগ্ৰ ঘটনাটো এগৰাকী মহিলা সাংবাদিকৰ অভিযোগৰ সৈতে জড়িত। ২০১৩ চনৰ ৭ আৰু ৮ নৱেম্বৰত এখন হোটেলৰ লিফ্টত মহিলা সাংবাদিকগৰাকীক তেজপালে যৌন নিৰ্যাতন চলোৱাৰ […] - [মোদীৰ ভিডিঅ' ডিলিট কৰি বিপদত পৰা জুকাৰবাৰ্গে ভাৰত চৰকাৰক বিচাৰিলে ক্ষমা](https://peoplesnortheast.com/zuckerberg-apologises-for-csam-and-deepfake-content/): ভাৰতীয় সংসদৰ স্থায়ী সমিতিৰ সতৰ্কবাণীৰ পিছতে মেটাৰ চিইঅ’ মাৰ্ক জুকাৰবাৰ্গে ভাৰত চৰকাৰৰ ওচৰত ক্ষমা বিচাৰিছে। প্ৰধানমন্ত্ৰী মোদীৰ এটা ফেচবুক ভিডিঅ’ হঠাতে আঁতৰোৱাৰ বাবে জুকাৰবাৰ্গক তিনিদিনৰ ভিতৰত ব্যক্তিগতভাৱে ক্ষমা খুজিবলৈ সংসদীয় স্থায়ী সমিতিয়ে দাবী জনাইছিল। সমিতিয়ে সকীয়নি প্ৰদান কৰি কৈছিল যে যদি ক্ষমা নোখোজে তেন্তে কোম্পানীটোৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ দিয়া হ’ব পাৰে। ইয়াৰ পিছতে জুকাৰবাৰ্গে নিজৰ ভুল স্বীকাৰ কৰি ইয়াৰ বাবে দুখ প্ৰকাশ কৰিছে। জুকাৰবাৰ্গে স্বীকাৰ কৰিছিল যে কিছুমান বিশেষ ধৰণৰ বিষয়বস্তুৰ প্ৰচাৰৰ বাবে যথেষ্ট পৰিমাণৰ ধন দিয়া হৈছিল। তেওঁ ক্ষমা বিচাৰি ভুলৰ বাবে দুখ প্ৰকাশ কৰে। মাৰ্ক জুকাৰবাৰ্গে শিশু যৌন নিৰ্যাতন সামগ্ৰী (CSAM) কন্টেন্ট, ডিপফেক কন্টেন্ট, আৰু প্লেটফৰ্মৰ পৰিচালনাত […] - [দেশৰ হিন্দু ভোটাৰে ক্ৰমশঃ আস্থা হেৰুৱাইছে নেকি মোদী-অমিত শ্বাহৰ বিজেপিৰ প্ৰতি?](https://peoplesnortheast.com/editorial-write-up-on-recent-by-election/): হ’ব পাৰে উপ-নিৰ্বাচন। হয়তো সংখ্যাগৰিষ্ঠ চৰকাৰ এখনৰ বাবে এই নিৰ্বাচনৰ ফলাফল অপ্ৰাসংগিক। কিন্তু ভাবীকালৰ ৰাজনীতিৰ বাবে মধ্যপ্ৰদেশৰ দাতিয়া বা বিহাৰৰ বাংকিপুৰৰ ফলাফল এটা টাৰ্ণিং পইণ্ট হ’ব পাৰে নেকি? সম্প্ৰতি দেশৰ সংবাদ মাধ্যমত সেই চৰ্চাই চলিছে। প্ৰশ্ন উঠিছে – কিয় বিজেপি বাংকিপুৰ অথবা দাতিয়াত হাৰিল? অথচ, মধ্যপ্ৰদেশ আৰু বিহাৰ দুয়োখন ৰাজ্যতেই আছে বিজেপি নেতৃত্বাধীন চৰকাৰ। তেন্তে ভুল ক’ত হ’ল? কি ভুল হ’ল – সেই প্ৰশ্নই দোলা দি গৈছে বিজেপিৰ ভিতৰচ’ৰাত। সবাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল – বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে এৰি যোৱা আসনখনতেই খোপনি হেৰালে দলটোৱে। অথচ, বিগত তিনিটা দশক ধৰি বিজেপিৰ মাৰফতত নীতিন নবীন পৰিয়ালৰ হাতত আছিল বাংকিপুৰ। কিন্তু এতিয়া বাংকিপুৰ […] - [উদয়ানিধি ষ্টেলিন সন্দৰ্ভত মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ডাঙৰ মন্তব্য...](https://peoplesnortheast.com/udhayanidhi-stalin-will-be-released-on-station-bail-over-comment-on-trisha/): তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতিৰ ঘনিষ্ঠ বন্ধু তথা অভিনেত্ৰী তৃষাৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত মঙলবাৰে তামিলনাডুৰ বিৰোধী দলপতি তথা ডি এম কে নেতা উদয়ানিধি ষ্টেলিনক জিম্মাত লৈছে আৰক্ষীয়ে। আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে ছয়টা ভিন্ন ধাৰাত গোচৰ ৰুজু কৰিছে। এই সন্দৰ্ভত মাদ্ৰাজ উচ্চ ন্যায়ালয়ে উদয়ানিধি ষ্টেলিনৰ সৈতে জড়িত গোচৰ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰি কয় যে জেৰা সম্পূৰ্ণ হোৱাৰ পিছত তেওঁক মুকলি কৰি দিব লাগে। চৰকাৰী অভিযুক্তই দিয়া তথ্যৰ ভিত্তিত আদালতে এই সিদ্ধান্ত প্ৰদান কৰে। শুনানিৰ সময়ত চৰকাৰী অভিযুক্তই আদালতক অৱগত কৰে যে উদয়ানিধি ষ্টেলিনক গ্ৰেপ্তাৰ কৰাৰ কোনো উদ্দেশ্য নাই। তেওঁ কয় যে গোচৰটোৰ সৈতে এগৰাকী মহিলাৰ মৰ্যাদা জড়িত হৈ আছে, আৰু […] - [৩২ ছেকেণ্ডত ৩৪ বাৰ উপৰ্যপুৰি আক্ৰমণ... বিদ্যালয়ৰ ভিতৰতে মহিলা শিক্ষয়িত্ৰীক নৃশংসভাৱে হত্যা](https://peoplesnortheast.com/female-teacher-murder-at-a-school-in-sikraun/): হাৰিয়ানাৰ ফৰিদাবাদত সংঘটিত হৈছে এটা গাৰ নোম শিয়ৰি যোৱা ঘটনা। ইয়াৰে এখন বিদ্যালয়ত কৰ্মৰত এগৰাকী শিক্ষয়িত্ৰীক এজক যুৱকে নৃশংসভাৱে হানি খুচি হত্যা কৰে। এই শিহৰণকাৰী ঘটনাত মৃত্যু হোৱা শিক্ষয়িত্ৰীগৰাকীক ২৫ গৰাকী সন্ধ্যা শৰ্মা বুলি চিনাক্ত কৰা হৈছে। ইফালে হত্যাকাণ্ড সংঘটিত কৰা অমিত নামৰ যুৱকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে যুৱকজনক সোধাপোচা কৰাত এই তথ্য পোহৰলৈ আহে যে সন্ধ্যাৰ সৈতে একপক্ষীয় প্ৰেমত পৰিছিল অমিত। বিগত এবছৰ ধৰি নিজৰ মনৰ কথা ক’ব বিচাৰি আছিল যদিও সন্ধ্যাই প্ৰায়েই অমিতক আওকান কৰি চলিছিল। নিৰ্যাতনৰ অভিযোগত এবাৰ ক্ষমা খোজাৰ পিছতে সন্ধ্যাই বিদ্যালয় বদলি কৰাৰ কথাত ক্ষুব্ধ হৈ পৰিছিল অমিত। কেৱল এয়াই সন্ধ্যাই সলনি কৰিছিল নিজৰ ঠিকনাও। মনে […] - [অব্যাহত থাকিব এই যুঁজ... বৃজভূষণক ৰেহাই দিয়াৰ পিছতেই হুংকাৰ মল্লযুঁজাৰু ফোগাটৰ](https://peoplesnortheast.com/vinesh-phogat-reaction-on-brij-bhushan-sharan-singh-acquitted/): মহিলা মল্লযুঁজাৰুক যৌন নিৰ্যাতন চলোৱা গোচৰত বৃহত সকাহ লাভ কৰিলে বিজেপিৰ প্ৰাক্তন সাংসদ বৃজভূষণ শৰণ সিঙে। দিল্লীৰ ৰাউজ এভিনিউ আদালতে প্ৰমাণৰ অভাৱত বৃজভূষণক দোষমুক্ত ঘোষণা কৰে। প্ৰাক্তন সাংসদগৰাকীয়ে আদালতৰ এই ৰায়ক ডাঙৰ জয় বুলি আখ্যা দিয়াৰ বিপৰীতে মহিলা মল্লযুঁজাৰু বিনেশ ফোগাটে এই সিদ্ধান্তৰ বাবে চৰকাৰ আৰু প্ৰশাসন যন্ত্ৰক লৈ প্ৰশ্ন উত্থাপন কৰে। খেলুৱৈগৰাকীয়ে লগতে এই যুঁজ অব্যাহত থাকিব বুলিও স্পষ্ট কৰি দিয়ে। উল্লেখ্য যে, ৬গৰাকী মহিলা মল্লযুঁজাৰুৰ অভিযোগৰ ভিত্তিত ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্যনৰ প্ৰাক্তন অধ্যক্ষ বৃজভূষণ শৰণ সিঙৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল। গোচৰকাৰীৰ ভিতৰত আছিল বিনেশ ফোগাটো। মহিলা মল্লযুঁজাৰুৱে উত্থাপন কৰা গুৰুতৰ অভিযোগ দিল্লীৰ ৰাউজ এভিনিউ আদালতে সঠিক প্ৰমাণৰ অভাৱত প্ৰাক্তন […] - [বিজেপিক চেৰ পেলাই ৬ হাজাৰৰো অধিক ভোটত আগবাঢ়িছে প্ৰশান্ত কিশোৰ](https://peoplesnortheast.com/bankipur-bypoll-election-prashant-kishor-lead-by-more-than-six-thousand-votes/): আজি ৰাতিপুৱাৰে পৰা চলি আছে বিহাৰৰ বাংকীপুৰ বিধানসভা সমষ্টিত অনুষ্ঠিত হোৱা উপ-নিৰ্বাচনৰ ভোটগণনা। দ্বাদশ ৰাউণ্ডৰ গণনাৰ অন্তত প্ৰশান্ত কিশোৰ ৬ হাজৰৰো অধিক ভোটত আগবাঢ়ি থকাৰ খবৰ আহিছে। ৰাজধানী পাটনাৰ এটা অন্যতম গুৰুত্বপূৰ্ণ সমষ্টি বাংকীপুৰ আসনখন আছিল বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ নীতিন নবীনৰ। কিন্তু শেহতীয়াকৈ নীতিন নবীনক ৰাজ্যসভালৈ প্ৰেৰণ কৰাত এই আসনখন খালী হৈ পৰাৰ বাবে অনুষ্ঠিত হৈছে উপ-নিৰ্বাচন। সমষ্টিটোত অনুষ্ঠিত হোৱা উপ-নিৰ্বাচনত বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে নীৰজ সিনহাই। জন সুৰাজ পাৰ্টীৰ তৰফৰ পৰা দলটোৰ প্ৰতিষ্ঠাপক প্ৰশান্ত কিশোৰ আৰু RJDৰ হৈ ৰেখা গুপ্তাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। এই তিনিজন প্ৰাৰ্থীৰ মাজতেই হৈছে প্ৰতিদ্বন্দ্বিতা। ৩০ জুলাইত অনুষ্ঠিত হোৱা উপ-নিৰ্বাচনত এই সমষ্টিটোত মাত্ৰ ৩৪.৩ শতাংশ ভোটাৰেহে সাব্যস্ত […] - [কুলগামত নাৰকীয় সন্ত্ৰাসবাদী আক্ৰমণ; পৰিচয় সুধি প্ৰৱাসী শ্ৰমিকক হত্যা](https://peoplesnortheast.com/terrorists-asked-about-caste-and-community-identity-checked-before-the-shooting/): জম্মু-কাশ্মীৰৰ কুলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ছত্তীশগড়ৰ দুজনকৈ শ্ৰমিকক নৃশংসভাৱে হত্যা কৰে সন্ত্ৰাসবাদীয়ে। হত্যাৰ বলি হোৱা এজন শ্ৰমিকৰ পৰিয়ালে গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে আক্ৰমণকাৰীয়ে ধৰ্ম আৰু পৰিচয় সুধিহে গুলী চালনা কৰিছিল। ২০২৫ বৰ্ষৰ এপ্ৰিল মাহত সংঘটিত হোৱা আক্ৰমণক পুনৰ সজীৱ কৰি তুলিলে কুলবামৰ এই ঘটনাই। এই আক্ৰমণত ছত্তীশগড়ৰ শক্তি জিলাৰ বুণ্ডেলী গাঁৱৰ বাসিন্দা দীপক ৰাত্ৰে নামৰ এজন শ্ৰমিকো আছে। শুকুৰবাৰে নিশা কুলগামৰ এটা ইটা ভাটাত সন্ত্ৰাসবাদীয়ে চলোৱা আক্ৰমণত মৃত্যু হৈছিল। আনহাতে আনজন যুৱকক সাৰনগড়-বিলাইগড় জিলাৰ ২৮ বছৰীয়া ভূপেন্দ্ৰ ভইনা বুলি চিনাক্ত কৰা হৈছে। সংবাদ সংস্থা এএনআইৰ তথ্য অনুসৰি দীপকৰ ককায়েক হলধৰ ৰাত্ৰেই দাবী কৰিছে যে আক্ৰমণকাৰীয়ে শ্ৰমিকসকলক তেওঁলোকৰ পৰিচয় সোধাৰ […] - [গ্লাছগো কমনৱেলথ গেমছত স্বৰ্ণ জিনি ইতিহাস ৰচিলে চাইকেল মেকানিকৰ কন্যাই](https://peoplesnortheast.com/asmita-dey-won-first-ever-judo-gold-at-common-wealth-games/): ভাৰতীয় ক্ৰীড়াৰ ইতিহাসৰ সোণালী পৃষ্ঠাত নাম লিপিবদ্ধ কৰিলে অস্মিতা দেই। কমনৱেলথ গেমছৰ জুডো ইভেণ্টত স্বৰ্ণ জয় কৰা প্ৰথমগৰাকী ভাৰতীয় জুডোকা হিচাপে পৰিগণিত হ’ল অস্মিতা। ২৩ বছৰীয়া প্ৰতিভাৱান জুডোকাগৰাকীয়ে ৪৮ কিলোগ্ৰাম শাখাৰ ফাইনেলত কানাডাৰ হেইদি কুয়াচেক পৰাস্ত কৰি এই বিৰল কৃতিত্বৰ অধিকাৰী হয়। অস্মিতাৰ স্বৰ্ণ জয়ৰ কিছু ক্ষণৰ পিছতেই আন এগৰাকী ভাৰতীয় জুডোকাইও জিনিলে স্বৰ্ণ। এইগৰাকী জুডোকা হৈছে হৰ্ষ সিং। হৰ্ষ সিঙে ৬০ কিলোগ্ৰাম শাখাত অষ্ট্ৰেলিয়াৰ জোশ্বুৱা কাটজেক পৰাস্ত কৰি স্বৰ্ণ জয় কৰে। এইদৰে এটা দিনতেই দুই জুডোকাই স্বৰ্ণ আৰু আন এগৰাকী জুডোকাই ৰূপৰ পদক জিনি ভাৰতীয় ক্ৰীড়া ইতিহাসত সূচনা কৰিলে নতুন অধ্যায়ৰ। অতীতত কমনৱেলথ গেমছ ইতিহাসত জুডো খেলত ভাৰতে পাঁচটা ৰূপ […] - [কাছাৰত ভয়ংকৰ ঘটনা; পানীৰ টেংকি চাফা কৰিবলৈ গৈ মৃত্যু ৪ শ্ৰমিকৰ](https://peoplesnortheast.com/three-workers-and-a-local-die-in-water-tank-suffocation-incident-in-cachar/): কাছাৰৰ নিজ জয়নগৰ কুমাৰপাৰত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। পানীৰ টেংকি চাফা কৰিবলৈ গৈ মৃত্যুক সাৱটি ল’লে চাৰিগৰাকী শ্ৰমিকে। ভয়ংকৰ এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। জানিব পৰা মতে, নিৰ্মীয়মান এটা অট্টালিকাৰ পানীৰ টেংকি চাফা কৰিবলৈ প্ৰথমে টেংকিৰ ভিতৰত প্ৰৱেশ কৰিছিল এজন শ্ৰমিক। কিছু সময় পাছত টেংকিৰ ভিতৰত অচেতন হৈ পৰে শ্ৰমিকজন। এই ঘটনা প্ৰত্যক্ষ কৰি আন এজন শ্ৰমিকে উদ্ধাৰৰ বাবে টেংকিৰ ভিতৰত প্ৰৱেশ কৰে। কিন্তু উদ্ধাৰৰ বাবে যোৱা দ্বিতীয়জন শ্ৰমিকো টেংকিৰ ভিতৰতেই অচেতন হৈ পৰে। দুয়োজন শ্ৰমিক বহু সময় আৱদ্ধ হৈ থকা দেখি আৰু দুজন শ্ৰমিকে প্ৰৱেশ কৰে টেংকিৰ ভিতৰত। কিন্ত দুৰ্ভাগ্যজনকভাৱে প্ৰথম দুজন শ্ৰমিকৰ দৰে পিছত যোৱা […] - [খহি পৰিল চাৰি মহলীয়া অট্টালিকা; ৯ জনে হেৰুৱালে প্ৰাণ](https://peoplesnortheast.com/4-storey-building-collapses-in-maharashtra/): মহাৰাষ্ট্ৰৰ ভিৱাণ্ডীত বৃহস্পতিবাৰে নিশা সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা। এই অঞ্চলটোত থকা কহিনুৰ নামৰ এটা চাৰিমহলীয়া অট্টালিকা হঠাতে খহি পৰাৰ ফলত ৯ গৰাকী লোকৰ মৃত্যু হয়। জানিব পৰা অনুসৰি, এতিয়াও অট্টালিকাটোৰ ধ্বংসস্তূপত আৱদ্ধ হৈছে বহু শ্ৰমিক আৰু পৰিয়াল। সম্প্ৰতি ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী আৰু NDRF বাহিনীয়ে উদ্ধাৰ অভিযান চলাই আছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, ভিৱাণ্ডীৰ নাৰপোলীস্থিত ভণ্ডাৰী কম্পাউণ্ডস্থিত চাৰি মহলীয়া কহিনুৰ অট্টালিকাটো নগৰ নিগমে বসবাসৰ বাবে অনুপযুক্ত বুলি ঘোষণা কৰি চি কেটেগৰীত অন্তৰ্ভুক্ত কৰিছিল। সেই অনুসৰি, অট্টালিকাটোত বসবাস কৰা পৰিয়ালসমূহক খালী কৰিবলৈও নিৰ্দেশ প্ৰদান কৰিছিল। এই নিৰ্দেশৰ পিছতেই অধিকাংশ পৰিয়ালে অট্টালিকাটো এৰিছিল। কিন্তু অট্টালিকাটোৰ মেৰামতিৰ কাৰ্য চলাই থকাৰ […] - [বৰ্ষাকালীন অধিৱেশনত উত্থাপন নহয় 'এক দেশ, এক নিৰ্বাচন' বিধেয়ক](https://peoplesnortheast.com/one-nation-one-election-bill-will-not-come-in-this-parliament-session/): বৰ্ষাকালীন অধিৱেশন চলি থকাৰ মাজতে আহিছে এটা ডাঙৰ খবৰ। জানিব পৰা অনুসৰি এইবাৰৰ অধিৱেশনত উত্থাপন কৰা নহ’ব ‘এক দেশ, এক নিৰ্বাচন’ সম্পৰ্কীয় বিধেয়ক। ইয়াৰ উপৰি এই বিধেয়ক সম্পৰ্কত গঠন কৰা যুটীয়া সংসদীয় সমিতিৰ কাৰ্যকালো বৃদ্ধি কৰা বুলি খবৰ প্ৰকাশ পাইছে। অৰ্থাত সংসদৰ শীতকালীন অধিৱেশনৰ অন্তিম সপ্তাহৰ প্ৰথম দিনটোত জেপিচিয়ে নিজৰ প্ৰতিবেদন দাখিল কৰিব লাগিব। জেপিচিৰ কাৰ্যকাল বৃদ্ধিৰ পিছত এটা কথা স্পষ্ট হৈ পৰিছে যে চলিত অধিৱেশনৰ সময়ত সমিতিয়ে নিজৰ প্ৰতিবেদন দাখিল নকৰে। গতিকে শীতকালীন অধিবেশনত প্ৰতিবেদন দাখিল কৰাৰ পিছতহে ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কখন উত্থাপন কৰাৰ সম্ভাৱনা আছে। মন কৰিবলগীয়া যে ২০২৬ চনৰ মাৰ্চ মাহত প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক পৰামৰ্শদাতা পৰিষদে (EAC-PM) এক […] - [আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় আজিংক্য ৰাহানেৰ](https://peoplesnortheast.com/ajinkya-rahane-retires-from-international-cricket/): বিদেশৰ ভূমিত কেইবাটাও দৰ্শনীয় ইনিংছ খেলা ভাৰতীয় দলৰ অভিজ্ঞ ক্ৰিকেটাৰ আজিংক্য ৰাহানেই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট তথা ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা কৰিছে। ২০১৩ চনৰ ৩১ আগষ্টত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটা ৰাহানেই ইনষ্টাগ্ৰামৰ জৰিয়তে এটা আৱেগিক ভিডিঅ’ শ্বেয়াৰ কৰি অৱসৰৰ সিদ্ধান্তৰ কথা ৰাজহুৱা কৰে। ৩৮ বছৰীয়া ৰাহানেই ভাৰতৰ হৈ ৮৫খন টেষ্ট, ৯০খন এদিনীয়া আৰু ২০খন টি-২০ মেচ খেলিছিল। ২০২৩ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা টেষ্ট শৃংখলাৰ পিছৰে পৰা তেওঁ ভাৰতীয় দলৰ পৰা বাহিৰ হৈ আছিল। ভিডিঅ’ বাৰ্তাটোত ৰাহানেই কয়, ‘আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট আৰু প্ৰতিটো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা কৰাৰ এয়াই সঠিক সলময় বুলি মই অনুভৱ কৰিছো।’ ৰাহানেৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰ টেষ্ট- ৮৫খন […] - [প্ৰশান্ত কিশোৰৰ দলৰ ২০ গৰাকী নেতাক গ্ৰেপ্তাৰ](https://peoplesnortheast.com/20-leaders-from-prashant-kishor-party-jan-suraaj-arrested/): বাংকীপুৰ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰাকক্ষণত প্ৰশান্ত কিশোৰ নেতৃত্বাধীন জন সুৰাজ পাৰ্টীৰ ২০ গৰাকী নেতাক গ্ৰেপ্তাৰ কৰিছে পাটনা আৰক্ষীয়ে। বুধবাৰে সন্ধিয়া জন সুৰাজ পাৰ্টীৰ তৰফৰ পৰা জনাই যে আমাৰ দলৰ সৈতে জড়িত নেতা-কৰ্মীসকলক বিশেষ টাস্ক ফ’ৰ্চে গ্ৰেপ্তাৰ কৰিছে। এই গ্ৰেপ্তাৰৰ পিছতেই দলটোৱে বাংকীপুৰ বিধান সভা সমষ্টিৰ আৰক্ষী অধীক্ষকলৈ লিখিছে এখন পত্ৰ। পত্ৰখনত উল্লেখ কৰা অনুসৰি, ‘১৮২ নং বাংকীপুৰ বিধান সভা সমষ্টিৰ জন সুৰাজৰ কৰ্মী, যিসকলে পৰিয়ালক সাক্ষাৎ কৰিবলৈ বা অন্য উদ্দেশ্যত পাটনাত আছে, তেওঁলোকক একপক্ষীয় কাৰ্য্যত ধাৰাবাহিকভাৱে গ্ৰেপ্তাৰ কৰা হৈছে।’ এই গ্ৰেপ্তাৰৰ বিষয়টো গুৰুত্বসহকাৰে গ্ৰহণ কৰি জৰুৰী পদক্ষেপ লোৱাৰ আহ্বান জনাইছে দলটোৱে। ইফালে, আজি দিনৰ ভাগত প্ৰশান্ত কিশোৰৰ বিৰুদ্ধেও এক গোচৰ ৰুজু […] - [লোকসভাত গৃহীত হ'ল প্ৰশ্নকাকত ফাদিল বিৰোধী বিধেয়ক](https://peoplesnortheast.com/lok-sabha-passes-anti-paper-leak-amendment-bill/): বিৰোধীৰ প্ৰতিবাদৰ মাজতে লোকসভাত গৃহীত হ’ল প্ৰশ্নকাকত ফাদিল বিৰোধী সংশোধনী বিধেয়ক। দীঘলীয়া আলোচনা তথা চৰ্চাৰ অন্তত ধ্বনি ভোটৰ জৰিয়তে বিধেয়কখন গৃহীত হয়। বিধেয়কখন গৃহীত হোৱাৰ পূৰ্বে বিৰোধী নেতা ৰাহুল গান্ধীৰ বক্তব্যক লৈ সংসদত ব্যাপক হুলস্থুলৰ সৃষ্টি হয়। বিধেয়কখনৰ ওপৰত আলোচনাৰ সময়ত শাসকীয় দল আৰু বিৰোধীৰ মাজত হয় তীব্ৰ বাক বিতণ্ডা। প্ৰশ্নকাকত ফাদিল বিৰোধী বিধেয়ক গৃহীত হোৱাৰ কথা ঘোষণা কৰাৰ পাছতে অধ্যক্ষ ওম বিৰলাই ৩০ জুলাইৰ পুৱা ১১ বজালৈ লোকসভা স্থগিত ৰাখে। কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে লোকসভাত বিধেয়কখন উত্থাপন কৰি কয় যে এই গুৰুত্বপূৰ্ণ বিধেয়কখনৰ ওপৰত আলোচনা আৰু পৰামৰ্শ আগবঢ়োৱাৰ পৰিৱৰ্তে বিৰোধীয়ে ৰাজনীতিত লিপ্ত হৈছে। জিতেন্দ্ৰ সিঙে কয়, ‘বিৰোধীৰ আচৰণ অত্যন্ত হতাশাজনক। […] - [জম্মু-কাশ্মীৰৰ উৰীত মাইন বিস্ফোৰণ, দুজন সেনা জোৱান আহত](https://peoplesnortheast.com/jammu-kashmir-baramulla-uri-bomb-blast-2-army-injured/): জম্মু-কাশ্মীৰৰ বাৰামুলা জিলাৰ উৰী ছেক্টৰৰ লাইন অফ কণ্ট্ৰোল(LoC)ৰ সমীপত সংঘটিত হৈছে মাইন বিস্ফোৰণ। এই বিস্ফোৰণত দুজন সেনা জোৱান আহত হোৱাৰ খবৰ লাভ কৰা গৈছে। কমলকোট উপখণ্ডৰ ১২ নং ইনফেনট্ৰি ব্ৰিগেডৰ অধীনত কাম কৰা ৮ ৰাষ্ট্ৰীয় ৰাইফলছ (৮ আৰ আৰ)ৰ আপাৰ গড় ফৰৱাৰ্ড পোষ্টৰ সমীপত সংঘটিত হয় এই বিস্ফোৰণ। বিস্ফোৰণ সংঘটিত হোৱা অঞ্চলটো উৰি থানাৰ অধীনৰ। এই ঘটনাৰ পিছতে ততাতৈয়াকৈ আহত জোৱানকেইজনক ঘটনাস্থলীৰ পৰা বিমানেৰে লৈ গৈ শ্ৰীনগৰৰ বাদামিবাগস্থিত আৰ্মি বেছ হাস্পতাললৈ লৈ যোৱা হয়। সম্প্ৰতি দুয়োজন জোৱান সেই হাস্পতালখনতে চিকিৎসাধীন হৈ আছে। আহত জোৱান দুজন ৮ ৰাষ্ট্ৰীয় ৰাইফলছৰ দফাদাৰ বিজয় কুমাৰ (৪২) আৰু নায়ক শৰণপা আংগৰী (২৮) বুলি চিনাক্ত কৰা হৈছে। […] - [টেষ্ট ক্ৰিকেটত চমৎকাৰ; পাকিস্তানৰ বিৰুদ্ধে জাষ্টিন গ্ৰীভছে ৰচিলে ইতিহাস](https://peoplesnortheast.com/justin-greaves-sets-new-cricket-bowling-record/): পাকিস্তানৰ বিৰুদ্ধে চলি থকা টেষ্ট মেচত এক বিৰল অভিলেখৰ গৰাকী হ’ল ৱেষ্ট ইণ্ডিজৰ অলৰাউণ্ডাৰ জাষ্টিন গ্ৰীভছ। টেষ্ট ক্ৰিকেটৰ ইতিহাসত একেৰাহে ৫টা উইকেট-মেডেন অভাৰ বলিং কৰাৰ বিশ্ব অভিলেখ গঢ়ে গ্ৰীভছে। ক্ৰিকেট ইতিহাসত এই অভিলেখ গঢ়া একমাত্ৰ বলাৰ হিচাপে পৰিগণিত হয় গ্ৰীভছ। জাষ্টিন গ্ৰীভছৰ এই কৃতিত্বক অলৌকিক আখ্যা দিছে ক্ৰিকেট বিশেষজ্ঞসকলে। ১৪৯ বছৰীয়া টেষ্ট ক্ৰিকেটৰ ইতিহাসৰ একমাত্ৰ বলাৰ টেষ্ট ক্ৰিকেটত একেৰাহে ৫টা মেডেন অভাৰত একোটাকৈ উইকেট দখল কৰা প্ৰথমজন বলাৰ হিচাপে পৰিগণিত হয় ৱেষ্ট ইণ্ডিজৰ অলৰাউণ্ডাৰ জাষ্টিন গ্ৰীভছ। ট্ৰিনিদাদত ৱেষ্ট ইণ্ডিজ আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হোৱা প্ৰথমখন টেষ্টৰ তৃতীয় দিনা এই কৃতিত্বৰ অধিকাৰী হয় গ্ৰীভছ। টেষ্ট ক্ৰিকেটত গ্ৰীভছৰ এইটোৱেই আছিল প্ৰথম ৫ উইকেট। […] - [পৰীক্ষা সংস্কাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডাঙৰ ঘোষণা](https://peoplesnortheast.com/modi-government-constituted-high-powered-task-force/): নীট পৰীক্ষাৰ লগতে সমগ্ৰ দেশৰ আন কেইবাটাও প্ৰতিযোগিতামূলক পৰীক্ষাত প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছত কেন্দ্ৰীয় চৰকাৰে ছাত্ৰ-ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যত সুনিশ্চিত কৰাৰ লগতে পৰীক্ষা প্ৰক্ৰিয়া উন্নত কৰাৰ স্বাৰ্থত ধাৰাবাহিকভাৱে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। ইয়াৰ অংশ স্বৰূপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে ঘোষণা কৰে যে নেশ্যনেল টেষ্টিং এজেন্সিৰ পৰীক্ষা ব্যৱস্থাৰ ব্যাপক সংস্কাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰে এক উচ্চ ক্ষমতাসম্পন্ন টাস্ক ফ’ৰ্চ গঠন কৰিছে। ডমেইন বিশেষজ্ঞৰ এই মাল্টিডিচিপ্লীনেৰি গোটটোৱে বিশেষকৈ কাৰিকৰী দৃষ্টিকোণৰ পৰা পৰীক্ষা ব্যৱস্থা আৰু গাঁথনিগত সংস্কাৰৰ বাবে পৰামৰ্শ আগবঢ়াব। প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে এই টাস্ক ফ’ৰ্চে পৰীক্ষা সংস্কাৰৰ ওপৰত গুৰুত্ব দিব, আৰু ইয়াৰ প্ৰতিবেদনৰ ভিত্তিত আগন্তুক পৰীক্ষাসমূহৰ বিশ্বাসযোগ্যতা নিশ্চিত কৰাৰ বাবে পদক্ষেপ […] - [নিৰ্বাচনী ৰাজনীতিৰ পৰা সন্যাস ঘোষণা কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সিদ্ধাৰামায়াৰ](https://peoplesnortheast.com/karnataka-ex-cm-siddaramaiah-retires-from-electoral-politics/): কংগ্ৰেছ দলৰ জ্যেষ্ঠ ৰাজনৈতিক নেতা তথা কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সিদ্ধাৰামায়াই নিৰ্বাচনী ৰাজনীতিৰ পৰা সন্যাস লোৱাৰ কথা ঘোষণা কৰিছে। তেওঁ ২০২৮ চনৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে। এক দীঘলীয়া বাৰ্তাৰ জৰিয়তে কয় যে এতিয়া তেওঁৰ বয়স বহু হৈছে, আগৰ দৰে দেহৰ শক্তি নাই, সেয়ে তেওঁ আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰা নাই। সিদ্ধাৰামায়াই লিখিছে, ‘এতিয়া ৰাজনীতিৰ ক্ষেত্ৰখন সম্পূৰ্ণ দুৰ্নীতিগ্ৰস্ত হৈ পৰিছে। সেয়ে ২০২৮ চনৰ বিধানসভা নিৰ্বাচনত মই প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা নকৰো। অৱশ্যে ৰাজনীতিত সক্ৰিয় হৈ থাকি ৰাইজৰ সুখ, দুখ, সমস্যাৰ কণ্ঠস্বৰ হিচাপে কাম কৰি যাম। বৰুণা বিধানসভা সমষ্টিৰ ৰাইজে মোক পুনৰ নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ হেঁচা প্ৰয়োগ কৰিছে। কিন্তু মই সিদ্ধান্ত লৈছো যে মই ভৱিষ্যতে […] - [প্ৰহ্লাদ যোশীক দেশৰ নতুন শিক্ষা মন্ত্ৰীৰ দায়িত্ব](https://peoplesnortheast.com/pralhad-joshi-has-been-assigned-the-charge-of-the-ministry-of-education/): কেবিনেট মন্ত্ৰী প্ৰহ্লাদ যোশীক দেশৰ নতুন শিক্ষা মন্ত্ৰীৰ দায়িত্ব প্ৰদান কৰা হৈছে। বৰ্তমানৰ মন্ত্ৰালয়ৰ উপৰিও অতিৰিক্তভাৱে শিক্ষা বিভাগৰ দায়িত্ব প্ৰদান কৰা হৈছে প্ৰহ্লাদ যোশীক। ভাৰতৰ সংবিধানৰ ৭৫ নং অনুচ্ছেদৰ দফা (২)ৰ অধীনত ধৰ্মেন্দ্ৰ প্ৰধানৰ কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ পৰা পদত্যাগ, তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ প্ৰধানমন্ত্ৰীৰ পৰামৰ্শ মতে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰিছে। তদুপৰি প্ৰধানমন্ত্ৰীৰ পৰামৰ্শ মতে ৰাষ্ট্ৰপতিয়ে কেবিনেট মন্ত্ৰী প্ৰহ্লাদ যোশীক তেওঁৰ বৰ্তমানৰ পৰ্টফলিঅ’ৰ উপৰিও শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ কৰিবলৈ নিৰ্দেশ দিছে। বৰ্তমান প্ৰহ্লাদ যোশীয়ে খাদ্য আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ দায়িত্বত আছে। এতিয়া তেওঁক এই পৰ্টফলিঅ’ৰ উপৰিও শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব প্ৰদান কৰা হৈছে। যন্তৰ মন্তৰত ককৰোচ্ছ জনতা পাৰ্টীৰ প্ৰতিবাদৰ মাজতে শনিবাৰে বিয়লি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী […] - [CAAৰ পৰা কৃষক আন্দোলনলৈ... মোদী চৰকাৰৰ ১২ বছৰীয়া কাৰ্যকাল আৰু প্ৰথমটো পদত্যাগ](https://peoplesnortheast.com/first-minister-resigns-in-12-years-modi-government/): ২০১৪ৰ পৰা ২০২৬। অৰ্থাত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ ১২ বছৰীয়া কাৰ্যকাল। বিজেপি চৰকাৰৰ এই ১২ বছৰীয়া কাৰ্যকালৰ বিশেষ খবৰটো এয়াই যে প্ৰথমবাৰৰ বাবে কোনো কেন্দ্ৰীয় মন্ত্ৰীয়ে প্ৰতিবাদৰ হেঁচাত নিজৰ পদৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য হ’ল। পদত্যাগ কৰা মন্ত্ৰীগৰাকী হ’ল কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান। শিক্ষামন্ত্ৰীগৰাকীৰ এই পদত্যাগ বিজেপি চৰকাৰৰ বাবে এক বৃহৎ ৰাজনৈতিক পৰিঘটনা হিচাপে গণ্য কৰা হৈছে। স্মৰ্তব্য যে বিগত এমাহৰো অধিক কাল সময় দিল্লীৰ যন্তৰ-মন্তৰত ককৰোচ্ছ জনতা পাৰ্টী (চিজেপি)ৰ নেতৃত্বত হাজাৰ-হাজাৰ শিক্ষাৰ্থী তথা যুৱক-যুৱতীয়ে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল। ১২ বছৰীয়া কাৰ্যকালত প্ৰথমটো পদত্য়াগ ২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপি চৰকাৰ গঠন […] - [প্ৰতিবাদকাৰীৰ ওচৰত সেও মানি অৱশেষত পদত্যাগ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ](https://peoplesnortheast.com/dharmendra-pradhan-resigns/): পদত্যাগ পত্ৰ প্ৰদান কৰিলে দেশৰ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ প্ৰেৰণ কৰিছে পদত্যাগ পত্ৰ। নীট প্ৰশ্নকাকত ফাদিলৰ পিছতেই দেশজুৰি তথা দিল্লীৰ যন্তৰ মন্তৰত চলি থকা প্ৰতিবাদৰ মাজতেই তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰে। ধৰ্মেন্দ্ৰ প্ৰধানে সামাজিক মাধ্যমৰ জৰিয়তে এই ঘোষণা কৰাৰ লগতে পদত্যাগ কৰাৰ কাৰণো উল্লেখ কৰে। শিক্ষা মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী মোদীলৈ লিখা পত্ৰখনত উল্লেখ কৰিছে যে বিগত ১০ দিনত ঘটনা-পৰিঘটনাসমূহ দেখি মই অত্যন্ত দুখী হৈছো। এইটো মোৰ বাবে ব্যক্তিগত প্ৰতিষ্ঠাৰ বিষয় নহয়। ভাৰতৰ যুৱ শক্তিয়েই হৈছে এই দেশৰ প্ৰধান শক্তি। দেশৰ যুৱ শক্তিক কুচক্ৰত পৰিবলৈ দিয়া নহ’ব। এয়াই মোৰ সংকল্প। ইফালে দেশৰ শিক্ষা মন্ত্ৰীৰ পদত্যাগৰ খবৰৰ পিছতেই উলাহৰ ঢল বৈছে […] - [বিৰোধীৰ উত্তাল প্ৰতিবাদৰ মাজতেই ৰাজ্যসভাত উত্থাপন বন্দে মাতৰম বিধেয়ক](https://peoplesnortheast.com/nityanand-rai-introduced-vande-mataram-bill-in-rajya-sabha/): বিৰোধীৰ উত্তাল প্ৰতিবাদৰ মাজতে ৰাজ্যসভাত আজি উত্থাপন কৰা হয় বন্দে মাতৰম সম্পৰ্কীয় এখন বিধেয়ক। ৰাষ্ট্ৰীয় সন্মানক অপমান প্ৰতিৰোধ (সংশোধনী) বিধেয়কখন দেশৰ গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে উত্থাপন কৰে। এইখনক বন্দে মাতৰম বিধেয়ক হিচাপেও আখ্যা দিয়া হৈছে। বিধেয়কখন উত্থাপন হোৱাৰ লগে লগে বিৰোধীয়ে সদনত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰাৰ বাবে এই বিধেয়কখন সন্দৰ্ভত সদনৰ মজিয়াত কোনো ধৰণৰ আলোচনা নহ’ল। কেৱল এয়াই নহয় সদনত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ বাবে সোমবাৰলৈ (২৭ জুলাই, ২০২৬) স্থগিত ৰাখিবলগীয়া হয় ৰাজ্যসভা। বিধেয়কখনত উল্লেখ কৰা হৈছে যে বন্দে মাতৰমক অপমান কৰা ব্যক্তিয়ে আইনী ব্যৱস্থাৰ সন্মুখীন হ’ব লাগিব। ইয়াৰ উদ্দেশ্য হৈছে আমাৰ জাতীয় সংগীত ‘জন গণ মন’ক যিধৰণৰ সন্মান দিয়া […] - [বৈভৱ সূৰ্যবংশীয়ে ভংগ কৰিলে শচীন তেণ্ডুলকাৰৰ দীৰ্ঘদিনীয়া অভিলেখ](https://peoplesnortheast.com/vaibhav-sooryavanshi-break-sachin-tendulkar-record/): শনিবাৰে বিহাৰৰ ১৫ বছৰীয়া ক্ৰিকেটাৰ বৈভৱ সূৰ্যবংশীয়ে ভাৰতীয় ক্ৰিকেট ইতিহাসত লিপিবদ্ধ কৰিলে এক নতুন অধ্যায়। টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অৰ্ধশতক অৰ্জন কৰা বিশ্বৰ আটাইতকৈ কম বয়সীয়া বেটছমেন হিচাপে পৰিগণিত হয় সূৰ্যবংশী। বৃহস্পতিবাৰে হাৰাৰে স্প’ৰ্টছ ক্লাবত জিম্বাবুৱেৰ বিৰুদ্ধে ১৫ বছৰ ১১৮ দিন বয়সত তেওঁ এই কৃতিত্ব অৰ্জন কৰে। বৈভৱে চাৰিটা চাৰি আৰু চাৰিটা ছয়ৰ সহায়ত ১৯ বলত ৫০ ৰানৰ বিস্ফোৰক ইনিংছ খেলে। এই ইনিংছটোৰ জৰিয়তে তেওঁ ভংগ কৰে জিব্ৰাল্টাৰৰ বেটছমেন লুই ব্ৰুচৰ অভিলেখ। লুই ব্ৰুছে ২০২১ চনত মাল্টাৰ বিৰুদ্ধে ১৬ বছৰ ৫৬ দিন বয়সত অৰ্ধশতক অৰ্জন কৰিছিল। আনহাতে পুৰুষৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটতো ৫০ বা তাতোকৈ অধিক ৰান সংগ্ৰহ কৰি কিংবদন্তি বেটছমেন শচীন তেণ্ডুলকাৰৰ অভিলেখ […] - [যোৰহাটৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই](https://peoplesnortheast.com/himanta-biswa-sarma-visited-several-flood-affected-areas-of-upper-assam/): উজনি অসমত সৃষ্টি হোৱা বিভীষিকাময় বান পৰিস্থিতিৰ বুজ ল’বলৈ আজি যোৰহাট জিলাৰ উত্তৰ-পশ্চিম যোৰহাটৰ শ’লমৰাত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। ভোগদৈ নদীৰ কোৱাল সোঁতে অঞ্চলটোৰ শ’লমৰা, মজিয়াভেতি, কাতিৰাম চুক আৰু বৰঘুলী মুখৰ মথাউৰি ছিঙি নিয়াৰ ফলত শোচনীয় হৈ পৰা সমগ্ৰ অঞ্চল পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী শৰ্মাই। পৰিদৰ্শনৰ সময়তে হাজাৰ-হাজাৰ বন্যাৰ্তৰ লগতে ক্ষতিগ্ৰস্ত লোকসকলৰ মনৰ বুজ লয় মুখ্যমন্ত্ৰী শৰ্মাই। বানে ছিগি লৈ যোৱা মথাউৰিৰ সমীপত উপস্থিত হৈ ভগ্ন মথাউৰি এমাহৰ ভিতৰত নিৰ্মাণ কৰা হ’ব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। ইফালে বানত ককবকাই থকা বহু লোকে বান সাহায্য লাভ নকৰাৰ অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে যি সমূহ বন্যাৰ্তই […] - [চৰকাৰলৈ পত্ৰ সোনম ৱাংচুকৰ; অনশন ভংগৰ বাবে বান্ধি দিলে বিশেষ চৰ্ত](https://peoplesnortheast.com/sonam-wangchuk-letter-to-central-govt/): নীট প্ৰশ্নকাকত ফাদিল আৰু দেশৰ কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত বিগত বহু দিন ধৰি আমৰণ অনশন অব্যাহত ৰখা পৰিৱেশ কৰ্মী সোনম ৱাংচুকে হাস্পতালৰ বিচনাৰ পৰাই চৰকাৰলৈ লিখিছে পত্ৰ। এই পত্ৰৰ জৰিয়তে ৱাংচুকে অনশন ভংগ কৰাৰ বাবে চৰকাৰক বান্ধি দিছে বিশেষ চৰ্ত। চৰকাৰলৈ লিখা পত্ৰখনত তেওঁ উল্লেখ কৰিছে যে আত্মহত্যা কৰা শিক্ষাৰ্থীসকলৰ পৰিয়াললৈ আৰ্থিক সাহায্য আৰু বিষয়টোক লৈ সংসদত আলোচনা হওক আৰু শিক্ষামন্ত্ৰীৰ পদত্যাগ। ইয়াৰ উপৰি পত্ৰখনত ৱাংচুকে উল্লেখ কৰিছে যে মঙলবাৰে নিশা কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু জীতেন্দ্ৰ সিঙে হাস্পতালত তেওঁক সাক্ষাত কৰিছে। ইয়াৰ বাবে দুয়োজন নেতাক তেওঁ ধন্যবাদ জ্ঞাপন কৰে। সোণম ৱাংচুকে লিখিছে, ‘আলোচনাৰ সময়ত আপুনি মোক […] - [১৬ বছৰৰ মূৰত ভাৰতলৈ উভতিব ললিত মোদী; নিজেই জনালে এই কথা](https://peoplesnortheast.com/ipl-founder-and-first-chairman-lalit-modi-to-return-to-india/): ভাৰতলৈ উভতি আহিব আই পি এলৰ প্ৰতিষ্ঠাপক তথা প্ৰথমগৰাকী অধ্যক্ষ ললিত মোদী। এই কথা তেওঁ নিজেই ঘোষণা কৰিছে। ছ’চিয়েল মিডিয়াৰ জৰিয়তে ললিত মোদীয়ে এক ভিডিঅ’ বাৰ্তাত কয় যে ১৬ বছৰীয়া পুৰণি ফেমা গোচৰত লাভ কৰা সকাহক লৈ তেওঁ সুখী আৰু ভাৰতলৈ ঘূৰি আহিবলৈও উৎফুল্লিত। মন কৰিবলগীয়া যে ২০০৯ চনত তেওঁ স্মাগলাৰ্ছ এণ্ড ফৰেন এক্সচেঞ্জ মেনুপুলেটৰ্ছ আইনৰ অধীনত এটা গোচৰৰ সন্মুখীন হৈছিল। এই গোচৰতে ২০১৮ চনত প্ৰৱৰ্তনকাৰী সঞ্চালকালয়ে (ইডি) তেওঁক জৰিমনা বিহিছিল। এতিয়া এপীলেট ন্যায়াধিকৰণে ইডিৰ জৰিমনা খাৰিজ কৰি মোদীক বৃহত সকাহ প্ৰদান কৰে। ন্যায়াধীকৰণৰ এই ৰায়ৰ পিছতেই উৎফুল্লিত হৈ পৰা ললিত মোদীয়ে কয়, ‘মই বহুত আনন্দিত। ১৬ বছৰ ধৰি মই যি […] - ['আমাৰ সময় নষ্ট নকৰিব...', প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ বৰ্বৰতা সন্দৰ্ভত দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণত অস্বীকাৰ SCৰ](https://peoplesnortheast.com/dont-waste-our-time-sc-refuses-urgent-hearing-on-plea-against-police-action-on-cjp-protest/): ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ বৰ্বৰতাৰ অভিযোগ উত্থাপন কৰা আবেদনৰ জৰুৰী শুনানি নাকচ কৰিলে উচ্চতম ন্যায়ালয়ে। আবেদনকাৰীৰ অধিবক্তাই যেতিয়া প্ৰমাণ হিচাপে আদালতত ভিডিঅ’ দাখিল কৰাৰ অনুমতি বিচাৰে তেতিয়া মুখ্য ন্যায়াধীশে ইয়াক পোনছাটেই নাকচ কৰি কয় যে আমাৰ সময় নষ্ট নকৰিব। ভিডিঅ’চোৱাৰ সময় নাই আদালতৰ। মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ অধ্যক্ষতাত অনুষ্ঠিত বিচাৰপীঠৰ সন্মুখত অধিবক্তা নৰেন্দ্ৰ মিশ্ৰাই এই বিষয়টো উত্থাপন কৰি জৰুৰী শুনানিৰ বাবে দাবী জনাইছিল। অধিবক্তাই যুক্তি প্ৰদৰ্শন কৰি মন্তব্য কৰিছিল যে নীট প্ৰশ্নকাকত ফাদিলক লৈ শিক্ষাৰ্থীসকলে প্ৰতিবাদ কৰি আছিল। পৰীক্ষা অনুষ্ঠিত কৰা নেশ্যনেল টেষ্টিং এজেন্সিত সংস্কাৰৰ দাবীত সাব্য়স্ত কৰি আছিল প্ৰতিবাদ। প্ৰতিবাদৰ সময়তে আৰক্ষীয়ে তেওঁলোকক নিৰ্মমভাৱে আক্ৰমণ কৰিছে। অধিবক্তাগৰাকীয়ে লগতে কয় […] - [বিয়াৰ প্ৰলোভনেৰে মহিলাৰ সৈতে কুকৰ্ম অভিষেক পোৰেলৰ; শীঘ্ৰে হ'ব গ্ৰেপ্তাৰ](https://peoplesnortheast.com/who-is-abishek-porel-calcutta-hc-issues-arrest-warrant-against-dc-and-bengal-batter/): বিতৰ্কত নাম সাঙোৰ খাইছে ভাৰতীয় ঘৰুৱা ক্ৰিকেটৰ এগৰাকী প্ৰতিভাশালী উইকেটকীপাৰ বেটাৰ অভিষেক পোৰেলৰ। এগৰাকী মহিলাই ক্ৰিকেটাৰগৰাকীৰ বিৰুদ্ধে বিয়াৰ প্ৰলোভন দি কুকৰ্ম কৰাৰ অভিযোগ উত্থাপন কৰিছে। এই বিস্ফোৰক অভিযোগৰ পিছতেই ঘটনাটো গুৰুত্বসহকাৰে গ্ৰহণ কৰি কলকাতা উচ্চ ন্যায়ালয়ে তদন্তকাৰী সংস্থাক ক্ৰিকেটাৰগৰাকীৰ ইলেকট্ৰ’নিক সামগ্ৰী জব্দ কৰাৰ লগতে আইনীভাৱে গ্ৰেপ্তাৰৰ প্ৰক্ৰিয়া আগবঢ়োৱাৰ নিৰ্দেশ প্ৰদান কৰে। সম্প্ৰতি এই ঘটনাৰ তদন্ত প্ৰক্ৰিয়া চলি আছে আৰু অভিযোগ সন্দৰ্ভত অন্তিম সিদ্ধান্ত আদালতে প্ৰদান কৰিব। ক্ৰিকেটাৰগৰাকীয়ে মহিলাগৰাকীৰ সৈতে কেতিয়া কুকৰ্মত লিপ্ত হৈছিল সেই বিষয়ে কোনো ধৰণৰ তথ্য জানিব পৰা হোৱা নাই। উল্লেখ্য যে, পশ্চিম বংগৰ চন্দন নগৰৰ বাসিন্দা অভিষেক পোৰেলে ঘৰুৱা ক্ৰিকেটত বংগক প্ৰতিনিধিত্ব কৰে। অভিষেক হৈছে বেগী বলাৰ ঈশান […] - ['এয়া গ্ৰহণযোগ্য নহয়....', ৰাছিয়াৰ আক্ৰমণত নিহত হোৱা ৪ ভাৰতীয় নাবিকক লৈ কঠোৰ বৈদেশিক মন্ত্ৰালয়](https://peoplesnortheast.com/mea-summons-russian-diplomat/): ১৯ জুলাইত ইউক্ৰেইনৰ ওডেছা বন্দৰৰ পৰা ৰাওনা হোৱা বাণিজ্যিক জাহাজ এম ভি গোল্ডেন লিঅ’ত সংঘটিত হোৱা মাৰাত্মক ক্ষেপণাস্ত্ৰ আক্ৰমণৰ পিছতে ভাৰত চৰকাৰে শক্তিশালী স্থিতি গ্ৰহণ কৰিছে। ৰাছিয়াৰ তৰফৰ পৰা চলোৱা এই আক্ৰমণত জাহাজত থকা চাৰিজন ভাৰতীয় নাৱিক নিহত হয়। এই ঘটনাৰ পিছতে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে দিল্লীস্থিত ৰাছিয়াৰ কূটনীতিবিদজনক তলৱ কৰি স্পষ্টভাৱে জনাই দিয়ে যে নিৰীহ সাধাৰণ নাগৰিকক হত্যা কৰা আৰু বাণিজ্যিক জাহাজক লক্ষ্য কৰি লোৱাটো সম্পূৰ্ণ গ্ৰহণযোগ্য নহয়। ২১ জুলাইত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ভাৰতত ৰাছিয়াৰ চাৰ্জ ডি এফেয়াৰ্ছ (চিডিএ) ভ্লাডিমিৰ লাডানভক তলৱ কৰে। বৈঠকৰ সময়ত ভাৰতে তীব্ৰ উদ্বেগ প্ৰকাশ কৰি এই আক্ৰমণক তীব্ৰ গৰিহণা দি এনে আক্ৰমণে আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক বাণিজ্যৰ […] - [ছিকিমত নিৰ্মাণাধীন সুৰংগত অঘটন; এই পৰ্যন্ত ৭ গৰাকী শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ](https://peoplesnortheast.com/sikkim-tunnel-collapse/): সোমবাৰে ছিকিমৰ নামচি জিলাত সংঘটিত হোৱা ভয়ংকৰ ঘটনাৰ পিছতে নিৰ্মাণাধীন সুৰংগৰ ভিতৰত প্ৰায় ২৭ গৰাকী শ্ৰমিক আৱদ্ধ হৈ থকাৰ আশংকা প্ৰকাশ কৰা হৈছে। উদ্ধাৰকাৰী দলে এই পৰ্যন্ত সুৰংগৰ পৰা ৭ গৰাকী শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰা বুলি জানিবলৈ দিছে জিলা প্ৰশাসনে। সম্প্ৰতি সুৰংগত আৱদ্ধ হৈ থকা শ্ৰমিকসকলক উদ্ধাৰৰ বাবে অভিযান চলাই থকা হৈছে। খবৰ অনুসৰি নামচি চিলেৰ সমৰডুঙত NHPCৰ তীস্তা ষ্টেজ ৬ প্ৰকল্পত নিৰ্মাণৰত সুৰংগত সংঘটিত হয় এই দুৰ্ঘটনা। হঠাৎ হোৱা ভূমিস্খলনে সুৰংগটোৰ প্ৰৱেশদ্বাৰ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ে। প্ৰাৰম্ভিক তথ্য অনুসৰি পেটেল ইঞ্জিনিয়াৰিঙৰ ২১ জন আৰু NHPCৰ ৬ জন কৰ্মচাৰীকে ধৰি প্ৰায় ২৭ জন লোক ভিতৰত আৱদ্ধ হৈ আছে। অৱশ্যে আৱদ্ধ লোকৰ […] - [নাগালেণ্ডত ভয়ংকৰ ভূমিস্খলন; ৮ জন লোকৰ মৃত্যু, ধ্বংস কেইবাটাও বাসগৃহ](https://peoplesnortheast.com/massive-landslide-in-nagaland/): বিগত কিছু দিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত নাগালেণ্ডৰ মন জিলাৰ ডিফেন্স কলনীত সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলন। এই ঘটনাত ৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাটাও বাসগৃহ ধ্বংসস্তূপত পৰিণত হয়। ভূমিস্খলনৰ খবৰ লাভ কৰাৰ পিছতেই ঘটনাস্থলীত SDRF, অসম ৰাইফলছ আৰু আৰক্ষীৰ দল উপস্থিত হৈ আৰম্ভ কৰে উদ্ধাৰ অভিযান। এই পৰ্যন্ত চাৰিজন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। এই ভূমিস্খলনত বিস্তৰ ক্ষতিসাধন হোৱা বুলি জানিবলৈ দিয়ে প্ৰশাসনে। ইফালে ঘটনাস্থলীলৈ NDRF আৰু ভাৰতীয় সেনাৰ দলো মন জিলালৈ ৰাওনা হোৱাৰ খবৰ আহিছে। ঘটনাৰ পিছতে স্থানীয় লোক, আৰক্ষী, সেনা জোৱানৰ লগতে SDRFৰ দলে এতিয়াও অঞ্চলটোত উদ্ধাৰ অভিযান চলাই আছে। প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী […] - [ঘোষণা হ'ল ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা; কাৰ্তিক আৰিয়ান আৰু মামুট্টিলৈ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান](https://peoplesnortheast.com/72nd-national-film-awards/): অৱশেষত ঘোষণা কৰা হ’ল ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৪। বলীউডৰ অভিনেতা কাৰ্তিক আৰিয়ান আৰু মালয়ালম ছবি জগতৰ ছুপাৰষ্টাৰ মামুট্টিক যৌথভাৱে শ্ৰেষ্ঠ অভিনেতা হিচাপে নিৰ্বাচিত কৰা হয়। বলীউডৰ প্ৰখ্যাত অভিনেত্ৰী য়ামি গৌতমক শ্ৰেষ্ঠ অভিনেত্ৰী হিচাপে ঘোষণা কৰা হয়। ৰাজকুমাৰ ৰাওৰ ‘শ্ৰীকান্ত’ ছবিয়ে শ্ৰেষ্ঠ হিন্দী চলচ্চিত্ৰৰ বঁটা লাভ কৰে। শনিবাৰে সন্ধিয়া নতুন দিল্লীত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ঘোষণা কৰে ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা। মালয়ালম অভিনেতা মামুট্টিক ‘ব্ৰহ্মায়ুগম’ ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেতা হিচাপে নিৰ্বাচিত কৰা হয়। আনহাতে কাৰ্তিক আৰিয়ানেও তেওঁৰ ছবি ‘চান্দু চেম্পিয়ন’ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰে। এই ৰাষ্ট্ৰীয় বঁটা ২০২৪ চনৰ ছবিৰ বাবে মামুট্টি আৰু কাৰ্তিক আৰিয়ান শ্ৰেষ্ঠ অভিনেতা […] - [ইংলেণ্ডৰ বিৰুদ্ধে অন্তিমখন মেচৰ বাবে হঠাৎ সলনি ভাৰতীয় দল](https://peoplesnortheast.com/bcci-announces-washington-sundar-replacement/): ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা এদিনীয়া শৃংখলাৰ অন্তিম তথা তৃতীয়খন এদিনীয়াৰ বাবে কিছু সালসলনি ঘটিছে ভাৰতীয় দলত। আঘাতপ্ৰাপ্ত অলৰাউণ্ডাৰ ৱাশ্বিংটন সুন্দৰৰ ঠাইত তৃতীয়খন এদিনীয়াৰ বাবে হৰ্ষ ডুবেক দলত অন্তৰ্ভুক্ত কৰা হৈছে। আজি এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে বিচিচিআইয়ে। কাৰ্ডিফত অনুষ্ঠিত হোৱা শৃংখলাৰ দ্বিতীয়খন মেচত আঘাতপ্ৰাপ্ত হৈছিল ৱাশ্বিংটন সুন্দৰ। এই আঘাতৰ বাবেই শৃংখলাৰ অন্তিমখন মেচৰ পৰা বাহিৰ হয় সুন্দৰ। অৱশ্যে আঘাত কিমান গুৰুতৰ সেই কথা এতিয়ালৈকে জানিব পৰা হোৱা নাই। ইফালে ইংলেণ্ডৰ বিৰুদ্ধে অন্তিমখন মেচৰ বাবে নিৰ্বাচিত হোৱা হৰ্ষ ডুবেই শেহতীয়াকৈ আফগানিস্তানৰ বিৰুদ্ধে এদিনীয়া ক্ৰিকেটত অভিষেক কৰিছিল। তেওঁ এতিয়ালৈকে খেলা দুখন এদিনীয়াত ৪টা উইকেট লাভ কৰিছে। অন্তিমখন মেচৰ বাবে ভাৰতীয় দলটো শুভমন গীল […] - [অবৈধ আতচবাজী কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ড; ৮ জনৰ মৃত্যু, কেইবাজনো আহত](https://peoplesnortheast.com/8-killed-several-injured-in-blast-at-ahmedabad-firecracker-factory/): গুজৰাটৰ আহমেদাবাদৰ এটা অবৈধ ফটকা কাৰখানাত শনিবাৰে এক বৃহৎ অগ্নিকাণ্ড সংঘটিত হয়। এই ভয়াৱহ ঘটনাটোত ৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন ৯ জন লোক গুৰুতৰভাৱে আহত হোৱাৰ খবৰ পোৱা গৈছে। আহমেদাবাদৰ মাহমুদপুৰৰ টেলেণ্ট নামৰ ফটকা কাৰখানাটোত সংঘটিত হয় এই দুৰ্ঘটনা। আহতসকলক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হয়। মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পাব পাৰে বুলি আশংকা কৰিছে বিষয়াসকলে। উল্লেখ্য যে, দুৰ্ঘটনাটোৰ তথ্য লাভ কৰাৰ লগে লগে কেইবাটাও অগ্নিনিৰ্বাপক বাহিনীৰ দল সেই স্থানত উপস্থিত হয় আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোকে জুই নিৰ্বাপনৰ লগতে উদ্ধাৰ অভিযান আৰম্ভ কৰে। দুপৰীয়া প্ৰায় ৩.৩০ মান বজাত এই অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হৈছিল। কি কাৰণত কাৰাখানাটোত এই ভয়ংকৰ […] - [পুনৰ উত্তপ্ত অসম-অৰুণাচল সীমান্ত; অৰুণাচলী দুৰ্বৃত্তৰ গুলীত আহত এজন](https://peoplesnortheast.com/assam-arunachal-border-firing/): সংঘাত বৃদ্ধি পাইছে অসম-অৰুণাচল সীমান্তত। এইবাৰ গহপুৰৰ অসম-অৰুণাচল সীমান্তৰ ৰাজগড়ৰ কৰৈগুৰীত সংঘটিত হৈছে গুলীচালনাৰ ঘটনা। অৰুণাচলী দুৰ্বৃত্তই চলোৱা গুলীত এজন লোক গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে। আহত লোক জন প্ৰেমচন্দ বসুমতাৰী বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে। ঘটনাৰ বিৱৰণী অনুসৰি, প্ৰেমচন্দ বসুমতাৰী নামৰ লোকজনে পত্নীৰ সৈতে বাইকেৰে ঘৰলৈ আহি থকা সময়তে অৰুণাচল দিশৰ পৰা কোনো দুৰ্বৃত্তই গুলীচালনা কৰে। দুৰ্বৃত্তৰ গুলীয়ে পেটৰ বাঁওফালে আঘাত কৰে লোকজনক। কিন্তু এই গুলীচালনাৰ পৰা সৌভাগ্যক্ৰমে ৰক্ষা পৰে বসুমতাৰীৰ পত্নী। ঘটনা সংঘটিত হোৱাৰ পিছতে গুলীবিদ্ধ প্ৰেমচন্দ বসুমতাৰীক গহপুৰৰ শ্বহীদ কনকলতা বৰুৱা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। অৱশ্যে লোকজনৰ আঘাত গুৰুতৰ হোৱাত তেওঁক উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ […] - [অভিষেক বেনাৰ্জীৰ অবৈধ অট্টালিকাত চলিল বুলড'জাৰ, ভাঙি পেলোৱা হ'ল পাঁচ মহলীয়া অট্টালিকা](https://peoplesnortheast.com/bulldozer-action-on-abhishek-banerjee-illegal-office/): বিপদে লগ এৰা নাই তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ভতিজা অভিষেক বেনাৰ্জীৰ। এইবাৰ প্ৰশাসনে অভিষেক বেনাৰ্জীৰ সংসদীয় সমষ্টিত থকা তেওঁৰ কাৰ্যালয়ৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। শনিবাৰে (১৮ জুলাই) অভিষেক বেনাৰ্জীৰ ‘অবৈধভাৱে নিৰ্মিত’ কাৰ্যালয়ত চলিল বুলড’জাৰ। প্ৰশাসনৰ লোকে অতি কম সময়ৰ ভিতৰতে তিনিখন বুলড’জাৰৰ সহায়ত অভিষেক বেনাৰ্জীয়ে নিৰ্মাণ কৰা পাঁচ মহলীয়া অট্টালিকাটো ভাঙি পেলায়। উল্লেখ্য যে, উচ্ছেদস্থলীত বৃহৎ সংখ্যক স্থানীয় লোকৰ লগতে বিজেপি আৰু তৃণমূলৰ কৰ্মী উপস্থিত হোৱাত প্ৰশাসনে অতিৰিক্ত বাহিনী মোতায়েন কৰে। সম্প্ৰতি নিৰাপত্তা বজাই ৰখাৰ বাবে অঞ্চলটোত বৃহৎ আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে। আমতলা-বাৰুইপুৰ ৰোডস্থিত অভিষেক বেনাৰ্জীৰ এই কাৰ্যালয়টো সম্পূৰ্ণৰূপে অবৈধ ঘোষণা কৰিছিল প্ৰশাসনে। […] - [ৰাজ্যসভাত উত্থাপন হ'ব 'বন্দে মাতৰম' বিধেয়ক, অপমান কৰিলেই হ'ব কঠোৰ শাস্তি](https://peoplesnortheast.com/vande-matram-bill-first-to-be-presented-by-union-home-minister-amit-shah/): ২০ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া বৰ্ষাকালীন অধিৱেশনৰ সময়ত সংসদত উত্থাপন কৰাৰ বাবে তালিকাভুক্ত কৰা হৈছে ৰাষ্ট্ৰীয় গীত ‘বন্দে মাতৰম’ গোৱাত অপমান বা বাধা দিয়াটো শাস্তিযোগ্য অপৰাধ হিচাপে গণ্য কৰা বিধেয়ককে ধৰি কেইবাখনো বিধেয়ক। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰথমে ৰাজ্যসভাত উত্থাপন কৰিব এই বিধেয়কখন। বিধেয়কখনত উল্লেখ কৰা হৈছে যে বন্দে মাতৰমক অপমান কৰা ব্যক্তিয়ে আইনী ব্যৱস্থাৰ সন্মুখীন হ’ব লাগিব। ইয়াৰ উদ্দেশ্য হৈছে আমাৰ জাতীয় সংগীত ‘জন গণ মন’ক যিধৰণৰ সন্মান দিয়া হয়, সেই সন্মান বন্দে মাতৰমকো দিয়া হ’ব। বন্দে মাতৰম গোৱাত বাধা বা অপমান কৰাসকলৰ বিৰুদ্ধে কি হ’ব শাস্তি? এই বিধেয়ক অনুসৰি যিকোনো ব্যক্তিয়ে ইচ্ছাকৃতভাৱে জাতীয় সংগীত বা ৰাষ্ট্ৰীয় গীত গোৱাত বাধা […] - [লৰ্ডছেই হ'ব নেকি ৰোহিত শৰ্মাৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ অন্তিমখন মেচ...](https://peoplesnortheast.com/will-rohit-sharma-retire-from-odi-after-india-vs-england-match/): এদিনীয়া ক্ৰিকেটৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত খোজ দিয়া ৰোহিত শৰ্মাই এদিনীয়া মেচৰ জৰিয়তেই বিদায় জনাব আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক। ইংলেণ্ডৰ বিৰুদ্ধে ঐতিহাসিক লৰ্ডছত অনুষ্ঠিত হ’বলগীয়া এদিনীয়া শৃংখলাৰ তৃতীয় তথা অন্তিমখন মেচেই ৰোহিতৰ বাবে শেষৰখন মেচ হ’ব বুলি ক্ৰিকেট মহলত চলিছে ব্যাপক চৰ্চা। ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত প্ৰতিবেদন অনুসৰি, ৰাষ্ট্ৰীয় নিৰ্বাচক সমিতিয়ে ৰোহিত শৰ্মাৰ বিপৰীতে যশশ্বী জয়ছোৱালক এদিনীয়া ক্ৰিকেটত অধিক সুযোগ দিয়াৰ চিন্তা-চৰ্চা কৰিছে। ২০২৭ চনৰ বিশ্বকাপত ৰোহিতক বিচৰা নাই বুলিও আওপকীয়াকৈ বৰ্ষীয়ান ক্ৰিকেটাৰগৰাকীক জনাইছে নিৰ্বাচক সমিতিয়ে। ইফালে টাইমছ অৱ ইণ্ডিয়াই নিজৰ প্ৰতিবেদনত উল্লেখ কৰিছে যে ইংলেণ্ডৰ বিৰুদ্ধে চলা এদিনীয়া শৃংখলাৰ পিছত অপেনাৰ হিচাপে আৰু প্ৰথম পচন্দ নহ’ব ৰোহিত শৰ্মা। নিৰ্বাচক সমিতিয়ে এই পৰিকল্পনা অৱগত কৰাৰ […] - [ভোটাৰ তালিকাত নাম নাথাকিলে বাতিল নহয় নাগৰিকত্ব : সৰ্বোচ্চ ন্যায়ালয়](https://peoplesnortheast.com/removal-from-voter-list-doesnt-mean-loss-of-citizenship-sc/): ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ প্ৰক্ৰিয়াৰ পিছত ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হোৱা মানেই নাগৰিকত্ব বাতিল হোৱা নুবুজায়। শুকুৰবাৰে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে এই মন্তব্য কৰি স্পষ্ট কৰি দিয়ে যে ইয়াৰ বাবে আছে অন্য প্ৰক্ৰিয়া। পশ্চিম বংগৰ SIR সন্দৰ্ভত দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি সৰ্বোচ্চ ন্যায়ালয়ে কয় যে নাগৰিকত্ব নিৰ্ধাৰণ কৰাৰ সাংবিধানিক অধিকাৰ নিৰ্বাচন আয়োগৰ নাই। ন্যায়ালয়ে লগতে কয় যে নিৰ্বাচন আয়োগৰ কেৱল ভোটাৰ তালিকাৰ ওপৰত নিয়ন্ত্ৰণ আৰু নিৰীক্ষণৰ হে অধিকাৰ আছে। আদালতে উল্লেখ কৰে যে যদি কোনো ন্যায়াধিকৰণে কোনো ব্যক্তিৰ নাম SIR তালিকাত অন্তৰ্ভুক্ত নকৰাৰ সিদ্ধান্ত লয় তেন্তে নিৰ্বাচন আয়োগে নাগৰিকত্ব নিৰ্ণয়ৰ বাবে বিষয়টো সংশ্লিষ্ট মন্ত্ৰালয়লৈ প্ৰেৰণ কৰিব লাগিব। ভোটাৰ তালিকাত […] - [গাংগুলী-দ্ৰাবিড়ক অতিক্ৰম কৰি কোহলী আৰু ৰোহিতে ৰচিলে ইতিহাস](https://peoplesnortheast.com/virat-kohli-and-rohit-sharma-most-partnership-runs-record/): ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা তিনিখন মেচৰ শৃংখলাৰ দ্বিতীয়খন এদিনীয়াত বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই এক বিশেষ কৃতিত্ব গঢ়িবলৈ সক্ষম হয়। ভাৰতৰ হৈ ক্ৰিকেটৰ তিনিওটা ফৰ্মেটতে ৰোহিত আৰু বিৰাটৰ যুটিয়ে ৮ হাজাৰৰো অধিক ৰান সংগ্ৰহ কৰাৰ ইতিহাস গঢ়ে। এই তালিকাত হিটমেন আৰু কিং কোহলী যুটিয়ে সৌৰভ গাংগুলী আৰু ৰাহুল দ্ৰাবিড়ক অতিক্ৰম কৰি তৃতীয় স্থানত উপনীত হয়। এই তালিকাত শচীন তেণ্ডুলকাৰ আৰু সৌৰভ গাংগুলীৰ যুটিয়ে মুঠ ১২,৪০০ ৰান সংগ্ৰহ কৰি শীৰ্ষস্থানত আছে। এই তালিকাৰ দ্বিতীয় নাম হৈছে শচীন তেণ্ডুলকাৰ আৰু ৰাহুল দ্ৰাবিড়। ১১,০৩৭ ৰান সংগ্ৰহ কৰিছিল এই যুটিটোৱে। ভাৰতৰ বাবে সৰ্বোচ্চ পাৰ্টনাৰশ্বিপ ১২৪০০ ৰানঃ তেণ্ডুলকাৰ – গাংগুলী ১১০৩৭ ৰান : তেণ্ডুলকাৰ – দ্ৰাবিড় […] - [পুৰীৰ ৰথ যাত্ৰাত অসংখ্য ভক্তৰ সমাগম; দুজন ভক্তৰ সৈতে শোকাৱহ ঘটনা](https://peoplesnortheast.com/jagannath-rath-yatra-in-puri/): আজিৰ পৰা আৰম্ভ হৈছে পুৰীৰ ঐতিহাসিক ৰথ যাত্ৰা। লাখ-লাখ ভক্তৰ সমাগম হোৱা এই ৰথ যাত্ৰাৰ সময়তে সংঘটিত এক অবাঞ্চিত ঘটনাত দুজন ভক্তৰ মৃত্যু হৈছে। জানিব পৰা অনুসৰি, শ্বাস প্ৰশ্বাস বন্ধ হৈ এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ বিপৰীতে হৃদ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয় এজন যুৱকৰ। নিউজ এজেন্সি পিটিআইৰ প্ৰতিবেদন অনুসৰি অসংখ্য ভক্তৰ সমাগম হোৱাৰ বাবে বহু ভক্ত অচেতন হৈ পৰে। লগে লগে প্ৰশাসনৰ লোকে আহত লোকসকলক সমীপৰ হাস্পতালত ভৰ্তি কৰোৱা হয়। অৱশ্যে প্ৰশাসনৰ তৰফৰ পৰা জনোৱা অনুসৰি এই ঘটনা কোনো ধৰণৰ ঠেলা-হেঁচাৰ বাবে সংঘটিত হোৱা নাই, কেৱল ভক্তৰ সমাগম অধিক হোৱা বাবে কিছু লোকৰ শ্বাস-প্ৰশ্বাসজনিত সমস্যা হয়। মৃত যুৱকজন কিউঝৰৰ অনিল দাস […] - [প্ৰতিগৰাকী ব্যক্তিৰ জীৱন গুৰুত্বপূৰ্ণ... সোনম ৱাংচুক সন্দৰ্ভত কেন্দ্ৰক বিশেষ নিৰ্দেশনা উচ্চ ন্যায়ালয়ৰ](https://peoplesnortheast.com/every-life-is-precious/): ২৮ জুনৰ পৰা আমৰণ অনশন কাৰ্যসূচী ৰূপায়ন কৰি অহা সমাজকৰ্মী, উদ্ভাৱক, শিক্ষা সংস্কাৰক আৰু পৰিৱেশবিদ সোনম ৱাংচুক সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ে গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰিছে। অনশন সন্দৰ্ভত দাখিল কৰা ৰাজহুৱা স্বাৰ্থজনিত আবেদনৰ শুনানি গ্ৰহণ কৰি দিল্লী উচ্চ ন্যায়ালয়ে ৱাংচুকৰ স্বাস্থ্য সন্দৰ্ভত গভীৰ চিন্তা ব্যক্ত কৰিছে। প্ৰতিগৰাকী ব্যক্তিৰ জীৱন গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰি আদালতে এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশনাও প্ৰদান কৰিছে। বৃহস্পতিবাৰে দিল্লী উচ্চ ন্যায়ালয়ে শুনানি গ্ৰহণ কৰি কয় যে প্ৰতিগৰাকী ব্যক্তিৰ জীৱন গুৰুত্বপূৰ্ণ আৰু তেওঁৰ জীৱন ৰক্ষাৰ বাবে সকলো ধৰণৰ প্ৰচেষ্টা চলোৱাৰ দায়িত্ব চৰকাৰৰ। শুনানিৰ সময়ত কেন্দ্ৰ চৰকাৰ আৰু দিল্লী চৰকাৰৰ হৈ আদালতত উপস্থিত থকা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই আদালতক আশ্বাস […] - [মমতাৰ TMCত পয়মাল; এইবাৰ কোয়েল মল্লিকে এৰিলে ৰাজ্যসভাৰ সাংসদ পদ](https://peoplesnortheast.com/tmc-rajya-sabha-mp-koel-mallick-has-resigned/): এটাৰ পিছত আন এটা মোক্ষম আঘাতৰ সন্মুখীন হৈ আছে পশ্চিম বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। বিধানসভা নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পিছত মমতাৰ সংগ এৰিছে এজনৰ পিছত আন এজন শীৰ্ষ নেতাই। বুধবাৰে মমতাৰ অতি ঘনিষ্ঠৰূপে পৰিচিত মদন মিত্ৰই মমতাৰ সংগ এৰাৰ এদিন পিছত অৰ্থাত বৃহস্পতিবাৰে ৰাজ্যসভাৰ সদস্যৰ পৰা পদত্যাগ কৰে কোয়েল মল্লিকে। চলিত বছৰৰে এপ্ৰিল মাহত ৰাজ্যসভালৈ নিৰ্বাচিত হোৱা নেত্ৰীগৰাকীয়ে আজি ৰাজ্যসভাৰ অধ্যক্ষক সাক্ষাত কৰি পদত্যাগ পত্ৰ প্ৰদান কৰে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা খবৰ অনুসৰি, অভিনয় জগতৰ পৰা ৰাজনীতিত খোজ দিয়া তৃণমূলৰ ৰাজ্যসভাৰ সাংসদগৰাকীয়ে উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ অধ্যক্ষ চিপি ৰাধাকৃষ্ণণক সাক্ষাত কৰি পদত্যাগ পত্ৰ প্ৰদান কৰে। কোয়েল মল্লিকৰ পদত্যাগৰ পিছতে ৰাজ্যসভাত তৃণমূল […] - [পত্নীক EDয়ে চমন প্ৰেৰণ কৰাৰ পিছতেই মমতাৰ সংগ ত্যাগ মদন মিত্ৰৰ](https://peoplesnortheast.com/mamata-banerjee-loyalist-madan-mitra-resigned-from-tmc/): পশ্চিম বংগৰ ৰাজনীতিৰ পৰা আহিছে এটা ডাঙৰ খবৰ। প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ অতি ঘনিষ্ঠৰূপে পৰিচিত মদন মিত্ৰই মমতাৰ সংগ এৰি ঋতব্ৰত বেনাৰ্জী গোটত যোগদান কৰিছে। কংগ্ৰেছৰ সৈতে সম্পৰ্ক ত্যাগ কৰাৰ সময়ত মমতাৰ সৈতে আছিল মদন মিত্ৰ। অৱশ্যে এতিয়া তেওঁ তৃণমূলৰ সকলো পদৰ পৰা পদত্যাগ কৰিছে। কামৰহাটীৰ বিধায়ক মিত্ৰই কয় যে মমতা বেনাৰ্জী নেতৃত্বাধীন সকলো ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক সমিতিৰ পৰা পদত্যাগ কৰিছো। বিসম্বাদী শিবিৰৰ নেতাৰ সৈতে হোৱা আলোচনাৰ পিছত মিত্ৰই কয়, ‘মই কোঠা সলনি কৰিছো, ঘৰ নহয়। মই তৃণমূলতেই আছো।’ অভিষেক বেনাৰ্জীক সমালোচনাৰ লক্ষ্য কৰি তেওঁ পুনৰ কয়, ‘মই অভিষেক বেনাৰ্জীক পৰামৰ্শ দিছিলো যে তেওঁ ৬ মাহ বা এবছৰৰ বাবে আঁতৰি যাওক। […] - [আৱাসিক অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড; দুজন লোকৰ সৈতে কৰুণ ঘটনা](https://peoplesnortheast.com/massive-fire-breaks-out-in-noida/): নয়ডাৰ ছেক্টৰ-৬৬ (দিল্লী NCR)ৰ মামুৰা গাঁওস্থিত এটা আৱাসিক অট্টালিকাত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড। মঙলবাৰে দুপৰীয়া সংঘটিত এই অগ্নিকাণ্ডত দুগৰাকী লোকৰ মৃত্যু হৈছে। এখন ইলেকট্ৰিক বাহনৰ পৰা এই অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হয়। চাৰ্জ দি থকা সময়তে ইলেকট্ৰিক বাহনখনৰ পৰা সূত্ৰপাত ঘটা এই জুইয়ে ক্ষীপ্ৰতাৰে আৱৰি ধৰে কাষতে থকা আন আন বাহনসমূহ আৰু অট্টালিকাটো। এই ভয়াৱহ অগ্নিকাণ্ডৰ ফলত অট্টালিকাটোত বহু পৰিয়াল আৱদ্ধ হৈ পৰে। আৰক্ষীয়ে জানিব দিয়া অনুসৰি, অগ্নিকাণ্ড সংঘটিত হোৱা ঘটনাটো ফেজ-৩ আৰক্ষী থানাৰ অন্তৰ্গত। অগ্নিকাণ্ডৰ খবৰ লাভ কৰাৰ লগে লগেই আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনীৰ লগতে উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হয়। উদ্ধাৰকাৰী দলে অট্টালিকাটোত আৱদ্ধ ১০০ৰো অধিক লোকক সুৰক্ষিতভাৱে উদ্ধাৰ কৰে। বহু লোক […] - [খেলি থকা সময়তে কণমানি তিনিজনীৰ ওপৰত বাগৰিল 𝐌𝐆𝐍𝐑𝐄𝐆𝐀ৰ ফলক; দুটি শিশুৰ কৰুণ মৃত্যু](https://peoplesnortheast.com/tragic-incident-in-batadrava/): নগাঁও জিলাৰ বটদ্ৰৱাত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। অঞ্চলটোৰ ধনীয়াভেটিত 𝐌𝐆𝐍𝐑𝐄𝐆𝐀ৰ চৰকাৰী আঁচনিৰ তথ্য সম্বলিত পকী নাম-ফলক বাগৰি দুটি কণমানিয়ে কৰুণ মৃত্যুক আকোৱালি লয়। এই ঘটনাত আঘাতপ্ৰাপ্ত হোৱা আন এগৰাকী কণমানি ছাত্রীক চিকিৎসালয়ত ভর্তি কৰোৱা হৈছে। মৃত্যু হোৱা কণমানি ছাত্রী দুগৰাকীৰ নাম তহিদা খাতুন(৯) আৰু ৰিমা খাতুন (৯) বুলি জানিব পৰা গৈছে। আনহাতে আহত ছাত্ৰীগৰাকীৰ নাম হালিমা খাতুন (৯)। জানিব পৰা মতে, কণমানি ছাত্ৰী কেইগৰাকীয়ে খেলি থকা সময়তে MGNREGAৰ ফলকখন তেওঁলোকৰ ওপৰত বাগৰি পৰে। ধনীয়াভেটি পঞ্চায়তৰ চৌৰাপাৰাত সংঘটিত হৈছে এই হৃদয়বিদাৰক ঘটনাটো। এই কৰুণ ঘটনাৰ পিছতেই পঞ্চায়তৰ জনপ্ৰতিনিধিৰ বিৰুদ্ধে উত্থাপিত হৈছে গুৰুতৰ অভিযোগ। নিম্নমানৰ সামগ্ৰীৰে 𝐌𝐆𝐍𝐑𝐄𝐆𝐀 ৰ ফলক নিৰ্মাণ কৰাৰ বাবেই […] - [সৰ্বোচ্চ ন্যায়ালয়ত অভব্য আচৰণ কৰা দুজন আইনৰ ছাত্ৰক গ্ৰেপ্তাৰ](https://peoplesnortheast.com/delhi-police-arrest-two-law-students/): উচ্চতম ন্যায়ালয়ৰ শুনানিৰ সময়ত আদালতৰ কাম-কাজ ব্যাহত কৰাৰ অপৰাধত দুগৰাকী আইনৰ ছাত্ৰক গ্ৰেপ্তাৰ কৰিছে দিল্লী আৰক্ষীয়ে। ছাত্ৰ দুজনৰ বিৰুদ্ধে আদালতৰ কাম-কাজত ব্যাঘাত জন্মোৱা, অশ্লীল আচৰণ কৰা আৰু নিৰাপত্তাৰক্ষীৰ সৈতে কাজিয়াত লিপ্ত হোৱাৰ অভিযোগ। বৰ্তমান দুয়োজন অভিযুক্ত আৰক্ষীৰ জিম্মাত আছে, আৰু তদন্ত অব্যাহত আছে। দুয়োজন অভিযুক্ত উত্তৰ প্ৰদেশৰ বাসিন্দা আৰক্ষীৰ তথ্য অনুসৰি ধৃত অভিযুক্ত দুজনৰ নাম প্ৰবাল প্ৰতাপ সিং আৰু চন্দৰ ভান। দুয়োজনেই উত্তৰ প্ৰদেশৰ বাসিন্দা আৰু আইনৰ ছাত্ৰ। দিল্লী আৰক্ষীৰ মতে, ১০ জুলাইত উচ্চতম ন্যায়ালয়ৰ ১৩ নং আদালতত এটা গোচৰৰ শুনানিৰ সময়ত প্ৰবাল প্ৰতাপ সিঙে নিজকে আবেদনকাৰী বুলি কৈছিল। সেই সময়ত তেওঁ আদালতত গালি-গালাজ, কাগজ-পত্ৰ নিক্ষেপ কৰাৰ লগতে ন্যায়িক কাৰ্য্যবিধি ব্যাহত […] - [হাজাৰ-হাজাৰ গুণমুগ্ধক শোকসাগৰত পেলাই অজান দেশলৈ অভিনেত্ৰী পূৰৱী শৰ্মা](https://peoplesnortheast.com/assamese-actress-purabi-sarma-passes-away-in-guwahati/): অসমৰ চলচ্চিত্ৰ জগতৰ বাবে দুঃখবৰ। হাজাৰ-হাজাৰ গুণমুগ্ধক শোকসাগৰত পেলাই অজান দেশলৈ গ’ল জনপ্ৰিয় অভিনেত্ৰী পূৰৱী শৰ্মা। মঙলবাৰে সন্ধিয়া প্ৰায় ৭.৩০ মান বজাত হঠাত অসুস্থ হৈ পৰাৰ পিছতেই মৃত্যুক আকোৱালি লয় অভিনেত্ৰীগৰাকীয়ে। হৃদৰোগত আক্ৰান্ত হৈ অভিনেত্ৰীগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰা বুলি জানিব পৰা গৈছে। নিজ ঘৰতেই অসুস্থ হৈ পৰাৰ পিছত গুৱাহাটীৰ মাৰোৱাৰী মেটাৰনিটি হাস্পতালত তেওঁক ভৰ্তি কৰোৱা হৈছিল যদিও অভিনেত্ৰীগৰাকীক মৃত ঘোষণা কৰে। সম্প্ৰতি গুৱাহাটীৰ শান্তিপুৰস্থিত নিজা বাসগৃহলৈ অনা হৈছে অভিনেত্ৰী শৰ্মাৰ মৃতদেহ। জনপ্ৰিয় অভিনেতা তপন দাসৰ পত্নী পূৰৱী শৰ্মাই বহুকেইখন জনপ্ৰিয় ছবিত অভিনয় কৰিছিল। ৮০-৯০ দশকৰ এগৰাকী সফল অভিনেত্ৰী পূৰৱী শৰ্মাই ‘আজলী নবৌ’ ছবিখনত প্ৰথমবাৰ অভিনয় কৰিছিল। কন্যাদান, পিতা-পুত্ৰ, সোণমইনা, বিধাতা […] - [দুুই দশকৰ পিছত কলকাতালৈ উভতিব চৰ্চিত লেখিকা তছলিমা নাছৰিন](https://peoplesnortheast.com/taslima-nasrin-return-to-kolkata-after-two-decades/): ভাৰতত নিৰ্বাসিত জীৱন অতিবাহিত কৰি অহা বাংলাদেশৰ চৰ্চিত লেখিকা তছলিমা নাছৰিনে প্ৰায় দুটা দশকৰ মূৰত কলকাতালৈ উভতি আহিব। বাওঁপন্থী চৰকাৰৰ কাৰ্যকাল অৰ্থাত ২০০৭ চনত তছলিমা নাছৰিনে কলকাতা এৰিছিল। তেওঁ লিখা লিখনিৰ বাবে কলকাতাত হোৱা হিংসাত্মক পৰিস্থিতিৰ বাবে তেওঁক জগৰীয়া কৰাত কলকাতা এৰি গৈছিল লেখিকা নাছৰিন। জানিব পৰা অনুসৰি ১ আগষ্টত কলকাতাৰ ৰবীন্দ্ৰ সদনত অনুষ্ঠিত হ’বলগীয়া এক অনুষ্ঠানত উপস্থিত থাকিব তছলিমা নাছৰিন। এই অনুষ্ঠানত উপস্থিত থাকিব বুলি তেওঁ নিজেই ছ’চিয়েল মিডিয়াযোগে ঘোষণা কৰিছে। উল্লেখ্য যে কলকাতাৰ সৈতে তেওঁৰ সম্পৰ্ক দীৰ্ঘদিনীয়া। তেওঁৰ প্ৰস্তাৱিত ভ্ৰমণে সাহিত্য আৰু সাংস্কৃতিক মহলত নতুন বিতৰ্কৰ সূচনা কৰিছে। এইবাৰ চেকুলাৰ মিছন আৰু হিউমেন ৰাইটছ এণ্ড বাংলাদেশ ফ্ৰিডম ফাইটাৰছ ফাউণ্ডেশ্যনে […] - [প্ৰাথমিক বিদ্যালয়ৰ পৰা আৰম্ভ হ'ব যৌন শিক্ষা, সপ্তাহত দুবাৰকৈ ২০ মিনিটৰ বিশেষ ক্লাছ](https://peoplesnortheast.com/central-govt-proposes-sex-education-in-schools/): দেশৰ বিদ্যালয়সমূহত যৌন শিক্ষা আৰম্ভ কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰ চৰকাৰে। কেন্দ্ৰীয় চৰকাৰে সৰ্বোচ্চ ন্যায়ালত দাখিল কৰা শপতনামাত এই তথ্য পোহৰলৈ আহিছে। সৰ্বোচ্চ ন্যায়ালয়ৰ সেউজ সংকেত লাভ কৰাৰ পিছতেই দেশজুৰি বিদ্যালয়সমূহত প্ৰযোজ্য হ’ব যৌন শিক্ষা। সোমবাৰে শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে কিশোৰ-কিশোৰী (১৬ৰ পৰা ১৮ বছৰ বয়সৰ) মাজত সন্মতিসূচক প্ৰেমৰ সম্পৰ্ক আৰু POCSO আইনৰ অপব্যৱহাৰক লৈ উদ্বেগ প্ৰকাশ কৰে। প্ৰায়ে দেখা যায় যে কিশোৰ-কিশোৰীসকলে অজ্ঞানতাৰ বাবে ঘৰৰ পৰা ওলাই যায় আৰু পিছত পিতৃ-মাতৃয়ে অপৰাধমূলক অভিযোগ উত্থাপন কৰে। এই সমস্যাৰ সমাধান আৰু শিশুসকলৰ মাজত সজাগতা বৃদ্ধিৰ বাবে এই গুৰুত্বপূৰ্ণ বিষয়টো বিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তুতি চলি আছে। কেন্দ্ৰীয় চৰকাৰৰ হৈ অতিৰিক্ত ছলিচিটৰ জেনেৰেল ঐশ্বৰ্য […] - [আছাম ৰাইফলছক লক্ষ্য কৰি সন্ত্ৰাসবাদীৰ ভয়ংকৰ IED বিস্ফোৰণ, এজন জোৱানৰ মৃত্যু](https://peoplesnortheast.com/assam-rifles-jawan-killed-4-injured-in-suspected-ied-blast-in-nagaland/): নাগালেণ্ডত সংঘটিত হৈছে ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ। ৰাজ্যখনৰ চুমওকেডিমা জিলাৰ চুখোভি অঞ্চলত সংঘটিত এক আইইডি বিস্ফোৰণত আছাম ৰাইফলছৰ এগৰাকী জোৱান শ্বহীদ হোৱাৰ লগতে আন চাৰিজন জোৱান গুৰুতৰভাৱে আহত হয়। জানিব পৰা অনুসৰি, আছাম ৰাইফলছৰ জোৱানৰ এখন বাহনত কোনো সংগঠনে এই আক্ৰমণ সংঘটিত কৰিছে। আক্ৰমণৰ বলি হোৱা জোৱান কেইজন আছাম ৰাইফলছৰ ট্ৰেইনিং চেণ্টাৰৰ। ডিফেন্স পি আৰ অ’ই জনোৱা মতে, এই ঘটনাত এজন নিৰাপত্তাৰক্ষীৰ মৃত্যু হোৱাৰ বিপৰীতে আন চাৰিজন আহত হয়। লগে লগে আহতসকলক চিকিৎসাৰ বাবে সমীপৰ চিকিৎসালয়লৈ লৈ যোৱা হয়। এই পৰ্যন্ত আহতসকলৰ স্বাস্থ্যৰ অৱস্থা জানিব পৰা হোৱা নাই। বিস্ফোৰণৰ পিছতে নিৰাপত্তা বাহিনীয়ে চুখোভি আৰু ইয়াৰ আশে-পাশে বৃহৎ অনুসন্ধান অভিযান আৰম্ভ কৰিছে। বিষয়াসকলে […] - [ক্ৰিকেটৰ 'মক্কা' লৰ্ডছত ভাৰতীয় মহিলা দলৰ ঐতিহাসিক বিজয়; ২৭০ ৰানত পৰাস্ত ইংলেণ্ড](https://peoplesnortheast.com/india-women-historic-win-by-270-runs-against-england-women/): ইতিহাসৰ পাতত খোদিত হ’ল ভাৰতীয় মহিলা ক্ৰিকেট দলৰ নাম। ৪০ বছৰ পূৰ্বে ভাৰতীয় মহিলা ক্ৰিকেট দলৰ তেতিয়াৰ অধিনায়ক ডায়েনা এদুলজীক ঐতিহাসিক লৰ্ডছ খেলপথাৰৰ পেভেলিয়নত প্ৰৱেশত বাধা দিয়া সেই খেলপথাৰতে হৰমনপ্ৰীত নেতৃত্বাধীন ভাৰতীয় মহিলা দলে ইংলেণ্ডক টেষ্ট মেচত পৰাস্ত কৰি ৰচিলে ইতিহাস। ক্ৰিকেটৰ ১৪২ বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে লৰ্ডছত অনুষ্ঠিত প্ৰথমখন মহিলা টেষ্টত হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে ইংলেণ্ডক পৰাস্ত কৰি ২৭০ ৰানত পৰাস্ত কৰে। ১৯৮৬ চনত মেৰিলেব’ন ক্ৰিকেট ক্লাবে লিংগভিত্তিক নিয়মৰ উদ্ধৃতি দি ডায়েনা এদুলজী আৰু ভাৰতীয় দলটোক পেভিলিয়নত প্ৰৱেশৰ পৰা বঞ্চিত কৰিছিল। এদুলজীয়ে ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰিছিল। কিন্তু সেই ঐতিহাসিক খেলপথাৰতে ভাৰতৰ বিৰুদ্ধে ধৰাশায়ী হয় ঘৰুৱা দল ইংলেণ্ড। ১৪২ বছৰীয়া […] - [কোনে দাঙিব বিশ্বকাপৰ সোণালী ট্ৰফী? ছেমি ফাইনেলৰ পূৰ্বে আহি গ'ল ডাঙৰ ভৱিষ্যদ্বাণী](https://peoplesnortheast.com/who-won-fifa-world-cup-2026/): আমেৰিকাসহ তিনিখন দেশত আয়োজিত ফিফা বিশ্বকাপ ২০২৬ৰ খিতাপ কোনে দখল কৰিব তাক লৈ আহিছে ডাঙৰ ভৱিষ্যদ্বাণী। ফুটবল বিশ্বকাপৰ খিতাপ দখল কৰাটো কোনো সাধাৰণ কথা নহয়। দুৰ্দান্ত প্ৰদৰ্শনেৰে টুৰ্ণামেণ্টত শেষ হাঁহি মাৰিবগীয়া বিশ্বকাপ জয়ী দলটোৱে লাভ কৰিব প্ৰায় ৪৭৭ কোটি টকা (৫০ মিলিয়ন ডলাৰ)। ইয়াৰ উপৰি বিশ্বকাপ জয়ী দলটোৱে লাভ কৰিব ১৮ কেৰেট সোণৰ ট্ৰফী। ৬ কিলোগ্ৰাম ওজনৰ এই ট্ৰফীটোৰ মূল্য ২০ মিলিয়ন ইউ এছ ডলাৰ অৰ্থাত ১৯০ কোটি টকা। বিশ্বকাপ জয়ী দলটোৱে লাভ কৰিব এই চকমকীয়া ট্ৰফীটো। চলিত বিশ্বকাপৰ ছেমি ফাইনেলৰ পূৰ্বে জাৰ্মানীৰ মহান গ’লকীপাৰ অলিভাৰ কানে ফ্ৰান্সক বিশ্বকাপ জয়ৰ প্ৰৱল দাবীদাৰ আখ্যা দিছে। কানৰ মতে ফ্ৰান্সৰ দলটোৰ ভাৰসাম্য, খেলুৱৈৰ গভীৰতা […] - [অসমত 'বিদেশী' ঘোষণা কৰা ২৭ গৰাকী লোকলৈ সকাহ; গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ বাতিল সৰ্বোচ্চ ন্যায়ালয়ৰ](https://peoplesnortheast.com/citizenship-process-must-be-fair-says-supreme-court/): গুৱাহাটী উচ্চ ন্যায়ালয়ে ২৭ গৰাকী নাগৰিকক বিদেশী বুলি ঘোষণা কৰা নিৰ্দেশ বাতিল কৰিছে উচ্চতম ন্যায়ালয়ে। সোমবাৰে উচ্চতম ন্যায়ালয়ে ২৭ গৰাকী আবেদনকাৰীৰ আবেদনক অনুমতি প্ৰদান কৰি গোচৰসমূহ পুনৰ শুনানিৰ বাবে সংশ্লিষ্ট বিদেশী ন্যায়াধিকৰণলৈ প্ৰেৰণ কৰিছে। উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে স্পষ্ট কৰি দিয়ে যে ভাৰতীয় নাগৰিকত্বৰ ওপৰত আবেদনকাৰীৰ দাবীৰ গুণগত মান বা সত্যতা পৰীক্ষা কৰা হোৱা নাই। সৰ্বোচ্চ ন্যায়ালয়ে লগতে কয় যে নাগৰিকত্ব আৰু বিদেশী বুলি ঘোষণা কৰা সিদ্ধান্ত কেৱল নিৰপেক্ষ, আইনী আৰু সঠিক প্ৰক্ৰিয়াৰ মাজেৰেহ হ’ব লাগে। নাগৰিকত্ব সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত ল’ব ন্যায়াধিকৰণে আবেদনকাৰীসকল ভাৰতীয় নাগৰিক হয় নে নহয় সেয়া আদালতে নিৰ্ণয় কৰা নাই। তেওঁলোকৰ দাবী, নথি-পত্ৰ আৰু প্ৰমাণৰ সত্যতা বা পৰ্যাপ্ততাৰ বিষয়েও […] - [গাৰ নোম শিয়ৰি উঠা ঘটনা; একে নিশাই ৰাজকুমাৰে শেষ কৰিলে ৬ জন লোকৰ জীৱন](https://peoplesnortheast.com/terrible-murder-case-in-telangana/): তেলেংগানাৰ ৰংগা ৰেড্ডী জিলাৰ পৰা আহিছে এক শিহৰণকাৰী খবৰ। জিলাখনৰ শ্বহাবদ থানাৰ অন্তৰ্গত এক অঞ্চলত ৰাজকুমাৰ নামৰ এগৰাকী POCSO আইনৰ অপৰাধীয়ে জামিন লাভৰ পিছতেই এগৰাকী ধৰ্ষিতা কিশোৰী, তেওঁৰ মাতৃ আৰু আইতাক নৃশংসভাৱে হত্যা কৰিছে। কেৱল এয়াই নহয় অভিযুক্ত লোকজনে নিজৰ পত্নী আৰু দুই সন্তানকো হত্যা কৰে। ৬ গৰাকীকৈ লোকক হত্যা কৰাৰ পাছত অপৰাধীজনে আত্মীয়ক ফোন কৰি কয় যে মই দুয়োটা পৰিয়ালক শেষ কৰি দিলো আৰু মই এতিয়া আত্মহত্যা কৰিম। আত্মহত্যা কৰাৰ কথা উল্লেখ কৰাৰ পিছৰে পৰা নিৰুদ্দেশ হৈ আছে হত্যাকাৰী ৰাজকুমাৰ। ইফালে আৰক্ষীয়ে আটাইকেইগৰাকী লোকৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চৰকাৰী হাস্পতাললৈ প্ৰেৰণ কৰে আৰু ঘটনাটো গুৰুত্ব সহকাৰে গ্ৰহণ কৰি […] - [ডিচেম্বৰত বাংলদেশলৈ উভতিব প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা](https://peoplesnortheast.com/sheikh-hasina-plans-to-return-in-december/): ভাৰতত আশ্ৰয় লৈ থকা বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই চলিত বৰ্ষৰ ডিচেম্বৰ মাহৰ আশে পাশে নিজ দেশলৈ উভতি গৈ আত্মসমৰ্পণ কৰাৰ পৰিকল্পনা কৰিছে। নিউজ এজেন্সি ৰয়টাৰ্ছৰ প্ৰতিবেদন অনুসৰি শ্বেখ হাছিনাৰ সৈতে তেওঁৰ দলৰ কেইবাগৰাকীও শীৰ্ষ পৰ্যায়ৰ নেতাই বাংলাদেশলৈ উভতি গৈ আত্মসমৰ্পণ কৰিব। ইয়াৰ পূৰ্বেও শ্বেখ হাছিনাই এটা ব্যক্তিগত টেলিভিছন চেনেলক দিয়া সাক্ষাতকাৰত ডিচেম্বৰ মাহত নিজ দেশলৈ উভতি যাব বুলি মন্তব্য কৰিছিল। উল্লেখ্য যে, ডেৰ বছৰ পূৰ্বে বাংলাদেশত হোৱা ছাত্ৰ বিক্ষোভৰ পিছতে হাছিনা চৰকাৰৰ পতন হোৱাত প্ৰাণৰ মমতাত তেওঁ ভাৰতলৈ পলায়ন কৰিছিল। দেশ এৰি পলায়ন কৰাৰ পিছতেই হাছিনাক মৃত্যুদণ্ডৰ শাস্তি ঘোষণা কৰি তেওঁৰ দলটো নিষিদ্ধ কৰা হৈছিল। ৰয়টাৰৰ এক প্ৰতিবেদন অনুসৰি বাংলাদেশৰ […] - [পুনৰ জেইললৈ যাব অভিনেতা ৰাজপাল যাদৱ, উচ্চ ন্যায়ালয়ে প্ৰদান কৰিলে শাস্তি](https://peoplesnortheast.com/actor-rajpal-yadav-gets-3-months-jail/): চেক বাউন্স ঘটনাৰ সৈতে জড়িত গোচৰত পুনৰ কাৰাগাৰালৈ যাব বলীউড অভিনেতা ৰাজপাল যাদৱ। অভিনেতাজনক দিল্লী উচ্চ ন্যায়ালয়ে তিনি মাহৰ শাস্তি প্ৰদান কৰিছে। তদুপৰি অভিনেতা ৰাজপাল যাদৱক জৰিমনাও বিহে আদালতে। আজি অৰ্থাত শুকুৰবাৰে দিল্লী উচ্চ ন্যায়ালয়ে এই ঘটনাৰ শুনানি গ্ৰহণ কৰি তেওঁক তিনি মাহৰ শাস্তি প্ৰদানৰ কথা ঘোষণা কৰে। উচ্চ ন্যায়ালয়ে চেক বাউন্সৰ ৭টা গোচৰৰ প্ৰতিটোতে ৩-৩ মাহৰ সাধাৰণ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। আদালতে লগতে নিৰ্দেশ দিযে যে প্ৰতিটো শাস্তি একেলগে চলিব, সেয়ে তেওঁ মাত্ৰ তিনিমাহৰ বাবেহে কাৰাবাস খাটিব লাগিব। নিম্ন আদালতৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই অভিনেতা ৰাজপাল যাদৱে দাখিল কৰা আবেদন খাৰিজ কৰি ন্যায়াধীশ স্বৰ্ণ কান্ত শৰ্মাৰ নেতৃত্বাধীন বিচাৰপীঠে তেওঁক দোষী সাব্যস্ত […] - [তৃণমূলৰ তিনিগৰাকী প্ৰাক্তন সাংসদৰ বিজেপিত যোগদান](https://peoplesnortheast.com/rajya-sabha-ex-tmc-leaders-sushmita-dev-sukhendu-sekhar-prakash-baraik-join-bjp/): তৃণমূল কংগ্ৰেছ ত্যাগ কৰা ৰাজ্যসভাৰ তিনিগৰাকী প্ৰাক্তন সাংসদে যোগদান কৰিলে ভাৰতীয় জনতা পাৰ্টীত। পশ্চিম বংগৰ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতেই মমতা বেনাৰ্জীৰ পৰা আঁতৰি আহি ৰাজ্য়সভাৰ সাংসদ পদ ত্যাগ কৰিছিল সুস্মিতা দেব, শুখেন্দু শেখৰ ৰায় আৰু প্ৰকাশ চিক বাৰাইকে। এই তিনিওগৰাকী প্ৰাক্তন সাংসদে আজি কলকাতাস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত আনুষ্ঠানিকভাৱে দলটোত যোগদান কৰে। পশ্চিম বংগৰ ৰাজ্যিক বিজেপি সভাপতি সমিক ভট্টাচাৰ্যৰ উপস্থিতিত বিজেপি দলত যোগদান কৰে। যোগদান কাৰ্যসূচীৰ পিছতে সংবাদ মাধ্যমক সম্বোধন কৰি ৰাজ্যিক সভাপতি ভট্টাচাৰ্যই কয় যে ৰাজ্য়সভাৰ তিনিগৰাকী প্ৰাক্তন সাংসদে বিজেপিত যোগদান কৰাত দলটো আৰু অধিক শক্তিশালী হ’ব। মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ লগতে পশ্চিম বংগৰ সকলো বিজেপি নেতা-কৰ্মী এই যোগদানক লৈ […] - [ৰোহিংগিয়া শিৱিৰত কান্দোনৰ ৰোল, পাঠদানৰ সময়তে পাঁচ শিশুৰ সৈতে ঘটিল শোকাৱহ ঘটনা](https://peoplesnortheast.com/coxs-bazar-landslide/): বাংলাদেশৰ দক্ষিণ-পূবৰ কক্স বাজাৰ জিলাস্থিত ৰোহিংগিয়া শৰণাৰ্থী শিৱিৰত থকা এখন ইছলামিক বিদ্যালয়ত সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। এই ভূমিস্খলনৰ ঘটনাত অতি কমেও পাঁচটি শিশুৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। স্মৰ্তব্য যে বিগত কিছুদিনৰ পৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত জিলাখনৰ বিভিন্ন পাহাৰীয়া স্থানত সংঘটিত হৈছে কেইবাটাও ভূমিস্খলনৰ ঘটনা। এই ঘটনাৰ পিছতে প্ৰশাসনে চলোৱা উদ্ধাৰ অভিযানত উদ্ধাৰ হৈছে ৭টাকৈ মৃতদেহ। ৰোহিংগিয়া শৰণাৰ্থী শিৱিৰস্থিত ইছলামিক স্কুলখনত সংঘটিত হোৱা ভূমিস্খলনৰ তথ্য প্ৰদান কৰে উদ্ধাৰকাৰী দলৰ এগৰাকী শীৰ্ষ বিষয়াই। এই শিৱিৰটোত ১০ লাখৰো অধিক শৰণাৰ্থীয়ে বসবাস কৰে। ছাত্ৰ-ছাত্ৰীসকলে পাঠদান কৰি থকা সময়তে এই ভূমিস্খলনৰ ঘটনাটো সংঘটিত হয়। পাহাৰৰ পৰা খহি অহা মাটিৰ তলত আৰু […] - [হৰমুজত পুনৰ উত্তজেনা... ভাৰত অভিমুখী জাহাজত ড্ৰোন আক্ৰমণ](https://peoplesnortheast.com/drone-attack-on-lng-carrier-near-strait-of-hormuz/): আমেৰিকা আৰু ইৰাণৰ মাজত পুনৰ আৰম্ভ হৈছে যুদ্ধ। ইয়াৰ বাবে হৰমুজ প্ৰণালীতো বাঢ়িছে উত্তেজনা। হৰমুজ প্ৰণালীৰ সমীপৰ কাটাৰত ভাৰত অভিমুখী এখন LNG ভৰ্তি জাহাজত সংঘটিত হৈছে ড্ৰোন আক্ৰমণ। এই জাহাজখন কাটাৰৰ ৰাছ লফ্ফানৰ পৰা গুজৰাটৰ দাহেজ বন্দৰলৈ আহি আছিল। জানিব পৰা অনুসৰি জাহাজখনত থকা চাৰিগৰাকী ভাৰতীয় নাগৰিক সম্পূৰ্ণৰূপে সুৰক্ষিত। RPSLৰ তৰফৰ পৰা এই সমগ্ৰ ঘটনা অৱগত কৰা হৈছে DGCOMMক। আক্ৰমণ সংঘটিত হোৱাৰ সময়ত জাহাজখনত ২৯ গৰাকী ক্ৰু মেম্বাৰ আছিল। খবৰ অনুসৰি গোটেই কেইগৰাকী ক্ৰু মেম্বাৰ সুৰক্ষিত হৈ আছে। অৱশ্যে জাহাজখনৰ কিছু ক্ষয়-ক্ষতি হোৱাৰ তথ্য প্ৰকাশ পাইছে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত। হৰমুজ জলদ্বীপৰ সমীপৰ ওমান উপসাগৰত সংঘটিত হৈছে এক আক্ৰমণ। জানিব পৰা অনুসৰি […] - [মহিলা চিকিৎসকক মাৰপিট কৰাৰ অভিযোগত গ্ৰেপ্তাৰ শিৱসেনাৰ কাউন্সিলাৰ](https://peoplesnortheast.com/shiv-sena-shinde-faction-corporator-ramesh-mhatre-arrested/): মুম্বাইৰ কল্যাণ-দোম্বিভিলি নগৰ নিগমৰ হাস্পতালৰ মহিলা চিকিৎসক আৰু নাৰ্ছৰ সৈতে মাৰপিট কৰাৰ অভিযোগত শিৱসেনাৰ পাৰিষদ ৰমেশ মাত্ৰেক গ্ৰেপ্তাৰ কৰিছে মুম্বাই আৰক্ষীয়ে। পাৰিষদগৰাকীক তেওঁৰ বাসগৃহৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। মহিলা চিকিৎসকক প্ৰহাৰ কৰাৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে আৰক্ষীয়ে নেতাগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে। অৱশ্যে এই গুৰুতৰ অভিযোগ পোনচাটেই খণ্ডন কৰে ৰমেশ মাত্ৰেই। পাৰিষদ মাত্ৰেই অভিযোগ উত্থাপন কৰি কৈছিল যে চিকিৎসকে ফোনত ব্যস্ত আছিল আৰু ৰোগীৰ কথা গুৰুত্ব দিয়া নাছিল। কিন্তু চিকিৎসকক আক্ৰমণ কৰা অভিযোগ নস্যাত কৰে। এটা ব্যক্তিগত সংবাদ মাধ্যমত দিয়া মন্তব্যত তেওঁ কৈছিল মই কোনো ভুল কৰা নাই। তেওঁ কয়, ‘হাস্পতালত মই মহিলা চিকিৎসকৰ ওপৰত হাত উঠোৱা নাছিলো।’ মাত্ৰেই […] - [ধৰ্মান্তৰিত মুছলমানৰ সংৰক্ষণক লৈ সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ তামিলনাডু চৰকাৰ](https://peoplesnortheast.com/tamil-nadu-government-challenges-madras-hc-reservation-decision/): ইছলাম ধৰ্ম গ্ৰহণ কৰা লোকসকলক পিছপৰা শ্ৰেণীৰ মুছলমান (BCM) বুলি গণ্য কৰা নহ’ব বুলি মাদ্ৰাছ উচ্চ ন্যায়ালয়ে দিয়া সিদ্ধান্তৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছে তামিলনাডু চৰকাৰে। উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰৰ ২০২৪ বৰ্ষৰ সেই নীতিগত সিদ্ধান্তক অসাংবিধানিক আখ্যা দিছিল, য’ত অনুসূচিত জাতি (SC) বা অন্যান্য পিছপৰা শ্ৰেণী (OBC)ৰ পৰা ইছলাম ধৰ্ম গ্ৰহণ কৰা লোকসকলক পিছপৰা শ্ৰেণীৰ মুছলমান (BCM) বুলি গণ্য কৰা হয়। মাদ্ৰাছ উচ্চ ন্যায়ালয়ৰ এই সিদ্ধান্তৰ পিছতে তামিলনাডু চৰকাৰে কাষ চাপিছে সৰ্বোচ্চ ন্যায়ালয়ৰ। ধৰ্ম পৰিৱৰ্তনৰ পিছতো লোকসকলে যাতে তেওঁলোকৰ পূৰ্বৰ অধিকাৰ লাভ কৰি থাকিব পাৰে তাৰ বাবে এই সিদ্ধান্ত লৈছে বিজয় থালাপতি চৰকাৰে। মাদ্ৰাছ উচ্চ ন্যায়ালয়ে স্পষ্টভাৱে কৈছিল যে কেৱল ধৰ্ম […] - [অন্ত পৰিল যুদ্ধবিৰতিৰ... পুনৰ হ'ব আমেৰিকা-ইৰাণৰ মাজত ভয়ংকৰ যুদ্ধ!](https://peoplesnortheast.com/us-president-donald-trump-says-ceasefire-deal-with-iran-over/): তুৰ্কীৰ ৰাজধানী আংকাৰাত অনুষ্ঠিত হোৱা NATO শিখৰ সন্মিলনৰ পৰা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণ সন্দৰ্ভত ডাঙৰ মন্তব্য প্ৰদান কৰিছে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত ড’নাল্ড ট্ৰাম্পে কয় যে ইৰাণৰ সৈতে হোৱা বুজাবুজি চুক্তি স্বাক্ষৰৰ অন্ত পৰিছে। তেওঁ দাবী কৰে যে শেহতীয়া পৰিস্থিতিৰ পিছত দুয়োখন দেশৰ মাজত হোৱা এই চুক্তিৰ কোনো গুৰুত্ব নাই। ট্ৰাম্পে স্পষ্টভাৱে উল্লেখ কৰিছে যে ইৰাণৰ সৈতে যুদ্ধবিৰতি অন্ত পৰিছে। তেওঁ লগতে তেহৰাণৰ ইছলামিক চৰকাৰক অসুস্থ বুলি অভিহিত কৰে। উল্লেখ্য যে, হৰমুজত বাণিজ্যিক জাহাজত হোৱা আক্ৰমণত ক্ষুব্ধ হৈ আমেৰিকাৰ সেনাই ইৰাণৰ ওপৰত চলোৱা আক্ৰমণৰ পিছতে ড’নাল্ড ট্ৰাম্পে এই মন্তব্য কৰে। ইফালে ইৰাণেও কুৱেইট আৰু বাহৰেইনত থকা আমেৰিকাৰ ৮৫টা […] - [ক্ৰিষ্টিয়ানো ৰোনাল্ডোক লৈ আবেগ-বিহ্বল প'ষ্ট ক্ৰিকেটাৰ মহম্মদ ছিৰাজৰ](https://peoplesnortheast.com/mohammed-siraj-emotional-post-for-cristiano-ronaldo/): চলিত ফুটবল বিশ্বকাপৰ পৰা অপ্ৰত্যাশিতভাৱে পৰ্তুগাল বাহিৰ হোৱাৰ পিছতে ফুটবলৰ মহানায়ক ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ বাবে সামাজিক মাধ্যমত আবেগিক প’ষ্ট কৰিছে ভাৰতীয় ক্ৰিকেট দলৰ বেগী বলাৰ মহম্মদ ছিৰাজে। মঙলবাৰে আমেৰিকাৰ ডালাছ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ৰাউণ্ড অফ ছিক্সটিনৰ এখন ৰোমান্সকৰ মেচত স্পেইনৰ বিৰুদ্ধে ১-০ গলৰ ব্যৱধানত পৰাস্ত হৈ চলিত বিশ্বকাপৰ পৰা বিদায় লয় পৰ্তুগালে। পৰ্তুগালৰ অপ্ৰত্যাশিত বিদায়ৰ লগে লগে বিশ্বকাপৰ ট্ৰফী জিনাৰ সপোন ভংগ হয় দুভৰিৰ যাদুকৰ ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ। ৰোনাল্ডোৰ সপোনে পূৰ্ণতা নোপোৱাত বিশ্বৰ কোটি-কোটি অনুৰাগী হৈ পৰিছে আবেগিক। ইয়াৰ ব্যতিক্ৰম নহয় ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা বেগী বলাৰ মহম্মদ ছিৰাজ। ৰোনাল্ডোৰ অন্যতম ডাঙৰ অনুৰাগী হিচাপে পৰিচিত ছিৰাজে ছ’চিয়েল মিডিয়াত লিখিছে, ‘এখন মেচে কেতিয়াও কোনো […] - [পি জি আৰ-ভি জি আৰ ভূমিত উচ্ছেদ চলোৱাৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ](https://peoplesnortheast.com/protest-at-diphu/): ৰাজ্যত তৃতীয়বাৰৰ বাবে বিজেপিয়ে চৰকাৰ গঠনৰ পিছতেই উচ্ছেদৰ দাবী তীব্ৰতৰ হৈ উঠিছে পাৰ্ব্যত্য অঞ্চলত। অবৈধভাৱে দখল কৰি থকা পিজিআৰ-ভিজিআৰৰ পৰা উচ্ছেদ চলোৱাৰ দাবীত ডিফুৰ উৰণ সেতুৰ তলত কাৰ্বি আংলঙৰ বিভিন্ন দল সংগঠন একত্ৰিত হৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। উল্লেখ্য যে, নিৰ্বাচনৰ পূৰ্বে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ নাটনিৰ অভাৱ দেখুৱাই পশ্চিম কাৰ্বি আংলং আৰু কাৰ্বি আংলঙত পিজিআৰ আৰু ভিজিআৰ ভূমিত উচ্ছেদ বন্ধ কৰি ৰাখিছিল অসম চৰকাৰ আৰু স্বায়ত্ত্ব পৰিষদে। কিন্তু এতিয়া নিৰ্বাচন শেষ হোৱাৰ পাছত পুনৰ সেই অঞ্চলত উচ্ছেদ চলোৱাৰ দাবীৰে পুনৰ সৰৱ হৈ পৰিছে দল-সংগঠন সমূহ। উল্লেখযোগ্য যে এই দাবীৰে যোৱা বৰ্ষত হোৱা আন্দোলনে হিংসাত্মক ৰূপ লোৱাৰ পাছত অসম চৰকাৰে পিজিআৰ-ভিজিআৰ […] - [আৰক্ষী চকীত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ; ৯ গৰাকী আৰক্ষী কৰ্মীৰ মৃত্যু, ৫ গৰাকী সন্ধানহীন](https://peoplesnortheast.com/pakistan-balochistan-terrorist-attack/): পাকিস্তানৰ অশান্ত জৰ্জৰ অঞ্চল বেলুচিস্তানৰ এটা আৰক্ষী চকীত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ৯ গৰাকী আৰক্ষীৰ মৃত্যু হয়। এই আক্ৰমণৰ পিছতে ৫ গৰাকী আৰক্ষী নিখোজ হোৱাৰো তথ্য প্ৰকাশ পাইছে। মঙলবাৰে প্ৰশাসনৰ তৰফৰ পৰা এই কথা ৰাজহুৱা কৰা হৈছে। পাকিস্তানৰ আগশাৰীৰ বাতৰি কাকতত প্ৰকাশিত বাতৰি অনুসৰি, সোমবাৰে নিশা বেলুচিস্তানৰ জিয়াৰত জিলাৰ মাংগী ডেম অঞ্চলস্থিত এখন আৰক্ষী চকীত এই আক্ৰমণ সংঘটিত হৈছিল। আক্ৰমণকাৰীক প্ৰতিৰোধ কৰিবলৈ আৰক্ষীয়ে গুলীচালনা কৰিছিল যদিও সন্ত্ৰাসবাদীৰ দলটোৱে ভিতৰত প্ৰৱেশ কৰিবলৈ সক্ষম হয়। জিয়াৰতৰ উপ আয়ুক্ত আব্দুল কুদুছ আচাকজাইয়ে ঘটনা সন্দৰ্ভত জানিবলৈ দি কয় যে পাঁচগৰাকী আৰক্ষীৰ এতিয়াও কোনো সম্ভেদ পোৱা নাই, আনহাতে ৯ গৰাকী আৰক্ষী কৰ্মী নিহত হৈছে। সন্ধানহীন আৰক্ষী কৰ্মী […] - [আফগানিস্তানৰ প্ৰাক্তন তাৰকা বেগী বলাৰৰ নিধন; দীৰ্ঘধিন ধৰি ভাৰতত চলি আছিল চিকিৎসা](https://peoplesnortheast.com/shapoor-zadran-passes-away-at-38-years/): বিশ্বৰ ক্ৰিকেট অনুৰাগীৰ বাবে দুঃখবৰ। আফগানিস্তানৰ প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ শ্বাপুৰ জাদৰানৰ দেহাৱসান। দীৰ্ঘদিন ধৰি গুৰুতৰ স্বাস্থ্যজনিত সমস্যাত ভুগি থকাৰ পিছত আজি ক্ৰিকেটাৰগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে। আফগানিস্তান ক্ৰিকেট ব’ৰ্ডে মঙলবাৰে প্ৰকাশ কৰিছে এই তথ্য। আফগানিস্তানৰ ব’ৰ্ডে এটা বিবৃতিৰ জৰিয়তে কয়, ‘আফাগানিস্তানৰ প্ৰাক্তন তাৰকা বেগী বলাৰ শ্বাপুৰ জাদৰানৰ মৃত্যুত অত্যন্ত দুখী। আফগানিস্তান ক্ৰিকেটৰ অন্যতম প্ৰতিষ্ঠাপক আছিল শ্বাপুৰ। আমাৰ দেশৰ ক্ৰিকেটৰ প্ৰগতি আৰু প্ৰসাৰত তেওঁৰ অৰিহনা আছিল অনন্য।’ জাদৰান ৰোগ প্ৰতিৰোধ ক্ষমতাৰ সৈতে জড়িত ৰোগ হেমোফেগ’চাইটিক লিম্ফোহিষ্টিঅ’চাইট’ছিছ (HLH)ত আক্ৰান্ত হৈছিল। যোৱা কেইমাহমানৰ পৰা তেওঁ ভাৰতৰ এন চি আৰ অঞ্চলস্থিত এখন হাস্পতালত চিকিৎসাধীন হৈ আছিল। গ্ৰেটাৰ নয়ডাৰ এখন চিকিৎসালয়ত তেওঁ শেষ নিশ্বাস ত্যাগ কৰা […] - [ধাৰাবাহিক বিস্ফোৰণত কঁপি উঠিল ছিৰিয়া; কথমপি প্ৰাণ ৰক্ষা ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ](https://peoplesnortheast.com/serial-blast-at-syria/): এটাৰ পিছত আন এটা ধাৰাবাহিক বিস্ফোৰণত কঁপি উঠিল ছিৰিয়াৰ ৰাজধানী ডামাস্কাছ। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ ছিৰিয়া ভ্ৰমণৰ সময়তে সংঘটিত এই বিস্ফোৰণে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। মেক্ৰনে ছিৰিয়াৰ ৰাষ্ট্ৰপতি আল চৰাক সাক্ষাতৰ বাবে ৰাষ্ট্ৰপতি ভৱনত উপস্থিত হোৱাৰ লগে লগে বিস্ফোৰণত কঁপি উঠে ৰাজধানী চহৰখন। জানিব পৰা অনুসৰি, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰনে বাহৰ পাতি থকা হোটেলখনৰ বাহিৰত সংঘটিত হয় এই বিস্ফোৰণ। ছিৰিয়াৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা তথ্য অনুসৰি ডামাস্কাছ চহৰত সংঘটিত হয় এই দুয়োটা বিস্ফোৰণ। বিস্ফোৰণৰ পিছতেই ধোঁৱাৰে আৱৰি ধৰে চহৰখনৰ আকাশ। অৱশ্যে এই বিস্ফোৰণত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰন সম্পূৰ্ণৰূপে সুৰক্ষিত হৈ আছে। বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি বিস্ফোৰণত ৩ জন লোকৰ মৃত্যু […] - [উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ; আছাম ৰাইফলছৰ দুগৰাকী জোৱান শ্বহীদ](https://peoplesnortheast.com/two-assam-rifles-soldiers-killed-in-militants-attack-in-manipur/): অশান্ত জৰ্জৰ মণিপুৰত পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। এইবাৰ ৰাজ্যখনৰ উখৰুল জিলাত সন্ত্ৰাসবাদীয়ে আছাম ৰাইফলছৰ জোৱানক লক্ষ্য কৰি সংঘটিত কৰে আক্ৰমণ। এই ঘটনাত দুজন জোৱান শ্বহীদ হোৱাৰ খবৰ আহিছে। আনহাতে এই আক্ৰমণত আহত হৈছে আন কেইবাজনো জোৱান। এই ঘটনাৰ পিছতে অঞ্চলটোত বৃদ্ধি কৰা হৈছে নিৰাপত্তা। বৃহত সংখ্যক নিৰাপত্তাৰক্ষীয়ে অঞ্চলটো ঘেৰাও কৰি আক্ৰমণকাৰীক চিনাক্ত তথা কৰায়ত্ত কৰিবলৈ আৰম্ভ কৰিছে অভিযান। ইতিমধ্যে ছীল কৰি দিয়া হৈছে সমগ্ৰ অঞ্চলটো। এই নৃশংস আক্ৰমণত শ্বহীদ হোৱা জোৱান দুজনক ৱাৰেণ্ট অফিচাৰ বলৱন্ত সিং আৰু ৰাইফলমেন চিএম সিং বুলি চিনাক্ত কৰা হৈছে। নিৰাপত্তাৰক্ষীৰ শীৰ্ষ বিষয়াই জানিব দিয়া অনুসৰি, আছাম ৰাইফলছৰ কনভয়টো গৈ থকা সময়তে চাংচাকৰ সমীপৰ নুংচাং […] - [জিম্বাব'ৱেৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা; বাহিৰ হ'ল সঞ্জু ছেমছন](https://peoplesnortheast.com/team-india-squad-announce-for-t20-series-against-zimbabwe/): জিম্বাব’ৱেৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া টি-২০ শৃংখলাৰ বাবে ঘোষণা কৰিলে ভাৰতীয় দল। সকলোকে আচৰিত কৰি ভাৰতীয় দলৰ নিৰ্বাচকে দলত স্থান প্ৰদান নকৰিলে সঞ্জু ছেমছনক। তিনিখন মেচৰ এই শৃংখলাটোত অৱশ্যে দলত স্থান দিয়া হৈছে ৱাণ্ডাৰ কিডৰূপে পৰিচিত বৈভৱ সূৰ্যবংশীক। দলটোত নতুনকৈ স্থান দিয়া হৈছে আই পি এলত পঞ্জাৱ কিংছৰ হৈ চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়োৱা প্ৰভসিমৰন সিঙক। ইয়াৰ উপৰি দললৈ প্ৰত্যাৱৰ্তন ঘটিছে ৰিংকু সিঙৰ। প্ৰভসিমৰন সিঙৰ সমান্তৰালকৈ প্ৰথমবাৰৰ বাবে ভাৰতীয় দলত সুযোগ লাভ কৰিছে অশোক শৰ্মা আৰু য়শ ঠাকুৰে। এই শৃখংলাটোৰ বাবে বেগী বলাৰৰ নেতৃত্ব প্ৰিন্স যাদৱৰ হাতত প্ৰদান কৰা হৈছে। ইফালে দুবছৰৰ মূৰত ভাৰতীয় দললৈ প্ৰত্যাৱৰ্তন ঘটিছে স্পীড ষ্টাৰ হিচাপে পৰিচিত মায়ংক যাদৱৰ। টি-২০ […] - [ৰাম মন্দিৰৰ দান পাত্ৰৰ ধন চুৰি বিতৰ্ক; ট্ৰাষ্টৰ পৰা বিদায় চম্পট ৰায়ৰ](https://peoplesnortheast.com/champat-rai-removed-from-ram-mandir-trust/): উত্তৰ প্ৰদেশৰ অযোধ্যাস্থিত ৰাম মন্দিৰৰ দান পাত্ৰৰ ধন চুৰি ঘটনা সন্দৰ্ভত বিভিন্ন সমালোচনাৰ সন্মুখীন হোৱা চম্পট ৰায়ৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰা হৈছে। বিভিন্ন সূত্ৰৰ উদ্ধৃতিৰে প্ৰকাশ কৰা বাতৰি অনুসৰি, শ্ৰীৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰৰ ট্ৰাষ্টৰ সদস্য আৰু মহাসচিব চম্পট ৰায়ক ট্ৰাষ্টৰ পৰা আনুষ্ঠানিকভাৱে বিদায় দিয়া হৈছে। আনহাতে ট্ৰাষ্টৰ অন্যতন সদস্য অনিল মিশ্ৰাৰ পদত্যাগ পত্ৰ মঞ্জুৰ হৈছে নে নাই সেই সন্দৰ্ভত এই পৰ্যন্ত অহা নাই কোনো স্পষ্ট খবৰ। আজি অনুষ্ঠিত হোৱা ট্ৰাষ্টৰ এখন গুৰুত্বপূৰ্ণ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অৱশ্যে আজিৰ এই বৈঠকত উপস্থিত নাছিল চম্পট ৰায় আৰু অনিল মিশ্ৰা। এই দুয়োগৰাকী লোকৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰা খবৰটো ট্ৰাষ্টৰ তৰফৰ পৰা আনুষ্ঠানিক […] - [জেইলৰ ভিতৰত ভয়ংকৰ সংঘৰ্ষ; ৪ গৰাকী গাৰ্ড আৰু ১৯ গৰাকী কয়দীৰ মৃত্যু, ১০০ৰো অধিক আহত](https://peoplesnortheast.com/sri-lanka-prison-riot/): শ্ৰীলংকাৰ এখন কাৰাগাৰত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। দেশখনৰ ৰাজধানী কলম্বোস্থিত মুখ্য কাৰাগাৰত ড্ৰাগছ সম্বন্ধীয় ঘটনাৰ বাবে দুটা গোটৰ মাজত হোৱা সংঘৰ্ষত ৪গৰাকী গাৰ্ড আৰু ১৯ গৰাকী কয়দীৰ মৃত্যু হয়। সংঘৰ্ষত আহত হৈছে ১০০ৰো অধিক লোক। দেশখনৰ আৰক্ষী প্ৰশাসনে প্ৰদান কৰিছে এই তথ্য। ঘটনাৰ পিছতে আহত লোকসকলক ভৰ্তি কৰোৱা নেগ’ম্বো হাস্পতালৰ কৰ্তৃপক্ষই জানিব দিয়া অনুসৰি চৰকাৰী হাস্পতালখনত ২৩ গৰাকী লোকৰ মৃতদেহ লৈ অনা হৈছিল আৰু ১০০ৰো অধিক কয়দী আৰু সুৰক্ষা কৰ্মীক আহত অৱস্থাত ভৰ্তি কৰোৱা হৈছিল। হাস্পতাল কৰ্তৃপক্ষই সংবাদ মাধ্যমক জানিব দি কয়, ‘একাংশ লোকৰ দেহত গুলী লাগিছে, আন একাংশৰ দেহত চোকা অস্ত্ৰৰ আক্ৰমণ আৰু গুৰুতৰ আঘাত আছে।’ প্ৰাথমিক তদন্তত প্ৰকাশ পোৱা […] - [পশ্চিম বংগৰ তিনিখন ৰাজ্যসভাৰ আসনৰ বাবে নিৰ্বাচনৰ দিন ঘোষণা](https://peoplesnortheast.com/by-elections-announced-for-3-rajya-sabha-seat-in-bengal/): পশ্চিম বংগৰ ৰাজ্যসভাৰ তিনিখন খালী আসনৰ বাবে উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰিছে নিৰ্বাচন আয়োগে। এই তিনিখন আসনৰ বাবে ২৪ জুলাইৰ ৰাতিপুৱা ৯ বজাৰ পৰা বিয়লি ৪ বজালৈ ভোটদান অনুষ্ঠিত হ’ব। ভোটদান অনুষ্ঠিত হোৱাৰ দিনাই অৰ্থাত সন্ধিয়া ৫ বজাত ফলাফল ঘোষণা কৰা হ’ব। উল্লেখ্য যে, পশ্চিম বংগৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতেই তৃণমূল কংগ্ৰেছৰ তিনিগৰাকী সাংসদ ক্ৰমে সুস্মিতা দেব, ছুখেন্দু শেখৰ ৰায় আৰু প্ৰকাশ চিক বৰাইকে পদত্যাগ কৰিছিল। যাৰ বাবে খালী হৈ পৰিছিল এই তিনিখন আসন। নিৰ্বাচন আয়োগে জাৰি কৰা প্ৰেছ বিজ্ঞপ্তি অনুসৰি ৭ জুলাইত নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ লগে লগে আৰম্ভ হয় নিৰ্বাচনী প্ৰক্ৰিয়া। মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ১৪ জুলাই। ইয়াৰ […] - [বিজেপিক প্ৰত্যাহ্বান জনাই নিৰ্বাচনী ৰণত নামিল প্ৰশান্ত কিশোৰ](https://peoplesnortheast.com/bankipur-by-election-jan-suraaj-candidate-will-prashant-kishor/): বিহাৰৰ বাংকীপুৰ বিধানসভা সমষ্টিত অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচনৰ বাবে জন সুৰাজ পাৰ্টীয়ে ঘোষণা কৰিছে নিজৰ প্ৰাৰ্থীৰ নাম। দলটোৰ মুৰব্বী প্ৰশান্ত কিশোৰে এই সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। এই সমষ্টিটোত বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ নীতিন নবীন। কিন্তু পিছলৈ নীতিন নবীনক ৰাজ্যসভালৈ প্ৰেৰণ কৰা বাবে এই আসনখন খালী হৈ পৰে। এই সমষ্টিটোৰ পৰা জন সুৰাজ পাৰ্টীয়ে প্ৰশান্ত কিশোৰক প্ৰাৰ্থিত্ব প্ৰদান কৰাত আকৰ্ষণীয় হৈ পৰিছে সমষ্টিটোৰ ৰাজনৈতিক সমীকৰণ। যদিহে আৰ জে ডি বা বিৰোধী দলসমূহে প্ৰাৰ্থিত্ব প্ৰদান নকৰি প্ৰশান্ত কিশোৰক সমৰ্থন আগবঢ়াই তেন্তে যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব বিজেপি। উল্লেখ্য যে, বিগত বহু বছৰ ধৰি বাংকীপুৰ সমষ্টিটো দখল কৰি আহিছে বিজেপিয়ে। এই সমষ্টিটোৰ পৰা […] - [হৰমুজেৰে পাৰ হোৱা জাহাজৰ পৰা 'মাচুল' ল'ব ইৰাণে](https://peoplesnortheast.com/iran-charged-strait-of-hormuz-ship-service-fees/): ইৰাণে বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ সামুদ্ৰিক বাণিজ্যিক পথ হৰমুজ প্ৰণালী অতিক্ৰম কৰা জাহাজসমূহৰ ওপৰত সেৱা মাচুল আৰোপ কৰাৰ প্ৰস্তুতি আৰম্ভ কৰিছে। চীনস্থিত ইৰাণৰ ৰাষ্ট্ৰদূত আব্দলৰেজা ৰহমানী ফাজলীয়ে কয় যে তেহৰানে অতি শীঘ্ৰে এই নতুন ব্যৱস্থা কাৰ্যকৰী কৰিব। শেহতীয়া সংঘাতৰ সময়ত ইৰাণক সমৰ্থন কৰা দেশসমূহে এই নতুন ব্যৱস্থাৰ অধীনত বিশেষ ৰেহাই লাভ কৰিব বুলিও উল্লেখ কৰে ফাজলীয়ে। বেইজিঙত অনুষ্ঠিত ৱৰ্ল্ড পীছ ফৰামত দিয়া ভাষণত ইৰাণৰ ৰাষ্ট্ৰদূতগৰাকীয়ে কয় যে হৰমুজ প্ৰণালীৰ মাজেৰে জাহাজৰ চলাচলৰ বাবে এক নতুন ব্যৱস্থা গঢ়ি তোলা হৈছে। এই সন্দৰ্ভত ইৰাণে ওমানৰ সৈতে কাম কৰি আছে। শেহতীয়াকৈ ইৰাণ-আমেৰিকাৰ সংঘাত অন্ত পৰাৰ পিছত দুয়োখন দেশৰ মাজত হোৱা প্ৰাৰম্ভিক চুক্তি অনুসৰি ৬০ দিনৰ […] - [ভাৰত-জাপানৰ মাজত কেইবাটাও ক্ষেত্ৰত ঐতিহাসিক চুক্তি](https://peoplesnortheast.com/india-japan-sign-defence/): ভাৰত আৰু জাপানে প্ৰতিৰক্ষা, শক্তি আৰু কৃত্ৰিম বুদ্ধিমত্তা (AI)কে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাৰ বাবে গুৰুত্বপূৰ্ণ সহযোগিতা স্মাৰকপত্ৰত স্বাক্ষৰ কৰে। নতুন দিল্লীৰ হায়দৰাবাদ হাউছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জাপানৰ প্ৰধানমন্ত্ৰী ছানাই টাকাইচিৰ উপস্থিতিত স্বাক্ষৰিত এই চুক্তিসমূহ দুয়োখন দেশৰ কৌশলগত অংশীদাৰিত্বৰ এক বৃহৎ পদক্ষেপ হিচাপে বিবেচিত হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে টাকাইচিক তেওঁৰ ‘কনিষ্ঠ ভগ্নী’ বুলি অভিহিত কৰি দুয়োখন দেশৰ সম্পৰ্কক বিশ্বাস আৰু বন্ধুত্বৰ উদাহৰণ বুলি অভিহিত কৰে। হায়দৰাবাদ হাউচত স্বাক্ষৰিত গুৰুত্বপূৰ্ণ চুক্তি দিল্লীৰ হায়দৰাবাদ হাউছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জাপানৰ প্ৰধানমন্ত্ৰী ছানাই টাকাইচিৰ উপস্থিতিত দুয়োখন দেশৰ প্ৰতিনিধিয়ে কেইবাখনো সহযোগিতা স্মাৰকপত্ৰত স্বাক্ষৰ কৰে। এই চুক্তিসমূহৰ লক্ষ্য হৈছে প্ৰতিৰক্ষা, শক্তি, কৃত্ৰিম বুদ্ধিমত্তা, প্ৰযুক্তি […] - [কিম্বদন্তী পেলেৰ অভিলেখ ভংগ কৰি ইতিহাস ৰচিলে হেৰী কেনে; কংগোক পৰাস্ত কৰি অন্তিম ১৬ত প্ৰৱেশ ইংলেণ্ডৰ](https://peoplesnortheast.com/harry-kane-breaks-pele-world-cup-goals-tally-record/): ফুটবলৰ ৰোমান্স শিখৰত। সেউজীয়া ঘাঁহনিত চলা ফুটবলৰ মহাযুদ্ধত এজনৰ পিছত আন এজন যোদ্ধাই দেখুৱাইছে পৰাক্ৰম। মেছী, কিলিয়ান এমবাপে, ক্ৰিষ্টিয়ানো ৰোনাল্ডো, হালাণ্ডৰ পিছত এইবাৰ চমক দেখুৱাইছে ইংলেণ্ডৰ ষ্টাৰ ফুটবলাৰ হেৰী কেনে। ৰাউণ্ড অফ ছিক্সটিনৰ গুৰুত্বপূৰ্ণ মেচৰ দ্বিতীয়াৰ্ধত হেৰী কেনৰ দুটা দুৰ্দান্ত গলৰ সহায়ত কংগোক ২-১ ব্যৱধানত পৰাস্ত কৰি অন্তিম ১৬ত প্ৰৱেশ কৰিলে ইংলেণ্ডে। ইংলেণ্ডৰ হৈ সৰ্বাধিক গল প্ৰদান কৰা হেৰী কেনে মেচখনৰ অন্তিম ক্ষণ অৰ্থাত ৮৬ মিনিটত প্ৰদান কৰিছিল নিৰ্ণায়ক গলটো। ইয়াৰ পূৰ্বে ব্ৰায়ান ছিপেংগাৰ গলৰ সহায়ত হাফ টাইমলৈ আগবাঢ়ি আছিল কংগো। খেলৰ ৭৫ মিনিটলৈ পিছ পৰি আছিল ইংলেণ্ড। সকলোৱে ভাবিছিল বিশ্বকাপ ইতিহাসত সবাটোকৈ বৃহত অঘটনৰ সন্মুখীন হ’বলৈ আগবাঢ়ি আছে ইংলেণ্ড। কিন্তু […] - [শিলৰ কুৱেৰীত ভয়ংকৰ ঘটনা; ৭ জন শ্ৰমিকৰ কৰুণ মৃত্যু](https://peoplesnortheast.com/workers-killed-in-stone-quarry-collapse/): বাংগালুৰুৰ এটা শিলৰ কুৱেৰীত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। কুৱেৰীটোত কাম কৰি থকা অৱস্থাত পাহাৰৰ এটা বৃহত অংশ খহি পৰাৰ ফলত অতি কমেও সাতগৰাকী শ্ৰমিকৰ মৃত্যু হোৱাৰ খবৰ আহিছে। ধ্বংসস্তুপৰ তলত আৰু বহু কেইগৰাকী শ্ৰমিক এতিয়াও আৱদ্ধ হৈ থকাৰ খবৰ আহিছে। জানিব পৰা অনুসৰি কুৱেৰীটোৰ ওপৰ অংশত এক্সকেভটৰৰে কাম কৰি থকা সময়তে এটা বৃহত অংশ তলত খহি পৰে। যাৰ ফলত কুৱেৰীটোৰ তলৰ অংশত কাম কৰি থকা শ্ৰমিক কেইজনৰ সৈতে এই কৰুণ ঘটনাটো সংঘটিত হয়। ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে স্থানীয় আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ক্ষীপ্ৰতাৰে আৰম্ভ কৰে উদ্ধাৰ অভিযান। এই ঘটনাটোত মৃত্যু হোৱা শ্ৰমিক কেইজন বিহাৰ আৰু ঝাৰখণ্ডৰ বুলি জানিব […] - [পুনৰ ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ ভয়ংকৰ আক্ৰমণ; মৃত্যু বহু লোকৰ](https://peoplesnortheast.com/russia-launches-massive-strike-on-ukraine/): ইউক্ৰেইনৰ বিৰুদ্ধে পুনৰ ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিছে ৰাছিয়াই। ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে জানিব দিয়া অনুসৰি তেওঁলোকৰ সেনাই ইউক্ৰেইনৰ ৰাজধানী কিভৰ ভিন্ন স্থানত মিছাইল আৰু ড্ৰোনেৰ আক্ৰমণ কৰিছে। সেনা ঘাটি, ড্ৰোন নিৰ্মাণ কেন্দ্ৰ, এয়াৰফিল্ড নেটৱৰ্ক আৰু ইন্ধনৰ ভাণ্ডাৰক লক্ষ্য কৰি ৰাছিয়াই এই আক্ৰমণ চলোৱা বুলি বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে। ইউক্ৰেইনৰ তৰফৰ পৰা জানিব দিয়া অনুসৰি, ৰাছিয়াৰ এই আক্ৰমণত বহু লোকৰ মৃত্যু হোৱাৰ লগতে আন বহু লোক গুৰুতৰভাৱে আহত হৈছে। ইফালে ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে দাবী কৰা অনুসৰি সেনা বাহিনীয়ে চলোৱা আক্ৰমণত সম্পূৰ্ণৰূপে ধ্বংস হৈছে অ’ডেশাস্থিত এটা ড্ৰোন কমপ্লেক্স। এই কেন্দ্ৰটোত নিৰ্মাণ কৰা ড্ৰোনেৰেই ইউক্ৰেইনে ৰাছিয়াৰ তেল শোধানাগাৰকে ধৰি অন্যান্য গুৰুত্বপূৰ্ণ স্থানসমূহত আক্ৰমণ […] - [আয়াতুল্লাহ আলী খামেনেইৰ শেষকৃত্যলৈ আমন্ত্ৰণ বিজেপি আৰু কংগ্ৰেছক](https://peoplesnortheast.com/iran-sent-invitations-to-ruling-bjp-and-opposition-congress-for-khamenei-state-funeral/): আমেৰিকা-ইজৰাইলৰ যৌথ আক্ৰমণত মৃত্যু হোৱা ইৰাণৰ প্ৰাক্তন সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ ৰাজহুৱা শেষকৃত্য অনুষ্ঠানত উপস্থিত থাকিবলৈ ইৰাণৰ তৰফৰ পৰা বিজেপি আৰু কংগ্ৰেছ দলৰ শীৰ্ষ নেতৃত্বক আমন্ত্ৰণ জনোৱা বুলি এক বিশেষ সূত্ৰত প্ৰকাশ পাইছে বাতৰি। বিশেষ সূত্ৰৰ উদ্ধৃতিৰে প্ৰকাশ কৰা বাতৰি অনুসৰি ইৰাণে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ নীতিন নবীনক এই অনুষ্ঠানলৈ নিমন্ত্ৰণ জনাইছে। আনহাতে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ছলমান খুৰ্ছিদকো একেই অনুষ্ঠানৰ বাবে আমন্ত্ৰণ জনাইছে ইৰাণ চৰকাৰে। আয়াতুল্লাহ আলী খামেনেইৰ শেষকৃত্য অনুষ্ঠানত দুয়োটা দলৰ কোনোবা প্ৰতিনিধি উপস্থিত থাকিব নে সেই সন্দৰ্ভত এই পৰ্যন্ত আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই দল দুটাই। অৱশ্যে ভাৰতৰ প্ৰতিনিধি হিচাপে খামেনেইৰ শেষকৃত্যত উপস্থিত […] - [অন্ত পৰিল অভিষেকৰ আধিপত্য; টি-২০ ৰেংকিঙৰ শীৰ্ষস্থানত অধিষ্ঠিত হ'ল ঈষান কিষাণ](https://peoplesnortheast.com/icc-t20i-rankings-ishan-kishan-number-1/): প্ৰত্যাৱৰ্তনৰ পিছৰে পৰা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াই অহাৰ পুৰস্কাৰ লাভ কৰিলে ভাৰতীয় ক্ৰিকেট দলৰ উইকেট কীপাৰ বেটাৰ ঈষান কিষাণে। বুধবাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউন্সিলে (আইচিচি) প্ৰকাশ কৰা টি-২০ বেটাৰৰ ৰেংকিঙত অভূতপূৰ্ব সফলতা লাভ কৰি শীৰ্ষস্থানত অধিষ্ঠিত হ’ল ঈষান কিষাণ। দীৰ্ঘদিন ধৰি আন্তঃৰাষ্ট্ৰীয় টি-২০ ক্ৰিকেটৰ ৰেংকিঙৰ শীৰ্ষস্থানত অধিষ্ঠিত হৈ থকা ভাৰতৰে অপেনিং বেটাৰ অভিষেক শৰ্মাক চেৰ পেলাই শীৰ্ষস্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে ঈষান কিষাণে। শেহতীয়া ৰেংকিং অনুসৰি অভিষেক শৰ্মা অৱনমিত হ’ল দ্বিতীয় স্থানলৈ। ঈষানৰ ৰেটিং হ’ল ৮৭৬, আনহাতে অভিষেক শৰ্মাৰ ৰেটিং ৮৬৯। ৮৪৮ ৰেটিঙৰ সহায়ত ৰেংকিঙৰ তৃতীয় স্থানত আছে পাকিস্তানৰ ছাহিবজাদা ফাৰহান। ৭৯২ ৰেটিঙৰ সহায়ত চতুৰ্থ স্থানত আছে ইংলেণ্ডৰ ফিল্ট ছল্ট আৰু […] - [তিক্ততাপূৰ্ণ সম্পৰ্ক অৱসানৰ বাবে প্ৰধানমন্ত্ৰী মোদী আৰু শ্বাহবাজ শ্বৰীফলৈ মুকলি পত্ৰ ১০০ৰো অধিক ব্যক্তিৰ](https://peoplesnortheast.com/india-pakistan-talks-resume/): ভাৰত-পাকিস্তানৰ মাজত দীৰ্ঘদিন ধৰি চলি থকা তিক্ততাপূৰ্ণ সম্পৰ্কৰ অৱসান ঘটোৱাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু শ্বাহবাজ শ্বৰীফলৈ এখন বিশেষ দাবী সম্বলিত পত্ৰ লিখিছে দুয়োখন দেশৰ ১০০তকৈও অধিক প্ৰভাৱশালী ব্যক্তিয়ে। পত্ৰখনৰ জৰিয়তে দুয়োখন দেশৰ মাজত চলি থকা বাদ বিবাদৰ অন্ত পেলোৱা আৰু ভিছা সেৱা পুনৰ আৰম্ভ কৰাৰ দাবী উত্থাপন কৰা হৈছে। ইয়াৰ উপৰি বন্ধ হৈ থকা এয়াৰস্পেছ পুনৰ খুলি দিয়াৰ দৰে দাবীও উল্লেখ আছে এই পত্ৰখনত। ফাৰুক আব্দুল্লা আৰু মনোজ ঝাৰ দৰে ব্যক্তিসহ সৰ্বমুঠ ১১৭ গৰাকী ব্যক্তিয়ে এই পত্ৰখনত স্বাক্ষৰ কৰিছে। চেণ্টাৰ ফৰ পিছ এণ্ড প্ৰোগ্ৰেছৰ তৰফৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু শ্বাহবাজ শ্বৰীফক প্ৰদান কৰা এই মুকলি পত্ৰখনত ভাৰত আৰু পাকিস্তানৰ […] - [টেষ্ট ক্ৰিকেটত সৰ্ববৃহৎ বিজয় জিম্বাব'ৱেৰ; বাংলাদেশক পৰাস্ত কৰি ৰচিলে ইতিহাস](https://peoplesnortheast.com/zimbabwe-earns-biggest-test-win-ever/): বাংলাদেশক পৰাস্ত কৰি টেষ্ট ক্ৰিকেটত ইতিহাস ৰচিলে জিম্বাব’ৱে দলে। দুয়োখন দেশৰ মাজত অনুষ্ঠিত হোৱা একমাত্ৰ টেষ্ট মেচখনত ঘৰুৱা দলটোৱে বাংলাদেশক এক ইনিংছ আৰু ৮৫ ৰানত পৰাস্ত কৰে। টেষ্ট ক্ৰিকেট ইতিহাসত এয়া আছিল জিম্বাব’ৱে দলৰ বৃহত বিজয়। তদুপৰি ২৫ বছৰৰ অন্তত জিম্বাব’ৱে দলে টেষ্ট ক্ৰিকেটত বাংলাদেশক এক ইনিংছত পৰাস্ত কৰিবলৈও সক্ষম হয়। জিম্বাব’ৱেৰ ৰাজধানী হাৰাৰেত অনুষ্ঠিত হোৱা মেচখনত বাংলাদেশে প্ৰথমে বেট ধৰি মাত্ৰ ১৪০ ৰানতে সামৰিছিল নিজৰ প্ৰথম ইনিংছ। ইয়াৰ প্ৰত্যুত্তৰত জিম্বাব’ৱে দলে প্ৰথম ইনিংছত ৪১০ ৰান সংগ্ৰহ কৰি ২৭০ ৰানৰ বৃহত অগ্ৰগতি লাভ কৰে। ইয়াৰ পিছতে আলহী দলটোক ফল’ অন খেলিবলৈ আমন্ত্ৰণ জনায়। দ্বিতীয় ইনিংছতো বাংলাদেশ দলৰ বেটাৰৰ প্ৰদৰ্শন আছিল অতি […] - [BTCত নহয় উচ্ছেদ অভিযান; বিধায়ক থানেশ্বৰ বসুমতাৰীয়ে কৰিলে স্পষ্ট](https://peoplesnortheast.com/big-update-on-btc-eviction/): বিটিচি (BTC)ৰ ভিন্ন প্ৰান্তত উচ্ছেদ অভিযান চলিব বুলি চলি থকা জল্পনা কল্পনাৰ অন্ত পেলাইছে বিধায়ক থানেশ্বৰ বসুমতাৰীয়ে। মানাহ সমষ্টিৰ বিধায়ক থানেশ্বৰ বড়োৱে আজি মুকলিভাৱে সংবাদ মাধ্যমৰ জৰিয়তে বিটিচিত কোনো ধৰণৰ উচ্ছেদ অভিযান চলোৱা নহ’ব বুলি স্পষ্ট কৰি দিয়ে। সংবাদ মাধ্যমৰ সৈতে হোৱা এক মত-বিনিময়ত বিধায়কগৰাকীয়ে কয় যে উচ্ছেদক লৈ যি ধৰণৰ বাতৰি আৰু অপপ্ৰচাৰ চলিছে, সেয়া সম্পূৰ্ণ ভিত্তিহীন। বিটিচি প্ৰশাসন বা ৰাজ্য চৰকাৰে এই পৰ্যন্ত উচ্ছেদ সম্পৰ্কে কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই। তেওঁ উল্লেখ কৰি কয়, ‘পূৰ্বৰ চৰকাৰৰ সময়ত বহু লোকক চৰকাৰীভাৱে মাটি আবণ্টন দিয়া হৈছিল। সেয়েহে, সেই লোকসকলক উচ্ছেদ কৰাৰ কোনো প্ৰশ্নই নুঠে। বৰঞ্চ অঞ্চলসমূহত বসবাস কৰি থকা লোকসকলৰ স্থায়ী […] - [সেনা প্ৰধান হিচাপে দায়িত্ব গ্ৰহণ জেনেৰেল ধীৰাজ শেঠৰ](https://peoplesnortheast.com/general-dheeraj-seth-become-31st-chief-of-army-staff/): ৩০ জুন অৰ্থাত মঙলবাৰে দেশৰ ৩১ সংখ্যক সেনা প্ৰধান হিচাপে দায়িত্ব গ্ৰহণ কৰিলে জেনেৰেল ধীৰাজ শেঠে। সেনা প্ৰধান হিচাপে কাৰ্যকাল সমাপ্ত হোৱা জেনেৰেল উপেন্দ্ৰ দ্বিবেদীৰ স্থানত নিযুক্তি লাভ কৰিছে শেঠে। প্ৰায় ৪০ বছৰীয়া সুদীৰ্ঘ সেৱাৰ অন্তত আজি অৱসৰ গ্ৰহণ কৰিছে উপেন্দ্ৰ দ্বিবেদীয়ে। ভাৰতীয় সেনাৰ এগৰাকী অনুভৱী বিষয়া ধীৰাজ শেঠ সশস্ত্ৰ বাহিনীৰ (আৰ্মড কৰ্পছ) বিষয়া আৰু সেনাবাহিনীৰ ভাইচ চীফ (উপ-মুখ্য) হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। স্মৰ্তব্য যে ১৯৯৭ চনত শংকৰ ৰায় চৌধৰীয়ে অৱসৰ গ্ৰহণ কৰাৰ পিছত আৰ্মড কৰ্পছৰ পৰা সেনা প্ৰধান হোৱা প্ৰথমগৰাকী বিষয়া হিচাপে পৰিগণিত হ’ল ধীৰাজ শেঠ। সেনা প্ৰধানৰ দায়িত্ব গ্ৰহণৰ পূৰ্বে জেনেৰেল শেঠ ছাউথাৰ্ন কমাণ্ডৰ জেনেৰেল অফিচাৰ কমাণ্ডিং ইন চিফ […] - [আয়াতুল্লাহ আলী খামেনেইৰ শেষকৃত্যত অংশ ল'ব পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিহাৰৰ ৰাজ্যপালে](https://peoplesnortheast.com/pabitra-margherita-bihar-governor-to-attend-khameneis-funeral/): ৪ জুলাইৰ পৰা আৰম্ভ হ’ব ইৰাণৰ প্ৰয়াত সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ স্মৃতি সভা। আগশাৰীৰ সংবাদ সংস্থা এ এন আইৰ এক প্ৰতিবেদন অনুসৰি ভাৰতৰ হৈ বিহাৰৰ ৰাজ্যপাল লেফটেনেণ্ট জেনেৰেল চৈয়দ আতা হাছনেইন আৰু বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ৪ জুলাইৰ পৰা ৯ জুলাইলৈ ইৰাণৰ কেইবাখনো চহৰত স্মৃতি সভা অনুষ্ঠিত হ’ব, য’ত লাখ লাখ লোক আৰু বহু ভিআইপি বিদেশী অতিথি উপস্থিত থাকিব বুলি আশা কৰা হৈছে। ইৰাণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক জনাইছিল আমন্ত্ৰণ ইৰাণে আয়াতুল্লাহ আলী খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমন্ত্ৰণ জনাইছিল। ইৰাণৰ সংবাদ মাধ্যমৰ মতে, ৪ আৰু ৫ জুলাইত তেহৰাণৰ ইমাম খোমেইনী মোছালা প্ৰাৰ্থনা […] - [নতুন ভাষা নীতি নিৰ্দেশনা প্ৰকাশ CBSEৰ, জানি লওক কোনে পাব সকাহ](https://peoplesnortheast.com/cbse-three-language-policy/): অলপতে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে (চিবিএছই) ঘোষণা কৰা তিনিটা ভাষা নীতিক লৈ দেশজুৰি চলি আছে বিতৰ্ক। এই নতুন ভাষা নীতিক লৈ শিক্ষাৰ্থী আৰু অভিভাৱকৰ মাজত সৃষ্টি হৈছে যথেষ্ট বিভ্ৰান্তিৰ। এই বিভ্ৰান্তি আৰু বিতৰ্কৰ সমাধানৰ বাবে অহৰহ কাম কৰি আছে ব’ৰ্ডে। সময়ে সময়ে তিনিটা ভাষা নীতি সন্দৰ্ভত চিবিএছইয়ে বিভিন্ন আপডেট প্ৰকাশ কৰি আহিছে। শেহতীয়াকৈ ব’ৰ্ডে তিনিটা ভাষা নীতি সন্দৰ্ভত নতুন নিৰ্দেশনা জাৰি কৰিছে। চিবিএছই ব’ৰ্ডে বৰ্তমানৰ দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক বৃহত সকাহ প্ৰদান কৰি স্পষ্ট কৰি দিছে যে তেওঁলোকে তিনিটা ভাষাত পঢ়িব নালাগে। আনহাতে এই ক্ষেত্ৰত বৰ্তমান নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলকো এককালীন শিথিলতা (ওৱান টাইম ৰিলেক্সেশ্যন) প্ৰদান কৰা হৈছে। ২৯ জুন অৰ্থাত সোমবাৰে […] - [জয়পুৰত খহি পৰিল নিৰ্মাণাধীন দেৱাল; ৩ জন শ্ৰমিকৰ মৃত্যু](https://peoplesnortheast.com/under-construction-wall-collapse-3-workers-died/): সোমবাৰে ৰাজস্থানৰ ৰাজধানী জয়পুৰত সংঘটিত হৈছে এক কৰুণ ঘটনা। এখন হোটেলৰ নিৰ্মাণাধীন দেৱাল ভাঙি পৰাৰ ফলত তিনিজন শ্ৰমিকৰ কৰুণ মৃত্যু হয়। ধ্বংসাৱশেষৰ তলত আন কেইবাজনো শ্ৰমিক আৱদ্ধ হৈ থকাৰ আশংকা প্ৰকাশ কৰা হৈছে। ঘটনাত আহত শ্ৰমিকসকলক ওচৰৰে হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ঘটনা সংঘটিত হোৱাৰ পিছতে আৰক্ষী প্ৰশাসনৰ লগতে উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰে উদ্ধাৰ অভিযান। বহু সংখ্যক শ্ৰমিকে দেৱাল নিৰ্মাণ কাৰ্যত জড়িত হৈ থকাৰ সময়তে এই কৰুণ ঘটনাটো সংঘটিত হয়। ঘটনাত তিনিজন শ্ৰমিকৰ থিতাতে মৃত্যু হোৱাৰ লগতে আন কেইবাজনো গুৰুতৰভাৱে আহত হয়। এতিয়াও ধ্বংসস্তুপৰ তলত আৱদ্ধ হৈ থকা শ্ৰমিকসকলক উদ্ধাৰৰ বাবে উদ্ধাৰকাৰী দলে চেষ্টা অব্যাহত ৰাখিছে। আৰক্ষী-প্ৰশাসনে এই মৰ্মান্তিক […] - [TMCৰ অধ্যক্ষ পদৰ পৰা আঁতৰালে মমতা বেনাৰ্জীক; অভিষেক বেনাৰ্জীৰ বিৰুদ্ধেও ল'লে কঠোৰ পদক্ষেপ](https://peoplesnortheast.com/rebel-faction-suspended-abhishek-banerjee-from-the-party/): পশ্চিম বংগৰ পৰা আহিছে এক বৃহৎ ৰাজনৈতিক খবৰ। সোমবাৰে তৃণমূলৰ বিদ্ৰোহী তথা বিসম্বাদী গোটে মমতা বেনাৰ্জী আৰু অভিষেক বেনাৰ্জীক নিজৰ নিজৰ পদৰ পৰা নিলম্বন কৰিছে। আজি বিয়লি নিউ টাউনত অনুষ্ঠিত এক বৈঠকত বিদ্ৰোহী দলটোৱে মমতা বেনাৰ্জীক অধ্যক্ষ পদৰ পৰা আঁতৰাই তেওঁৰ ঠাইত চেণ্ট্ৰেল হাওৰাৰ বিধায়ক অৰূপ ৰয়ক অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে। আনহাতে দলটোৱে অভিষেক বেনাৰ্জীকো সৰ্বভাৰতীয় সাধাৰণ সম্পাদকৰ পদৰ পৰা নিলম্বন কৰে। বিধানসভাৰ বাজেট অধিৱেশনৰ পিছতে তৃণমূলৰ বিদ্ৰোহী বিধায়কসকলে নিউ টাউন হোটেলত এখন বৈঠক অনুষ্ঠিত কৰে। ৬০ গৰাকী বিধায়কৰ লগতে ৭০ গৰাকী প্ৰাক্তন কাউন্সিলাৰ উপস্থিত থাকে বৈঠকত। এই বৈঠকত ৩০ জনীয়া এখন সমিতি গঠন কৰা হয়। সভাত উপস্থিত থকা সূত্ৰই জনোৱা […] - [ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ; সলনি হ'ব সামগ্ৰী সংগ্ৰহৰ নিয়ম](https://peoplesnortheast.com/one-nation-one-ration-card-onorc-new-rules/): দেশৰ কোটি-কোটি ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ। ৰেচনৰ সামগ্ৰী সংগ্ৰহ কৰাৰ ব্যৱস্থা আৰু অধিক সহজ কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে লৈছে এক বৃহত পদক্ষেপ। ৰেচন কাৰ্ডৰ গৰাকীয়ে এতিয়াৰে পৰা চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া দোকানখনৰ পৰা সামগ্ৰী সংগ্ৰহ নকৰিলেও হ’ব। অৰ্থাত প্ৰতিগৰাকী গ্ৰাহকে নিজৰ সুবিধা অনুযায়ী নিজৰ সমীপৰ যিকোনো সুলভ মূল্যৰ দোকানৰ পৰা সামগ্ৰী সংগ্ৰহ কৰিব পাৰিব। এই পৰিৱৰ্তনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ’ল আপুনি আৰু ৰেচন ল’বলৈ দীঘলীয়া শাৰী পাতিব নালাগে, মেচিনে আঙুলিৰ ছাপ নল’লে সম্পূৰ্ণ ৰেচন নোপোৱাৰ নিয়মৰ পৰা আৰু দোকানত সামগ্ৰী উপলব্ধ নোহোৱাৰ বাবে সম্পূৰ্ণ ৰেচন নাপাব পৰা আদি সমস্যাৰ সন্মুখীন হ’ব নালাগিব। এতিয়া আপোনাৰ প্ৰয়োজন অনুসৰি এখন দোকানৰ পৰা […] - [সীমান্তত বাংলাদেশীৰ উপদ্ৰৱ; ভাৰতীয় কৃষকক মাৰ ধৰ কৰি লুটি নিলে পোহনীয়া ম'হ](https://peoplesnortheast.com/bangladeshi-miscreants-attack-on-indian-farmer/): শ্ৰীভূমি জিলাৰ পাথাৰকান্দি থানাৰ অন্তৰ্গত বিলবাড়ীৰ ভাৰত-বাংলাদেশ সীমান্তত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এজন ভাৰতীয় নাগৰিকক বাংলাদেশৰ এটা দুৰ্বৃত্তৰ দলে ভয়ংকৰভাৱে আক্ৰমণ কৰাৰ খবৰ পোহৰলৈ আহিছে। বাংলাদেশী দুৰ্বৃত্তৰ দলটোৱে ভাৰতীয় লোকজনক হাত-ভৰি বান্ধি নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ লগতে চুৰি কৰি লৈ যায় দুটা ম’হ। জানিব পৰা মতে, নিলামবজাৰ থানাৰ দুৰ্গানগৰ আংগুৰা জিপিৰ বাসিন্দা আলাউদ্দিন নামৰ লোকজনে শনিবাৰে বিয়লি বিলবাড়ী BSF কেম্পৰ কাষতে নিজৰ খেতিপথাৰত ম’হ চৰাই আছিল। ঠিক সেই সময়তে হঠাতে এদল বাংলাদেশী দুৰ্বৃত্তই অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰি কৃষকজনৰ ওপৰত আক্ৰমণ চলায়। গামোচাৰে হাত-ভৰি বান্ধি বেয়াকৈ প্ৰহাৰ কৰাৰ পাছত খেতিয়কজনৰ ম’হ দুটা লৈ পলায়ন কৰে। ঘটনাৰ পিছতে আলাউদ্দিনৰ চিঞৰ-বাখৰ শুনি তেওঁৰ নাতি […] - [উদ্ধৱ ঠাকৰেৰ সংগ ত্যাগ; ৬ বিসম্বাদী সাংসদে আজি আনুষ্ঠানিকভাৱে যোগ দিব সিন্দে বাহিনীত](https://peoplesnortheast.com/six-rebel-sena-ubt-mps-to-join-shindes-shiv-sena/): উদ্ধৱ ঠাকৰে নেতৃত্বাধীন শিৱসেনা ত্যাগ কৰা ৬ গৰাকী বিসম্বাদী সাংসদৰ বাবে আজি ডাঙৰ দিন। সোমবাৰে সঞ্জয় পাটিলসহ আটাইকেইজন সাংসদে একনাথ সিন্দে নেতৃত্বাধীন শিৱসেনাত আনুষ্ঠানিকভাৱে যোগদান কৰিব। দুপৰীয়া ৩.৩০ বজাত আয়োজন কৰা যোগদান কাৰ্যসূচীত এই আটাইকেইজন সাংসদে একনাথ সিন্দেৰ উপস্থিতিত দলটোত যোগ দিব। যোগদানৰ দিনটোৰ এই ৬ সাংসদৰ কাৰ্যসূচী ১. দুপৰীয়া ১ বজাত উপস্থিত হ’ব কলিনা বিমান বন্দৰত। ২. দুপৰীয়া ২ বজাত সাংসদ কেইগৰাকী মিলিত হ’ব এক বৈঠকত। ৩. ৪ বজাত সম্বোধন কৰিব সংবাদমেল। উদ্ধৱ ঠাকৰে বাহিনীত হোৱা বৃহৎ ৰাজনৈতিক বিপৰ্যয়ৰ মাজতে নীতিশ কুমাৰ নেতৃত্বাধীন ৰাষ্ট্ৰীয় জনতা দল (আৰজেডি)ৰ সাংসদ তথা শীৰ্ষ নেতা মনোজ ঝাই এই সন্দৰ্ভত প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। তেওঁ কয়, […] - [মহাৰাষ্ট্ৰৰ হনুমান মন্দিৰত ভয়ংকৰ অঘটন; ৭ গৰাকী ভক্তৰ মৃত্যু, ধ্বংসস্তূপত আৱদ্ধ বহু ভক্ত](https://peoplesnortheast.com/roof-of-maruti-temple-hall-collapses/): মহাৰাষ্ট্ৰৰ পৰভনী জিলাৰ মানৱত অঞ্চলস্থিত য়শবাড়ী দেৱস্থানত সংঘটিত হৈছে এক ডাঙৰ অঘটন। প্ৰসিদ্ধ হনুমান মন্দিৰৰ গৰ্ভগৃহৰ সন্মুখত নিৰ্মীয়মান সভা মণ্ডপৰ ছাঁদ ভাঙি পৰাৰ ফলত ৭ গৰাকী ভক্তই কৰুণ মৃত্যুক আকোৱালি লয়। এই ঘটনাত ৩২গৰাকী ভক্ত গুৰুতৰভাৱে আহত হোৱাৰো খবৰ আহিছে। প্ৰাপ্ত খবৰ অনুসৰি দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত মন্দিৰত অজস্ৰ লোকৰ সমাগম হৈছিল। আশংকা কৰা অনুসৰি এতিয়াও ধ্বংসস্তূপৰ তলত বহু ভক্ত আৱদ্ধ হৈ আছে। অৱশ্যে আৰক্ষী-প্ৰশাসনে স্থানীয় লোকৰ সহযোগত ক্ষীপ্ৰতাৰে আৰম্ভ কৰিছে উদ্ধাৰ অভিযান। উল্লেখ্য যে, শনিবাৰ হোৱা বাবেই মন্দিৰত বহু সংখ্যক ভক্তৰ ভিৰ হৈছিল। ঘটনাস্থলীত কেইবাখনো এম্বুলেন্স, মেডিকেল টীম প্ৰেৰণ কৰাৰ লগতে উপস্থিত হৈছে জিলা প্ৰসাশন আৰু আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বিষয়া। […] - [NEET পৰীক্ষাৰ পূৰ্বে পুনৰ এজন শিক্ষাৰ্থীৰ আত্মহত্যা; ভিডিঅ'যোগে বৰ্ণনা সকলো কথা](https://peoplesnortheast.com/students-commits-suicide-in-up/): নীট পৰীক্ষাৰ পূৰ্বে পুনৰ এজন শিক্ষাৰ্থীয়ে আত্মহত্যা কৰাৰ খবৰ পোহৰলৈ আহিছে। এইবাৰ এই আত্মহত্যাৰ খবৰ আহিছে উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ পৰা। জানিব পৰা অনুসৰি ২২ বছৰীয়া ছাত্ৰগৰাকীয়ে কোঠাৰ ভিতৰত চিপ লৈ আত্মহত্যা কৰে। মৃত্যুৰ পূৰ্বে ছাত্ৰগৰাকীয়ে এটা ডিডিঅ’ৰ জৰিয়তে কিয় চৰম সিদ্ধান্ত গ্ৰহণ কৰিলে তাৰ বৰ্ণনা কৰে। ইতিমধ্যে আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে। বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি ছাত্ৰজনে দীৰ্ঘ সময়ৰ পৰাই নীট পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছিল। কেইবাবাৰো কৰা চেষ্টাৰ পিছতো সফলতা লাভ নকৰাত মানসিকভাৱে ভাগি পৰিছিল ছাত্ৰগৰাকী। সেয়ে ছাত্ৰজনে এই চৰম সিদ্ধান্ত গ্ৰহণ কৰা বুলি ভিডিঅ’টোত উল্লেখ কৰে। অৱশ্যে তেওঁৰ এই সিদ্ধান্তৰ বাবে আন কোনো লোককে জগৰীয়া […] - [হৰমুজৰ পৰা ভাৰতলৈ আহিবলৈ কিমান সময় লয় এখন জাহাজ](https://peoplesnortheast.com/how-long-does-it-take-for-a-ship-to-reach-india-from-the-strait-of-hormuz/): আমেৰিকা আৰু ইৰাণৰ মাজত সম্পন্ন হোৱা ঐতিহাসিক শান্তি চুক্তিয়ে বৃহত সকাহ প্ৰদান কৰিছে ভাৰতক। ইতিমধ্যে হৰমুজ প্ৰণালীত আৱদ্ধ হৈ থকা এলএনজি ভৰ্তি এখন জাহাজ সুকলমে ভাৰতৰ পশ্চিম উপকূলত উপস্থিত হৈছে। গুজৰাটৰ ভাৰুচ জিলাৰ দহেজ বন্দৰত উপস্থিত হৈছে দিশা নামৰ এল এন জি জাহাজখন। এতিয়া জানো আহক হৰমুজৰ পৰা ভাৰতলৈ আহিবলৈ এখন জাহাজে কিমান সময় লয়। হৰমুজ প্ৰণালীৰ পৰা ভাৰতৰ পশ্চিম উপকূললৈ যাত্ৰা অন্য আন্তঃৰাষ্ট্ৰীয় সাগৰীয় পথৰ তুলনাত বহু কম। হৰমুজ প্ৰণালী পাৰ হোৱাৰ পিছত কাণ্ডলা, মুন্দ্ৰা, মুম্বাই বা দহেজৰ দৰে বন্দৰত উপস্থিত হ’বলৈ জাহাজসমূহে আৰব সাগৰ পাৰ হৈ ১০০০ কিলোমিটাৰ যাত্ৰা কৰিব লাগে। বতৰৰ পৰিস্থিতি, সামুদ্ৰিক যাতায়ত আৰু মালবাহী বোজাৰ ওপৰত […] - [মুখ্য নিৰ্বাচকৰ পদত প্ৰজ্ঞান ওঝা, সমিতিৰ নতুন সদস্য ৰমেশ পাৱাৰ](https://peoplesnortheast.com/bcci-confirm-pragyan-ojha-as-chief-indian-selctor/): অজিত আগাৰকাৰৰ কাৰ্যকাল অন্ত পৰাৰ পিছৰে পৰা খালী হৈ থকা মুখ্য নিৰ্বাচকৰ পদৰ বাবে প্ৰাক্তন বাঁওহতীয়া অফ স্পিনাৰ প্ৰজ্ঞান ওঝাৰ নাম ঘোষণা কৰিছে বিচিচিআইয়ে। উল্লেখ্য যে প্ৰজ্ঞান ওঝাই বিগত কিছু দিনৰ পৰা অনানুষ্ঠানিকভাৱে মুখ্য নিৰ্বাচকৰ দায়িত্ব পালন কৰি আহিছিল। আৰু শেহতীয়াকৈ ওঝাৰ অধ্যক্ষতাতেই নিউজিলেণ্ড ভ্ৰমণৰ বাবে ঘোষণা কৰা হৈছিল ভাৰতীয় দল। আগাৰকাৰৰ কাৰ্যকালৰ অন্তৰ পিছৰে পৰা মুখ্য নিৰ্বাচকৰ বাবে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ ৰমেশ পাৱাৰৰ নাম চৰ্চাত আছিল যদিও আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ অভিজ্ঞতাৰ ভিত্তিত প্ৰজ্ঞান ওঝাকে মুখ্য নিৰ্বাচকৰূপে নিযুক্তি দিয়ে বিচিচিআইয়ে। ইফালে পাঁচজনীয়া নিৰ্বাচক সমিতিৰ সদস্যৰূপে পশ্চিম মণ্ডলৰ পৰা নতুন সদস্যৰূপে অন্তৰ্ভুক্ত হয় ৰমেশ পাৱাৰ। উল্লেখ্য যে, প্ৰাক্তন ক্ৰিকেটাৰ অশোক মালহোত্ৰা আৰু যতীন […] - [ভাৰতক লৈ নৰম স্থিতি ড'নাল্ড ট্ৰাম্পৰ; শীঘ্ৰে হ'ব বাণিজ্যিক চুক্তি!](https://peoplesnortheast.com/india-us-trade-deal-likely-soon/): ভাৰত আৰু আমেৰিকাৰ মাজত অতি শীঘ্ৰে বাণিজ্যিক চুক্তি হোৱাৰ সম্ভাৱনা প্ৰকট হৈছে। শনিবাৰে (১৭ অক্টোবৰ) আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ পৰা তেল আৰু গেছ ক্ৰয় কৰাৰ ক্ষেত্ৰত ভাৰতকে ধৰি পাঁচখন দেশৰ ওপৰত আৰোপ কৰা ১০০ শতাংশ শুল্ক আৰোপৰ আইনত স্থগিতাদেশ জাৰি কৰে। আমেৰিকাৰ ৰাষ্ট্ৰীয় স্বাৰ্থত এই সিদ্ধান্ত লোৱা বুলি জনাইছে ৰাষ্ট্ৰপতি ট্ৰাম্পে। ট্ৰাম্পৰ এই ঘোষণাৰ পিছতেই ভাৰত-আমেৰিকাৰ মাজত বাণিজ্যিক চুক্তিৰ সম্ভাৱনা আৰু অধিক বৃদ্ধি কৰিছে। ইফালে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণেও প্ৰকাশ কৰিছে নিজৰ প্ৰতিক্ৰিয়া। শীঘ্ৰে দুয়োখন দেশৰ মাজত বাণিজ্যিক চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে বুলি মন্তব্য কৰে সীতাৰমণে। উল্লেখ্য যে ৰাছিয়াৰ পৰা তেল আৰু গেছ ক্ৰয় কৰাক লৈ ভাৰত আৰু আমেৰিকাৰ মাজত […] - [দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত শিহৰণকাৰী পথ দুৰ্ঘটনা; ৮ জনৰ মৃত্যু, কেইবাজনো আহত](https://peoplesnortheast.com/tragic-road-accident-at-delhi-mumbai-expressway/): শনিবাৰে ৰাজস্থানৰ কোটাত দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। শিহৰণকাৰী দুৰ্ঘটনাটোত ৮ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ১৫ৰো অধিক যাত্ৰী গুৰুতৰভাৱে আহত হয়। মধ্যপ্ৰদেশৰ পৰা জয়পুৰলৈ গৈ থকা সময়তে যাত্ৰীবাহী ট্ৰেভেলাৰখন দুৰ্ঘটনাত পতিত হয় বুলি জানিব পৰা গৈছে। ৰাতিপুৱা প্ৰায় ৮ বজাত কৰাড়িয়া টোল প্লাজা পাৰ হোৱাৰ পিছতে দুৰ্ঘটনাত পতিত হয় বাহনখন। যাত্ৰাপথত চালকজনৰ টোপনি অহাৰ বাবেই এই শিহৰণকাৰী পথ দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে ট্ৰেভেলাৰ বাহনখনে ডিভাইডাৰত খুন্দিয়াই পথৰ পৰা ২০ ফুট দ’ নলাত বাগৰি পৰে। ইফালে দুৰ্ঘটনাটোৰ পিছতে আহত লোকসকলৰ চিৎকাৰত ঘটনাস্থলীত উদ্ভৱ হয় এক অভাৱনীয় পৰিস্থিতিৰ। লগে লগে […] - ['ভাৰত ত্যাগ কৰক...', আদালতৰ দ্বাৰস্থ হ'ব অভিনেতা ইমৰাণ খান](https://peoplesnortheast.com/imran-khan-to-move-bombay-high-court/): ককৰোচ্ছ জনতা পাৰ্টি চমুকৈ চিজেপিৰ সমৰ্থনত প্ৰতিবাদ কৰিবলৈ যোৱা বলীউড অভিনেতা ইমৰাণ খানক ২৮ অক্টোবৰৰ ভিতৰত ভাৰত এৰি যাবলৈ মুম্বাই আৰক্ষীৰ তৰফৰ পৰা জাননী জাৰি কৰা হৈছে। অভিনেতাগৰাকীৰ বিৰুদ্ধে বিদেশী আইন (ফৰেইনাৰ্ছ এক্ট) উলংঘন কৰাৰ অভিযোগ উত্থাপন হৈছে। জাননী লাভৰ পিছতে অভিনেতাগৰাকীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত ব’ম্বে হাইক’ৰ্টত প্ৰত্যাহ্বান জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। জানিব পৰা মতে, ইমৰাণ খানে FRROৰ এই জাননীখনৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত লেখ আবেদন দাখিলৰ চিন্তা-চৰ্চা কৰিছে। এই সন্দৰ্ভত অভিনেতাগৰাকীয়ে MZM লীগেল এলএলপি’ক নিজৰ আইনী উপদেষ্টা হিচাপে নিযুক্তি দিছে। উল্লেখ্য যে, শেহতীয়াকৈ অভিনেতা ইমৰাণ খানে মুম্বাইত এক প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈছিল। প্ৰতিবাদৰ সময়ত সাৰ্বজনিক ব্যৱস্থা আৰু বিভিন্ন নিয়ম উলংঘা কৰাৰ […] - [চৰকাৰৰ ডাঙৰ সিদ্ধান্ত; এবছৰৰ বাবে নিষিদ্ধ হ'ল গুটখা, পান মচলা](https://peoplesnortheast.com/uttarakhand-government-ban-on-tobacco-gutkha-pan-masala-for-one-year/): আগন্তুক এবছৰৰ বাবে উত্তৰাখণ্ডত সম্পূৰ্ণৰূপে নিষিদ্ধ হ’ল গুটখা, পান মচলা আৰু ধঁপাতজাতীয় সামগ্ৰী। আজি ৰাজ্য চৰকাৰে এক জাননীৰ জৰিয়তে জানিব দিয়ে এই তথ্য। চৰকাৰে জাৰি কৰা নিৰ্দেশনাত স্পষ্টকে উল্লেখ কৰিছে যে পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত ৰাজ্যখনত এইধৰণৰ কোনো হানিকাৰক সামগ্ৰীৰ উৎপাদন, মজুতকৰণ, বিতৰণ আৰু বিক্ৰী কৰিব নোৱাৰিব। আজি উত্তৰাখণ্ড চৰকাৰে জাৰি কৰা নিৰ্দেশনাত কোৱা হৈছে যে জনসাধাৰণৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি গুটখা আৰু পান মচলাত নিষেধাজ্ঞা আৰোপ কৰাটো অত্যন্ত প্ৰয়োজনীয় পদক্ষেপ। চৰকাৰে লগতে কয় যে খাদ্য সুৰক্ষা আৰু মানদণ্ড (বিক্ৰীৰ ওপৰত নিযেধাজ্ঞা আৰু নিয়ন্ত্ৰণ) নিয়মাৱলী ২০১১ৰ অধীনত গুটখা, পান মচলা বা ধঁপাত আৰু নিকোটিনযুক্ত অন্যান্য খাদ্য সামগ্ৰী, যি নামেৰে বজাৰত উপলব্ধ নহওক […] - ['মই জনাত ভাৰত এখন...', CJPৰ প্ৰতিবাদক সমৰ্থন এইগৰাকী প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰৰ](https://peoplesnortheast.com/former-indian-cricketer-sanjay-manjrekar-reacts-on-cjp-protests/): দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে দিল্লীত ককৰোচ্চ জনতা পাৰ্টি (চিজেপি)য়ে সাব্যস্ত কৰিছে বিশাল প্ৰতিবাদ। প্ৰতিবাদক অবৈধ আখ্যা দি ইতিমধ্যে দিল্লী আৰক্ষীয়ে আটক কৰিছে জনপ্ৰিয় ইউটিউবাৰ ধ্ৰুৱ ৰাথী, চিজেপিৰ প্ৰতিষ্ঠাপক অভিজিত দীপকে, আশুতোষ ৰাংকাকে ধৰি আন কেইবাজনো বিৰোধী ৰাজনৈতিক দলৰ শীৰ্ষ নেতাক। যন্তৰ মন্তৰত সাব্যস্ত কৰিবলগীয়া এই প্ৰতিবাদ ৰোধৰ বাবে দিল্লীৰ ভিন্ন স্থানত মোতায়েন কৰা হৈছে বিশাল আৰক্ষী বাহিনী। প্ৰতিবাদস্থলীত প্ৰৱেশ কৰিব নিদিয়াত আৰক্ষীৰে হতাহতিত লিপ্ত হৈছে প্ৰতিবাদকাৰী। দিল্লী আৰক্ষীৰ বাধাৰ পিছতে চিজেপিৰ সমৰ্থনত ওলাই অহা হাজাৰ-হাজাৰ প্ৰতিবাদকাৰীয়ে দিল্লীৰ ঠায়ে ঠায়ে এতিয়া সাব্যস্ত কৰিছে প্ৰতিবাদ। দিল্লী আৰক্ষীৰ এই কাৰ্যক বহুতে সমালোচনা কৰাৰ লগতে প্ৰতিবাদলৈ সমৰ্থন আগবঢ়াইছে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ তথা […] - [নিউজিলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা](https://peoplesnortheast.com/ind-vs-nz-bhuvneshwar-kumar-returns-after-four-years/): মঙলবাৰে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড চমুকৈ বিচিচিআইয়ে নিউজিলেণ্ডৰ বিৰুদ্ধে পাঁচখন মেচৰ টি-২০ শৃংখলাৰ বাবে ঘোষণা কৰে ভাৰতীয় দল। প্ৰায় চাৰি বছৰৰ মূৰত ভাৰতীয় দললৈ প্ৰত্যাৱৰ্তন ঘটিছে প্ৰবীণ বেগী বলাৰ ভুৱনেশ্বৰ কুমাৰৰ। ২০২২ চনৰ নৱেম্বৰ মাহত ভাৰতৰ হৈ অন্তিমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছিল। দলটোত আছে বৈভৱ সূৰ্য্যবংশীও। দলত আছে। নিউজিলেণ্ডত অনুষ্ঠিত হ’বলগীয়া টি-২০ শৃংখলাৰ বাবে ভাৰতীয় দল শ্ৰেয়াছ আয়াৰ (অধিনায়ক), অভিষেক শৰ্মা, সঞ্জু ছেমছন (উইকেটকীপাৰ), বৈভৱ সূৰ্য্যবংশী, ঈশান কিষাণ (উইকেটকীপাৰ), তিলক বৰ্মা (উপ অধিনায়ক), অক্ষৰ পেটেল, শিৱম ডুবে, নীতিশ কুমাৰ ৰেড্ডী, নমন ধীৰ, প্ৰিন্স যাদৱ, মায়ংক যাদৱ, অৰ্শদীপ সিং, ভুৱনেশ্বৰ কুমাৰ, বৰুণ চক্ৰৱৰ্তী, কুলদীপ যাদৱ। উল্লেখ্য যে, ৩৬ বছৰীয়া ভুৱনেশ্বৰে ভাৰতৰ হৈ […] - [ইউক্ৰেইনস্থিত ভাৰতীয় ফাৰ্মাচিউটিকেল প্লাণ্টত ৰাছিয়াৰ ভয়ংকৰ আক্ৰমণ, ৪০০ কোটি টকাৰ লোকচান](https://peoplesnortheast.com/indian-run-kusum-pharma-plant-in-ukraine-hit-by-russian-drones/): ইউক্ৰেইনৰ ছুমিস্থিত ভাৰতৰ কুছুম গ্ৰুপৰ সৈতে জড়িত এটা ডাঙৰ ফাৰ্মা প্লাণ্টত ৰাছিয়াৰ তৰফৰ পৰা ভয়ংকৰ আক্ৰমণ সংঘটিত কৰাৰ খবৰ পোহৰলৈ আহিছে। এই ড্ৰ’ন আক্ৰমণত এজন লোক নিহত হোৱাৰ লগতে কেইবাজনো আহত হয়। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি ঔষধ উদ্যোগটোৰ মূল ভৱনটো যথেষ্ট ক্ষতিগ্ৰস্ত হোৱাৰ লগতে এটা বৃহৎ অংশ প্ৰায় সম্পূৰ্ণৰূপে ধ্বংস হৈছে। উদ্ধাৰ আৰু সাহায্য অভিযানৰ তথ্যৰ ভিত্তিত মৃত আৰু আহতসকলৰ সংখ্যা সলনি হোৱাৰ সম্ভাৱনা আছে। ড্ৰ’ন আক্ৰমণৰ পিছত প্ৰকাশ পোৱা ভিডিঅ’ আৰু ফটোত দেখা গৈছে যে উদ্যোগটোৰ চৌপাশ ধোঁৱাই আৱৰি ধৰিছে। এই আক্ৰমণৰ ফলত ফাৰ্মাচিউটিকেল প্লাণ্টটোৰ মূল গঠনত যথেষ্ট ক্ষতিসাধন হয়। স্থানীয় কৰ্তৃপক্ষই ক্ষয়-ক্ষতি আৰু হতাহতিৰ মূল্যায়ন কৰি আছে। […] - [ৰাজ্যসভাৰ দুখন আসনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা বিজেপিৰ](https://peoplesnortheast.com/bjp-candidates-for-biennial-election-to-the-rajya-sabha-from-uttarakhand-west-bengal/): দেওবাৰে ভাৰতীয় জনতা পাৰ্টি চমুকৈ বিজেপিয়ে ৰাজ্যসভাৰ খালী হৈ থকা দুখন আসনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। বিজেপিয়ে পশ্চিম বংগৰ পৰা কোয়েল মল্লিক আৰু উত্তৰাখণ্ডৰ পৰা দীনেশ আৰ্যক ৰাজ্যসভাৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। দুয়োখন আসনতেই বিজেপিয়ে সহজেই জয়ী হ’ব বুলি অনুমান কৰা হৈছে। কিয়নো পৰিসংখ্যা অনুসৰি দুয়োখন ৰাজ্যতে অৰ্থাত পশ্চিম বংগ আৰু উত্তৰাখণ্ডত বিজেপিৰ বিধায়কৰ সংখ্যা বিৰোধীতকৈ যথেষ্ট অধিক। উল্লেখ্য যে এই দুখন আসনৰ বাবে অহা ১৬ অক্টোবৰত নিৰ্বাচন অনুষ্ঠিত হ’ব। ৰাতিপুৱা ৯ বজাৰ পৰা বিয়লি ৪ বজালৈ হ’ব ভোটগ্ৰহণ। ভোটগ্ৰহণ অন্ত পৰাৰ পিছতেই ঘোষণা কৰা হ’ব ফলাফল। কোয়েল মল্লিক চলিত বৰ্ষৰ ৬ এপ্ৰিলত তৃণমূল কংগ্ৰেছৰ হৈ ৰাজ্যসভাৰ সাংসদ হিচাপে শপত […] - [ৰখাই থোৱা ট্ৰাকত প্ৰচণ্ড খুন্দা ছহিদ জোৱান কঢ়িয়াই নিয়া এম্বুলেঞ্চলৰ, ৪ গৰাকীৰ মৃত্যু](https://peoplesnortheast.com/4-die-as-ambulance-carrying-soldiers-body-crashes-into-truck/): দেওবাৰে পুৱা উত্তৰ প্ৰদেশৰ ছুলতানপুৰৰ পূৰ্বাঞ্চল এক্সপ্ৰেছৱেত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। পঞ্চকুলাৰ পৰা এগৰাকী সেনা জোৱানৰ মৃতদেহ কঢ়িয়াই নিয়া এম্বুলেঞ্চে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা এখন ট্ৰাকত প্ৰচণ্ড জোৰত খুন্দা মাৰে। এই ঘটনাত এম্বুলেঞ্চত থকা চাৰিওগৰাকী লোকৰে মৃত্যু হয়। দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। আৰক্ষীয়ে জানিব দিয়া মতে হালিয়াপুৰ থানাৰ অন্তৰ্গত মাইলষ্টোন ৭৯.৬ৰ সমীপত ৰাতিপুৱা প্ৰায় ৮ বজাত এই দুৰ্ঘটনাটো সংঘটিত হয়। জানিব পৰা অনুসৰি চণ্ডীগড়/পঞ্চকুলাত ছহিদবৰণ কৰা সুবেদাৰ সত্যবান সিঙৰ মৃতদেহ লৈ এম্বুলেঞ্চখন দেৱৰীয়ালৈ আহি আছিল। এম্বুলেঞ্চখনত আছিল ছহিদ পৰিয়ালৰ দুগৰাকী লোকৰ উপৰি সেনাৰ এজন জোৱান আৰু এম্বুলেঞ্চখনৰ চালক। দুৰ্ঘটনাটো […] - [নিৰ্বাচন আয়োগৰ বিৰুদ্ধে গৰজিব থাকৰে ভাতৃদ্বয়; কংগ্ৰেছ, NCPয়েও ভাগ ল'ব বিশাল ৰেলীত](https://peoplesnortheast.com/thackeray-cousins-october-4-protest-march/): দেওবাৰে মহাৰাষ্ট্ৰত বিৰোধী দলসমূহে দেশৰ নিৰ্বাচন আয়োগৰ কাৰ্যপ্ৰণালী আৰু SIRত হোৱা বিসংগতিৰ বিৰুদ্ধে বিশাল প্ৰতিবাদী সভা অনুষ্ঠিত কৰিব। শিৱসেনা (UBT) প্ৰধান উদ্ধৱ থাকৰে আৰু মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনা (MNS) প্ৰধান ৰাজ থাকৰেই এই ‘গৰ্জনা মাৰ্চ’ৰ নেতৃত্ব দিব। এই বিশাল প্ৰতিবাদী ৰেলীত কংগ্ৰেছৰ লগতে শাৰদ পাৱাৰ গোটৰ NCP দলেও অংশ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখ্য যে, এই প্ৰতিবাদী ৰেলীৰ বাবে প্ৰথমে নিৰ্ধাৰণ কৰা পথ মুম্বাই আৰক্ষীৰ অনুৰোধত সলনি কৰা হৈছে। শেহতীয়াকৈ জানিব পৰা অনুসৰি, এই ৰেলী মেট্ৰ’ চিনেমাৰ পৰা আৰম্ভ হৈ BMC মুখ্য কাৰ্যালয়ত অন্ত পৰিব। ৰেলীত বিৰোধী দলসমূহৰ কাৰ্যকৰ্তাৰ লগতে বৃহত সংখ্যক সমৰ্থক গোট খোৱাৰ সম্ভাৱনা আছে। ৰেলীৰ অন্তৰ পিছতে শীৰ্ষ পৰ্যায়ৰ […] - [জ্ঞানেশ কুমাৰক ভাৰত ৰত্ন দিব লাগে নেকি? চৰ্চা সন্দৰ্ভত কি ক'লে সাংসদ ইউছুফ পাঠানে?](https://peoplesnortheast.com/yusuf-pathan-reaction-on-speculation-of-cec-gyanesh-kumar-demanding-bharat-ratna/): নেশ্যনেল চিটিজেন্স পাৰ্টি অৱ ইণ্ডিয়া (NCPI)ৰ সাংসদ ইউছুফ পাঠানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰৰ জৰিয়তে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰতৰত্ন দিব লাগে বুলি ওলোৱা খবৰৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ স্পষ্টভাৱে কয় যে তেওঁ এনে কোনো অনুৰোধ কৰা নাই। ইউছুফ পাঠানে বৃহস্পতিবাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা পোষ্ট শ্বেয়াৰ কৰে। পোষ্টটোত তেওঁ কয়, ‘পশ্চিম বংগ, মুৰ্ছিদাবাদ, বাহাৰামপুৰ, আৰু সমগ্ৰ দেশৰ মানুহে ভোটাধিকাৰৰ বাবে মাত মাতিছে। এনে সময়ত মই কাৰোবাক বঁটাৰ বাবে পৰামৰ্শ দিমনে? মই এনে কোনো চিঠি লিখা নাই।’ এন চি পি আইৰ সাংসদ ইউছুফ পাঠানে কয়, ‘মই মাত্ৰ মোৰ নামত কাহিনী ৰচনা কৰাসকলক সুধিব বিচাৰিছো যে যদি […] - ['মই সকলোকে মৰিব দিব নোৱাৰো...', প্ৰধানমন্ত্ৰী মোদীৰ সন্মুখত আৱেগিক বিশ্ব বন্দিত পাইলট স্মিত মচ্চাৰ](https://peoplesnortheast.com/flydubai-flight-pilot-captain-smit-machchhar/): ১৭০ৰো অধিক বিমান যাত্ৰীক নিশ্চিত মৃত্যু মুখৰ পৰা প্ৰাণ বচাই বিশ্ব বন্দিত ফ্লাই ডুবাইৰ সাহসী ভাৰতীয় পাইলট স্মিত মচ্চাৰৰ সৈতে আজি ফোনযোগে বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বাৰ্তালাপৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে পাইলটগৰাকীক ভূয়সী প্ৰশংসা কৰাৰ লগতে তেওঁক ভাৰতত উষ্ম আদৰণি জনাবলৈ দেশবাসী উদগ্ৰীৱ হৈ আছে বুলিও কয়। প্ৰধানমন্ত্ৰী মোদীৰ সৈতে হোৱা ভিডিঅ’ বাৰ্তালাপত পাইলট মচ্চাৰে বিমানখনত তেওঁৰ ওপৰত কিদৰে আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল, সেই প্ৰতিটো মুহূৰ্তৰ ঘটনা এটা এটাকৈ বৰ্ণনা দি যোৱা পৰিলক্ষিত হয়। তেওঁ প্ৰধানমন্ত্ৰী মোদীক কয়, ‘মই পৰি গৈছিলো, কিন্তু মোৰ এনেকুৱা লাগিছিল যে মই একো নকৰিলে… যদি মই থিয় হ’ব নোৱাৰো তেন্তে… মই ১৭ বছৰ ধৰি বিমান উৰুৱাই […] - [ঘোষণা হ'ল ২০২৭ এদিনীয়া বিশ্বকাপৰ সূচী; গ্ৰুপ পৰ্যায়তে মুখামুখি হ'ব ভাৰত-পাকিস্তান](https://peoplesnortheast.com/icc-mens-cricket-world-cup-fixture-announced/): আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ চমুকৈ আই চি চিয়ে ঘোষণা কৰিলে ২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ সূচী। কেপ টাউনৰ জেইটজ মিউজিয়াম অৱ কন্টেম্পৰেৰী আৰ্ট আফ্ৰিকাত অনুষ্ঠিত হৈছে বিশ্বকাপৰ সূচী মুকলি অনুষ্ঠান। একেটা গ্ৰুপতে ভাৰত আৰু পাকিস্তান ২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ বাবে ১২টা দলক দুটা গ্ৰুপত ভাগ কৰা হৈছে। গ্ৰুপ এ’ত ভাৰত আৰু পাকিস্তানৰ লগতে অষ্ট্ৰেলিয়া, আফগানিস্তান, জিম্বাব’ৱে, আৰু কোৱালিফায়াৰ এৰ দলটো অন্তৰ্ভুক্ত কৰা হৈছে। আনহাতে গ্ৰুপ বি’ত আছে বাংলাদেশ, ইংলেণ্ড, দক্ষিণ আফ্ৰিকা, শ্ৰীলংকা, নিউজিলেণ্ড, আৰু কোৱালিফায়াৰ বি। ভাৰতে ডিফেণ্ডিং চেম্পিয়ন অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৭ অক্টোবৰত আৰম্ভ কৰিব বিশ্বকাপৰ অভিযান। ১০ অক্টোবৰত চিৰপ্ৰতিদ্বন্দ্বী পাকিস্তানৰ বিৰুদ্ধে মুখামুখি হ’ব ভাৰত। ১৪ অক্টোবৰত আফগানিস্তান, ১৭ অক্টোবৰত কোৱালিফায়াৰ এ’ৰ বিৰুদ্ধে […] - [স্বৰ্ণ পদকৰ যুঁজত ভাৰত-পাকিস্তান, জানো আহক মেচৰ সময় আৰু ক'ত চাব পাৰিব LIVE](https://peoplesnortheast.com/asian-games-cricket-sl-bowled-out-for-45-india-face-pak-in-final/): জাপানৰ আইচি নাগোয়াত চলি থকা এছিয়ান গেমছ ২০২৬ৰ ক্ৰিকেট ইভেণ্টৰ স্বৰ্ণ পদকৰ যুঁজত মুখামুখি হ’ব ভাৰত-পাকিস্তান। ছেমিফাইনেলত ভাৰতে শ্ৰীলংকা দলক ১২৪ ৰানৰ বৃহত ব্যৱধানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। ইফালে, আন এখন ছেমিফাইনেলত পাকিস্তান দলে বাংলাদেশক পৰাস্ত কৰি প্ৰৱেশ কৰে ফাইনেলত। বৰষুণৰ বাবে মেচখন ১৩ অভাৰলৈ হ্ৰাস কৰা হৈছিল, য’ত ছাহিবজাদা ফাৰহান বাহিনীয়ে ৬ উইকেটত জয়ী হয়। উল্লেখ্য যে, এছিয়ান গেমছৰ ডিফেণ্ডিং চেম্পিয়ন হৈছে ভাৰত। এছিয়ান গেমছৰ বিগত সংস্কৰণতো টীম ইণ্ডিয়াই স্বৰ্ণ পদক অৰ্জন কৰিছিল। প্ৰতিযোগিতাখনত ভাৰত আৰু পাকিস্তান দুয়োটা দলে পোনপটীয়াকৈ প্ৰৱেশ কৰিছিল কোৱাৰ্টাৰ ফাইনেলত। কিন্তু বৰষুণৰ বাবে দুয়োটা দলৰে বাতিল হৈছিল নিজৰ নিজৰ কোৱাৰ্টাৰ ফাইনেল মেচ। পৰৱৰ্তী সময়ত ICC […] - [লছ এঞ্জেলছ কাউণ্টি মিউজিয়াম অব আৰ্টত সংৰক্ষিত বৃন্দাবনী বস্ত্ৰ প্ৰত্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ](https://peoplesnortheast.com/vrindavani-vastra-at-los-angeles-county-museum-of-art/): অসম বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসে মঙলবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ লছ এঞ্জেলছ কাউণ্টি মিউজিয়াম অব আৰ্ট (Los Angeles County Museum of Art )ত সংৰক্ষিত হৈ থকা জগৎ গুৰু শ্ৰীমন্ত শংকৰদেৱৰ আপুৰুগীয়া সৃষ্টি বৃন্দাবনী বস্ত্ৰৰ সংৰক্ষিত হৈ থকা এটা অংশ ডিজিটেলি প্ৰত্যক্ষ কৰে। উল্লেখ্য যে এই বস্ত্ৰখনৰ সংৰক্ষণৰ ক্ষেত্ৰত বিশেষ সাৱধানতা অৱলম্বন কৰিবলগীয়া হোৱা হেতু বস্ত্ৰখন এবছৰৰ বাবে প্ৰদৰ্শন কৰা হয় আৰু তাৰ পাছত আল্ট্ৰা ভায়’লেট ৰশ্মিৰ দ্বাৰা যাতে ইয়াৰ প্ৰকৃত ৰং বিনষ্ট নহয় তাৰ সংৰক্ষণৰ বাবে বিশেষ সংৰক্ষণ কোঠাত ৰখা হয়। মিউজিয়াম কৰ্তৃপক্ষই জনোৱা মতে, অহা ২০২৭ চনৰ মে’ মাহৰ পৰা পুনৰ এবছৰৰ বাবে বৃন্দাবনী বস্ত্ৰৰ এই অংশটো দৰ্শনাৰ্থীৰ প্ৰদৰ্শনৰ বাবে ৰখা […] - [ৰন্ধন গেছ পাবলৈ কৰিব লাগিব এই কাম, নহ'লে নাপাব চিলিণ্ডাৰ...](https://peoplesnortheast.com/providing-otp-will-be-mandatory-receive-gas-cylinder/): কাইলৈ অৰ্থাত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ব অক্টোবৰ মাহ আৰু মাহটোৰ প্ৰথম দিনটোৰ পৰাই সলনি হৈ পৰিব এল পি জি চিলিণ্ডাৰ লোৱাৰ নিয়ম। ১ অক্টোবৰৰ পৰা গেছ চিলিণ্ডাৰ লোৱাৰ সময়ত গ্ৰাহকে প্ৰদান কৰিব লাগিব OTP। যদিহে কোনো গ্ৰাহকে OTP দিব নোৱাৰে তেন্তে সেই গ্ৰাহকজনে নাপাব বুক কৰি থোৱা চিলিণ্ডাৰ। প্ৰকৃততে এতিয়ালৈকে OTP নোহোৱাকৈয়ে গ্ৰাহকসকলে লাভ কৰি আহিছিল গেছ চিলিণ্ডাৰ। কিন্তু ১ অক্টোবৰৰ পৰা এই ক্ষেত্ৰত দেখা পোৱা যাব কিছু কঠোৰ নিয়ম। যেতিয়া চিলিণ্ডাৰৰ ডেলিভাৰী ল’ব তেতিয়া আপোনাৰ মোবাইলত এটা OTP আহিব আৰু সেইটো প্ৰদান কৰাটো হ’ব বাধ্যতামূলক। অৰ্থাত ইয়াৰ পৰা এই কথা স্পষ্ট হৈ পৰিছে যে ১ অক্টোবৰৰ পৰা OTP প্ৰদান কৰিব […] - [দুটাকৈ স্বৰ্ণসহ ৮টা মেডেল... এছিয়ান গেমছৰ দশমটো দিনত ভাৰতীয় খেলুৱৈৰ চমকপ্ৰদ প্ৰদৰ্শন](https://peoplesnortheast.com/asian-games-2026-day-10/): জাপানৰ আইচি নাগোয়াত চলি থকা এছিয়ান গেমছ ২০২৬ৰ দশমটো দিন ভাৰতৰ বাবে এক ঐতিহাসিক আৰু গৌৰৱোজ্জ্বল দিন হিচাপে পৰিগণিত হৈছে। আজিৰ দিনটোত ভাৰতে দুটা স্বৰ্ণ, এটা ৰূপ আৰু পাঁচটা ব্ৰঞ্জৰ পদকৰ সৈতে লাভ কৰে মুঠ ৮টা পদক। প্ৰতিযোগিতাখনত ভাৰতক পঞ্চমটো স্বৰ্ণ প্ৰদান কৰে মহিলাৰ 4×400 মিটাৰ ৰিলে দলটোৱে। আনহাতে শ্বুটিঙত মহিলাৰ ব্যক্তিগত ট্ৰেপ ইভেণ্টত নীৰু ধাণ্ডাইয়ে দেশক ষষ্ঠটো স্বৰ্ণ পদক প্ৰদান কৰে। আনহাতে দিনটোৰ একমাত্ৰ ৰূপৰ পদকটো মহিলা শ্বুটিঙৰ ট্ৰেপ ইভেণ্টৰ জৰিয়তে আহে। আনহাতে বাকী পাঁচটা ব্ৰঞ্জৰ পদক অন্য অন্য ইভেণ্টৰ জৰিয়তে ভাৰতে লাভ কৰে। প্ৰতিযোগিতাখনৰ দশমটো দিনাৰ অন্তত ভাৰতে ৬টা সোণ, ২১টা ৰূপ আৰু ২৫টা ব্ৰঞ্জসহ মুঠ ৫২টা পদকৰ সৈতে […] - [CISF কৰ্মীৰ মাজত ভয়ংকৰ গুলীচালনা; ৪ জোৱানৰ মৃত্যু](https://peoplesnortheast.com/jammu-cisf-camp-firing-between-personnel-in-kathua/): জম্মুৰ কঠুৱা জিলাত সংঘটিত হৈছে এক ভংয়কৰ গুলীচালনাৰ ঘটনা। চি আই এছ এফ জোৱানৰ মাজত হোৱা গুলীচালনাত মৃত্যু হয় চাৰিজন জোৱানৰ। ইয়াৰ ভিতৰত আছে এজন সহকাৰী কামাণ্ডেণ্ট আৰু এজন পৰিদৰ্শক। বাসোলিৰ মাস্কা অঞ্চলৰ সেৱা শক্তি প্ৰকল্পৰ চি আই এছ এফৰ শিবিৰত সংঘটিত হয় এই ঘটনা। তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। সন্ধিয়া প্ৰায় ৭ বজাত সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো। প্ৰাৰম্ভিক খবৰ অনুসৰি কোনো এটা বিষয়ক লৈ চি আই এছ এফৰ জোৱানৰ মাজত সৃষ্টি হয় বিবাদৰ। প্ৰাৰম্ভিক বিবাদে ভয়ংকৰ ৰূপ ধাৰণ কৰে আৰু এজন জোৱানে সতীৰ্থৰ ওপৰত ধাৰাসাৰ গুলীবৰ্ষণ কৰে। এই ঘটনাত চি আই এছ […] - ['কাইলৈ আহি আছো অসমলৈ...', সামাজিক মাধ্যমত হুংকাৰ CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেৰ](https://peoplesnortheast.com/abhijit-dipke-to-visit-assam-tomorrow/): আজি অসম আৰক্ষীয়ে গুৱাহাটীৰ পৰা ককৰোচ্চ জনতা পাৰ্টি চমুকৈ CJPৰ সহ-প্ৰতিষ্ঠাপক আশুতোষ ৰাংকাকে ধৰি কেইবাজনো কৰ্মীক আটক কৰিছে। আৰক্ষীৰ এই কাৰ্যত ক্ষুন্ন হৈ CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেই এক নতুন বিবৃতিৰ জৰিয়তে সোমবাৰে তেওঁ ​​অসমলৈ আহিব বুলি উল্লেখ কৰে। দীপকেই সামাজিক মাধ্যম এক্সযোগে এটা পোষ্টত লিখিছে, ‘আশুক এতিয়াও আৰক্ষীয়ে মুকলি কৰি দিয়া নাই বাবে মই কাইলৈ ​​পুৱা অসমলৈ যাম। গ্ৰেপ্তাৰ বা জেলৰ ভাবুকিয়ে আমাক ভয় খুৱাব নোৱাৰিব। ইচ্ছা কৰিলে কাইলৈ ​​মোক বিমানবন্দৰৰ পৰা গ্ৰেপ্তাৰ কৰিব পাৰিব।’ I’ll be flying to Assam tomorrow morning, as Ashu has still not been released by the police.We are not going to cave in to threats of […] - [বিতৰ্কৰ মাজতে নিৰ্বাচন আয়োগৰ গুৰুত্বপূৰ্ণ বৈঠক; ল'লে কেইবাটাও ডাঙৰ সিদ্ধান্ত](https://peoplesnortheast.com/eci-meeting-amid-controversy/): দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক লৈ চলি থকা বিতৰ্কৰ মাজতে শনিবাৰে নিৰ্বাচন আয়োগে এখন ডাঙৰ বৈঠকত মিলিত হৈছে। এই গুৰুত্বপূৰ্ণ বৈঠকত তিনিওগৰাকী আয়ুক্ত ক্ৰমে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ, সুখবীৰ সান্ধু আৰু বিবেক যোশী উপস্থিত থাকে। এই বৈঠকত সিদ্ধান্ত লোৱা হৈছে যে ফৰ্ম ৬ক লৈ হোৱা বিতৰ্কটো আচলতে কোনো ডাঙৰ বিষয় নহয়। উচ্চতম ন্যায়ালয়েও ফৰ্ম ৬ৰ ঘোষণাক সমৰ্থন কৰিছে। কেবিনেট সচিবলৈ লিখা পত্ৰখন নিৰ্বাচন আয়োগৰ নীতিগত সিদ্ধান্তৰ সৈতে কোনো সম্পৰ্ক নাই বুলিও আয়োগে উল্লেখ কৰে। বৈঠকত নিৰ্বাচন আয়োগে কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় শনিবাৰে নিৰ্বাচন আয়োগে জাৰি কৰা এক আনুষ্ঠানিক বিবৃতি অনুসৰি বৈঠকৰ সময়ত মুখ্য নিৰ্বাচন আয়ুক্ত আৰু আন […] - [মমতা গোটৰ বিধায়ক কুনাল ঘোষৰ ওপৰত আক্ৰমণ, ভাঙি পেলালে গাড়ীৰ খিড়িকী](https://peoplesnortheast.com/tmc-mla-kunal-ghosh-attacked-while-on-his-way-to-mamata-banerjee-meeting/): পশ্চিম বংগৰ পৰা আহিছে এক ডাঙৰ খবৰ। ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে আহ্বান জনোৱা এখন বৈঠকত অংশগ্ৰহণ কৰিবলৈ যোৱা বিধায়ক কুনাল ঘোষৰ ওপৰত আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে। খবৰ অনুসৰি শ্ৰীৰামপুৰত অনুষ্ঠিত হ’বলগীয়া এখন বৈঠকৰ বাবে গৈ থকাৰ সময়তে হুগলীৰ উত্তৰপাৰাত বিধায়ক ঘোষৰ ওপৰত এই আক্ৰমণ সংঘটিত হয়। বিধায়ক কুনাল ঘোষক মমতা বেনাৰ্জীৰ অতি ঘনিষ্ঠ বুলি গণ্য কৰা হয়। কিন্তু আক্ৰমণৰ এই ঘটনাৰ পিছতে বৈঠকত অংশগ্ৰহণ নকৰি তেওঁ পুনৰ কলকাতালৈ উভতি যায়। ঘটনাৰ বিৱৰণী অনুসৰি, মমতা বেনাৰ্জীৰ সমাৱেশত অংশ ল’বলৈ গৈ থকাৰ সময়তে বিধায়ক ঘোষক হুগলীৰ উত্তৰপাৰাত একাংশ লোকে আগভেটি ধৰি কণী নিক্ষেপ কৰাৰ লগতে ভাঙি পেলাই তেওঁৰ গাড়ীৰ খিড়িকী। আক্ৰমণৰ […] - [বাংলাদেশত পুনৰ হিন্দু লোকৰ সৈতে কৰুণ ঘটনা; ড্ৰামৰ ভিতৰৰ পৰা উদ্ধাৰ নিৰঞ্জনৰ দেহ](https://peoplesnortheast.com/hacked-to-death-stuffed-into-a-drum-and-dumped-in-a-canal/): বাংলাদেশত সংখ্যালঘু হিন্দু সম্প্ৰদায়ৰ বিৰুদ্ধে অব্যাহত আছে অত্যাচাৰৰ ঘটনা। এইবাৰ বাংলাদেশৰ মৈমনসিং সদৰ অঞ্চলৰ এটা নলাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে ড্ৰামত ভৰাই থোৱা এজন হিন্দু সোণাৰীৰ ক্ষত-বিক্ষত মৃতদেহ। নিহত লোকজন মৈমনসিং জিলাৰ ত্ৰিশাল মহকুমাৰ বাসিন্দা ৰমেশ চন্দ্ৰ সূত্ৰধৰৰ পুত্ৰ নিৰঞ্জন চন্দ্ৰ সূত্ৰধৰ (৫০) বুলি জানিব পৰা গৈছে। পেছাত এগৰাকী সোণৰ মিস্ত্ৰী নিৰঞ্জনে নিজৰ পৰিয়ালৰ সৈতে মৈমনসিং চহৰৰ ষ্টেডিয়ামৰ সমীপত ভাড়াঘৰত বাস কৰিছিল। বৃহস্পতিবাৰে সন্ধিয়া আৰক্ষীয়ে মৃত লোকজনৰ পৰিচয় ৰাজহুৱা কৰে। আৰক্ষী আৰু স্থানীয় সূত্ৰৰ তথ্য অনুসৰি বুধবাৰে পুৱা মৈমনসিং চহৰৰ বেগুনবাৰী শ্লুইচ গেটৰ সমীপত নলাত এটা প্লাষ্টিকৰ ড্ৰাম ওপঙি থকা দেখা পায়। সন্দেহ ওপজাত স্থানীয় লোকে লগে লগে থানাত খবৰ দিয়ে। […] - [এছিয়ান গেমছত অঘটন; নেপালৰ হাতত পৰাস্ত আফগানিস্তান](https://peoplesnortheast.com/asian-games-nepal-beat-afghanistan-by-5-wickets-in-cricket-event/): আইচি নাগোয়া এছিয়ান গেমছৰ ক্ৰিকেট ইভেণ্টত দেখা পোৱা গ’ল প্ৰথমটো অঘটন। তুলনামূলকভাৱে বহুত দুৰ্বল বা সহযোগী (Associate) দলে শক্তিশালী আফগানিস্তান দলক ৫ উইকেটত পৰাস্ত কৰি সমগ্ৰ ক্ৰিকেট অনুৰাগীক আচৰিত কৰি তুলিছে। জাপানৰ নিশিন কোৰোগী স্প’ৰ্টছ পাৰ্কত অনুষ্ঠিত মেচখনত আফগানিস্তান দলে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত সংগ্ৰহ কৰে মাত্ৰ ১০২ ৰান। প্ৰত্য়ুত্তৰত নেপালে ১৮ অভাৰতে পাঁচ উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয়। নেপালৰ হৈ সুন্দীপ জোৰাই ৩৪ আৰু ৰোহিত পোড়োলে ৩৩ ৰানৰ ইনিংছ খেলে। উল্লেখ্য যে, প্ৰথমে বেট ধৰিবলৈ অহা আফগানিস্তানৰ আৰম্ভণি আছিল যথেষ্ট নিৰাশাজনক। অপেনাৰ দ্বয় ক্ৰমে মহম্মদ আক্ৰাম ২ আৰু হাছান ইছাখিলে শূন্যতে পেভেলিয়নলৈ ওভতে। ইনিংছৰ পঞ্চমটো অভাৰত আফগানিস্তান […] - [১২ ঘণ্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে দুটাকৈ অভিযোগ](https://peoplesnortheast.com/mahua-moitra-files-police-complaint-against-cec-gyanesh-kumar/): দেশৰ এখন আগশাৰীৰ ৰাষ্ট্ৰীয় বাতৰি কাকতত নিৰ্বাচন আয়োগ সম্পৰ্কে প্ৰকাশিত এক অনুসন্ধানমূলক প্ৰতিবেদনে দেশজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। প্ৰতিবেদনত মূল অভিযুক্ত সজোৱা দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে বিগত ১২ ঘণ্টাৰ ভিতৰত দাখিল কৰা হৈছে দুটাকৈ অভিযোগ। প্ৰথমে উচ্চতম ন্যায়ালয়ৰ এজন অধিবক্তাই এটৰ্ণি জেনেৰেলক পত্ৰৰ জৰিয়তে মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে ক্ৰিমিনেল কণ্টেম্পটৰ গোচৰ আৰম্ভ কৰাৰ বাবে অনুমতি বিচাৰিছে। ইয়াৰ উপৰি মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল সাংসদ মহুৱা মৈত্ৰইও মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে থানাৰ কাষ চাপিছে। বৃহস্পতিবাৰে দুপৰীয়া পশ্চিম বংগৰ তৃণমূলৰ সাংসদ মহুৱা মৈত্ৰই দিল্লীৰ পাৰ্লিয়ামেণ্ট ষ্ট্ৰীট থানাত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে। অভিযোগ দাখিলৰ পূৰ্বে সাংসদগৰাকীয়ে সংবাদ মাধ্যমত প্ৰকাশিত প্ৰতিবেদনৰ […] - [৩৩ লাখ ভোটাৰলৈ জাননী; নিৰ্বাচন আয়োগৰ পৰা উত্তৰ বিচাৰিলে সৰ্বোচ্চ ন্যায়ালয়ে](https://peoplesnortheast.com/delhi-sir-supreme-court-questions-eci/): দিল্লীত চলি থকা ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ সন্দৰ্ভত দাখিল কৰা এখন আবেদনৰ শুনানি গ্ৰহণ কৰে দেশৰ উচ্চতম ন্য়ায়ালয়ে। শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে এই বিষয়ত নিৰ্বাচন আয়োগক জাননী জাৰি কৰি দুসপ্তাহৰ ভিতৰত উত্তৰ বিচাৰে। মঙলবাৰে আদালতে কয় যে বৃহৎ সংখ্যক ভোটাৰলৈ প্ৰেৰণ কৰা জাননীসমূহ চিন্তা চৰ্চা নকৰাকৈ বা মেচিনৰ সহায়ত জাৰি কৰা যেন অনুভৱ হৈছে। মুখ্য ন্যায়াধীশ সূৰ্য্য কান্ত, ন্যায়াধীশ জয়মালা বাগচি, ন্যায়াধীশ ভি মোহনাৰে গঠিত বিচাৰপীঠে ভাৰতীয় নিৰ্বাচন আয়োগক যুক্তিসংগত অমিল চিনাক্তকৰণৰ ভিত্তি স্পষ্ট কৰিবলৈ নিৰ্দেশ দিয়ে। আবেদনকাৰীৰ হৈ অধিবক্তা প্ৰশান্ত ভূষনে আদালতত যুক্তি দিয়ে যে দিল্লীৰ খচৰা ভোটাৰ তালিকাৰ পৰা ৪৭ লাখৰো অধিক নাম আঁতৰোৱা হৈছে। তদুপৰি তথ্যৰ অভাৱৰ কথা […] - [পাহাৰীয়া ৰাজ্য মেঘালয়ত বৃহৎ ৰাজনৈতিক পট পৰিৱৰ্তন; বিজেপিত যোগদান ৮ UDP বিধায়কৰ](https://peoplesnortheast.com/meghalaya-8-udp-mlas-join-bjp-in-delhi/): অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয়ত হঠাতে দেখা পোৱা গ’ল বৃহৎ ৰাজনৈতিক পট পৰিৱৰ্তন। দীৰ্ঘ সময়ৰ পৰা চলি থকা জল্পনা-কল্পনাৰ অন্ত পেলাই ইউনাইটেড ডেম’ক্ৰেটিক পাৰ্টি চমুকৈ ইউডিপিৰ ৮ গৰাকী বিধায়কে যোগ দিলে বিজেপিত। বুধবাৰে নতুন দিল্লীস্থিত বিজেপিৰ কেন্দ্ৰীয় কাৰ্যালয়ত এই ৮ গৰাকী বিধায়কে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে। এই ব্যাপক যোগদান কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু, ৰাষ্ট্ৰীয় মুখপাত্ৰ সম্বিত পাত্ৰ আৰু প্ৰদেশ অধ্যক্ষ অনিল এণ্টনি উপস্থিত থাকে। দলৰ প্ৰতি মোহভংগ হৈ বিজেপিত যোগদান কৰা এই ৮ গৰাকী বিধায়ক হৈছে লাকমেন ৰিম্বুই, কিৰমেন শিল্পা, ওলান সিং সুইন, মেথিউ বেয়ণ্ডষ্টাৰ কৰবাহ, মায়ৰালবৰ্ণ ছিয়েম, পিউছ মাৰউইন, চিনহাৰ থাবাহ আৰু বালাজিদ ছিনৰেম। ইউডিপিৰ এই ৮ গৰাকী বিধায়কৰ বিজেপি […] - [মীৰাবাঈ চানুৱে ৰচিলে ইতিহাস; ২৮ বছৰৰ মূৰত ভাৰোত্তোলনত ভাৰতক দিলে ৰূপৰ পদক](https://peoplesnortheast.com/mirabai-chanu-finally-gets-her-elusive-asian-games-medal/): ভাৰতৰ তাৰকা ভাৰোত্তোলক মীৰাবাঈ চানুৱে ইতিহাস ৰচি প্ৰথমবাৰৰ বাবে এছিয়ান গেমছত লাভ কৰিলে ৰূপৰ পদক। মহিলাৰ ৪৯ কেজি ভাৰোত্তোলন শাখাত মণিপুৰৰ জীয়ৰী চানুৱে স্নেচ ৰাউণ্ডত ৮৭ কেজি আৰু ক্লীন এণ্ড জাৰ্ক ৰাউণ্ডত ১১১ কেজিৰ সহায়ত সৰ্বমুঠ ১৯৮ কেজি ওজন দাঙি ৰূপৰ পদক নিশ্চিত কৰে। আনহাতে ২১৫ কেজি ওজন দাঙি উত্তৰ কোৰিয়াৰ ৰী চোঙে সোণৰ পদক অৰ্জন কৰে। এছিয়ান গেমছত ৰী চোঙৰ এয়া ক্ৰমাগত তৃতীয়টো স্বৰ্ণ পদক। ২৮ বছৰৰ পিছত ৰচিলে ইতিহাস ১৯৫১ চনত ভাৰোত্তোলন খেল এছিয়ান গেমছত অন্তৰ্ভুক্ত হৈছিল। তেতিয়াৰ পৰা ভাৰতে এই পৰ্যন্ত ১৫টা মেডেল লাভ কৰিছে। ইয়াৰ ভিতৰত আছে ৬টা ৰূপ আৰু ৯টা ব্ৰঞ্জ। কিন্তু এই পৰ্যন্ত ভাৰোত্তোলনত ভাৰতে […] - [শুল্কৰ জৰিয়তে ৮খন যুদ্ধ বন্ধ কৰিছো : ড'নাল্ড ট্ৰাম্প](https://peoplesnortheast.com/donald-trump-un-speech/): ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত দিয়া ভাষণৰ সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বিশ্বজুৰি আঠখন যুদ্ধ বন্ধ কৰা বুলি দাবী কৰি পুনৰ এবাৰ ইৰাণক তীব্ৰ আক্ৰমণৰ লক্ষ্য কৰি লয়। ভাষণত তেওঁ ইৰাণক প্ৰত্যক্ষভাৱে ভাবুকি প্ৰদান কৰি শীঘ্ৰে এক চুক্তি কৰিবলৈ আহ্বান জনায়। ইয়াৰ লগতে ট্ৰাম্পে কয় যে যদিহে কোনো চুক্তি নকৰে তেন্তে ইৰাণক সম্পূৰ্ণৰূপে ধ্বংস কৰি দিয়া হ’ব। ট্ৰাম্পে কয় যে মোৰ সন্মুখত এটা ডাঙৰ সিদ্ধান্ত আছে। আমেৰিকাৰ হাতত দুটা বিকল্প আছে। প্ৰথম, ইৰাণৰ সৈতে চুক্তি কৰা আৰু দ্বিতীয়তো, নহ’লে ইৰাণক ধ্বংস কৰা। ইৰাণ সন্দৰ্ভত ট্ৰাম্পে দিয়া এই কঠোৰ ভাষণৰ মাজতে তাত উপস্থিত থকা তেহৰাণৰ প্ৰতিনিধি দলটোৱে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ পৰা ৱাক আউট কৰে। […] - [এছিয়ান গেমছত মহিলা ক্ৰিকেট দলে ৰচিলে ইতিহাস; শ্ৰীলংকাক পৰাস্ত কৰি জিনিলে স্বৰ্ণ](https://peoplesnortheast.com/indian-women-cricket-team-won-gold-medal/): ভাৰতৰ মহিলা ক্ৰিকেট দলৰ জৰিয়তে এছিয়ান গেমছ ২০২৬ত প্ৰথমটো স্বৰ্ণ পদক লাভ কৰিলে ভাৰতে। হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে ফাইনেলত শ্ৰীলংকা দলক ১৪৭ ৰানৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰি লাভ কৰে স্বৰ্ণ পদক। টছত জয়ী হৈ ভাৰতে প্ৰথমে বেটিং কৰি শ্বেফালী বাৰ্মা (৪৮), স্মৃতি মান্ধনা (৭৯) আৰু ৰিচা ঘোষ (৪৯)ৰ দৰ্শনীয় ইনিংছৰ সহায়ত ভাৰতে ২১৬ ৰান সংগ্ৰহ কৰে। ২১৭ ৰানৰ বিশাল লক্ষ্য অতিক্ৰম কৰিবলৈ আহি শ্ৰীলংকা দলটোৱে মাত্ৰ ভাৰতীয় বলাৰৰ সন্মুখত তিষ্ঠিব নোৱাৰি মাত্ৰ ৬৯ ৰানতে হেৰুৱাই আটাইকেইটা উইকেট। আৰু এইদৰে ভাৰতে ১৪৭ ৰানৰ বৃহত ব্যৱধানত জয়ী হৈ স্বৰ্ণ পদক অৰ্জন কৰে। মেচখনত ভাৰতৰ হৈ দীপ্তি শৰ্মাই সৰ্বাধিক তিনিটা উইকেট দখল কৰে। […] - [অসম ভূমি ৰাজহ আইন ২০২৬ ত উল্লেখিত খিলঞ্জীয়াৰ সংজ্ঞাৰ বিৰোধিতা 'প্ৰব্ৰজন বিৰোধী মঞ্চ'ৰ](https://peoplesnortheast.com/prabrajan-virodhi-mancha/): অসম ভূমি ৰাজহ আইন ২০২৬ ত উল্লেখিত খিলঞ্জীয়াৰ সংজ্ঞাৰ বিৰোধিতা ‘প্ৰব্ৰজনবিৰোধী মঞ্চ’ৰ। আইনখনৰ বিৰোধিতাৰে দেশৰ প্ৰধানমন্ত্ৰী-গৃহমন্ত্ৰী, ৰাষ্ট্ৰীয় জনসংখ্যা আয়োগ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষলৈ প্ৰেৰণ কৰিছে পত্ৰ। আবেদন পত্ৰখনত উল্লেখ কৰা হৈছে যে প্ৰথমতে, যি ৰাজহ আইনে অসমৰ বহুসংখ্যক খিলঞ্জীয়া, পূৰ্ববঙ্গীয় মূলৰ লোক আৰু অনা অসমীয়াক একেটা বৰ্গতে অন্তৰ্ভুক্ত কৰা হৈছে। দ্বিতীয়তে, নতুন কৈ দিয়া খিলঞ্জীয়া সংজ্ঞা অনুসৰি কোনো এজন লোক অসমত ২০০৬ চনৰ পূৰ্বে ২৫ বছৰ বসবাস কৰিলেই আইনগত ভাৱে খিলঞ্জীয়া হ’ব পাৰিব। নতুন আইন খনত দিয়া সংজ্ঞা অনুসৰি অসমত কোনো এজন লোক খিলঞ্জীয়া হ’বলৈ দুটা চৰ্ত পূৰণ কৰিব লাগিব। প্ৰথমটো চৰ্ত হৈছে যে কোনো এজন লোক ২০০৬ […] - [জাতিগত কটাক্ষ! অধ্যাপক নিলম্বিত, দোষ স্বীকাৰ কৰি ক্ষমা বিচাৰিলে বোম্বে IIT য়ে](https://peoplesnortheast.com/iit-bombay-student-suicide-case-professor-suryanarayana-doolla-suspended-from-dean-post-1/): ছাত্ৰক জাতিগত কটাক্ষ কৰি নিলম্বিত হৈছে অধ্যাপক সূৰ্যনাৰায়ণ দুল্লা। দেশজুৰি এই ঘটনাই তীব্ৰ চাঞ্চল্য আৰু উত্তেজনাৰ সৃষ্টি কৰিছে। পৰীক্ষাৰ হলত ChatGPT ব্যৱহাৰৰ অভিযোগ, তাৰ পিছতে ছাত্ৰজনৰ ৰহস্যজনক মৃত্যু। সেই মৃত্যুক কেন্দ্ৰ কৰি জাতিগত অপমান আৰু মানসিক নিৰ্যাতনৰ অভিযোগ উঠাত চাপৰ সন্মুখীন হৈছে IIT বম্বে। ঘটনাৰ দুদিনৰ ভিতৰতে অভিযুক্ত অধ্যাপক সূৰ্যনাৰায়ণ দুল্লাক নিলম্বন কৰিলে প্ৰতিষ্ঠানটোৱে। তেওঁৰ বিৰুদ্ধে ইতিমধ্যে মৃত ছাত্ৰ সাহিল ৱাকোড়েৰ পিতৃ-মাতৃয়ে এজাহাৰ দাখিল কৰিছে। একে সময়তে, ঘটনাটোৰ বিষয়ে প্ৰতিষ্ঠানটোৱে পূৰ্বে কৰা মন্তব্যৰ বাবেও ক্ষমা বিচাৰিছে IIT বম্বেই। শনিবাৰে সাহিলৰ মৃত্যুৰ খবৰ পোহৰলৈ আহে। IIT বম্বেৰ এই ছাত্ৰজন পৰীক্ষাৰ সময়ত ChatGPT ব্যৱহাৰ কৰি থকা অৱস্থাত ধৰা পৰিছিল। ইয়াৰ পিছত সাহিলৰ সৈতে […] - [ৰঙিয়াত অস্বাস্থ্যকৰ আৰু কদৰ্যময় পৰিৱেশত বিস্কুট প্ৰস্তুত কৰা কাৰখানা ছীল](https://peoplesnortheast.com/rangia-police-sealed-biscuit-factory/): ৰঙিয়াত অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত বিস্কুট প্ৰস্তুত কৰা এটা কাৰখানাত ৰঙিয়া সমজিলাৰ প্ৰশাসন আৰু ৰঙিয়া আৰক্ষীৰ এটা যুটীয়া দলে চলাই অভিযান। এক অভিযোগৰ ভিত্তিত আজি যুটীয়া অভিযানকাৰী দলটোৱে ৰঙিয়া চহৰৰ নুৰুদ্দিন পথত থকা এটা বিস্কুটৰ কাৰখানাত উপস্থিত হয়। দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে কাৰখানাটোত তালাচী চলোৱাৰ সময়ত সম্পূৰ্ণ অস্বাস্থ্যকৰ পৰিৱেশৰ মাজেৰে বিস্কুট, কেক আদিকে কৰি বিভিন্ন খোৱা সামগ্ৰী প্ৰস্তুত কৰি থকা প্ৰত্যক্ষ কৰে। লগে লগে আৰক্ষীয়ে কাৰখানাটো ছীল কৰি দিয়াৰ উপৰি জব্দ কৰে ম্যাদ উকলি যোৱা বিভিন্ন প্ৰকাৰৰ বিস্কুট। ইফালে কাৰাখানাটোৰ স্বত্তাধিকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলিও জানিব দিছে অভিযানকাৰী দলটোৱে। - [বিশ্বনাথ আৰক্ষীৰ সফলতা; মানৱ সৰবৰাহকাৰী কৱলৰ পৰা উদ্ধাৰ তিনি কন্যা শিশু](https://peoplesnortheast.com/biswanath-police-rescue-three-minors-from-arunachal/): বিশ্বনাথ চাৰিআলীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এইবাৰ চাৰি বছৰীয়া কণমানি শিশুকো ৰেহাই নিদিলে মানৱ সৰবৰাহকাৰীয়ে। লাখ টকাৰ বিনিময়ত অসমৰ কন্যা শিশুক বহিঃৰাজ্যত বিক্ৰী কৰাৰ এক বৃহৎ চক্ৰ উন্মোচন কৰিছে বিশ্বনাথ জিলা আৰক্ষীয়ে। যোৱা মঙলবাৰে জিলা আৰক্ষী অধীক্ষক আছিফ আহমেদৰ নেতৃত্বত নিলপুৰ আৰু সাধাৰুত চলা অভিযানত দুই সৰবৰাহকাৰী অৰ্জুন গোৱালা আৰু ভাইটি নায়কক গ্ৰেপ্তাৰ কৰা হয়। তদন্তত পোহৰলৈ আহে যে তেওঁলোকে নিলপুৰ চাহ বাগিছাৰ এজন শ্ৰমিকৰ ১০ বছৰীয়া কন্যাক অপহৰণ কৰি অৰুণাচলত ৫০ হাজাৰ টকাত বিক্ৰী কৰিছিল। ধৃত সৰবৰাহকাৰী দুজনৰ স্বীকাৰোক্তিৰ ভিত্তিত শুকুৰবাৰে অৰুণাচলৰ চিংফুৰ পৰা আৰক্ষীয়ে পুনৰ তিনিগৰাকী কন্যা শিশুক উদ্ধাৰ কৰে। আৰু আটাইতকৈ আচৰিত কথাটো হল, ইয়াৰে এগৰাকীৰ বয়স […] - [মায়াবতীৰ BSPত মোক্ষম আঘাত, সমাজবাদী পাৰ্টিত যোগদান মায়ংক দ্বিবেদীৰ](https://peoplesnortheast.com/mayank-dwivedi-joins-samajwadi-party/): ২০২৭ চনৰ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ মাজতে বুণ্ডেলখণ্ডৰ পৰা আহিছে এক ডাঙৰ খবৰ। ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বান্দা-চিত্ৰকূট সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা বিএছপি প্ৰাৰ্থী মায়ংক দ্বিবেদীয়ে যোগদান কৰিছে সমাজবাদী পাৰ্টিত। লক্ষ্ণৌস্থিত সমাজবাদী পাৰ্টিৰ কাৰ্যালয়ত দলৰ সভাপতি অখিলেশ যাদৱৰ উপস্থিতিত মায়ংক দ্বিবেদীয়ে দলটোত যোগদান কৰে। উল্লেখ্য যে, বান্দা-চিত্ৰকূটৰ ৰাজনীতিত মায়ংক দ্বিবেদীৰ সমাজবাদী পাৰ্টিত যোগদান তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে। মায়ংক দ্বিবেদী কোন? মায়ংক দ্বিবেদীয়ে দীৰ্ঘদিন ধৰি বাণ্ডা-চিত্ৰকূটত স্থানীয় ৰাজনীতিত সক্ৰিয় হৈ আহিছে। তেওঁ দুবাৰকৈ জিলা পঞ্চায়তৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছে। বিএছপিৰ সৈতে তেওঁৰ পৰিয়ালৰ দীৰ্ঘদিনীয়া ৰাজনৈতিক সম্পৰ্ক। তেওঁৰ পিতৃ প্ৰয়াত পুৰুষোত্তম নৰেশ দ্বিবেদী ২০০৭ চনত নাৰায়ণ বিধানসভাৰ আসনৰ পৰা বিএছপি বিধায়ক আছিল। […] - [ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা, চাওক ১৫ জনীয়া তালিকা](https://peoplesnortheast.com/bcci-announces-india-squad-for-west-indies-odi-series/): ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ঘৰুৱা এদিনীয়া শৃংখলাৰ বাবে আজি বিচিচিআইয়ে ঘোষণা কৰিলে ভাৰতীয় দল। কেইবাগৰাকীও তাৰকা খেলুৱৈৰ অনুপস্থিতিৰ বাবে শৃংখলাটোত স্থান দিয়া হৈছে কেইবাজনো উদীয়মান তাৰকাক। নমন ধীৰ আৰু আকিব নবী দাৰৰ দৰে ক্ৰিকেটাৰক প্ৰথমবাৰৰ বাবে এদিনীয়া দলত অন্তৰ্ভুক্ত কৰিছে বিচিচিআইয়ে। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে কে এল ৰাহুলক ভাৰতীয় দলৰ উপ-অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে, কিয়নো শ্ৰেয়াছ আয়াৰ শৃংখলাৰ বাবে উপলব্ধ নহয়। ২০২৬ চনৰ এছিয়ান গেমছত তেওঁ ব্যস্ত থাকিব, য’ত তেওঁ ভাৰতীয় দলৰ অধিনায়ক হিচাপে থাকিব। ৱেষ্ট ইণ্ডিজৰ দলটোৱে চলিত মাহত ভাৰত ভ্ৰমণ কৰি তিনিখন মেচৰ এদিনীয়া শৃংখলা আৰু পাঁচখন টি-২০ খেল খেলিব। ২৭ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব এদিনীয়া শৃংখলা। […] - [শ্বেখ হাছিনাৰ ঘনিষ্ঠ ৭ নেতাক মৃত্যুদণ্ডৰ ৰায়](https://peoplesnortheast.com/bangladesh-court-sentences-7-hasina-allies-to-death/): মঙলবাৰে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ সাতজন ঘনিষ্ঠ নেতাক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে দেশখনৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণ-২য়ে। ২০২৪ চনৰ প্ৰতিবাদৰ সময়ত হিংসাৰ সৈতে জড়িত মানৱতা বিৰোধী অপৰাধৰ বাবে এই সাতজন নেতাক কঠোৰ শাস্তি প্ৰদান কৰে। মৃত্যুদণ্ডৰ শাস্তি পোৱাসকলৰ ভিতৰত আছে আৱামী লীগৰ সাধাৰণ সম্পাদক তথা প্ৰাক্তন পথ পৰিবহণ মন্ত্ৰী ওবাইদুল কাদৰ, যুটীয়া সাধাৰণ সম্পাদক এ এফ এম বাহাউদ্দিন নাছিম আৰু তথ্য আৰু সম্প্ৰচাৰ বিভাগৰ প্ৰাক্তন ৰাজ্যিক মন্ত্ৰী মহম্মদ আলী আৰাফাত। বাকী চাৰিজন হ’ল জুবো লীগৰ অধ্যক্ষ শ্বেখ ফাজলে ছামছ পাৰাছ, সাধাৰণ সম্পাদক মেনুৱেল হুছেইন খান নিখিল, বাংলাদেশ ছাত্ৰ লীগৰ সভাপতি ছাদ্দাম হুছেইন আৰু সাধাৰণ সম্পাদক শ্বেখ ৱালি আছিফ আনান। ন্যায়াধীশ মহম্মদ […] - [ভাৰতৰ পৰা নিজ দেশলৈ ৰাওনা চীনা ৰাষ্ট্ৰপতি শ্বি জিনপিং](https://peoplesnortheast.com/xi-jinping-returns-to-china/): ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত হৈ থকা অষ্টাদশ ব্ৰিকছ সন্মিলনৰ আজি দ্বিতীয় তথা অন্তিম দিন। দ্বিতীয় দিনাৰ কাৰ্যসূচীৰ বাবে পুনৰ এবাৰ পুটিন, জিনপিঙৰ দৰে BRICSৰ শীৰ্ষ নেতাসকল নতুন দিল্লীৰ ভাৰত মণ্ডপমত একত্ৰিত হয়। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ শুনি নিজ দেশলৈ ৰাওনা হয় চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিং। প্ৰায় ৭ বছৰৰ মূৰত শনিবাৰে দুপৰীয়া এয়াৰ চাইনাৰ বিমানেৰে নতুন দিল্লীত উপস্থিত হৈছিল জিনপিং। তেওঁৰ সৈতে ব্ৰিকছ সন্মিলনত অংশ ল’বলৈ চীনৰ পৰা আহিছিল এটা শীৰ্ষ পৰ্যায়ৰ প্ৰতিনিধি মণ্ডল। বিমান বন্দৰৰ পৰা কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে হোংছি এন৭০১ চাৰিচকীয়া বাহনেৰে জিনপিং উপস্থিত হৈছিল ভাৰত মণ্ডপমত। চীনৰ ৰাষ্ট্ৰপতিগৰাকীক উষ্ম আদৰণি জনাইছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ব্ৰিকছৰ প্ৰথম দিনাৰ […] - [আজি মহিলা এছিয়া কাপৰ ফাইনেল; ডিফেণ্ডিং চেম্পিয়ন শ্ৰীলংকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব ভাৰত](https://peoplesnortheast.com/india-will-face-sri-lanka-in-the-womens-asia-cup-2026-final/): ২ বছৰ পূৰ্বেও মহিলা এছিয়া কাপৰ ফাইনেলত শ্ৰীলংকাৰ বিৰুদ্ধে মুখামুখি হৈছিল ভাৰত। সেই মেচত ভাৰত শ্ৰীলংকাৰ হাতত ধৰাশায়ী হৈছিল। আজি ১৩ ছেপ্টেম্বৰ দেওবাৰে ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত নিশা ৮ বজাত পুনৰ এছিয়া কাপৰ ফাইনেলত ডিফেণ্ডিং চেম্পিয়ন শ্ৰীলংকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব ভাৰত। অৱশ্যে এইবাৰ ভাৰতীয় শিৱিৰ যথেষ্ট আত্মবিশ্বাসী বুলি মন্তব্য কৰিছে অধিনায়ক হৰমনপ্ৰীত কৌৰে। ফাইনেলৰ পূৰ্বে হোৱা সংবাদমেলত অধিনায়ক হৰমনপ্ৰীতে কয়, ‘এখন গুৰুত্বপূৰ্ণ মেচ খেলাৰ পূৰ্বে নিজৰ শক্তি তথা দলীয় প্ৰদৰ্শনৰ ওপৰত আস্থা ৰাখিব লাগে। অত্যধিক বা অসাধাৰণ কৰাৰ কথা চিন্তা কৰাতকৈ নিজৰ ওপৰত আস্থা ৰখাটো বহুত বেছি গুৰুত্বপূৰ্ণ।’ অধিনায়ক হৰমনপ্ৰীতে লগতে কয়, ‘টি-২০ ক্ৰিকেটত যিকোনো এটা দিনত যি দলে সৰ্বোত্তম ক্ৰিকেট খেলে […] - [BRICSৰ প্ৰতিটো প্ৰস্তাৱত অনুমোদন; প্ৰধানমন্ত্ৰী মোদীয়ে কৰিলে এই ঘোষণা](https://peoplesnortheast.com/brics-2026-new-delhi-declaration-adopted-says-pm-modi/): নতুন দিল্লীত অনুষ্ঠিত ১৮ সংখ্যক ব্ৰিকছ (BRICS) সন্মিলনত ভাৰতে উত্থাপন কৰা নিউ দিল্লী ডিক্লেৰেশ্যন প্ৰস্তাৱক সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰা হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে ব্ৰিকছৰ বৈঠকক অৰ্থপূৰ্ণ আৰু গঠনমূলক আখ্যা দিয়ে। ভাৰতে উত্থাপন কৰা ১০টা প্রস্তাৱৰ আটাইকেইটাকে অনুমোদন জনোৱাৰ কথাও তেওঁ উল্লেখ কৰে। প্ৰস্তাৱ উত্থাপন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘মই নিউ দিল্লী ডিক্লেৰেশ্যন গ্ৰহণ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছো। নিউ দিল্লী ডিক্লেৰেশ্যন সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰা হৈছে। কোনো সদস্যই কোনো আপত্তি উত্থাপন কৰা নাই। নিউ দিল্লী ডিক্লেৰেশ্যন ২০২৬ সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰা হৈছে।’ তেওঁ লগতে আৰু কয়, ‘আজি আমাৰ বৈঠক ফলপ্ৰসূ আৰু গঠনমূলক আছিল। আমাৰ ভাগ-বতৰা প্ৰতিশ্ৰুতি প্ৰতিফলিত হৈছে। পৰিৱৰ্তিত বিশ্ব পুৰণি সম্পদেৰে পৰিচালনা কৰিব নোৱাৰি। সংস্কাৰৰ প্ৰয়োজন। […] - [মোদী-জিনপিঙৰ বৈঠকৰ পূৰ্বে সুৰ সলনি ৰঙা চীনৰ](https://peoplesnortheast.com/china-changes-tone-ahead-of-modi-xi-jinping-meeting/): নতুন দিল্লীত আৰম্ভ হোৱা ১৮ সংখ্যক ব্ৰিকছ সন্মিলন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে হ’বলগীয়া গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক আলোচনাৰ ঠিক পূৰ্বে চীনৰ পৰা পৰা আহিছে ইতিবাচক বাৰ্তা। চীনৰ বৈদেশিক মন্ত্ৰালয়ে শুকুৰবাৰে কয় যে ভাৰত আৰু চীনে তেওঁলোকৰ মতানৈক্যসমূহ ন্যায়সংগত আৰু উপযুক্তভাৱে সমাধান কৰিব লাগে। চুবুৰীয়া দেশ দুখনে নিজৰ দ্বিপাক্ষিক সম্পৰ্কক কৌশলগত, ব্যাপক আৰু দীৰ্ঘম্যাদী দৃষ্টিকোণৰ পৰা চোৱা প্ৰয়োজন। ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ শনিবাৰে নতুন দিল্লীত উপস্থিত হ’ব চীনৰ ৰাষ্ট্ৰপতি জিনপিং। প্ৰায় সাত বছৰৰ পাছত এইটোৱেই হ’ব তেওঁৰ প্ৰথম ভাৰত ভ্ৰমণ। ইয়াৰ পূৰ্বে ২০১৯ চনত চেন্নাইৰ মামাল্লাপুৰমত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে অনানুষ্ঠানিক আলোচনাত মিলিত হৈছিল। এই সন্মিলনৰ উপৰিও প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি জিনপিঙৰ এই বৈঠকক […] - [২০৩০ৰ ভিতৰত আমাক সকলোকে ধ্বংস কৰিব AIয়ে; পদত্যাগৰ পিছতে চাঞ্চল্যকৰ মন্তব্য জেকবৰ](https://peoplesnortheast.com/27-year-old-ai-researcher-warned-after-quit-job-from-anthropic/): এগৰাকী ২৭ বছৰীয়া এআই গৱেষক জেকব কক্সনে এনথ্ৰোপিকৰ পৰা পদত্যাগ কৰি সামাজিক মাধ্যমত দিয়া মন্তব্যই বিশ্বজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। সামাজিক মাধ্যম এক্সযোগে লিখা ধাৰাবাহিক পোষ্টত কক্সনে উল্লেখ কৰিছে যে এআই ডেভেলপাৰসকলে বিশ্বাস কৰে যে এই দশকৰ শেষৰ ফালে (২০৩০) এআইয়ে আমাক সকলোকে ধ্বংস কৰি পেলাব পাৰে। এই প্ৰযুক্তিৰ শক্তিক তুচ্ছজ্ঞান নকৰিবলৈ সকীয়নি প্ৰদান কৰি কক্সনে কয় যে এই ব্যৱস্থাসমূহ অতি সোনকালে “অতিমানৱীয়” ব্যৱস্থালৈ পৰিণত হ’ব যিয়ে যিকোনো বস্তু হেক কৰিব পাৰে, যিকোনো ক্ষেত্ৰতে নিশাৰ ভিতৰতে বৈপ্লৱিক পৰিৱৰ্তন আনিব পাৰে। জেকব কক্সনে তেওঁৰ এক্স পোষ্টত কি লিখিছিল? তিনি বছৰ ধৰি এআই গৱেষক হিচাপে কাম কৰা জেকব কক্সনে নিজৰ পোষ্টত লিখিছে, ‘মই […] - [ভাৰত ৰত্নৰে সন্মানিত প্ৰখ্যাত বিজ্ঞানী চি এন আৰ ৰাওলৈ নিৰ্বাচন আয়োগৰ জাননী](https://peoplesnortheast.com/c-n-r-rao-summoned-by-election-commission-karnataka/): ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ সময়ত কৰ্ণাটকৰ পৰা আহিছে এক চাঞ্চল্যকৰ ঘটনা। দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন লাভ কৰা ৯২ বছৰীয়া বিজ্ঞানী অধ্যাপক চি এন আৰ ৰাওক নিজৰ পৰিচয় প্ৰমাণ কৰিবলৈ জাননী জাৰি কৰা হৈছে। কৰ্ণাটকৰ ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ সময়ত বানানৰ ভুল পোৱা বাবেই তেওঁলৈ জাননী জাৰি কৰিছে নিৰ্চাচন আয়োগে। উল্লেখ্য যে, যদি ২০০২ চনৰ পুৰণি ভোটাৰ তালিকা আৰু আজিৰ নতুন ভোটাৰ তালিকাত কোনো ভোটাৰৰ নাম বেলেগ দেখা যায় (যেনে বানানৰ ভুল), তেতিয়া ব্যৱস্থাটোৱে ইয়াক “ছেল্ফ নেম মিছমেচ” বুলি চিনাক্ত কৰা হয়। অৰ্থাৎ প্ৰপত্ৰত উল্লেখ কৰা পুৰণি নামটো বৰ্তমানৰ তালিকাত থকা নামৰ সৈতে মিল খোৱা নাই। এই কাৰিকৰী ত্ৰুটিৰ বাবে […] - [দশম আৰু দ্বাদশ শ্ৰেণীৰ নিয়মীয়া পাঠদানৰ সময়সীমা বৃদ্ধি, কিয় এই সিদ্ধান্ত শিক্ষা বিভাগৰ?](https://peoplesnortheast.com/assam-board-extends-regular-classes-for-classes-10-and-12/): অসমৰ তিনিখন জিলাত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বান আৰু বৰ্তমান চলি থকা লোকপিয়লৰ কাৰ্যসূচীৰ বাবে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। বানত হোৱা শিক্ষাবৰ্ষৰ ক্ষতিপূৰণ আৰু পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ উদ্দেশ্যে দশম আৰু দ্বাদশ শ্ৰেণীৰ নিয়মীয়া পাঠদানৰ সময়সীমা ২০২৭ চনৰ ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহলৈ বৃদ্ধি কৰিছে। মঙলবাৰে এক জাননীৰ জৰিয়তে ASSEBয়ে কয় যে পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ উদ্দেশ্যে দশম শ্ৰেণীৰ নিয়মীয়া পাঠদান ২০২৭ চনৰ ২২ ফেব্ৰুৱাৰীলৈ আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান ২০২৭ চনৰ ৮ মাৰ্চলৈ বৃদ্ধি কৰা হৈছে। শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে সামাজিক মাধ্যমৰ জৰিয়তে এই কথা জনাইছে। জাননীখনত উল্লেখ কৰা হৈছে যে শেহতীয়া বান পৰিস্থিতিৰ বাবে কেইবাখনো জিলা আৰু ৰাজ্যজুৰি […] - [দুলীপ ট্ৰফীৰ ফাইনেলত পূব মণ্ডলৰ অধিনায়ক ঈষান কিষাণে ৰচিলে কেইবাটাও অভিলেখ](https://peoplesnortheast.com/ishan-kishan-broke-3-records-by-scoring-270-runs-leaving-many-legends-behind/): পূব মণ্ডলৰ অধিনায়ক ঈশান কিষাণে চলিত বৰ্ষৰ দুলীপ ট্ৰফীৰ ফাইনেলত ৰচিলে ইতিহাস। কিষাণে ৩৩৪টা বলত ২৭০ ৰানৰ এক বৃহত ইনিংছ খেলি তিনিটা ডাঙৰ অভিলেখ ভংগ কৰে। তেওঁৰ ঐতিহাসিক ইনিংছটোৰ বাবেই পূব মণ্ডলে সংগ্ৰহ কৰে ৭০৮ ৰানৰ বিশাল স্ক’ৰ। স্মৰ্তব্য যে, দুলীপ ট্ৰফীৰ ফাইনেলত দ্বিশতক অৰ্জন কৰা পূব মণ্ডলৰ প্ৰথমগৰাকী বেটছমেন হিচাপে পৰিগণিত হয় কিষাণ। ২৭০ ৰানৰ ইনিংছৰ সহায়ত ঈষানে গঢ়িলে কেইবাটাও ডাঙৰ অভিলেখ। তিনিটা ডাঙৰ অভিলেখ ভংগ কৰিলে ঈশান কিষাণে চূড়ান্ত খেলখনত ঈশান কিষাণে ২৭০ বলত নিজৰ দ্বিশতক সম্পূৰ্ণ কৰে। তেওঁ ৩৩৪টা বলত ৩০টা চাৰি আৰু ৭টা ছয়ৰ সহায়ত ২৭০ ৰানৰ বিশাল ইনিংছ খেলে। ঈশানৰ পূৰ্বে দুলীপ ট্ৰফীৰ ফাইনেলত ইষ্ট জ’নৰ […] - [দুলীপ ট্ৰফীৰ ফাইনেলত দুৰ্দান্ত ইনিংছ খেলি ইতিহাস ৰচিলে ঈষান কিষাণে](https://peoplesnortheast.com/ishan-kishan-creates-duleep-trophy-history-with-250/): দুলীপ ট্ৰফীৰ ফাইনেলত দক্ষিণ মণ্ডলৰ বিৰুদ্ধে দৰ্শনীয় দ্বিশতকীয় ইনিংছ খেলি ইতিহাস ৰচিলে পূব মণ্ডলৰ অধিনায়ক ঈশান কিষাণে। ঈশানে ৩০১টা বলৰ মুখামুখি হৈ ২৭টা চাৰি আৰু এটা ছয়ৰ সহায়ত ২৫০ ৰানৰ এই ঐতিহাসিক ইনিংছটো খেলে। ঈশান কিষাণ এতিয়া দুলীপ ট্ৰফীৰ ফাইনেলত দ্বিশতক অৰ্জন কৰা অষ্টমজন বেটছমেন হিচাপে পৰিগণিত হৈছে। তেওঁৰ পূৰ্বে দুলীপ ট্ৰফীৰ ফাইনেলত ৰমন লাম্বা, যশস্বী জয়ছোৱাল, চেতেশ্বৰ পূজাৰা, অংশুমান গায়কৱাড়, ইউছুফ পাঠান আৰু মনছুৰ আলী খান পাটাউডিয়ে দ্বিশতক অৰ্জন কৰিছিল। এতিয়া এই তালিকাত নাম সংযোজন হৈছে ঈশান কিষাণৰ। দুলীপ ট্ৰফীৰ ফাইনেলত সৰ্বাধিক ডাঙৰ ইনিংছৰ অভিলেখ আছে ৰমন লাম্বাৰ নামত। ১৯৮৭ চনত তেওঁ ৩২০ ৰানৰ ইনিংছ খেলিছিল। ঈশানে দুলীপ ট্ৰফীৰ ফাইনেলত […] - [প্ৰজ্ঞাৰ পোহৰ বিলোৱা শিক্ষকলৈ ডাঙৰ উপহাৰ, এতিয়াৰে পৰা নামৰ আগত লিখিব পাৰিব 'Tr'](https://peoplesnortheast.com/karnataka-cm-announces-tr-prefix-for-teachers-on-teachers-day/): এতিয়াৰে পৰা চিকিৎসক তথা প্ৰফেচৰসমূহৰ দৰে শিক্ষকসকলেও নিজৰ নামৰ আগত উপাধি বা Prefix হিচাপে Teacherৰ সংক্ষিপ্ত ৰূপ Tr. বুলি লিখিব পাৰিব। পৱিত্ৰ শিক্ষক দিৱসৰ দিনাই কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰে কৰে এই ঘোষণা। তেওঁ কয় যে ৰাজ্যৰ শিক্ষকসকলে সমাজলৈ আগবঢ়োৱা অৱদানৰ প্ৰতি সন্মানৰ চিন স্বৰূপে নিজৰ নামৰ আগত ‘Tr.’ উপসৰ্গ ব্যৱহাৰ কৰিব পাৰিব। এই উপসৰ্গটো চিকিৎসকৰ বাবে ‘Dr’, অভিযন্তাৰ বাবে ‘Er’ আৰু অধ্যাপকৰ বাবে ‘Prof’ আদি পেছাদাৰী উপাধিৰ সৈতে মিল আছে। ‘এজন শিক্ষকে দেশ গঢ়িবলৈ আগবাঢ়ি যোৱা প্ৰতিজন ব্যক্তিক গঢ়ি তোলে। কৰ্ণাটকৰ প্ৰায় ৪.৫ লাখ শিক্ষককে ধৰি ভাৰতৰ এক কোটিৰো অধিক শিক্ষকে প্ৰতিদিনে আমাৰ ল’ৰা-ছোৱালীৰ মন, চৰিত্ৰ আৰু ভৱিষ্যত গঢ় দি […] - [লাফিকুল হত্যাকাণ্ড : অৱশেষত ৯ বছৰৰ মূৰত আত্মসমৰ্পণ ৩ অভিযুক্তৰ](https://peoplesnortheast.com/three-accused-individuals-surrendering-in-the-murder-case-of-former-abmsu-president-lafikul-islam-ahmed/): ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা এ বি এমছু (ABMSU)ৰ প্ৰয়াত সভাপতি লাফিকুল ইছলাম আহমেদৰ হত্যাৰ ঘটনাই শনিবাৰে লৈছে এক নতুন মোৰ। অৱশেষত ৰাজ্য জোকাৰি যোৱা এই চাঞ্চল্যকৰ হত্যাকাণ্ডটোৰে জড়িত মূল তিনিজন অভিযুক্তই শনিবাৰে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে। হত্যাকাণ্ডৰ পিছৰে পৰা পলাতক হৈ থকা এই তিনি অভিযুক্ত ক্ৰমে ৰূপা ব্ৰহ্ম ওৰফে কেজেং ব্ৰহ্ম, ডিনকুৰ মুছাহাৰী ওৰফে দাও আৰু ভদ্ৰেশ্বৰ বসুমতাৰী ওৰফে ভদ্ৰেই আজি বিয়লি চান্দমাৰী থানাত আত্মসমৰ্পণ কৰে। উল্লেখ্য যে, কোকৰাঝাৰৰ তিতাগুৰীৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানত ২০১৭ চনৰ পহিলা আগষ্টত দিন দুপৰতে অচিনাক্ত দুৰ্বৃত্তই এ বি এম ছুৰ সভাপতি লাফিকুল ইছলাম আহমেদক গুলীৰে থকা সৰকা কৰি হত্যা কৰিছিল। উক্ত ঘটনাটোৱে ব্যাপক চাঞ্চল্যৰ সৃষ্টি […] - [২৭ নৱেম্বৰক বাল্য বিবাহ বিৰোধী দিৱস ঘোষণা ৰাষ্ট্ৰসংঘৰ](https://peoplesnortheast.com/un-declares-november-27-day-against-child-marriage/): ভাৰতৰ গ্ৰাম্য অঞ্চলত জন্ম হোৱা এটা আন্দোলন এতিয়া বিশ্বব্যাপী অভিযানত পৰিণত হৈছে। বাল্য বিবাহৰ অন্ত পেলোৱাৰ বাবে ভাৰতে লোৱা সংকল্পই এতিয়া দৃষ্টি কাঢ়িছে সমগ্ৰ বিশ্বৰ। ২৭ নৱেম্বৰক আন্তৰ্জাতিক বাল্য বিবাহ বিৰোধী দিৱস হিচাপে ঘোষণা কৰি ভাৰতৰ এই অভিযানত অনুমোদন জনাইছে ৰাষ্ট্ৰসংঘই। শিশু অধিকাৰ কৰ্মী তথা জাষ্ট ৰাইটছ ফৰ চিলড্ৰেনৰ প্ৰতিষ্ঠাপক ভুৱন ৰিভুৱে বাল্য বিবাহৰ বিৰুদ্ধে বিশ্বব্যাপী যুঁজৰ বাবে এটা দিন নিৰ্ধাৰণ কৰিবলৈ ৰাষ্ট্ৰসংঘক প্ৰস্তাৱ আগবঢ়াইছিল। তেওঁৰ এই প্ৰস্তাৱে লাভ কৰিলে পূৰ্ণতা। ৰাষ্ট্ৰসংঘই ২৭ নৱেম্বৰক ‘শিশু, আগতীয়া আৰু বলপূৰ্বক বিবাহ নিৰ্মূলৰ আন্তঃৰাষ্ট্ৰীয় দিৱস’ হিচাপে ঘোষণা কৰিছে। পশ্চিম আফ্ৰিকাৰ দেশ ছিয়েৰা লিয়নে ৪ ছেপ্টেম্বৰত ৰাষ্ট্ৰসংঘৰ সন্মুখত এই প্ৰস্তাৱ দাখিল কৰিছিল, আৰু এতিয়া ইয়াক […] - [পৃথিৱী পৰ্যবেক্ষণৰ মিশ্যনৰে মহাকাশত ISRO ৰ EOS-05](https://peoplesnortheast.com/isro-successfully-launches-gslv-f17-rocket-carrying-imaging-satellite-eos-05/): ভাৰতৰ মহাকাশ গৱেষণা সংস্থা চমুকৈ ISRO য়ে শুকুৰবাৰে শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰে EOS-05। এইটো হ’ল পৃথিৱী পৰ্যবেক্ষণ উপগ্ৰহ। এই উপগ্ৰহটো সফলতাৰে উৎক্ষেপণ কৰি ভাৰতৰ মহাকাশ অন্বেষণ কাৰ্যসূচীত আন এক উল্লেখযোগ্য মাইলৰ খুঁটি স্থাপন কৰে ভাৰতীয় গৱেষণা প্ৰতিষ্ঠানটোৱে। সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ দ্বিতীয়টো লঞ্চ পেডৰ পৰা এই উৎক্ষেপণ কৰা হয় । ভাৰতৰ জিঅ’চিংক্ৰ’নাছ চেটেলাইট লঞ্চ ভেহিকেল (GSLV)ৰ ১৯ সংখ্যক উৰণ জিএছএলভি-এফ১৭ ৰকেটে ইঅ’এছ-০৫ ক লৈ উপ-জিঅ’চিনক্ৰ’নাছ ট্ৰেন্সফাৰ কক্ষপথ (ছাব-জিটিঅ’)ৰ দিশে যাত্ৰা কৰে । ভাৰতীয় সময় অনুসৰি ৪ ছেপ্টেম্বৰৰ মাজ নিশা ২.৫৫ বজাত এই উৎক্ষেপণ সম্পন্ন হয় । ইছৰোৰ সফলতাত সুখী অধ্যক্ষ ভি নাৰায়ণন শুকুৰবাৰে ইছৰোৰ মুৰব্বী ভি নাৰায়ণনে […] - [কলেজত Reels বনাই বৰ্খাস্ত হ'ল বি এইচ কলেজৰ দুই ছাত্ৰ](https://peoplesnortheast.com/b-h-college-students-expelled-for-filming-reel-inside-college-campus/): শিক্ষানুষ্ঠানত মোবাইল ব্যৱহাৰ কৰি বৰ্খাস্ত হ’ল দুজনকৈ ছাত্ৰ। কলেজ চৌহদত মোবাইলৰ ব্যৱহাৰ আৰু ৰীলছ বনোৱাৰ অপৰাধত বৰপেটা জিলাৰ হাউলীৰ বি এইচ কলেজৰ দুজন ছাত্ৰক ১০ দিনৰ বাবে মহাবিদ্যালয়ৰ পৰা বৰ্খাস্ত কৰা হ’ল। মহাবিদ্যালয়খনত উচ্চতৰ মাধ্যমিকত অধ্যয়নৰত ছাত্ৰ শুভ চাও আৰু স্নাকত প্ৰথম ষাণ্মাসিক, বিজ্ঞানৰ ছাত্ৰ মনিৰুল হকৰ বিৰুদ্ধে এই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে মহাবিদ্যালয় কৰ্তৃপক্ষই। বি এইচ কলেজৰ অধ্যক্ষৰ স্বাক্ষৰিত এখন জাননীত উল্লেখ কৰা হৈছে কলেজ চৌহদত মোবাইলৰ ব্যৱহাৰ আৰু ৰীলছ বনোৱাৰ অপৰাধত শুভ চাও (উঃ মাঃ ১ম বৰ্ষ) আৰু মনিৰুল হক (স্নাতক ১ম ষাণ্মাসিক, বিজ্ঞান)ক আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ অহা ১০ দিনলৈ কলেজৰ পৰা বৰ্খাস্ত কৰা হৈছে। জাননীত লগতে উল্লেখ […] - [ছেমিত প্ৰৱেশ হৰমনপ্ৰীত বাহিনীৰ; কাইলৈ চিৰপ্ৰতিদ্বন্দ্বী পাকিস্তানৰ মুখামুখি হ'ব ভাৰত](https://peoplesnortheast.com/india-storm-into-semifinal-of-t-20-asia-cup-beating-hong-kong/): ইউ এ ইত অনুষ্ঠিত হৈ থকা মহিলা এছিয়া কাপ ২০২৬ৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতীয় মহিলা ক্ৰিকেট দলে। বৃহস্পতিবাৰে হংকঙৰ বিৰুদ্ধে অনুষ্ঠিত এখন মেচত ১৩৭ ৰানৰ বৃহত ব্যৱধানত জয়ী হোৱাৰ পিছতে প্ৰতিযোগিতাখনৰ অন্তিম চাৰিত প্ৰৱেশ কৰে হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতে। প্ৰতিযোগিতাখনৰ ছেমি ফাইনেলৰ পূৰ্বে গ্ৰুপ ষ্টেজৰ অন্তিমখন মেচত চিৰপ্ৰতিদ্বন্দ্বী পাকিস্তানৰ সৈতে মুখামুখি হ’ব ভাৰত। হাইভল্টেজ এই মেচখনৰ বাবে যথেষ্ট উৎসুকতাৰে বাট চাই ৰৈছে দুয়োখন দেশৰ কোটি কোটি ক্ৰিকেট অনুৰাগী। উল্লেখ্য যে, প্ৰতিযোগিতাখনৰ গ্ৰুপ এ’ত একেলগে আছে ভাৰত আৰু পাকিস্তান। গ্ৰুপ এ’ৰ প্ৰথম দুয়োখন মেচ জয়ী হৈ ইতিমধ্যে ছেমিত প্ৰৱেশ কৰিছে ভাৰতে। প্ৰথমখন মেচত থাইলেণ্ডক ৯৪ ৰানত আৰু দ্বিতীয়খন মেচত হংকঙক ১৩৭ […] - [২০২৭ৰ বিশ্বকাপত দেখা পোৱা যাব নে ৰোহিত শৰ্মাক? পৰ্যালোচনা বৈঠকৰ পিছতে হ'ল সকলো স্পষ্ট](https://peoplesnortheast.com/bcci-review-meeting-devajit-saikia-statement-on-rohit-sharma/): অন্ত পৰিব নেকি ৰোহিত শৰ্মাৰ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ? শেহতীয়াকৈ প্ৰতিখন বাতিৰ কাকত, টেলিভিশ্যন, ছ’চিয়েল মিডিয়াত এই বিষয়টোক লৈ চলিছে তীব্ৰ চৰ্চা। ৰোহিতৰ কেৰিয়াৰক লৈ বনজুইৰ দৰে বিয়পি পৰা বিভিন্ন খবৰৰ মাজতে সকলোৱে অধীৰ আগ্ৰহেৰে চাই ৰৈছিল বৃহস্পতিবাৰে বিচিচিআইৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা পৰ্যালোচনা বৈঠকলৈ। মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ, চেণ্টাৰ অফ এক্সিলেন্সৰ প্ৰধান ভি ভি এছ লক্ষ্মণ, টেষ্ট আৰু এদিনীয়াৰ অধিনায়ক শুভমন গীল আৰু টি-২০ অধিনায়ক শ্ৰেয়াছ আয়াৰৰ উপস্থিতিত অনুষ্ঠিত বৈঠকতে ৰোহিত শৰ্মাৰ কেৰিয়াৰ সন্দৰ্ভত শেষ সিদ্ধান্ত লোৱা হ’ব নেকি বুলি শংকিত হৈ থকা অনুৰাগীক সকাহ দিলে বিচিচিআইৰ সচিব দেৱজিত শইকীয়াৰ এটা মন্তব্যই। পৰ্যালোচনা বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত কয়, ‘ৰোহিত শৰ্মাই […] - [ড্ৰাইভিং লাইচেন্সক লৈ চৰকাৰৰ নতুন নিয়ম, জানক সবিশেষ...](https://peoplesnortheast.com/driving-license-rule-in-india-will-change-know/): গাড়ী চলোৱাৰ সময়ত সকলো চালকৰ বাবে যান-বাহনৰ নিয়ম মানি চলাটো অতি প্ৰয়োজনীয়। কিন্তু আজিও যান-বাহনৰ নিয়ম অমান্য কৰা চালক আছে। যদি আপুনিও গাড়ী চলোৱাৰ সময়ত যান-বাহনৰ নিয়ম উলংঘা কৰে তেন্তে সাৱধান হওক। এনে চালকক ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ড্ৰাইভিং লাইচেন্স আৰু বাহন পঞ্জীয়নৰ প্ৰমাণ পত্ৰৰ সৈতে জড়িত গ্ৰেডেড পইণ্ট ব্যৱস্থা ৰূপায়ণৰ বাবে সাজু হৈছে। নিয়ম ভংগ কৰিলে পৰিব বিপদত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে এই নতুন ব্যৱস্থাৰ বিষয়ে ঘোষণা কৰে। যান-বাহনৰ নিয়ম অমান্য কৰা চালকৰ বিৰুদ্ধে এতিয়া কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। . যদি কোনো চালকে যান-বাহন নিয়ম উলংঘা কৰে তেন্তে তেওঁলোকৰ ৰেকৰ্ডত ঋণাত্মক পইণ্ট যোগ কৰা হ’ব। […] - [খচৰা ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন সাংসদ ৰাঘৱ চাদ্দাৰ, AAP চৰকাৰক তীব্ৰ সমালোচনা](https://peoplesnortheast.com/raghav-chadhas-name-deleted-from-punjab-voter-rolls/): আম আদমী পাৰ্টি ত্যাগ কৰি বিজেপিত যোগদান কৰা ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাদ্দাৰ নাম পঞ্জাৱৰ খচৰা ভোটাৰ তালিকাৰ পৰা আঁতৰাই দিয়া হৈছে। এই কথা স্বয়ং চাদ্দাই নিশ্চিত কৰিছে। সাংসদগৰাকীয়ে অভিযোগ কৰিছে যে এয়া সাধাৰণ ক্লাৰিকেল ভুল নহয়, বৰঞ্চ ৰাজনৈতিক প্ৰতিশোধৰ দ্বাৰা প্ৰেৰিত এক কাৰ্য্য। খচৰা তালিকাৰ পৰা নাম কৰ্তন হোৱাৰ পিছতে তেওঁ নিজৰ ছ’চিয়েল মিডিয়া এক্স হেণ্ডেলত এটা দীঘলীয়া পোষ্ট লিখি পঞ্জাৱৰ আপ নেতৃত্বাধীন চৰকাৰক তীব্ৰ আক্ৰমণ কৰিছে। পঞ্জাৱ চৰকাৰক লক্ষ্য কৰি ৰাঘৱ চাদ্দাই কয় যে ভোটাৰ তালিকাৰ খচৰা কাৰো ব্যক্তিগত সম্পত্তি নহয়। চাদ্দা বৰ্তমান পঞ্জাৱৰ ৰাজ্যসভাৰ সাংসদ, আৰু তেওঁৰ ভোটাৰ আইডি মোহলীত পঞ্জীয়ন হৈ আছে। ইয়াৰ পিছতো তেওঁৰ নাম খচৰা তালিকাত […] - [ৰাম মন্দিৰৰ CEO ঘোষণা; এয়াৰ মাৰ্শ্বাল জীতেন্দ্ৰ মিশ্ৰই লাভ কৰিলে এই গুৰু দায়িত্ব](https://peoplesnortheast.com/air-marshal-jitendra-mishra-becomes-ceo-of-ram-mandir/): ৰাম মন্দিৰে লাভ কৰিলে প্ৰথমগৰাকী CEO। ৰাম মন্দিৰ তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ প্ৰথমগৰাকী CEOৰূপে নিযুক্তি দিয়া হৈছে বায়ু সেনাৰ অৱসৰপ্ৰাপ্ত এয়াৰ মাৰ্শ্বাল জীতেন্দ্ৰ মিশ্ৰক। ইয়াৰ পূৰ্বে ৰাম মন্দিৰ তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ এখন গুৰুত্বপূৰ্ণ বৈঠকত মহেশ ভাগচন্দকা, মদন মোহন পাণ্ডে আৰু নিৰ্মলা যাদৱক ট্ৰাষ্টৰ তিনিজনীয়া সদস্য হিচাপে ঘোষণা কৰিছিল। এয়াৰ মাৰ্শ্বাল জীতেন্দ্ৰ শৰ্মা মিশ্ৰ? এয়াৰ মাৰ্শ্বাল জীতেন্দ্ৰ মিশ্ৰ ভাৰতীয় বায়ুসেনাৰ অৱসৰপ্ৰাপ্ত বিষয়া যিয়ে ৱেষ্টাৰ্ণ এয়াৰ কমাণ্ডৰ এয়াৰ অফিচাৰ কমাণ্ডিং ইন চিফ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ পূৰ্বে তেওঁ সংহত (ইণ্টিগ্ৰেটেড) প্ৰতিৰক্ষা ষ্টাফ (অপাৰেচন)ৰ উপ-মুখ্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ সংহত প্ৰতিৰক্ষা ষ্টাফৰ ডক্ট্ৰিন, সংগঠন আৰু প্ৰশিক্ষণৰ উপ-মুখ্য হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। মিশ্ৰ খাদকৱাছলাৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমী […] - [কৃষক আৰু শিক্ষক সকলক লৈ মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ ঘোষণা](https://peoplesnortheast.com/tamil-nadu-cm-vijay-withdrawn-all-cases-against-farmers-and-teachers/): কৃষক আৰু শিক্ষক সমাজক লৈ তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতিয়ে বিধানসভাত কৰিছে এক ডাঙৰ ঘোষণা। ২০২১ চনৰ পৰা ২০২৬ চনৰ এপ্ৰিল মাহৰ ভিতৰত জীৱিকা, অধিকাৰ আৰু বৈধ দাবীৰ বাবে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ সাব্যস্ত কৰা সকলো কৃষক আৰু শিক্ষকৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰ কৰা হ’ব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰী বিজয়ে। মানৱতা আৰু গণতান্ত্ৰিক মূল্যবোধৰ প্ৰতি সন্মান জনাই মুখ্যমন্ত্ৰী বিজয়ে এই সিদ্ধান্ত লৈছে। তেওঁ কয়, ‘আমাৰ চৰকাৰে সদায় কৃষক আৰু শিক্ষকৰ পক্ষত থাকিব। এই পদক্ষেপে গণতান্ত্ৰিক অধিকাৰ আৰু অধিক শক্তিশালী কৰিব আৰু জনসাধাৰণ আৰু চৰকাৰৰ মাজত আস্থা বৃদ্ধি কৰিব।’ উল্লেখ্য যে, তিৰুৱন্নমলাই জিলাৰ SIPCOT ঔদ্যোগিক পাৰ্কৰ বিৰুদ্ধে প্ৰতিবাদ কৰা কৃষকসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা […] - [আফগানিস্তানৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা, প্ৰত্যাৱৰ্তন তাৰকা ক্ৰিকেটাৰৰ](https://peoplesnortheast.com/bcci-announces-india-squad-for-afghanistan-t20-series/): ১৩ ছেপ্তেম্বৰৰ পৰা আফগানিস্তানৰ বিৰুদ্ধে আৰম্ভ হ’বলগীয়া টি-২০ শৃংখলাৰ বাবে আজি বিচিচিআইয়ে ঘোষণা কৰিলে ভাৰতীয় দল। দললৈ উভতি আহিল তাৰকা বেগী বলাৰ যশপ্ৰীত বুমৰাহ। ইফালে আঘাতৰ বাবে দলত স্থান নাপালে হাৰ্দিক পাণ্ডিয়াই। ভাৰত আৰু আফগানিস্তানৰ মাজৰ এই শৃংখলাটোৰ আটাইকেইখন মেচ নতুন দিল্লীত অনুষ্ঠিত হ’ব। শৃংখলাটোৰ আয়োজক আফগানিস্তান। ভাৰতীয় অনুৰাগীৰ বাবে সুখবৰ এয়াই যে কেইবাজনো আঘাতপ্ৰাপ্ত খেলুৱৈ সুস্থ হৈ উঠিছে আৰু এই শৃংখলাৰ জৰিয়তে পুনৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন ঘটিব। ইয়াৰ ভিতৰত আছে মিষ্ট্ৰী স্পিনাৰ বৰুণ চক্ৰৱৰ্তী, স্পিন অল ৰাউণ্ডাৰ ৱাশ্বিংটন সুন্দৰ, ছিম অল ৰাউণ্ডাৰ নীতিশ কুমাৰ ৰেড্ডী আৰু বেগী বলাৰ যশপ্ৰীত বুমৰাহ। তিনিখন মেচৰ শৃংখলাৰ বাবে ঘোষণা কৰা ১৫ জনীয়া দল শ্ৰেয়াছ […] - [ইউক্ৰেইনৰ ওপৰত পুনৰ ৰাছিয়াৰ ভয়ংকৰ আক্ৰমণ; এজন ভাৰতীয়সহ ১২ জনৰ মৃত্যু](https://peoplesnortheast.com/indian-killed-in-russian-strike-on-kyiv-says-ukraine-president-volodymyr-zelenskyy/): ইউক্ৰেইনৰ ৰাজধানী কীভ আৰু ইয়াৰ আশে পাশে থকা অঞ্চলসমূহত ৰাছিয়াৰ সেনাই পুনৰ কৰিছে ভয়ংকৰ আক্ৰমণ। সোমবাৰে নিশা ৰাছিয়াৰ সেনাই চলোৱা মিছাইল আৰু ড্ৰোণ আক্ৰমণত এগৰাকী ভাৰতীয়সহ ১২ জন লোকৰ মৃত্যু হয়। আহত হৈছে এক ডজনৰো অধিক লোক। মঙলবাৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে এই তথ্য ৰাজহুৱা কৰে। ৰাছিয়াই শেহতীয়াকৈ বৃদ্ধি কৰা আক্ৰমণৰ বাবে ইউক্ৰেইনৰ ৰাজধানী কীভকে ধৰি ইয়াৰ কাষৰীয়া অঞ্চলসমূহৰ জনসাধাৰণৰ মাজত পুনৰ ভয়, আশংকাই গা কৰিছে উঠিছে। সোমবাৰে নিশা কৰা আক্ৰমণৰ সবিশেষ জানিব দি ইউক্ৰেইনৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াসকলে কয় যে আক্ৰমণৰ ফলত কেইবাটাও আবাসীক অট্টালিকা ক্ষতিগ্ৰস্ত হোৱাৰ লগতে আন আন ব্যক্তিগত সম্পত্তিৰো যথেষ্ট ক্ষতিসাধন হয়। আক্ৰমণৰ পিছতে ভিন্ন স্থানত অগ্নিকাণ্ডৰ ঘটনা […] - ['অনাহকত ক্ৰয় নকৰিব সোণ', GDP বৃদ্ধিত দেশবাসীলৈ বিশেষ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ](https://peoplesnortheast.com/pm-narendra-modi-spoke-about-indias-strong-7-8-gdp-growth/): দেশৰ অৰ্থনীতিৰ বাবে ভাল খবৰ। ৭.৮ শতাংশলৈ বৃদ্ধি পালে ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন (GDP)। এই অভাৱনীয় বৃদ্ধিৰ বাবে দেশবাসীক অভিনন্দন জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সামাজিক মাধ্যমত এটা ভিডিঅ’ শ্বেয়াৰ কৰি মোদীয়ে দেশৰ প্ৰতিজন লোকক অভিনন্দন জনাই কয় যে ভাৰতে ৭.৮ শতাংশ উল্লেখযোগ্য বৃদ্ধিৰ হাৰ অৰ্জন কৰিছে, আৰু এই সাফল্যৰ বাবে সমগ্ৰ ৰাষ্ট্ৰই গৌৰৱ অনুভৱ কৰিছে। এই সফলতা কোনো এজন ব্যক্তিৰ বাবে নহয়, বৰঞ্চ প্ৰতিজন নাগৰিকৰ প্ৰৱল ইচ্ছাশক্তি, নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমৰ ফল। আমাৰ সামূহিক শক্তিৰ প্ৰমাণ যে, অসংখ্য প্ৰত্যাহ্বানৰ মাজতো দেশখনে উন্নয়নৰ পথত আগবাঢ়িছে। এইদৰে ভিডিঅ’ বাৰ্তাটোত উল্লেখ কৰে মোদীয়ে। বৈশ্বিক অস্থিৰতা আৰু যোগান শৃংখল (চাপ্লাই চেইন)ৰ সংকট আজি সমগ্ৰ […] - [যুদ্ধৰ পিছত প্ৰথমবাৰৰ বাবে ইৰাণৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ](https://peoplesnortheast.com/pm-modi-meets-iran-president-masoud-pezeshkian-in-kyrgyzstan/): কিৰ্গিস্তানত অনুষ্ঠিত এছ চি অ’ শীৰ্ষ সন্মিলনৰ সময়ত ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ইয়াৰ পূৰ্বে ২০২৪ চনত ৰাছিয়াৰ কাজানত অনুষ্ঠিত BRICS সন্মিলনৰ সময়ত দুয়োগৰাকী নেতাৰ মাজত সাক্ষাত হৈছিল। ইৰাণ আৰু ভাৰতে পশ্চিম এছিয়াৰ সংঘাতৰ সময়কে ধৰি বহুবাৰ নিয়মিতভাৱে মত বিনিময় কৰি আহিছে। সংঘাতৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰত সদায় ইৰাণৰ বন্ধু হৈ থাকিব বুলি স্পষ্টভাৱে মন্তব্য কৰিছিল। উল্লেখ্য যে, অহা মাহত হ’বলগীয়া ব্ৰিকছ সন্মিলনৰ বাবে পেজেস্কিয়ানে ভাৰত ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে। উল্লেখ্য যে, ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত ইৰাণ-আমেৰিকাৰ যুদ্ধ আৰম্ভ হোৱাৰ পিছত ইৰাণৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী মোদীৰ এইখন প্ৰথম দ্বিপাক্ষিক বৈঠক। দুয়োজন নেতাৰ মাজত কি […] - [কেন্দ্ৰৰ সদিচ্ছাৰ অভাৱ... বান সমস্যাৰ স্থায়ী সমাধানৰ দাবীত যোৰহাটত AJYCPৰ প্ৰতিবাদ](https://peoplesnortheast.com/ajycp-stages-protest-at-jorhat-demands-national-status-for-assams-flood-crisis/): অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি ইয়াৰ স্থায়ী সমাধানৰ দাবীত যোৰহাটত ৰূপায়ণ কৰা হয় বিক্ষোভ কাৰ্যসূচী। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ (AJYCP), যোৰহাট জিলা সমিতিৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত হয়। যোৰহাট নগৰৰ মাজ মজিয়াত সংগঠনটোৰ সদস্যসকলে বিভিন্ন শ্লোগানেৰে উত্তপ্ত কৰি তোলে প্ৰতিবাদস্থলী। প্ৰতিবাদকাৰীসকলে বানপানী আৰু গৰাখহনীয়াৰ ফলত ৰাজ্যৰ জনসাধাৰণে সন্মুখীন হোৱা দীৰ্ঘদিনীয়া সমস্যাৰ স্থায়ী সমাধানৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক ফলপ্ৰসূ পদক্ষেপ গ্ৰহণৰ দাবী জনায়। প্ৰতিবাদত অংশ লোৱা সংগঠনটোৰ এগৰাকী নেতাই সংবাদ মাধ্যমৰ আগত ক্ষোভ উজাৰি কয়, ‘স্বাধীনতাৰ পিছৰে পৰা অসমৰ লাখ-লাখ জনতাই এই সমস্যাত ভুগি আছে। কেন্দ্ৰীয় চৰকাৰৰ সদিচ্ছাৰ অভাৱৰ বাবেই দীৰ্ঘদিনীয়া এই সমস্যা সমাধান […] - [পেচাদাৰী ক্ৰিকেটত মহম্মদ ছামীয়ে ৰচিলে ইতিহাস](https://peoplesnortheast.com/mohammed-shami-creates-history-with-900th-professional-cricket-wicket/): দুলীপ ট্ৰফীৰ ছেমি ফাইনেলৰ প্ৰথম দিনটোতে বেগী বলাৰ মহম্মদ ছামীয়ে ৰচিলে ইতিহাস। মেচখনত দুটা উইকেট দখল কৰাৰ লগে লগে প্ৰফেশ্যনেল কেৰিয়াৰত ৯০০ উইকেট দখল কৰাৰ অনন্য কৃতিত্বৰ অধিকাৰী হয় ছামী। প্ৰথম শ্ৰেণী, লিষ্ট এ’ আৰু টি-২০ মিলি ৯০০ বা তাতোকৈ অধিক উইকেট দখল কৰা ভাৰতৰ ষষ্ঠগৰাকী ক্ৰিকেটাৰত পৰিণত হ’ল মহম্মদ ছামী। ছামীয়ে প্ৰথম শ্ৰেণীত ৩৭৯, লিষ্ট এ’ত ২৮৩ আৰু টি-২০ ক্ৰিকেটত ২৮০টা উইকেট দখল কৰিছে। ৬৪খন টেষ্ট, ১০৮খন এদিনীয়া আৰু ২৫খন আন্তঃৰাষ্ট্ৰীয় মেচত ছামীয়ে ক্ৰমে ২২৯, ২০৬ আৰু ২৭টা উইকেট দখল কৰিছে। উল্লেখ্য যে, আজিৰ পৰা আৰম্ভ হোৱা দুলীপ ট্ৰফীৰ ছেমি ফাইনেলত ইষ্ট জ’নে টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত […] - ['বিদেশত ঐক্য আৰু ইয়াত...', মোহন ভাগৱতক কটাক্ষ অখিলেশ যাদৱৰ](https://peoplesnortheast.com/akhilesh-yadav-takes-a-dig-at-mohan-bhagwat/): আমেৰিকাত দিয়া এটা বক্তব্যক লৈ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতক সমালোচনাৰ লক্ষ্য কৰি লৈছে সমাজবাদী পাৰ্টিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অখিলেশ যাদৱে। নিউয়ৰ্কত অনুষ্ঠিত ‘এক পৃথিৱী, এক মানৱতা’ শীৰ্ষক সন্মিলনত ভাগৱতে কৈছিল যে যিয়ে ভাৰতত মুছলমান থাকিব নালাগে বুলি বিশ্বাস কৰে তেওঁ নিজকে হিন্দু বুলি ক’ব নোৱাৰে। মোহন ভাগৱতৰ এই বক্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অখিলেশ যাদৱে এক্সত লিখিছে, ‘বিদেশত ঐক্যৰ কথা আৰু ইয়াত দেশখনকে বিভাজিত কৰে।’ আমেৰিকা ভ্ৰমণৰত ভাগৱতে বিভিন্ন অনুষ্ঠানত হিন্দু সমাজ, মানৱতা, আৰু পাৰস্পৰিক ঐক্যৰ বিষয়ে ভাষণ দিয়াৰ সময়তে অখিলেশৰ কটাক্ষভৰা মন্তব্যই বিশেষ চৰ্চা লাভ কৰিছে। নিউয়ৰ্কত অনুষ্ঠিত এক সন্মিলনত মোহন ভাগৱতে হিন্দু ধৰ্ম আৰু মানৱতাৰ ধাৰণা সম্পৰ্কে ভাষণ দিয়ে। […] - [অধিনায়কত্ব হেৰুওৱাৰ পিছত কি কথাই মনত আঘাত দিছিল সূৰ্যকুমাৰ যাদৱক?](https://peoplesnortheast.com/suryakumar-yadav-speaks-openly-for-the-first-time-about-being-stripped-of-captaincy/): সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত ভাৰতে যেতিয়া ২০২৬ চনৰ টি-২০ বিশ্বকাপ দখল কৰিছিল, তেতিয়া হয়টো কোনো ভাৰতীয় অনুৰাগীয়ে কল্পনাও কৰা নাছিল যে বিশ্বকাপ জয়ী কৰোৱা সূৰ্যকুমাৰক অধিনায়কত্বৰ পৰা অপসাৰণ কৰিব। এছিয়া কাপ, টি-২০ বিশ্বকাপৰ দৰে সন্মানীয় টুৰ্ণামেণ্ট জয়ী কৰোৱাৰ পিছতো কিয় অধিনায়কৰ দায়িত্বৰ পৰা আঁতৰোৱা হ’ল সূৰ্যকুমাৰক? জুন মাহত কৰা ঘোষণাৰ পিছৰে পৰা এই পৰ্যন্ত লাভ কৰা নাই ইয়াৰ উত্তৰ। অৱশ্যে আগষ্ট মাহ অন্ত পৰাৰ পূৰ্বে এই সন্দৰ্ভত প্ৰথমবাৰৰ বাবে মুখ খুলিছে সূৰ্যকুমাৰ যাদৱে। শেহতীয়াকৈ ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা বৰ্তমানৰ ধাৰাভাষ্যকাৰ আকাশ চোপ্ৰাৰ ইউটিউব চেনেল ‘বেঠ & বোল বিদ আকাশ চোপ্ৰা’ত লোৱা এটা সাক্ষাতকাৰত সূৰ্যকুমাৰ যাদৱে মুকলিকৈ সকলো প্ৰশ্নৰ উত্তৰ দিয়া দেখা গৈছে। […] - [নেপালৰ প্ৰলয়ংকাৰী বানত এতিয়াও সন্ধান নাই ৩২০ ভাৰতীয়ৰ](https://peoplesnortheast.com/nepal-flash-flood-320-remain-uncontacted/): নেপালৰ প্ৰলয়ংকাৰী বানত এতিয়াও সন্ধানহীন হৈ আছে ৩২০ গৰাকী ভাৰতীয় পৰ্যটক। এইসকল ভাৰতীয় পৰ্যটকৰ সৈতে কোনো ধৰণৰ সম্পৰ্ক স্থাপন কৰিব নোৱাৰা বুলি উল্লেখ কৰিছে বৈদেশিক মন্ত্ৰালয়ে। বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে এই তথ্য প্ৰদান কৰি কয় যে চীনৰ তিব্বত ৰিজনত ৪০০ গৰাকী ভাৰতীয়ৰ সৈতে সম্পৰ্ক স্থাপন কৰিব পৰা গৈছে আৰু তেওঁলোক এতিয়া সম্পূৰ্ণ সুৰক্ষিত। মন্ত্ৰালয়ৰ তৰফৰ পৰা লগতে এই কথাও জনোৱা হৈছে যে বৈদেশিক মন্ত্ৰালয়ৰ কণ্ট্ৰোল ৰুম ২৪ ঘণ্টাই কাৰ্যক্ষম হৈ আছে আৰু চীনস্থিত ভাৰতীয় দূতাবাসেও এই সমগ্ৰ বিষয়টো গুৰুত্বসহকাৰে গ্ৰহণ কৰি যাৱতীয় পদক্ষেপ গ্ৰহণ কৰি আছে। ৰণধীৰ জয়ছৱালে কয়, ‘প্ৰথমে ভাল খবৰটো হ’ল যে বানাক্ৰান্ত অঞ্চলৰ পৰা কালি কাঠমাণ্ডুত উপস্থিত […] - [সোনল দিনুষাই কাঢ়ি নিলে ভাৰতৰ পৰা বিজয়, ড্ৰ ৰূপে সমাপ্ত কলম্বো টেষ্ট](https://peoplesnortheast.com/ind-vs-sl-2nd-test-drawn-after-sri-lanka-declare-on-429-runs-2nd-innings/): ড্ৰ ৰূপে সমাপ্ত হ’ল কলম্বো টেষ্ট। ঘৰুৱা দল শ্ৰীলংকাই ৯টা উইকেটৰ বিনিময়ত ৪২৯ ৰান সংগ্ৰহ কৰাৰ পিছতে দ্বিতীয় ইনিংছ ঘোষণা কৰাত ড্ৰ ৰূপে সমাপ্ত হ’ল টেষ্ট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন মেচ। মেচৰ চতুৰ্থ দিনৰ অন্তত ভাৰতৰ জয় নিশ্চিত বুলি ধৰি লোৱা হৈছিল যদিও অন্তিম দিনটোত সলনি হৈ পৰিল মেচখনৰ দৃশ্যপট। ভাৰতীয় বলাৰ তথা জয়ৰ সন্মুখত প্ৰাচীৰ হৈ থিয় দিলে শ্ৰীলংকাৰ বাঁওহতীয়া বেটাৰ সোনল দিনুষা। দ্বিতীয় ইনিংছত তেওঁৰ চমকপ্ৰদ শতকীয় ইনিংছে ভাৰতৰ পৰা কাঢ়ি নিলে মেচখন। মেচখনৰ পঞ্চমটো দিনত শ্ৰীলংকাৰ বেটাৰে ক্ৰিকেট যে অনিশ্চয়তাৰ খেল সেয়া পুনৰ এবাৰ প্ৰমাণ কৰি দিলে। মেচখনত সোনলে দুয়োটা ইনিংছতে শতকীয় ইনিংছ খেলি এক বিশেষ কৃতিত্বৰ অধিকাৰী […] - [পুনৰ উত্তপ্ত মণিপুৰ; কুকি বিদ্ৰোহীৰ আক্ৰমণত মৃত্যু ৫ নগাৰ](https://peoplesnortheast.com/five-naga-civilians-killed-in-suspected-militant-attack/): অশান্ত জৰ্জৰ মণিপুৰত পুনৰ সংঘটিত হৈছে ভয়ংকৰ ঘটনা। ইম্ফল-টামেই পথত সন্দেহযুক্ত কুকি বিদ্ৰোহী সংগঠনে নগা লোকক লক্ষ্য কৰি চলালে নিৰ্বিচাৰ গুলীচালনা। ঘটনাত ৫ গৰাকী নগা লোকৰ মৃত্যু হোৱাৰ লগতে এজন লোক গুৰুতৰভাৱে আহত হৈছে। বৃহস্পতিবাৰে কাংপোকপি আৰক্ষী থানাৰ অন্তৰ্গত মাকুই আচাং আৰু থানাবা নাগা অঞ্চলৰ মাজত এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে। এই নিৰ্মম ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নাগা সংগঠনৰ এগৰাকী শীৰ্ষ নেতা উইলুবাউ নিউমাই অভিযোগ কৰে যে সশস্ত্ৰ কুকি সংগঠনে সাধাৰণ লোকৰ ওপৰত এই আক্ৰমণ কৰিছে। ইফালে এই ঘটনাৰ পিছতে নাগা পিপল’ছ অৰগানাইজেশ্যনে এই গণহত্যাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি সেনাপতি জিলাৰ সদৰ সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে। উখৰুল জিলাৰ টাংখুল নগা আৰু […] - [কানপুৰত দুৰ্ঘটনাত পতিত বিমান; দুজনৰ মৃত্যু](https://peoplesnortheast.com/plane-crash-in-kanpur/): বৃহস্পতিবাৰে উত্তৰ প্ৰদেশৰ কানপুৰত অনুশীলনৰত এখন বিমান দুৰ্ঘটনাত পতিত হৈ দুজন লোকৰ মৃত্যু হয়। কানপুৰ আৰক্ষী আয়ুক্ত ৰঘুবীৰ লালে এই কথা নিশ্চিত কৰে। আৰক্ষী আয়ুক্তগৰাকীয়ে জানিব দিয়া মতে বিমানখনত আছিল ইনষ্ট্ৰাক্টৰ শচীন ভাটিয়া আৰু প্ৰশিক্ষণৰত পায়লট অভিষেক পূজাৰী। দুৰ্ঘটনাটোত মৃত্যু হোৱা শচীন গুজৰাট আৰু অভিষেক পূজাৰী কৰ্ণাটকৰ বাসিন্দা। উল্লেখ্য যে, গৰ্গ এভিয়েশ্যন ট্ৰেইনিং চেণ্টাৰৰ পৰা ১১.৩০ বজাত টেক অফ কৰা (টেকনম এয়াৰক্ৰাফ্ট) ৪-ছীটাৰ ডুৱেল ইঞ্জিন বিমানখনে প্ৰায় ১১.৫০ মিনিটত দুৰ্ঘটনাত পতিত হয়। ঘটনাটো কানপুৰ অসামৰিক বিমানবন্দৰৰ পৰা প্ৰায় ৯.২৬ কিলোমিটাৰ নিলগৰ গংগা বৈৰাজত সংঘটিত হয়। বিমান দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে DGCAৰ তিনিগৰাকী বিষয়াৰ এটা দল ঘটনাস্থলীলৈ ৰাওনা হৈছে। AAIBকো ঘটনাৰ […] - [১১টা জলবিদ্যুৎ প্ৰকল্প, ১৯খন দলং, ৪০ কিঃমিঃ পথ, ১০ৰো অধিক বেংক তচনচ.... নেপালত হাহাকাৰ](https://peoplesnortheast.com/nepal-flood-damage/): আজি তিব্বতৰ পৰা নামি অহা পানীৰ ঢলে নিমিষতে ধ্বংসলীলা চলালে নেপালত। প্ৰলয়ংকাৰী বানে উটুৱাই লৈ গ’ল কেইবাটাও পথ আৰু কেইবাখনো গুৰুত্বপূৰ্ণ দলং। বিদ্যুত উপাদনৰ পৰা আৰম্ভ কৰি বেংকিঙৰ লগতে টেলিকম ছেক্টৰৰ ওপৰতো পৰিল জলপ্ৰলয়ৰ প্ৰভাৱ। প্ৰাৰম্ভিক তথ্য অনুসৰি, হঠাতে অহা বানৰ ফলত ক্ষতিগ্ৰস্ত হৈছে ১১টাকৈ জলবিদ্যুত প্ৰকল্প। যাৰ ফলত প্ৰভাৱ পৰিছে ৪৩১ মেগাৱট বিদ্যুত উৎপাদনত। আনহাতে ১৯খন দলং আৰু প্ৰায় ৪০ কিলোমিটাৰ পথ উটুৱাই লৈ যায় বানে। ইয়াৰ ফলত নেপালৰ ভিন্ন এলেকাত স্তব্ধ হৈ পৰিছে যাতায়ত ব্যৱস্থা। ৰছুৱাৰ পৰা মাল্খু লৈকে ২০ৰো অধিক ওলোমা আৰু যান-বাহন আহ যাহ কৰা দলং বাঢ়নী পানীয়ে উটুৱাই নিয়ে। ইয়াৰ ভিতৰত ধাদিংবেছী সংযোগী দলংখনো আছে। দলং […] - [প্ৰকৃতিৰ ৰোষত নেপাল; বহু লোকৰ সৈতে শোকাৱহ ঘটনা, ১০০ৰো অধিক ভাৰতীয় পৰ্যটক সন্ধানহীন](https://peoplesnortheast.com/nepal-flash-flood/): ৰুষ্ট প্ৰকৃতিৰ ৰোষত চুবুৰীয়া দেশ নেপাল। উত্তৰ নেপালৰ ৰছুৱাত হঠাতে অহা পানীৰ ঢলে দেশখনৰ কেইবাখনো জিলাত চলাইছে তাণ্ডৱ। পানীৰ প্ৰলয়ংকাৰী সোঁতত উটি গৈছে হাজাৰৰো অধিক লোক। বানত এই পৰ্যন্ত ১৩ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে সন্ধানহীন হৈ আছে বহু লোক। সন্ধানহীন লোকৰ ভিতৰত আছে ৩০০ৰো অধিক পৰ্যটক। ইয়াৰে অধিকাংশই ভাৰতৰ বুলি জানিব পৰা গৈছে। উল্লেখ্য যে আজি ৰাতিপুৱা প্ৰায় ৯ মান বজাত ভোটে কোশী নদীৰ বাঢ়নী পানীয়ে ধ্বংস যজ্ঞ চলাই হিমালয়ান দেশ নেপালত। হিমালয়ান টাইমছৰ প্ৰতিবেদন অনুসৰি চীন দেশৰ পৰা নামি আহিছিল এই প্ৰলয়ংকাৰী পানীৰ ঢল। নেপাল সেনাই জনোৱা অনুসৰি, হঠাতে নামি অহা পানীৰ ঢলৰ ফলত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে ৰছুৱা জিলা। […] - [চাঞ্চল্যকৰ ঘটনা... কোঠাৰ ভিতৰত উদ্ধাৰ এটা পৰিয়ালৰ ৫ জন লোকৰ মৃতদেহ](https://peoplesnortheast.com/five-family-member-found-dead-in-srisailam/): অন্ধ্ৰপ্ৰদেশত সংঘটিত হৈছে এক চাঞ্চল্য়কৰ ঘটনা। ৰাজ্যখনৰ মল্লিকাৰ্জুন স্বামী মন্দিৰৰ সমীপৰ এটা বাসগৃহত উদ্ধাৰ হৈছে এটা পৰিয়ালৰে পাঁচজন সদস্যৰ মৃতদেহ। এই ঘটনাটোক সমূহীয়া আত্মহত্যা বুলি সন্দহে প্ৰকাশ কৰিছে স্থানীয় লোকে। মৃত লোক কেইজনক অন্ধ্ৰপ্ৰদেশৰ শ্ৰী সত্য ছাই জিলাৰ বাথলাপল্লী গাঁৱৰ নিবাসী বুলি চিনাক্ত কৰা হৈছে। মৃত লোক কেইজন হৈছে গোগুলা আদিলক্ষ্মী (৫০), মলেশ্বৰী (৪৫), পী সুধাকৰ (৩৬), শ্ৰীদেৱী (৩৩) আৰু মণিকণ্টা (১৫)। আৰক্ষীয়ে জানিব দিয়া অনুসৰি এই পৰিয়ালটোৱে ২০ আগষ্টত অটো ৰিক্সাৰ সহায়ত তীৰ্থস্থলীত উপস্থিত হৈছিল। তেওঁলোকে সেই স্থানত থকা এখন লজৰ ১১ নম্বৰ কোঠাত আছিল। কিন্তু কিছু দিনৰ পিছত কোঠাটোৰ পৰা বেয়া গোন্ধ অহাত লজৰ কৰ্মচাৰীয়ে আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে […] - ['এইটো জাতিগত লোকপিয়ল নহয়, ই এটা প্ৰৱঞ্চনা...', কেন্দ্ৰক সমালোচনা কংগ্ৰেছৰ](https://peoplesnortheast.com/congress-leader-jairam-ramesh-on-caste-census/): সংৰক্ষণ বিৰোধী আন্দোলনৰ মাজতে কংগ্ৰেছ দলে এইবাৰ জাতি লোকপিয়লৰ বিষয়ক লৈ সৰৱ হৈ পৰিছে। কেন্দ্ৰ চৰকাৰে সঠিকভাৱে জাতিগত লোকপিয়ল কৰিব নিবিচৰাৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশে। ইয়াৰ সৈতে সামাজিক ন্যায়ৰ কোনো সম্পৰ্ক নাথাকিব। এইটো জাতিগত লোকপিয়ল নহয়, ই এটা প্ৰৱঞ্চনা, এটা বিশ্বাসঘাতকতা। এইদৰে সমালোচনা কৰে জয়ৰাম ৰমেশে। উল্লেখ্য যে, লোকপিয়ল প্ৰ-পত্ৰত অনুসূচিত জাতি/জনজাতিৰ বাবে এটা স্তম্ভ অন্তৰ্ভুক্ত কৰা হৈছে, কিন্তু অন্য জাতিৰ বাবে কোনো স্তম্ভ নাই। এই সন্দৰ্ভত আগ্ৰাসী হৈ পৰিছে কংগ্ৰেছ। জয়ৰাম ৰমেশে সংবাদমেলত কয়, ‘যদি আপুনি আন্তৰিকতাৰে সামাজিক ন্যায়ত বিশ্বাস কৰে, তেন্তে আপুনি যি কৰি আছে সেয়া বাতিল কৰক। বিহাৰ আৰু তেলেংগানাত গ্ৰহণ কৰা পদ্ধতি ৰাষ্ট্ৰীয় […] - [CJPৰ প্ৰতিষ্ঠাপক অভিজিত দীপকেৰ বিৰুদ্ধে গোচৰ ৰুজু](https://peoplesnortheast.com/case-registered-against-cjp-founder-in-latur/): মহাৰাষ্ট্ৰৰ লাটুৰৰ চৰকাৰী বিদ্যালয়ত প্ৰৱেশ কৰি এক অনাকাংক্ষিত পৰিৱেশ আৰু শৈক্ষিক কাম-কাজত ব্যাঘাত জন্মোৱাৰ অভিযোগত CJPৰ প্ৰতিষ্ঠাপক অভিজিত দীপকে, অজিংক্য শিণ্ডেকে ধৰি চাৰি-পাঁচজন লোকৰ বিৰুদ্ধে ঔছা থানাত গোচৰ ৰুজু কৰা হৈছে। শিক্ষকসকলৰ অভিযোগ অনুসৰি, ২০ আগষ্টৰ দিনৰ প্ৰায় ১ বজাত অভিজিৎ দীপকে, অজিংক্য শিণ্ডে,কে ধৰি কেইবাজনো লোক বিদ্যালয় চৌহদত প্ৰৱেশ কৰে। ইয়াৰ পিছতেই শ্ৰেণীকোঠাত প্ৰৱেশ কৰি ছাত্ৰ-ছাত্ৰীক বিভিন্ন প্ৰশ্ন সুধি প্ৰায় ডেৰ-দুঘণ্টা সময় বিনষ্ট কৰে। অভিযোগ অনুসৰি বিদ্যালয় আৰু শ্ৰেণীকোঠাত অনুমতি অবিহনে প্ৰৱেশ কৰি ফটো তোলাৰ অভিযোগ উত্থাপন কৰা হৈছে দীপকেৰ বিৰুদ্ধে। এই ঘটনাৰ সময়তে বিদ্যালয়খনত অন্য বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক স্থান দিয়াৰ সন্দৰ্ভতো শিক্ষকৰ সৈতে দীপকে বাহিনী বিবাদত লিপ্ত হৈছিল। শিক্ষকসকলে অভিযোগ […] - [তেলেংগানাত ভয়ংকৰ বিস্ফোৰণ; ঔষধ কোম্পানীৰ ৰিয়েক্টৰ বিস্ফোৰণত দুজন শ্ৰমিকৰ মৃত্য়ু, ১০ জন আহত](https://peoplesnortheast.com/telangana-yadadri-bhuvanagiri-pharmaceutical-company-reactor-exploded/): তেলেংগানাৰ য়াদাদ্ৰী ভুৱনগিৰি জিলাৰ হেজিত শনিবাৰে এটা ঔষধ কোম্পানীৰ ৰিয়েক্টৰ বিস্ফোৰণত ১০ জন শ্ৰমিক আহত হোৱাৰ লগতে দুজন শ্ৰমিক নিহত হয়। ভূদান পোচমপল্লী মণ্ডলৰ ডোঠিগুডেম গাঁওস্থিত কাৰখানাটোত সংঘটিত হয় এই বিস্ফোৰণ। ঘটনাৰ পিছতে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দলক সেই স্থানলৈ প্ৰেৰণ কৰা হয়, আৰু আহতসকলক জৰুৰীকালীন চিকিৎসাৰ বাবে সমীপৱৰ্তী হাস্পতালত ভৰ্তি কৰা হয়। বিস্ফোৰণৰ সঠিক কাৰণ উদঘাটনৰ বাবে তদন্ত অব্যাহত আছে। উল্লেখ্য যে, এই একেটা ঔষধ কাৰখানাতে তিনিমাহ পূৰ্বে সংঘটিত হৈছিল বিস্ফোৰণ। প্ৰাৰম্ভিক প্ৰতিবেদন অনুসৰি আজি এই বিস্ফোৰণটো নিৰ্মাণ প্ৰক্ৰিয়াৰ সময়ত সংঘটিত হৈছিল যদিও ৰাসায়নিক বিক্ৰিয়া বা সঁজুলিৰ বিজুতিৰ ফলত এই বিস্ফোৰণ ঘটিছিল নেকি সেয়া এতিয়াও জানিব পৰা হোৱা নাই। অগ্নিনিৰ্বাপক […] - [যন্তৰ মন্তৰত পুনৰ প্ৰতিবাদ; এইবাৰ জাতিৰ ভিত্তিত সংৰক্ষণ ব্যৱস্থাৰ বিৰুদ্ধে ওলাই আহিল শ-শ লোক](https://peoplesnortheast.com/large-gathering-at-jantar-mantar-over-caste-based-reservation/): ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ যন্তৰ মন্তৰত শুকুৰবাৰে পুনৰ সূত্ৰপাত ঘটে প্ৰতিবাদৰ। ককৰোচ্চ জনতা পাৰ্টিৰ এক বিক্ষোভৰ পিছত আজি জাতিভিত্তিক সংৰক্ষণৰ প্ৰতিবাদত যন্তৰ মন্তৰত একত্ৰিত হয় শ-শ লোক। জাতিৰ ভিত্তিত সংৰক্ষণ ব্যৱস্থাৰ বিপৰীতে অৰ্থনৈতিক অৱস্থাৰ ওপৰত ভিত্তি কৰিহে সংৰক্ষণ দিয়াটো উচিত বুলি দাবী কৰে প্ৰতিবাদকাৰীয়ে। এই প্ৰতিবাদত বহু সংখ্যক লোক সমবেত হোৱাৰ পিছতে যন্তৰ মন্তৰত বৃহৎ আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে আৰু প্ৰতিবাদকাৰীসকলক তাৰ পৰা ঘূৰাই পঠিওৱাৰ চেষ্টা অব্যাহত ৰাখিছে। হাতত বেনাৰ, পোষ্টাৰ লৈ যন্তৰ মন্তৰত উপস্থিত হৈছে প্ৰতিবাদকাৰীসকল। তেওঁলোকৰ দাবীৰ সমৰ্থনত শ্লোগান দিয়াও পৰিলক্ষিত হয়। তেওঁলোকে জাতিভিত্তিক সংৰক্ষণ ব্যৱস্থাৰ পৰিৱৰ্তনৰ দাবী জনাই কয় যে সংৰক্ষণৰ সুফল প্ৰকৃততে প্ৰয়োজনীয় লোকৰ মাজলৈ যাব লাগে। […] - [সংসদ মাৰ্গ থানাত হাই ভল্টেজ ড্ৰামা; FIRৰ দাবীত ধৰ্ণাত বহিল ৰাহুল-প্ৰিয়ংকা গান্ধী](https://peoplesnortheast.com/rahul-and-priyanka-gandhi-staged-sit-in-demanding-an-fir/): শুকুৰবাৰে দেশৰ ৰাজধানী নতুন দিল্লীৰ সংসদ মাৰ্গ থানাত হঠাত উপস্থিত হ’ল কংগ্ৰেছ নেতা ৰাহুল গান্ধী। তেওঁৰ সৈতে আছিল যন্তৰ মন্তৰত অনুষ্ঠিত শিক্ষাৰ্থীৰ প্ৰতিবাদৰ সময়ত পেলেট গানত আঘাতপ্ৰাপ্ত ছাহিল লোচভো। পেলেট গান চলোৱা কাৰ্যত জড়িত থকা আৰক্ষীসকলৰ বিৰুদ্ধে এফ আই আৰ দাখিল কৰিবলৈ থানাত উপস্থিত হৈছিল ৰাহুল। কিন্তু আৰক্ষীয়ে এফ আই আৰ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰাত ৰাহুল গান্ধীয়ে থানাৰ বাহিৰত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। ৰাহুল গান্ধীৰ ঘনিষ্ঠ সূত্ৰই জনোৱা মতে, আৰক্ষীয়ে ছাহিলৰ এফ আই আৰ পঞ্জীয়ন কৰা নাছিল। ইয়াৰ পিছতে ৰাহুল গান্ধীয়ে ছাহিল আৰু তেওঁৰ পৰিয়ালৰ সৈতে থানাৰ বাহিৰত ধৰ্ণা কাৰ্যসূচীত বহে। ৰাহুল গান্ধীৰ ধৰ্ণা প্ৰতিবাদৰ খবৰ পোৱাৰ লগে লগে কংগ্ৰেছৰ কেইবাজনো […] - [শিখ বিৰোধী সংঘৰ্ষৰ দোষী সজ্জন কুমাৰৰ মৃত্যু, কংগ্ৰেছৰ পৰা তিনিবাৰকৈ নিৰ্বাচিত হৈছিল লোকসভালৈ](https://peoplesnortheast.com/congress-former-mp-anti-sikh-riots-accused-sajjan-kumar-dies/): ১৯৮৪ শিখ বিৰোধী সংঘৰ্ষৰ এটা গোচৰত দোষী সাব্যস্ত হোৱা কংগ্ৰেছৰ প্ৰাক্তন সাংসদ সজ্জন কুমাৰৰ মৃত্য। তিহাৰ কাৰাগাৰত আজীৱন কাৰাদণ্ড ভুগি থকা সজ্জন কুমাৰক দিল্লীৰ চফদাৰজং হাস্পতাললৈ লৈ যোৱা হৈছিল যদিও তাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত সজ্জন কুমাৰৰ বয়স আছিল ৮১ বছৰ। উল্লেখ্য যে, ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ হত্যাৰ পিছত ১৯৮৪ চনৰ ১ নৱেম্বৰত দিল্লীৰ সৰস্বতী বিহাৰ অঞ্চলত এটা পৰিয়ালৰ পিতৃ-পুত্ৰক নৃশংসভাৱে হত্যা কৰা হৈছিল। সজ্জন কুমাৰক এই হত্যাকাণ্ডৰ গোচৰত দোষী সাব্যস্ত কৰা হয়। সৰস্বতী বিহাৰত যশৱন্ত সিং আৰু তেওঁৰ পুত্ৰ তৰনদীপ সিঙক হত্যা কৰাৰ লগতে সংঘৰ্ষক উচটনি দিয়াৰ অভিযোগত তেওঁক দোষী সাব্যস্ত কৰা হয়। ২০১৮ চনৰ ১৭ […] - [শ্বিলং কাণ্ডক লৈ শৃংখলৰ হুংকাৰ... ক'লে, 'অসমীয়া জাতি মাৰ খাই বহি থকা জাতি নহয়'](https://peoplesnortheast.com/srinkhal-chaliha-reaction-on-shillong-incident/): বুধবাৰে মেঘালয়ৰ ৰাজধানী শ্বিলঙত প্ৰতিবাদৰ নামত খাচী ছাত্ৰ সন্থা (KSU)ই অসমৰ বাহন আৰু পৰ্যটকৰ ওপৰত চলোৱা বৰ্বৰ আক্ৰমণৰ পিছতে উত্তপ্ত হৈ পৰিছে অসম-মেঘালয়ৰ সীমান্ত যোৰাবাট। আজি অসমৰ চালক সন্থা আৰু কেব ড্ৰাইভাৰসকলে স্বতঃস্ফুৰ্তভাৱে ওলাই আহি যোৰাবাটত সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ। অসমৰ প্ৰতিবাদাকাৰীয়ে জয় আই অসম ধ্বনিৰে কঁপাই তুলিছে যোৰাবাট। বুধবাৰৰ ঘটনাৰ বিৰোধিতাৰে সাব্যস্ত কৰা প্ৰতিবাদত অসমৰ চালক সন্থাই মেঘালয়ৰ পৰা অহা গাড়ীসমূহ অসমত প্ৰৱেশ কৰিব দিয়া নাই। উচিত ন্যায় নোপোৱা পৰ্যন্ত মেঘালয়ৰ পঞ্জীয়নভুক্ত বাহন কোনো কাৰণতে অসমত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব বুলিও হুংকাৰ দিয়ে প্ৰতিবাদকাৰীয়ে। বৃহস্পতিবাৰে ৰাতিপুৱাৰে পৰা সাব্যস্ত কৰি থকা প্ৰতিবাদকাৰীৰ সমৰ্থনত ওলাই আহে বীৰ লাচিত সেনাৰ শীৰ্ষ পৰ্যায়ৰ নেতা […] - [হকী বিশ্বকাপত পাকিস্তানক ধূলিসাৎ ভাৰতৰ; ৫-০ ব্যৱধানত পৰাস্ত কৰি পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ ভাৰতৰ](https://peoplesnortheast.com/india-defeat-pakistan-by-5-3-in-2026-fih-hockey-world-cup/): নেদাৰলেণ্ডছত চলি থকা হকী বিশ্বকাপৰ পুল ডিৰ এখন ৰোমাঞ্চকৰ মেচত পাকিস্তানক ৫-৩ গ’লৰ ব্যৱধানত পৰাস্ত কৰিলে ভাৰতে। ১৬ বছৰৰ অপেক্ষাৰ অন্তত দুয়োটা দলৰ মাজত হোৱা এই হাই ভল্টেজ মেচখনত আৰম্ভণিৰে পৰাই ভাৰতে আধিপত্য বিস্তাৰ কৰিছিল। এই আকৰ্ষণীয় জয়ৰ জৰিয়তে ভাৰতে ৬ পইণ্ট লাভ কৰি পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰাৰ বিপৰীতে পাকিস্তান প্ৰতিযোগিতাখনৰ পৰা বিদায় লয়। আজিৰ মেচখনৰ প্ৰথম কোৱাৰ্টাৰত ভাৰতীয় দলৰ অধিনায়ক হৰমনপ্ৰীত সিং (৫ মিনিট) আৰু অভিষেকে ১১ মিনিটত দিয়া গ’লেৰে ২-০ৰ অগ্ৰগতি লাভ কৰে। দ্বিতীয় কোৱাৰ্টাৰত অধিক আকৰ্ষণীয় তথা ৰোমাঞ্চকৰ হয় মেচখন। দুয়ো পক্ষৰ পৰা দ্বিতীয়টো কোৱাৰ্টাৰত আহে দুটাকৈ গ’ল। ভাৰতৰ হৈ অধিনায়ক হৰমনপ্ৰীতে ২১ মিনিট আৰু অভিষেকে ২৪ মিনিটত […] - [মানৱৰ 'ঘূৰ্ণি'ত বিধ্বস্ত সিংহলী বাহিনী; প্ৰথম টেষ্টত ১৬৫ ৰানত জয় ভাৰতৰ](https://peoplesnortheast.com/team-india-win-by-165-run-vs-sri-lanka-in-first-test/): টীম ইণ্ডিয়া আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত টেষ্ট শৃংখলাৰ প্ৰথমখন মেচত ভাৰতে ১৬৫ ৰানত জয় লাভ কৰিছে। জয়ৰ বাবে বান্ধি দিয়া ৩৭২ ৰানৰ লক্ষ্যৰ প্ৰত্যুত্তৰত শ্ৰীলংকাই ২০৬ ৰানহে সংগ্ৰহণ কৰিবলৈ সক্ষম হয়। এই জয়ৰ লগে লগে দুখন মেচৰ শৃংখলাত ভাৰতে ১-০ৰ অগ্ৰগতি লাভ কৰে। এই মেচখনৰ জয়ত মুখ্য ভূমিকা গ্ৰহণ কৰে উদীয়মান বাঁওহতীয়া স্পিনাৰ মানৱ সুথাৰে। মানৱে দ্বিতীয় ইনিংছত চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়াই ৬টা উইকেট দখল কৰে। প্ৰথম ইনিংছতো সুথাৰে দখল কৰিছিল ৪টা উইকেট। এইদৰে প্ৰথম আৰু দ্বিতীয় ইনিংছ মিলি মেচখনত তেওঁ ১০টা উইকেট দখল কৰি নতুন ইতিহাসৰ সূচনা কৰে। ইয়াৰ উপৰি মেচখনত বাঁওহতীয়া বেটাৰ দেৱদত্ত পাড়িক্কলেও আগবঢ়াই সুন্দৰ প্ৰদৰ্শন। তেওঁ প্ৰথম ইনিংছত […] - [কোচিং চেণ্টাৰকে ধৰি হিমন্ত কেবিনেটে ল'লে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত](https://peoplesnortheast.com/assam-cabinet-key-decision/): আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত লোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। লোকসেৱা ভৱনত অনুষ্ঠিত কেবিনেট বৈঠকৰ পিছতে মুখ্যমন্ত্ৰী শৰ্মাই সংবাদমেল সম্বোধন কৰি সিদ্ধান্ত সমূহৰ বিষয়ে সদৰি কৰে। কোচিং প্ৰতিষ্ঠানসমূহক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি কেবিনেটে ‘অসম ব্যক্তিগত কোচিং প্ৰতিষ্ঠান (নিয়ন্ত্ৰণ আৰু শিক্ষাৰ্থীৰ মানসিক স্বাস্থ্য সুৰক্ষা) বিধি, ২০২৬’ প্ৰণয়নৰ অনুমোদন জনায়। তদুপৰি ৫০ বা ততোধিক শিক্ষাৰ্থী থকা কোচিং প্ৰতিষ্ঠানে জিলা আয়ুক্তৰ ওচৰত কৰিব লাগিব পঞ্জীয়ন। লগতে অনুসূচিত জাতি (SC), অনুসূচিত জনজাতি (ST), অন্যান্য পিছপৰা শ্ৰেণী (OBC) আৰু আৰ্থিকভাৱে দুৰ্বল শ্ৰেণী (EWS)ৰ শিক্ষাৰ্থী, বিশেষভাৱে সক্ষম শিক্ষাৰ্থী, এল জি বি টি কিউ+ শিক্ষাৰ্থী তথা মানসিক আঘাত, আপোনজনক হেৰুওৱা বা […] - [টেষ্ট ক্ৰিকেটত ঋষভ পন্তে ৰচিলে ইতিহাস; এই অভিলেখ গঢ়া প্ৰথমগৰাকী ভাৰতীয়](https://peoplesnortheast.com/rishabh-pant-first-ever-indian-cricketer-to-complete-100-sixes-in-test/): শ্ৰীলংকাৰ বিৰুদ্ধে চলি থকা টেষ্ট শৃংখলাৰ প্ৰথমখন টেষ্টত ভাৰতৰ উইকেট কীপাৰ বেটাৰ ঋষভ পন্তে ৰচিলে ইতিহাস। গালে টেষ্টৰ দ্বিতীয় ইনিংছত দুটা ছয় কোবোৱাৰ লগে লগে টেষ্ট কেৰিয়াৰত ১০০টা ছয় সম্পূৰ্ণ কৰাৰ বিশেষ অভিলেখ গঢ়ে পন্তে। ইয়াৰ সমান্তৰালকৈ টেষ্ট ক্ৰিকেটত ১০০টা ছয় কোবোৱা পন্ত ভাৰতৰ প্ৰথমগৰাকী ক্ৰিকেটাৰত পৰিণত হয়। তদুপৰি পন্তে দ্ৰুত গতিত ছয়ৰ শতক অৰ্জন কৰাৰ বিশ্ব অভিলেখো গঢ়িবলৈ সক্ষম হয়। টেষ্ট ক্ৰিকেটত ভাৰতৰ হৈ সৰ্বাধিক ছয় কোবোৱা বেটাৰৰ তালিকাত শীৰ্ষ স্থানত আছে পন্ত। ৯১টা ছয়ৰ সহায়ত এই তালিকাৰ দ্বিতীয় স্থানত বীৰেন্দ্ৰ সেহৱাগ আৰু ৮৮টা ছয়ৰ সহায়ত তৃতীয় স্থানত আছে ৰোহিত শৰ্মা। টেষ্টত সৰ্বাধিক ছয় কোবোৱা ভাৰতীয় ঋষভ পন্ত- ১০০ ছিক্স […] - [ডাম্পাৰৰ সৈতে ভয়ংকৰ সংঘৰ্ষ; ৮জন শ্ৰমিকৰ মৃত্যু, ৩০ৰো অধিক আহত](https://peoplesnortheast.com/eight-labourers-die-more-than-30-injured-in-madhya-pradesh-crash/): মধ্য প্ৰদেশৰ ভিণ্ড জিলাত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত ৮ গৰাকী শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে আন ৩০গৰাকী লোক গুৰুতৰভাৱে আহত হয়। শ্ৰমিক কঢ়িয়াই নিয়া এখন পিক আপ বাহনৰ সৈতে ট্ৰাকৰ মাজত হোৱা সংঘৰ্ষৰ ফলতেই এই শিহৰণকাৰী দুৰ্ঘটনাটো সংঘটিত হয়। মঙলবাৰে পুৱতি নিশা চিমকা গাঁৱৰ সমীপত সংঘটিত হয় দুৰ্ঘটনাটো। গোৱালিয়ৰত কাম শষ কৰি পিক আপ বাহনখনেৰে উত্তৰ প্ৰদেশৰ লখিমপুৰৰ খেৰি অভিমুখে আহি থকা সময়তে দুৰ্ঘটনাত পতিত হয় শ্ৰমিকসকলৰ বাহনখন। পথত থকা এটা জন্তুক বচাবলৈ গৈ বাহনখনে নিয়ন্ত্ৰণ হেৰৱুাই বিপৰীত দিশৰ পৰা আহি থকা ডাম্পাৰৰ সৈতে সংঘৰ্ষত লিপ্ত হোৱা বুলি জানিব দিয়ে আৰক্ষীয়ে। এই দুৰ্ঘটনাটোত পাঁচজন শ্ৰমিকৰ থিতাতে মৃত্যু হোৱাৰ লগতে আন তিনিজনৰ […] - [SCৰ ডাঙৰ ৰায়, যন্তৰ-মন্তৰ প্ৰতিবাদৰ তদন্তৰ বাবে গঠন হ'ব উচ্চ ক্ষমতাসম্পন্ন সমিতি](https://peoplesnortheast.com/sc-high-powered-committee-will-be-formed-to-investigate-jantar-mantar-protest/): দেশৰ ৰাজধানী দিল্লীৰ যন্তৰ-মন্তৰত হোৱা প্ৰতিবাদৰ সময়ত প্ৰতিবাদকাৰী শিক্ষাৰ্থীসকলৰ ওপৰত আৰক্ষীৰ বৰ্বৰতা আৰু ইয়াৰ সৈতে জড়িত আন আন বিষয় সমূহৰ তদন্তৰ বাবে গঠন কৰা হ’ব এখন উচ্চ ক্ষমতাসম্পন্ন সমিতি। সৰ্বোচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশৰ অধ্যক্ষতাত এই সমিতিখন গঠন কৰা হ’ব বুলি সোমবাৰে সৰ্বোচ্চ ন্যায়ালয়ে জানিব দিয়ে। এই সমিতিখনত সদস্য হিচাপে থাকিব উচ্চ ন্যায়ালয়ৰ এগৰাকী প্ৰাক্তন ন্যায়াধীশ আৰু এগৰাকী অৱসৰী ডাইৰেক্টৰ জেনেৰেল। ইফালে দিল্লী আৰক্ষীয়ে সৰ্বোচ্চ ন্যায়ালয়ক জানিব দি কয় যে যন্তৰ-মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰা ককৰোচ্চ জনতা পাৰ্টীৰ প্ৰতিবাদকাৰীসকলক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ জোৱানে অতি কম বল প্ৰয়োগ কৰিছিল। শিক্ষাৰ্থীৰ প্ৰতিবাদৰ সময়ত প্ৰতিবাদকাৰীৰ ওপৰত অত্যধিক আৰক্ষী বাহিনী প্ৰয়োগ আৰু বৰ্বৰতাৰ অভিযোগ উত্থাপন কৰি সৰ্বোচ্চ […] - [পশ্চিম বংগত হোটেলত ভয়ংকৰ অগ্নিকাণ্ড, ৮ জন লোকে হেৰুৱালে প্ৰাণ](https://peoplesnortheast.com/birbhum-hotel-fire-that-killed-8-in-west-bengal/): পশ্চিমবংগৰ বীৰভূম জিলাৰ তাৰাপীঠৰ এখন ব্যক্তিগত হোটেলত ব্যাপক অগ্নিকাণ্ডত ৮জন লোকৰ কৰুণ মৃত্যু ঘটিছে। ঘটনা অগ্নিদগ্ধ প্ৰায় ১০ জন লোক চিকিৎসালয়ত ভৰ্তি হৈ আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কৰুণ ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰাৰ লগতে মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই যদিও শ্বৰ্ট চাৰ্কিটৰ ফলতেই এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে প্ৰশাসনে। বীৰভূমৰ আৰক্ষী অধীক্ষক বিদিত ৰাজ ভুণ্ডেশে জনোৱা মতে, আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দলটো যেতিয়া সেই স্থানত উপস্থিত হয় তেতিয়া বাহিৰৰ পৰা ধোঁৱা বা জুইৰ কোনো শিখা দেখা পোৱা নাছিল। আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দলে জখলাৰ সহায়ত ২২ জন লোকক উদ্ধাৰ কৰাৰ […] - [ঘোষণা হ'ল নীতিন নবীনৰ নতুন টীম; চাওক কোনে লাভ কৰিলে কি দায়িত্ব](https://peoplesnortheast.com/bjp-announces-nitin-nabins-new-team/): ভাৰতীয় জনতা পাৰ্টিৰ (BJP) ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ নতুন ৰাষ্ট্ৰীয় দল বা কাৰ্যনিৰ্বাহক ঘোষণা কৰা হৈছে। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীক ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক আৰু বসুন্ধৰা ৰাজেক উপাধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। উপাধ্যক্ষ পদত কোন কোন? বসুন্ধৰা ৰাজে সিন্ধিয়া, তীৰথ সিং ৰাৱট, ৰাম মাধৱ, বৈজয়ন্ত জয় পাণ্ডা, ডী পুৰন্দেশ্বৰী, ৰেখা দৰ্মা, বৰ্ষাবেন নৰেন্দ্ৰভাই দোশী, ভাৰতী প্ৰবীণ পাৱাৰ, মনপ্ৰীত সিং বাদল, লাল সিং আৰ্য, প্ৰো এম নাগৰাজ, প্ৰো তাৰিক মঞ্চুৰ, ডাঃ মধুচন্দ্ৰ কৰ। সাংগঠনিক সাধাৰণ সম্পাদক হিচাপে বি এল সন্তোষক পুনৰবাৰ দায়িত্ব প্ৰদান কৰা হৈছে। সাংগঠনিক যুটীয়া সাধাৰণ সম্পাদকৰ দায়িত্ব শিৱপ্ৰকাশ আৰু সৌদান সিঙক প্ৰদান কৰা হৈছে। সাধাৰণ সম্পাদক বিনোদ তাৱৰে, সুনীল […] - ['বন্দে মাতৰম'ক অপমান! ছোনিয়া গান্ধীৰ বিৰুদ্ধে অভিযোগ](https://peoplesnortheast.com/karnataka-bjp-leader-vikas-puttur-complaint-sonia-gandhi-over-vande-mataram/): কৰ্ণাটকৰ মাংগালুৰুৰ উৰৱা আৰক্ষী থানাত কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীৰ বিৰুদ্ধে এগৰাকী বিজেপি নেতাই দাখিল কৰিছে অভিযোগ। স্বাধীনতা দিৱসৰ দিনটোত কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত পতাকা উত্তোলন কাৰ্যসূচীৰ সময়ত ‘বন্দে মাতৰম’ গোৱাৰ সময়ত ছোনিয়া গান্ধীৰ আচাৰ-আচৰণক লৈ হোৱা বিতৰ্কৰ পিছতে তেওঁৰ বিৰুদ্ধে এই অভিযোগ দাখিল কৰা হৈছে। বিজেপি নেতা বিকাশ পুত্তুৰে কয়, ‘কংগ্ৰেছৰ আচাৰ-আচৰণ সমগ্ৰ দেশে দেখিলে। কংগ্ৰেছ দলে সদায় ‘বন্দে মাতৰম’ৰ বিৰোধিতা কৰি আহিছে। কালি কংগ্ৰেছৰ কাৰ্যালয়ত পতাকা উত্তোলন কাৰ্যসূচীৰ সময়ত, যেতিয়া ‘বন্দে মাতৰম’ বজোৱা হৈছিল তেতিয়া ছোনিয়া গান্ধীক বাধা দিয়া দেখা গৈছিল। আমাৰ লগতে সমগ্ৰ দেশবাসীয়ে দেখিছে যে তেওঁ বাৰম্বাৰ বাধা প্ৰদান কৰিছিল আৰু নিজৰ কাৰ্যকৰ্তাক ‘বন্দে মাতৰম’ বন্ধ কৰিবলৈ কৈ […] - [অষ্ট্ৰেলিয়াত বাংলাদেশৰ ঐতিহাসিক বিজয়, কেংগাৰু বাহিনীক ৯ উইকেটত পৰাস্ত কৰি ৰচিলে ইতিহাস](https://peoplesnortheast.com/bangladesh-notch-historic-first-test-win-in-australia/): অষ্ট্ৰেলিয়াৰ ডাৰ্ৱিণত ইতিহাস ৰচিলে বাংলাদেশ ক্ৰিকেট দলে। মোমিনুল হকৰ বাউণ্ডেৰীৰ সহায়ত আলহী দলটোৱে প্ৰথমখন টেষ্টত শক্তিশালী অষ্ট্ৰেলিয়াক ৯ উইকেটত পৰাস্ত কৰে। অষ্ট্ৰেলিয়াৰ ভূমিত বাংলাদেশৰ এয়া প্ৰথম বিজয়। দুখন মেচৰ টেষ্ট শৃংখলাৰ প্ৰথমখন মেচত টছত জয়ী হৈ ঘৰুৱা দল অষ্ট্ৰেলিয়াই প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈছিল। কিন্তু বাংলাদেশী বলাৰৰ দুৰ্দমনীয় প্ৰদৰ্শনৰ বাবে অষ্ট্ৰেলিয়া দলে মাত্ৰ ১৯৮ ৰানতে নিজৰ প্ৰথম ইনিংছ সামৰিলৈ বাধ্য হয়। ইয়াৰ প্ৰত্যুত্তৰত বাংলাদেশ দলে নিজৰ প্ৰথম ইনিংছত ৪২৬ ৰানৰ বিশাল স্ক’ৰ সংগ্ৰহ কৰি ২২৮ ৰানৰ অগ্ৰগতি লাভ কৰে। বাংলাদেশৰ হৈ অপেনাৰ তানজিদ হাছান তামিমে ১০১ ৰানৰ শতকীয় ইনিংছ, অধিনায়ক নাজমুল হোছেইন চাণ্টোৱে ৮৪, মেহদি হাছান মিৰাজে ৬৫ আৰু মমিনুল হকে […] - [অৰুণাচলত প্ৰকৃতিৰ তাণ্ডৱ; ভূমিস্খলনত ৪ জনৰ মৃত্যু, বানত উটি গ'ল ৫ জন সেনা জোৱান](https://peoplesnortheast.com/arunachal-pradesh-landslide-and-flood/): বিগত কিছু দিনৰ পৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত অৰুণাচল প্ৰদেশত ভূমিস্খলন আৰু বানপানীয়ে ধাৰণ কৰিছে বিধ্বংসী ৰূপ। ৰাজ্যখনৰ দুটা পৃথক স্থানত সংঘটিত হোৱা ভূমিস্খলন আৰু বানৰ ফলত এই পৰ্যন্ত চাৰিজন লোকৰ মৃত্যু হোৱাৰ লগতে নিৰুদ্দেশ হৈ আছে ৫জন সেনা জোৱান। ৰাজ্যিক জৰুৰীকালীন অভিযান কেন্দ্ৰৰ তথ্য অনুসৰি শুকুৰবাৰে সন্ধিয়া দুয়োটা ঘটনা সংঘটিত হয়। ১৫ আগষ্ট শনিবাৰে বিষয়াসকলে জানিব দিয়ে যে অৰুণাচল প্ৰদেশৰ দিবাং ভেলী জিলাত হোৱা প্ৰচণ্ড বৰষুণৰ ফলত হঠাতে হোৱা বানে সেনাবাহিনীৰ দুটা অস্থায়ী শিবিৰ উটুৱাই নিয়ে। ইয়াৰ ফলত পাঁচজন জোৱান সন্ধানহীন হৈ পৰে। বিষয়াসকলে জনোৱা মতে, হঠাতে অহা পানীৰ ঢলত উটি যায় সেনাবাহিনীৰ ৭ জন জোৱান। ইয়াৰে দুজনক উদ্ধাৰ […] - [ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ আহিব ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ান](https://peoplesnortheast.com/iran-president-masoud-pezeshkian-to-travel-to-delhi-for-brics-summit/): ছেপ্তেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া ব্ৰিকছ সন্মিলনৰ বাবে নতুন দিল্লীলৈ আহিব ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ান। ইৰাণৰ উচ্চস্তৰীয় সূত্ৰৰ উদ্ধৃতিৰে সংবাদ সংস্থা এ এন আইয়ে ১৪ আগষ্টত এই প্ৰতিবেদন প্ৰকাশ কৰিছে। ভাৰতৰ অধ্যক্ষতাত ১৮ সংখ্যক ২০২৬ ব্ৰিকছ সন্মিলনখন ৰাজধানী নতুন দিল্লীত অনুষ্ঠিত হ’ব। আমেৰিকা আৰু ইৰাণৰ মাজত বিগত ৫ মাহৰো অধিক সময় ধৰি চলি থকা যুদ্ধৰ মাজতে পেজেস্কিয়ানৰ এই ভাৰত ভ্ৰমণ এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে। এইবাৰৰ ব্ৰিকছ সন্মিলনৰ বিষয়বস্তু হৈছে স্থিতিস্থাপকতা, উদ্ভাৱন, সহযোগিতা আৰু স্থায়িত্বৰ বাবে নিৰ্মাণ। ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত হ’বলগীয়া এই সন্মিলনখনে মানৱকেন্দ্ৰিক আৰু বৈশ্বিক কল্যাণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। উল্লেখ্য যে, ইয়াৰ পূৰ্বে ২০২৪ চনত ৰাছিয়াৰ কাজান চহৰত অনুষ্ঠিত হোৱা […] - [জনপ্ৰিয় কমেডিয়ান সময় ৰাইনালৈ সৰ্বোচ্চ ন্যায়ালয়ৰ সকাহ](https://peoplesnortheast.com/samay-raina-relief-supreme-court/): বিশেষভাৱে সক্ষম লোকসকলৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰি বিপদত পৰা দেশৰ অন্যতম জনপ্ৰিয় কমেডিয়ান সময় ৰাইনাই উচ্চতম ন্যায়ালয়ৰ পৰা লাভ কৰিলে সকাহ। আজি সৰ্বোচ্চ ন্যায়ালয়ে সময় ৰাইনা আৰু আন চাৰিজনৰ বিৰুদ্ধে দাখিল কৰা সকলোবোৰ এফআইআৰ (FIR) খাৰিজ কৰে। ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ ভি মোহনাৰ এক খণ্ডপীঠে এই নিৰ্দেশনা প্ৰদান কৰে। খণ্ডপীঠে অনুভৱ কৰে যে ৰাইনা আৰু তেওঁৰ সহযোগীসকলে বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ বাবে সজাগতা বৃদ্ধি আৰু তেওঁলোকক সাহায্যৰ বাবে বিত্তীয় পুঁজি সংগ্ৰহৰ কাৰ্যসূচী চলাব দিয়াৰ নিৰ্দেশ সুকলমে পালন কৰিছে। তেওঁলোকৰ এই ইতিবাচক প্ৰচেষ্টা আৰু সন্মতিৰ বাবেই আদালতে ক্ৰিমিনেল প্ৰক্ৰিয়াক্ৰম বন্ধ কৰি সকলো গোচৰ খাৰিজ কৰে। উল্লেখ্য যে […] - [কিয় এৰিলে AAP? হৰভজনে ক'লে বিজেপিত যোগদানৰ কাৰণ](https://peoplesnortheast.com/why-did-harbhajan-singh-switch-from-aap-to-bjp/): প্ৰাক্তন ক্ৰিকেটাৰ তথা ৰাজ্যসভাৰ সাংসদ হৰভজন সিঙে আম আদমী পাৰ্টি ত্যাগ কৰা সন্দৰ্ভত প্ৰথমবাৰৰ বাবে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। তেওঁ কিয় বিজেপিত যোগদান কৰিলে সেই কথা জানিব দি কয়, ‘পঞ্জাৱৰ ক্ৰীড়া আৰু নিচা জাতীয় সমস্যা সন্দৰ্ভত দিয়া তেওঁৰ পৰামৰ্শ AAPয়ে গুৰুত্বসহকাৰে গ্ৰহণ কৰা নাছিল।’ সিঙে লগতে কয় যে যিটো উদ্দেশ্য লৈ তেওঁ দলটোত যোগদান কৰিছিল সেয়া পূৰণ নোহোৱা বাবে দল এৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। এটা সংবাদ প্ৰতিষ্ঠানৰ সৈতে হোৱা বাৰ্তালাপত প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে কয়, ‘পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে যেতিয়া মোক AAPত যোগদান কৰিবলৈ কৈছিল, তেতিয়া ৰাজ্যসভাত কেৱল ক্ৰীড়া বিষয়ক বিষয়বস্তু উত্থাপন কৰাৰ চৰ্ততহে সন্মত হৈছিলো। মই তেতিয়াই স্পষ্ট কৰি দিছিলো যে মই কেৱল […] - [টেষ্ট ক্ৰিকেটত মিচেল ষ্টাৰ্কৰ ইতিহাস; চেৰ পেলালে আক্ৰাম, হেৰাথক](https://peoplesnortheast.com/mitchell-starc-creates-history-becomes-most-successful-left-arm-bowler-in-test-history/): অষ্ট্ৰেলিয়া আৰু বাংলাদেশৰ মাজৰ টেষ্ট শৃংখলাৰ প্ৰথমখন মেচ আজিৰ পৰা ডাৰ্বিনৰ মাৰাৰা ক্ৰিকেট গ্ৰাউণ্ডত আৰম্ভ হৈছে। মেচখনৰ প্ৰথম দিনৰ খেল সমাপ্ত হোৱাৰ কিছু সময় পূৰ্বে অষ্ট্ৰেলিয়াৰ বেগী বলাৰ মিচেল ষ্টাৰ্কে এটা উইকেট দখল কৰি টেষ্ট ক্ৰিকেটত ৰচিলে ইতিহাস। টেষ্ট ক্ৰিকেটত সৰ্বাধিক উইকেট দখল কৰা বাওঁহতীয়া বলাৰত পৰিণত হ’ল ষ্টাৰ্ক। বাংলাদেশৰ অপেনাৰ বেটাৰ ছাদমান ইছলামক পেভেলিয়নমুখী কৰাৰ লগে লগে তেওঁ এই বিশেষ কৃতিত্বৰ অধিকাৰী হয়। শ্ৰীলংকাৰ প্ৰাক্তন বাঁওহতীয়া স্পিনাৰ ৰংগনা হেৰাথক অতিক্ৰম কৰি এই অভিলেখ গঢ়ে ষ্টাৰ্কে। এই পৰ্যন্ত টেষ্ট ক্ৰিকেটত ষ্টাৰ্কৰ নামত আছে ৪৩৪টা উইকেট। আনহাতে হেৰাথে টেষ্ট ক্ৰিকেটত ৪৩৩টা উইকেট দখল কৰিছিল। হেৰাথৰ নামত থকা এই অভিলেখ ভংগ কৰাৰ পূৰ্বে […] - [পঞ্জাৱৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী সুখবীৰ সিং বাদলৰ ওপৰত আক্ৰমণ; হাস্পতালত ভৰ্তি](https://peoplesnortheast.com/sukhbir-singh-badal-attacked-in-nanded-sahib/): পঞ্জাৱৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তথা আকালী দলৰ অধ্যক্ষ সুখবীৰ সিং বাদলৰ ওপৰত ভয়ংকৰ আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ খবৰ আহিছে। মহাৰাষ্ট্ৰৰ নান্দেড়ত সংঘটিত এই আক্ৰমণত বাদলৰ লগতে তেওঁৰ সুৰক্ষাত নিয়োজিত এগৰাকী সুৰক্ষা কৰ্মী আহত হয়। এই আক্ৰমণৰ ঘটনাৰ পিছতে সুখবীৰ সিং বাদলক এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱা হয়। প্ৰাৰম্ভিক খবৰ অনুসৰি, এজন দুৰ্বৃত্তই সুখবীৰ সিং বাদলৰ ওপৰত চোকা অস্ত্ৰৰে আক্ৰমণ কৰে। এই আক্ৰমণত তেওঁ হাতত যথেষ্ট আঘাত পায়। অৱশ্যে তেওঁ সংকটমুক্ত বুলি চিকিৎসকে জানিব দিয়ে। আক্ৰমণৰ পূৰ্বে সুখবীৰ সিং বাদলে পৰিয়ালৰ সৈতে টখ্ট শ্ৰী পাটনা ছাহিব ভ্ৰমণ কৰিছিল। সম্প্ৰতি আৰক্ষীয়ে ঘটনাস্থলীত সংস্থাপিত চিচি টিভি ফুটেজ সংগ্ৰহ কৰি আক্ৰমণকাৰীক চিনাক্ত কৰাৰ কাম অব্যাহত ৰাখিছে। […] - [BTR চুক্তি, বান সমস্যাক লৈ প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ UPPL প্ৰতিনিধিৰ](https://peoplesnortheast.com/uppl-delegation-meets-pm-modi-over-btr-accord-implementation-assam-floods/): ৰাজ্যসভাৰ সাংসদ তথা UPPL দলৰ মুৰব্বী প্ৰমোদ বড়ো নেতৃত্বাধীন এটা প্ৰতিনিধি দলে সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাত কৰে। সাক্ষাতৰ সময়ত UPPLৰ প্ৰতিনিধি দলটোৱে ২০২০ চনৰ বি টি আৰ চুক্তিৰ ক্ষিপ্ৰ ৰূপায়ণৰ লগতে বান আৰু গৰাখহনীয়া সমস্যা সমাধানৰ ব্যৱস্থাকে ধৰি বডোলেণ্ড টেৰিটৰিয়েল ৰিজিঅ’ন (বি টি আৰ) সম্পৰ্কীয় বিষয়ক লৈ আলোচনা কৰে। প্ৰতিনিধি দলটোত আছিল ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰী আৰু লোকসভাৰ সাংসদ জয়ন্ত বসুমতাৰী। বৈঠকত UPPLৰ নেতাসকলে প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিত ২০২০ চনত স্বাক্ষৰিত বি টি আৰ চুক্তিৰ সকলো দফা সময়মতে কাৰ্যকৰী কৰাৰ প্ৰয়োজনীয়তা সম্পৰ্কে বিশদ আলোচনা কৰে। বৈঠকত উত্থাপন হোৱা এটা মূল দাবী আছিল প্ৰস্তাৱিত ১২৫ সংখ্যক সাংবিধানিক সংশোধনী বিধেয়ক গৃহীত কৰা। […] - [অসমক সহায়ৰ বাবে আগবাঢ়ি আহিল পশ্চিম বংগ; ১০ কোটি টকাৰ অৰ্থ সাহায্য প্ৰদানৰ ঘোষণা](https://peoplesnortheast.com/west-bengal-announces-rs-10-crore-aid-for-flood-hit-assam/): বান বিধ্বস্ত অসমক সহায় কৰিবলৈ আগবাঢ়ি আহিল পশ্চিম বংগ চৰকাৰ। পশ্চিম বংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে অসমৰ বানাক্ৰান্ত লোকক সহায় কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ১০ কোটি টকাৰ অৰ্থসাহায্য প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে। বানৰ ফলত অসমৰ পৰিস্থিতি অতি ভয়ানক বুলি মন্তব্য কৰি তেওঁ কয় যে আন ৰাজ্যসমূহৰ দৰে পশ্চিম বংগও এই বিপদৰ সময়ত চুবুৰীয়া ৰাজ্যখনৰ লগত আছে। তেওঁ কয়, ‘মণিপুৰ, ছত্তীশগড়ৰ দৰে কেইবাখনো ৰাজ্যই অসমলৈ সাহায্য দিয়াৰ কথা ঘোষণা কৰিছে। লগতে আমি অসমলৈ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ১০ কোটি টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিম’। পশ্চিম বংগ চৰকাৰৰ দৰে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণু দেৱ সায় চৰকাৰেও অসমক সহায়ৰ বাবে আগবাঢ়ি অহা পৰিলক্ষিত হৈছে। […] - [ইমৰান খানৰ মৃত্যুৰ খবৰত পাকিস্তানত হাহাকাৰ! সাংবাদিকৰ চাঞ্চল্যকৰ দাবীৰ পিছতেই PTIৰ প্ৰতিক্ৰিয়া](https://peoplesnortheast.com/is-imran-khan-dead-pakistani-journalists-explosive-claim-about-former-pm/): দীৰ্ঘদিন ধৰি কাৰাৰুদ্ধ হৈ থকা পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ মৃত্যু ঘটিছে। এই চাঞ্চল্যকৰ দাবী কৰিছে পাকিস্তানৰ জ্যেষ্ঠ সাংবাদিক বজাহত এছ খানে। পাকিস্তান চৰকাৰ আৰু সেনাৰ সূত্ৰৰ উদ্ধৃতিৰে তেওঁ এই দাবী কৰিছে। সাংবাদিকগৰাকীৰ এই দাবীৰ পিছতেই মঙলবাৰে পাকিস্তান তেহৰিক-এ-ইনছাফ (পিটিআই)ৰ তৰফৰ পৰা প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে দলটোৰ প্ৰতিষ্ঠাপক ইমৰান খানৰ স্বাস্থ্য সন্দৰ্ভত আহি থকা খবৰবোৰ যথেষ্ট উদ্বেগজনক আৰু ইয়েই সমগ্ৰ দেশৰ জনসাধাৰণক শংকিত কৰি তুলিছে। দলটোৱে লগতে ইমৰান খানক সাক্ষাত কৰাৰ অনুমতি প্ৰদান কৰিব লাগে বুলিও চৰকাৰৰ ওচৰত দাবী জনায়। পিটিআইৰ চেণ্ট্ৰেল মিডিয়া ডিপাৰ্টমেণ্টে এক্সযোগে এটা প’ষ্টত কয় যে ইমৰান খানৰ স্বাস্থ্য সন্দৰ্ভত আহি থকা ‘চাঞ্চল্যকৰ খবৰে’ ‘সমগ্ৰ দেশতে গভীৰ […] - [ভাৰতীয় দলৰ বাবে আন এক মোক্ষম আঘাত... টেষ্ট শৃংখলাৰ পৰা বাহিৰ এইগৰাকী তাৰকা বেটাৰ](https://peoplesnortheast.com/sai-sudharsan-ruled-out-of-test-series-with-toe-injury/): শ্ৰীলংকা ভ্ৰমণলৈ যোৱা ভাৰতীয় দলত আন এক মোক্ষম আঘাত। যশপ্ৰীত বুমৰাহৰ পিছত এইবাৰ ভাৰতীয় দলৰ পৰা বাহিৰ হ’ল ছাই সুদৰ্শন। ভৰিৰ আঙুলিত পোৱা আঘাতৰ পৰা সম্পূৰ্ণৰূপে উপশম লাভ নকৰাৰ বাবে তেওঁ দুখন মেচৰ টেষ্ট শৃংখলাটোৰ পৰা বাহিৰ হ’বলগীয়া হৈছে। উল্লেখ্য যে, ৪ আগষ্টত মুম্বাইৰ পৰা শ্ৰীলংকা অভিমুখে ৰাওনা হোৱা ভাৰতীয় দলটোৰ সৈতে যোৱা নাছিল ছাই সুদৰ্শন। সেয়ে তেওঁ শুকুৰবাৰৰ পৰা শ্ৰীলংকা একাদশৰ বিৰুদ্ধে আৰম্ভ হোৱা প্ৰস্তুতিমূলক মেচখনত অংশ লোৱাৰ পৰা বিৰত আছিল। শ্ৰীলংকাৰ বিৰুদ্ধে খেলিবলগীয়া টেষ্ট শৃংখলাটোৰ বাবে যশপ্ৰীত বুমৰাহৰ লগতে ছাই সুদৰ্শনকো দলত স্থান দিয়া হৈছিল। অৱশ্যে দলত তেওঁলোকৰ উপস্থিতি ফিটনেছৰ ওপৰত নিৰ্ভৰ আছিল। ইতিমধ্যে বুমৰাহৰ স্থানত দলত স্থান দিয়া […] - [হিমাচলৰ চাম্বাত ভয়ংকৰ পথ দুৰ্ঘটনা; ড্ৰাইভাৰসহ ৭ গৰাকী যাত্ৰীৰ মৃত্যু](https://peoplesnortheast.com/tragic-road-accident-in-himachal/): হিমাচল প্ৰদেশৰ চাম্বাৰ পৰা আহিছে এক ভয়ংকৰ পথ দুৰ্ঘটনাৰ খবৰ। এখন যাত্ৰীবাহী বাছ নিয়ন্ত্ৰণ হেৰুৱাই চালুজ টাৰ্ণৰ সমীপৰ দ খাৱৈতে বাগৰি পৰাৰ ফলত ৭ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। বাছখন বৈৰাগড়ৰ পৰা চাম্বা অভিমুখে আহি আছিল। ঘটনাস্থলীত আৰক্ষী প্ৰশাসন উপস্থিত হৈ সাহায্য আৰু উদ্ধাৰৰ কাম আৰম্ভ কৰা হৈছে। শনিবাৰে পুৱা চাম্বাৰ তীছা-বৈৰাগড় মূল পথত সংঘটিত হয় এই মৰ্মান্তিক পথ দুৰ্ঘটনাটো। স্থানীয় ৰাইজৰ মতে, এই দুৰ্ঘটনাত বাছখনৰ চালক, কণ্ডাক্টৰসহ ৭ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১৪ জন আহত হোৱাৰ খবৰ পোৱা গৈছে। ঘটনাৰ খবৰ লাভ কৰাৰ পিছতেই ঘটনাস্থলত স্থানীয় ৰাইজ আৰু আৰক্ষী প্ৰশাসন উপস্থিত হৈ আৰম্ভ কৰিছে উদ্ধাৰ অভিযান। […] ## Pages - [HOME](https://peoplesnortheast.com/home-2/) - [Home](https://peoplesnortheast.com/) - [Menu Popup - News Hub PRO](https://peoplesnortheast.com/menu-popup-news-hub-pro/) - [Premium Content](https://peoplesnortheast.com/premium-content/) - [About NewsHub](https://peoplesnortheast.com/about-newshub/) - [Contact Us](https://peoplesnortheast.com/contact-us/) - [Privacy Policy](https://peoplesnortheast.com/privacy-policy-2/) - [Terms of Use](https://peoplesnortheast.com/terms-of-use/) - [Plans Select - News Hub PRO](https://peoplesnortheast.com/plans-select-news-hub-pro/) - [Login/Register - News Hub PRO](https://peoplesnortheast.com/login-register-news-hub-pro/) - [My Account - News Hub PRO](https://peoplesnortheast.com/my-account-news-hub-pro/) - [Checkout - News Hub PRO](https://peoplesnortheast.com/checkout-news-hub-pro/) - [Login/Register](https://peoplesnortheast.com/tds-login-register/) - [My account](https://peoplesnortheast.com/tds-my-account/) - [Checkout](https://peoplesnortheast.com/tds-checkout/) ## Optional - [Agent (MCP protocol)](websites-agents.hostinger.com/peoplesnortheast.com/mcp) [comment]: # (Generated by Hostinger Tools Plugin)