IPL 2027ৰ নিলামৰ পূৰ্বে ১০ গৰাকী ক্ৰিকেটাৰে সলনি কৰিলে শিবিৰ, তালিকাত আছে কেইবাগৰাকীও তাৰকা

Published:

IPLৰ পৰৱৰ্তী ছিজন অৰ্থাত ২০২৭ বৰ্ষৰ বাবে এতিয়াও খোলা আছে ট্ৰেড উইণ্ডো। বিশ্বৰ সৰ্ববৃহৎ টি-২০ লীগখনৰ আগন্তুক ছিজনৰ বাবে ডিচেম্বৰ মাহত গোৱাত অনুষ্ঠিত হ’ব নিলাম। ইয়াৰ পূৰ্বে আই পি এলৰ ১০টা ফ্ৰেঞ্চাইজিয়ে ১৭ নৱেম্বৰলৈকে ৰিটেইন আৰু ৰিলিজ খেলুৱৈৰ তালিকা চূড়ান্ত কৰিব লাগিব। এতিয়ালৈকে ট্ৰেড উইণ্ডোৰ জৰিয়তে মাত্ৰ ১০ গৰাকী ক্ৰিকেটাৰৰ বিনিময় প্ৰক্ৰিয়া সম্পন্ন হৈছে। এই তালিকাত আছে কেইবাগৰাকীও তাৰকা ক্ৰিকেটাৰ।

উল্লেখ্য যে আই পি এল ২০২৭ৰ পূৰ্বে সম্পন্ন হৈছে তাৰকা ক্ৰিকেটাৰৰ বৃহৎ বিনিময়। পূৰ্বে কেতিয়াও নোহোৱা আই পি এলৰ ইতিহাসত এইবাৰ দুটা দলৰ দুগৰাকী অধিনায়কে টেৰ্ডৰ জৰিয়তে আন দলত যোগদান কৰিছে।

২৭ কোটি টকাত বিক্ৰী হোৱা উইকেট কীপাৰ বেটাৰ ঋষভ পন্তে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ এৰি যোগ দিছে দিল্লী কেপিটেলছত। আনহাতে বহু জল্পনা কল্পনাৰ অন্ত পেলাই মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াই আগন্তুক ছিজনৰ বাবে পঞ্জাৱ কিংছত যোগদান কৰিছে। এই দুয়োগৰাকী ক্ৰিকেটাৰ বিগত ছিজনত নিজৰ নিজৰ দলক নেতৃত্ব প্ৰদান কৰিছিল।

ইফালে চেন্নাই ছুপাৰ কিংছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজতো সম্পন্ন হৈছে বিনিময় প্ৰক্ৰিয়া। বেগী বলাৰ খলীল আহমেদ আৰু নাথন এলিছে চেন্নাই এৰি যোগদান কৰিছে হায়দৰাবাদত। আনহাতে জেক এডৱাৰ্ডছ আৰু লিয়াম লিভিংষ্টোনে হায়দৰাবাদৰ পৰা চেন্নাইত যোগদান কৰিছে।

এই পৰ্যন্ত সম্পন্ন হোৱা বিনিময়

ঋষভ পন্ত- লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ পৰা দিল্লী কেপিটেলছলৈ- ১৫ কোটি টকা
কুলদীপ যাদৱ- দিল্লী কেপিটেলছৰ পৰা লক্ষ্ণৌ ছুপাৰ জায়েণ্টছলৈ- ১৩.৫ কোটি টকা
টি নটৰাজন- দিল্লী কেপিটেলছৰ পৰা ছানৰাইজাৰ্ছ হায়দৰাবাদলৈ- ৫ কোটি টকা
জিশান আনছাৰী- ছানৰাইজাৰ্ছ হায়দৰাবাদৰ পৰা দিল্লী কেপিটেলছলৈ- ৪০ লাখ টকা
লিয়াম লিভিংষ্টোন- ছানৰাইজাৰ্ছ হায়দৰাবাদৰ পৰা চেন্নাই ছুপাৰ কিংছলৈ- ৬ কোটি টকা
জেক এডৱাৰ্ডছ- ছানৰাইজাৰ্ছ হায়দৰাবাদৰ পৰা চেন্নাই ছুপাৰ কিংছলৈ- ৩ কোটি টকা
খলীল আহমেদ- চেন্নাই ছুপাৰ কিংছৰ পৰা ছানৰাইজাৰ্ছ হায়দৰাবাদলৈ- ৪.৮ কোটি টকা
নাথন এলিছ- চেন্নাই ছুপাৰ কিংছৰ পৰা ছানৰাইজাৰ্ছ হায়দৰাবাদলৈ- ২ কোটি টকা
হাৰ্দিক পাণ্ডিয়া- মুম্বাই ইণ্ডিয়ানছৰ পৰা পঞ্জাৱ কিংছলৈ- ১৮ কোটি টকা
অৰ্শদীপ সিং- পঞ্জাৱ কিংছৰ পৰা মুম্বাই ইণ্ডিয়ানছলৈ- ১৮ কোটি টকা

POPULAR

RECENT ARTICLES

spot_img