গ্লাছগো কমনৱেলথ গেমছত স্বৰ্ণ জিনি ইতিহাস ৰচিলে চাইকেল মেকানিকৰ কন্যাই

Published:

ভাৰতীয় ক্ৰীড়াৰ ইতিহাসৰ সোণালী পৃষ্ঠাত নাম লিপিবদ্ধ কৰিলে অস্মিতা দেই। কমনৱেলথ গেমছৰ জুডো ইভেণ্টত স্বৰ্ণ জয় কৰা প্ৰথমগৰাকী ভাৰতীয় জুডোকা হিচাপে পৰিগণিত হ’ল অস্মিতা। ২৩ বছৰীয়া প্ৰতিভাৱান জুডোকাগৰাকীয়ে ৪৮ কিলোগ্ৰাম শাখাৰ ফাইনেলত কানাডাৰ হেইদি কুয়াচেক পৰাস্ত কৰি এই বিৰল কৃতিত্বৰ অধিকাৰী হয়।

অস্মিতাৰ স্বৰ্ণ জয়ৰ কিছু ক্ষণৰ পিছতেই আন এগৰাকী ভাৰতীয় জুডোকাইও জিনিলে স্বৰ্ণ। এইগৰাকী জুডোকা হৈছে হৰ্ষ সিং। হৰ্ষ সিঙে ৬০ কিলোগ্ৰাম শাখাত অষ্ট্ৰেলিয়াৰ জোশ্বুৱা কাটজেক পৰাস্ত কৰি স্বৰ্ণ জয় কৰে। এইদৰে এটা দিনতেই দুই জুডোকাই স্বৰ্ণ আৰু আন এগৰাকী জুডোকাই ৰূপৰ পদক জিনি ভাৰতীয় ক্ৰীড়া ইতিহাসত সূচনা কৰিলে নতুন অধ্যায়ৰ।

অতীতত কমনৱেলথ গেমছ ইতিহাসত জুডো খেলত ভাৰতে পাঁচটা ৰূপ আৰু ৬টা ব্ৰঞ্জৰ পদক লাভ কৰিছিল। পূৰ্বে কেতিয়াও লাভ কৰা নাছিল স্বৰ্ণ। কিন্তু এইবাৰৰ কমনৱেলথ গেমছত অস্মিতাৰ জৰিয়তে জুডো ইভেণ্টত ভাৰতে প্ৰথমবাৰৰ লাভ কৰিলে স্বৰ্ণ।

১৯৯০ চনৰ কমনৱেলথ গেমছত প্ৰথমগৰাকী ভাৰতীয় জুডোকা হিচাপে পদক লাভ কৰিছিল নৰেন্দ্ৰ সিঙে। ইফালে সুশীল লিকমাবাম হৈছে এটাতকৈ অধিক মেডেল জয় কৰা একমাত্ৰ ভাৰতীয়। তেওঁ ২০১৪ আৰু ২০২২ কমনৱেলথ গেমছত ৰূপৰ পদক জিনিছিল।

দক্ষিণ ত্ৰিপুৰাৰ বেলোনিয়াৰ জীয়ৰী অস্মিতা দেৰ পিতৃ পেচাত এগৰাকী চাইকেল মেকানিক। আৰ্থিক অনাটনৰ বাবে জুডো খেলত নিজকে প্ৰতিষ্ঠা কৰিবলৈ যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল অস্মিতা। ৮০০ মিটাৰ দৌৰৰ জৰিয়তে অস্মিতাৰ আৰম্ভ হৈছিল ক্ৰীড়া জীৱন। কিন্তু ২০১৫ চনত ত্ৰিপুৰা স্প’ৰ্টছ স্কুলত যোগদানৰ পিছতে প্ৰশিক্ষকৰ পৰামৰ্শ অনুসৰি অস্মিতাই আৰম্ভ কৰে জুডো।

ৰাষ্ট্ৰীয় স্কুল গেমছ আৰু খেলো ইণ্ডিয়া প্ৰতিযোগিতাত আগবঢ়োৱা উন্নত প্ৰদৰ্শনৰ ভিত্তিতে তেওঁ ২০১৮ চনত ভোপালৰ ছাই কেন্দ্ৰত স্থান লাভ কৰে। তেতিয়াৰ পৰা তেওঁ সেই কেন্দ্ৰতে গ্ৰহণ কৰি আছে প্ৰশিক্ষণ।

চলিত গ্লাছগো কমনৱেলথ গেমছত স্বৰ্ণ পদক জিনাৰ পূৰ্বে তেওঁ এছিয়ান অপেন, জুনিয়ৰ এছিয়া কাপ জুডো, কমনৱেলথ জুডোত পদক জয় কৰিছিল।

ইফালে কমনৱেলথৰ নৱমটো দিনত ভাৰতৰ পাঁচগৰাকী বক্সাৰেও নিশ্চিত কৰে পদক। অৰ্থাত অসমৰ লাভলীনাসহ মুঠ ১০ গৰাকী বক্সাৰে অতি কমেও ৰূপৰ পদক হ’লেও নিশ্চিত কৰে। আশা কৰা হৈছে বক্সিঙৰ পৰা কমেও ৫ৰ পৰা ৭টা স্বৰ্ণ পদক আজুৰি আনিব ভাৰতে।

৫টা স্বৰ্ণ, ১২টা ৰূপ আৰু ৬টা ব্ৰঞ্জ পদকসহ মুঠ ২৩টা পদকেৰে কমনৱেলথ গেমছৰ মেডেল তালিকাত ভাৰত দশম স্থানত আছে।

POPULAR

RECENT ARTICLES

spot_img