ভাৰত-শ্ৰীলংকা প্ৰথম টেষ্টৰ পূৰ্বে আৰু এগৰাকী তাৰকা ক্ৰিকেটাৰ বাহিৰ

Published:

১৫ আগষ্টৰ পৰা আৰম্ভ হ’বলগীয়া টেষ্ট শৃংখলাৰ পূৰ্বে ভাৰত আৰু শ্ৰীলংকাৰ মাজত শুকুৰবাৰৰ পৰা আৰম্ভ হ’ব প্ৰস্তুতিমূলক মেচ। ইতিমধ্যে শৃংখলা আৰম্ভ হোৱাৰ পূৰ্বেই ভাৰতীয় দলৰ পৰা বাহিৰ হৈছে তাৰকা বেগী বলাৰ জশপ্ৰীত বুমৰাহ। এতিয়া আঘাতৰ বাবে আৰু এগৰাকী তাৰকা ক্ৰিকেটাৰ প্ৰথম মেচৰ পৰা বাহিৰ হোৱাৰ খবৰ আহিছে।

অৱশ্যে এইবাৰ শ্ৰীলংকান শিৱিৰত লাগিছে এই আঘাত। আঘাতৰ পৰা সম্পূৰ্ণৰূপে সুস্থ হৈ নুঠাৰ বাবে শ্ৰীলংকাৰ উইকেটকীপাৰ বেটাৰ কুশল মেণ্ডিছে প্ৰথম টেষ্টত খেলিব নোৱাৰিব।

শ্ৰীলংকাৰ এটা স্থানীয় ৱেবছাইটত প্ৰকাশিত বাতৰি অনুসৰি গালে টেষ্টত কুশল মেণ্ডিছৰ উপস্থিতি প্ৰায় অনিশ্চিত। তেওঁ এতিয়াও আঘাতৰ পৰা সম্পূৰ্ণৰূপে সুস্থ হৈ উঠা নাই। ঘৰুৱা টি-২০ লীগৰ সময়ত হেমষ্ট্ৰিঙৰ আঘাতত ভুগিছিল মেণ্ডিছ।

কুশল মেণ্ডিছৰ অনুপস্থিতি শ্ৰীলংকা দলৰ পৰা ডাঙৰ ক্ষতি বুলি অভিহিত কৰা হৈছে। কিয়নো ভাৰতৰ বিৰুদ্ধে তেওঁৰ প্ৰদৰ্শন যথেষ্ট উন্নতমানৰ।

ভাৰতৰ বিৰুদ্ধে মেণ্ডিছৰ প্ৰদৰ্শন

ভাৰতৰ বিৰুদ্ধে কুশল মেণ্ডিছে খেলা ৪খন টেষ্টৰ ৮টা ইনিংছত ২৫৬ ৰান সংগ্ৰহ কৰিছে। ভাৰতৰ বিৰুদ্ধে তেওঁৰ আছে এটা শতকীয় আৰু এটা অৰ্ধশতকীয় ইনিংছ। আনহাতে তেওঁ এই পৰ্যন্ত ৭৫খন আন্তঃৰাষ্ট্ৰীয় টেষ্ট মেচৰ ১৩৯টা ইনিংছত ৪৮৩৬ ৰান সংগ্ৰহ কৰিছে। টেষ্টত তেওঁৰ নামত আছে ১০টা শতক আৰু ২৩টা অৰ্ধশতক।

POPULAR

RECENT ARTICLES

spot_img