মুখ্য নিৰ্বাচকৰ পদত প্ৰজ্ঞান ওঝা, সমিতিৰ নতুন সদস্য ৰমেশ পাৱাৰ

Published:

অজিত আগাৰকাৰৰ কাৰ্যকাল অন্ত পৰাৰ পিছৰে পৰা খালী হৈ থকা মুখ্য নিৰ্বাচকৰ পদৰ বাবে প্ৰাক্তন বাঁওহতীয়া অফ স্পিনাৰ প্ৰজ্ঞান ওঝাৰ নাম ঘোষণা কৰিছে বিচিচিআইয়ে। উল্লেখ্য যে প্ৰজ্ঞান ওঝাই বিগত কিছু দিনৰ পৰা অনানুষ্ঠানিকভাৱে মুখ্য নিৰ্বাচকৰ দায়িত্ব পালন কৰি আহিছিল। আৰু শেহতীয়াকৈ ওঝাৰ অধ্যক্ষতাতেই নিউজিলেণ্ড ভ্ৰমণৰ বাবে ঘোষণা কৰা হৈছিল ভাৰতীয় দল।

আগাৰকাৰৰ কাৰ্যকালৰ অন্তৰ পিছৰে পৰা মুখ্য নিৰ্বাচকৰ বাবে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ ৰমেশ পাৱাৰৰ নাম চৰ্চাত আছিল যদিও আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ অভিজ্ঞতাৰ ভিত্তিত প্ৰজ্ঞান ওঝাকে মুখ্য নিৰ্বাচকৰূপে নিযুক্তি দিয়ে বিচিচিআইয়ে। ইফালে পাঁচজনীয়া নিৰ্বাচক সমিতিৰ সদস্যৰূপে পশ্চিম মণ্ডলৰ পৰা নতুন সদস্যৰূপে অন্তৰ্ভুক্ত হয় ৰমেশ পাৱাৰ।

উল্লেখ্য যে, প্ৰাক্তন ক্ৰিকেটাৰ অশোক মালহোত্ৰা আৰু যতীন পৰঞ্জাপেক লৈ গঠিত ক্ৰিকেট উপদেষ্টা সমিতি (চি এ চি)য়ে পুৰুষৰ বাছনি সমিতিৰ এজন সদস্য নিযুক্তিৰ বাবে বাছনি প্ৰক্ৰিয়া চলাইছিল। বিচিচিআইৰ মুখ্য কাৰ্যালয়ত আবেদনকাৰীৰ পৰীক্ষা-নিৰীক্ষা আৰু সাক্ষাৎকাৰ ল’বলৈ চি এ চিয়ে বৈঠকত মিলিত হয় আৰু এই প্ৰক্ৰিয়াৰ পিছত সৰ্বসন্মতিক্ৰমে ৰমেশ পাৱাৰক সমিতিৰ নতুন সদস্য হিচাপে নিযুক্তি দিয়াৰ কথা ঘোষণা কৰে।

ৰমেশ পাৱাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল দুখন টেষ্ট আৰু ৩১খন এদিনীয়াত। ইয়াৰ পিছত তেওঁ মুম্বাই আৰু গুজৰাট দলৰ লগতে ভাৰতীয় মহিলা দলৰ মুখ্য প্ৰশিক্ষকৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিছিল। ইয়াৰ উপৰি বিচিচিআই চেণ্টাৰ অৱ এক্সেলেন্সত বলিং প্ৰশিক্ষক হিচাপেও গুৰুত্বপূৰ্ণ প্ৰশিক্ষকৰ ভূমিকা পালন কৰিছিল পাৱাৰে।

ভাৰতীয় মহিলা দলৰ মুখ্য প্ৰশিক্ষক হৈ থকাৰ সময়ছোৱাত দলে এছিয়া কাপৰ খিতাপ আৰু কমনৱেলথ গেমছত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল।

POPULAR

RECENT ARTICLES

spot_img