ভাৰত আৰু আমেৰিকাৰ মাজত অতি শীঘ্ৰে বাণিজ্যিক চুক্তি হোৱাৰ সম্ভাৱনা প্ৰকট হৈছে। শনিবাৰে (১৭ অক্টোবৰ) আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ পৰা তেল আৰু গেছ ক্ৰয় কৰাৰ ক্ষেত্ৰত ভাৰতকে ধৰি পাঁচখন দেশৰ ওপৰত আৰোপ কৰা ১০০ শতাংশ শুল্ক আৰোপৰ আইনত স্থগিতাদেশ জাৰি কৰে।
আমেৰিকাৰ ৰাষ্ট্ৰীয় স্বাৰ্থত এই সিদ্ধান্ত লোৱা বুলি জনাইছে ৰাষ্ট্ৰপতি ট্ৰাম্পে। ট্ৰাম্পৰ এই ঘোষণাৰ পিছতেই ভাৰত-আমেৰিকাৰ মাজত বাণিজ্যিক চুক্তিৰ সম্ভাৱনা আৰু অধিক বৃদ্ধি কৰিছে।
ইফালে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণেও প্ৰকাশ কৰিছে নিজৰ প্ৰতিক্ৰিয়া। শীঘ্ৰে দুয়োখন দেশৰ মাজত বাণিজ্যিক চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে বুলি মন্তব্য কৰে সীতাৰমণে।
উল্লেখ্য যে ৰাছিয়াৰ পৰা তেল আৰু গেছ ক্ৰয় কৰাক লৈ ভাৰত আৰু আমেৰিকাৰ মাজত আৰম্ভ হয় সংঘাত। অৱশ্যে শেহতীয়াকৈ ট্ৰাম্পে কৰা ঘোষণাৰ পিছতে এতিয়া দুয়োখন দেশৰ মাজত সম্পৰ্ক শিথিল হোৱাৰ সম্ভাৱনা দেখা দিছে।
বাণিজ্যিক চুক্তি সন্দৰ্ভত কি ক’লে সীতাৰমণে?
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে শুকুৰবাৰে আশা প্ৰকাশ কৰে যে বিশ্ব বাণিজ্য আৰু দুয়োখন দেশৰ দ্বিপাক্ষিক অৰ্থনৈতিক সম্পৰ্কৰ স্বাৰ্থত ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তিখন অতি শীঘ্ৰে চূড়ান্ত হ’ব।


