‘ভাৰত ত্যাগ কৰক…’, আদালতৰ দ্বাৰস্থ হ’ব অভিনেতা ইমৰাণ খান

Published:

ককৰোচ্ছ জনতা পাৰ্টি চমুকৈ চিজেপিৰ সমৰ্থনত প্ৰতিবাদ কৰিবলৈ যোৱা বলীউড অভিনেতা ইমৰাণ খানক ২৮ অক্টোবৰৰ ভিতৰত ভাৰত এৰি যাবলৈ মুম্বাই আৰক্ষীৰ তৰফৰ পৰা জাননী জাৰি কৰা হৈছে। অভিনেতাগৰাকীৰ বিৰুদ্ধে বিদেশী আইন (ফৰেইনাৰ্ছ এক্ট) উলংঘন কৰাৰ অভিযোগ উত্থাপন হৈছে।

জাননী লাভৰ পিছতে অভিনেতাগৰাকীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত ব’ম্বে হাইক’ৰ্টত প্ৰত্যাহ্বান জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। জানিব পৰা মতে, ইমৰাণ খানে FRROৰ এই জাননীখনৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত লেখ আবেদন দাখিলৰ চিন্তা-চৰ্চা কৰিছে। এই সন্দৰ্ভত অভিনেতাগৰাকীয়ে MZM লীগেল এলএলপি’ক নিজৰ আইনী উপদেষ্টা হিচাপে নিযুক্তি দিছে।

উল্লেখ্য যে, শেহতীয়াকৈ অভিনেতা ইমৰাণ খানে মুম্বাইত এক প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈছিল। প্ৰতিবাদৰ সময়ত সাৰ্বজনিক ব্যৱস্থা আৰু বিভিন্ন নিয়ম উলংঘা কৰাৰ অভিযোগত আৰক্ষীয়ে BNSৰ কিছু ধাৰাত গোচৰ ৰুজু কৰে।

তদন্তৰ সময়ত আৰক্ষীয়ে জানিব পাৰে যে ইমৰাণ খানৰ আমেৰিকাৰ (আমেৰিকা) নাগৰিকত্ব আছে আৰু তেওঁ ভাৰতত অ’চিআই কাৰ্ডধাৰী হিচাপে বাস কৰে। যিহেতু তেওঁ ভাৰতীয় নাগৰিক নহয়, সেয়েহে স্থানীয় আৰক্ষী আৰু ইমিগ্ৰেশ্যন বিষয়াসকলে তেওঁৰ এই কাৰ্যক বিদেশী আইন উলংঘা বুলি গণ্য কৰি ভাৰত এৰি যাবলৈ জাননী জাৰি কৰে।

POPULAR

RECENT ARTICLES

spot_img