সংসদ মাৰ্গ থানাত হাই ভল্টেজ ড্ৰামা; FIRৰ দাবীত ধৰ্ণাত বহিল ৰাহুল-প্ৰিয়ংকা গান্ধী

Published:

শুকুৰবাৰে দেশৰ ৰাজধানী নতুন দিল্লীৰ সংসদ মাৰ্গ থানাত হঠাত উপস্থিত হ’ল কংগ্ৰেছ নেতা ৰাহুল গান্ধী। তেওঁৰ সৈতে আছিল যন্তৰ মন্তৰত অনুষ্ঠিত শিক্ষাৰ্থীৰ প্ৰতিবাদৰ সময়ত পেলেট গানত আঘাতপ্ৰাপ্ত ছাহিল লোচভো।

পেলেট গান চলোৱা কাৰ্যত জড়িত থকা আৰক্ষীসকলৰ বিৰুদ্ধে এফ আই আৰ দাখিল কৰিবলৈ থানাত উপস্থিত হৈছিল ৰাহুল। কিন্তু আৰক্ষীয়ে এফ আই আৰ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰাত ৰাহুল গান্ধীয়ে থানাৰ বাহিৰত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।

ৰাহুল গান্ধীৰ ঘনিষ্ঠ সূত্ৰই জনোৱা মতে, আৰক্ষীয়ে ছাহিলৰ এফ আই আৰ পঞ্জীয়ন কৰা নাছিল। ইয়াৰ পিছতে ৰাহুল গান্ধীয়ে ছাহিল আৰু তেওঁৰ পৰিয়ালৰ সৈতে থানাৰ বাহিৰত ধৰ্ণা কাৰ্যসূচীত বহে।

ৰাহুল গান্ধীৰ ধৰ্ণা প্ৰতিবাদৰ খবৰ পোৱাৰ লগে লগে কংগ্ৰেছৰ কেইবাজনো জ্যেষ্ঠ নেতাও উপস্থিত হয় থানাত। কংগ্ৰেছৰ সূত্ৰই জনোৱা মতে, ‘১৪ তাৰিখে ছাহিল লোচভে (যন্তৰ মন্তৰত প্ৰতিবাদৰ সময়ত আহত হোৱা) অধিবক্তাৰ সৈতে দিল্লী আৰক্ষীৰ ওচৰলৈ গৈ লিখিত অভিযোগ দাখিল কৰে। কিন্তু তেওঁলোকে I/O নম্বৰ দিবলৈ অস্বীকাৰ কৰে।’

‘১৭ তাৰিখে ইমেইল আৰু ফোনযোগে পুনৰ চেষ্টা কৰা হয়। তথাপিও কোনো I/O নম্বৰ দিয়া হোৱা নাছিল। কোনো স্বীকৃতি দিয়া হোৱা নাছিল। এতিয়া লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে ভুক্তভোগীক লগত লৈ ইয়াৰ বাবে হেঁচা প্ৰয়োগ কৰিছে। ডিচিপিয়ে এতিয়াও কেছ অফিচাৰ আৰু আই/অ’ নম্বৰ প্ৰদান কৰা নাই। যিহেতু এইটো এটা গুৰুতৰ অপৰাধ, সেয়ে এফ আই আৰ পঞ্জীয়ন কৰিব লাগে, কিন্তু দিল্লী আৰক্ষীয়ে তেনে কৰা নাই। ৰাহুল গান্ধীয়ে I/O আৰু FIR ৰ ওপৰত জোৰ প্ৰদান কৰিছে’, কংগ্ৰেছ সূত্ৰটোৱে এইদৰে কয়।

উল্লেখ্য যে প্ৰথমাৱস্থাত ৰাহুল গান্ধীয়ে থানাৰ ভিতৰত প্ৰৱেশ কৰি ডিচিপিক সাক্ষাত কৰে। দুয়োজনৰ মাজত প্ৰায় ৪০ৰ পৰা ৪৫ মিনিট সময় আলোচনা হয়। এই সময়ত চাহিলে আৰক্ষীক জনাইছিল কিদৰে তেওঁৰ ওপৰত পেলেট গান চলোৱা হৈছিল। আৰক্ষীয়ে অভিযোগ আৰু ঘটনাৰ তদন্ত ক্ৰাইম ব্ৰাঞ্চৰ জৰিয়তে কৰাৰ পোষকতা কৰে। কিন্তু পেলেট গানত আঘাতপ্ৰাপ্ত প্ৰতিবাদকাৰীজনৰ সন্দৰ্ভত এফ আই আৰ পঞ্জীয়ন কৰিবলৈ অস্বীকাৰ কৰাৰ পিছতেই ধৰ্ণাত বহে ৰাহুল গান্ধীয়ে।

ইয়াৰ কিছু সময় পিছতেই প্ৰিয়ংকা গান্ধীয়েও সংসদ মাৰ্গ থানাত উপস্থিত হয় আৰু ধৰ্ণা কাৰ্যসূচীত ৰাহুলক সংগ দিয়ে। এইদৰে ক্ৰমাত ধৰ্ণাস্থলীত কংগ্ৰেছ নেতা-কৰ্মীৰ উপস্থিতি বৃদ্ধি পোৱাত থানা চৌহদত বৃদ্ধি কৰা হয় নিৰাপত্তাৰক্ষী।

ইফালে দিল্লী আৰক্ষীৰ সূত্ৰই জনোৱা মতে, ‘নতুন দিল্লীৰ ডিচিপি শচীন শৰ্মাই ৰাহুল গান্ধীৰ সৈতে অহৰহ যোগাযোগত আছে। অভিযোগ দাখিল কৰিছে ভুক্তভোগীয়ে। ২০ জুলাইত পঞ্জীয়ন হোৱা সকলো গোচৰ ইতিমধ্যে দিল্লী আৰক্ষীৰ অপৰাধ শাখাই তদন্ত কৰি আছে। অভিযোগকাৰীক জনোৱা হৈছে যে তেওঁৰ অভিযোগ অপৰাধ শাখালৈ প্ৰেৰণ কৰা হ’ব।’

POPULAR

RECENT ARTICLES

spot_img