শান্তি চুক্তিক লৈ ইৰাণ আৰু আমেৰিকাৰ মাজত চলি থকা আলোচনাৰ মাজতে ইজৰাইলৰ সৈন্য বাহিনীয়ে প্ৰৱেশ কৰিছে লেবাননত। ইজৰাইলৰ সৈন্য বাহিনীয়ে ৪৪ বছৰ পিছত পুনৰ এবাৰ দখল কৰে দক্ষিণ লেবাননৰ বিখ্যাত বিউফ’ৰ্ট দুৰ্গ। কেৱল এয়াই নহয় ইজৰাইলৰ সেনা বাহিনীয়ে দুৰ্গটোত ইজৰাইলৰ পতাকাৰ লগতে গোলানি ব্ৰিগেডৰ পতাকাও উত্তোলন কৰে।
ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী কাটজে ইয়াক ‘কৌশলগত বিজয়’ বুলি অভিহিত কৰি হিজবুল্লাক প্ৰত্যক্ষ সতৰ্কবাণী জাৰি কৰে। দেওবাৰে পুৱা ইজৰাইলী ব্ৰডকাষ্ট কৰ্প’ৰেশ্যনে ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰা ছবিত ইজৰাইলী সৈন্যই নবাটিয়েহ চহৰৰ সমীপৰ বিউফ’ৰ্টত পতাকা উত্তোলন কৰা স্পষ্টভাৱে দেখা যায়। ইয়াৰ পিছত ইজৰাইল প্ৰতিৰক্ষা বাহিনীয়ে অঞ্চলটোত থকা জোৱানৰ ফটো আৰু ভিডিঅ’ প্ৰকাশ কৰে।
আইডিএফৰ এগৰাকী মুখপাত্ৰই কয় যে ইজৰাইলৰ সেনা বাহিনীয়ে এতিয়া লিটানি নদীৰ উত্তৰ প্ৰান্ততো হিজবুল্লাৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলাই আছে আৰু কেইবাটাও উল্লেখযোগ্য সামৰিক কৃতিত্ব অৰ্জন কৰিছে।
প্ৰতিৰক্ষা মন্ত্ৰী কাটজে এক্সযোগে শ্বেয়াৰ কৰা এটা প’ষ্টত কয় যে প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ নিৰ্দেশ আৰু তেওঁৰ মাৰ্গদৰ্শনত আমাৰ সেনাই লেবাননত অভিযান চলাই লিটানি নদী পাৰ কৰি বিউফ’ৰ্ট দখল কৰিছে। তেওঁ লগতে কয় যে এই অঞ্চলটো গেইলিলী অঞ্চলৰ বসতিস্থলসমূহৰ নিৰাপত্তাৰ বাবে আৰু উত্তৰ সীমান্ত সুৰক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ।
ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে লগতে স্পষ্টভাৱে কয়, ‘শত্ৰু পক্ষক আমাৰ তৰফৰ পৰা এয়া স্পষ্ট বাৰ্তা। যিয়েই ইজৰাইলৰ নাগৰিকক ধমক দিব, তেওঁলোকে এটা এটাকৈ নিজৰ ঘাটি হেৰুৱাব।’ কাটজে লগতে কয় যে অত্যন্ত গোপনভাৱে এই অভিযান চলোৱা হৈছিল আৰু লেবাননৰ এই অঞ্চলটোত যুদ্ধ এতিয়াও অব্যাহত আছে।
হিজবুল্লাৰ শক্তি নিঃশেষ কৰা আৰু উত্তৰ প্ৰান্তৰ সীমা সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত ইজৰাইলৰ সামৰিক অভিযান অব্যাহত থাকিব বুলিও প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
কিয় গুৰুত্বপূৰ্ণ বিউফ’ৰ্ট দুৰ্গ
দক্ষিণ লেবাননৰ এটা ওখ পাহাৰত অৱস্থিত বিউফ’ৰ্ট দুৰ্গক এক কৌশলগত সামৰিক ঘাটি হিচাপে গণ্য কৰা হয়। এই দুৰ্গৰ পৰাই আশে পাশে থকা বৃহৎ অঞ্চলৰ ওপৰত নজৰ ৰাখিব পাৰে।
1. ১৯৮২ চনত লেবানন যুদ্ধৰ সময়ত ইজৰাইলে এই দুৰ্গটো দখল কৰিছিল।
2. সেই যুদ্ধত গোলানী ব্ৰিগেডৰ ৬গৰাকী সৈন্যই শ্বহীদবৰণ কৰিছিল।
3. ১৯৮২ চনৰ পৰা ২০০০ চনলৈকে ইজৰাইলে দক্ষিণ লেবানন দখল কৰাৰ সময়ত এই অঞ্চল ইজৰাইলৰ নিয়ন্ত্ৰণত আছিল।
4. ২০০০ চনত ইজৰাইলে সেই অঞ্চলটোৰ পৰা প্ৰত্যাহাৰ কৰিছিল নিজৰ সেনা।






