বিজেপিয়ে তৃণমূল কংগ্ৰেছ দলক নিঃশেষ কৰা আৰু দলটোৰ সাংসদ অভিষেক বেনাৰ্জীক হত্যা কৰাৰ গভীৰ ষড়যন্ত্ৰ ৰচাৰ ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে তৃণমূলৰ মুৰব্বী তথা পশ্চিম বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। প্ৰাক্তন মুখ্যমন্ত্ৰী বেনাৰ্জীয়ে লগতে তৃণমূলৰ নেতাসকলৰ ওপৰত হোৱা আক্ৰমণৰ বিৰুদ্ধে যদিহে প্ৰশাসনে কলকাতাত প্ৰতিবাদৰ অনুমতি নিদিয়ে তেন্তে তেওঁ দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ প্ৰদান কৰে।
দলীয় কৰ্মী আৰু সমৰ্থকসকলক সম্বোধন কৰি মমতা বেনাৰ্জীয়ে কয় যে মঙলবাৰ অৰ্থাত ২ জুনত কলকাতাৰ ৰাণী ৰশ্মোনি পথত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ তৃণমূলে অনুমতি বিচাৰিছিল যদিও আৰক্ষীয়ে অনুমতি প্ৰদান নকৰিলে। প্ৰশাসনৰ এই সিদ্ধান্তক ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি অভিহিত কৰি আন্দোলন অব্যাহত ৰাখিব বুলিও কয় মমতা বেনাৰ্জীয়ে।
তৃণমূল আৰু শক্তিশালী হ’ব : মমতা বেনাৰ্জী
মমতা বেনাৰ্জীয়ে কয়, ‘তৃণমূল আৰু অধিক শক্তিশালী হ’ব। আজি যিসকল লোকে আমাৰ দলৰ নেতাসকলে কাৰ্যকৰ্তাসকলৰ সৈতে নাই বুলি ডাঙৰ ডাঙৰ দাবী কৰি আছে, তেওঁলোকে ভুৱা তথ্য বিয়পাইছে। সম্পূৰ্ণ বিশৃংখলতা পৰিৱেশৰ সৃষ্টি হৈছে, আনকি হিটলাৰেও এনে কাম কৰা নাছিল। এই পৰিস্থিতিৰ বৰ্ণনা কৰিবলৈ কোনো শব্দ নাই… আপোনালোকে একাংশ বিধায়ক-সাংসদক ভাবুকি দি বা ধনৰ প্ৰলোভন দি তৃণমূলক দুৰ্বল কৰিব নোৱাৰিব, বৰঞ্চ ইয়াৰ ফলত দল আৰু অধিক শক্তিশালীহে হৈছে।’
আনহাতে বিজেপিক সমালোচনাৰ লক্ষ্য কৰি মমতা বেনাৰ্জীয়ে কয়, ‘আপোনালোকে (বিজেপি) অভিষেক আৰু কল্যাণ বেনাৰ্জীক হত্যা কৰাৰ চেষ্টা কৰিছিল। তেওঁলোকে আমাৰ কৰ্মীসকলক সভা অনুষ্ঠিত কৰাত বাধা দি আছে আৰু আমাক বাহিৰলৈ ওলাই যোৱাটো বাধা প্ৰদান কৰিছে। তেওঁলোকে আমাৰ ২৫০০ দলীয় কাৰ্যালয় ভাঙি লণ্ডভণ্ড কৰিছে।’






