পুনৰ ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ ভয়ংকৰ আক্ৰমণ; মৃত্যু ৯জন লোকৰ

বিগত কেইবাবছৰো ধৰি ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি আছে যুদ্ধ। দুয়োখন দেশে অব্যাহত ৰাখিছে আক্ৰমণ-প্ৰত্যাক্ৰমণ। এই যুদ্ধৰ অন্ত পেলাবলৈ আমেৰিকাৰ মধ্যস্থতাত কেইবাবাৰো আলোচনা অনুষ্ঠিত হৈছিল যদিও এই পৰ্যন্ত ওলোৱা নাই কোনো ফলপ্ৰসূ সমাধান। ইয়াৰ মাজতে ৰাছিয়াই পুনৰ এবাৰ ইউক্ৰেইনৰ ওপৰত মিছাইল আৰু ড্ৰোণেৰে আক্ৰমণ কৰাৰ খবৰ আহিছে। এই ভয়ংকৰ আক্ৰমণত ইউক্ৰেইনৰ ৯গৰাকী নাগৰিক নিহত হোৱাৰ লগতে বহু লোক আহত হৈছে।

ৰাছিয়াৰ এই আক্ৰমণ সন্দৰ্ভত তথ্য প্ৰকাশ কৰি কীভ প্ৰশাসনৰ শীৰ্ষ বিষয়াই জানিব দিয়ে যে ৰাছিয়াৰ তৰফৰ পৰা হোৱা আক্ৰমণত অতি কমেও চাৰিগৰাকী লোকৰ মৃত্যু হৈছে আৰু ৫৮ গৰাকী লোক গুৰুতৰভাৱে আহত হৈছে, ইয়াৰ ভিতৰত আছে দুটি শিশু। ভয়ংকৰ আক্ৰমণৰ কথা উল্লেখ কৰি কীভৰ সাধাৰণ জনতাক নিৰাপদ স্থানত আশ্ৰয় ল’বলৈ আহ্বান জনায় কীভ প্ৰশাসনে।

ইয়াৰ উপৰি নীপ্ৰোৰ চেণ্ট্ৰেল চহৰত ৰাছিয়াই চলোৱা আক্ৰমণত কমেও পাঁচগৰাকী লোকৰ মৃত্যু হৈছে আৰু ২৫ গৰাকী লোক আহত হৈছে। ইয়াৰে তিনিজন লোকৰ অৱস্থা অতিকৈ সংকটজনক বুলি জানিব দিয়ে ইউক্ৰেইন প্ৰশাসনে।

আনহাতে ৰাছিয়াৰ সীমান্তৰ সমীপৰ ইউক্ৰেইনৰ দ্বিতীয় বৃহত্তম চহৰ খাৰকিভতো আক্ৰমণ চলাই ৰাছিয়াৰ সৈন্য বাহিনীয়ে। এই আক্ৰমণত এটি শিশুসহ ১০ গৰাকী লোক আহত হয় বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে ২০২২ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা আৰম্ভ হোৱা এই যুদ্ধই চাৰিবছৰৰো অধিক সময় অতিক্ৰম কৰিলে। কিন্তু এই পৰ্যন্ত দুয়ো পক্ষই আলোচনাৰ জৰিয়তে দেশ দুখনত শান্তি প্ৰতিষ্ঠাৰ বাবে কোনো ধৰণৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। দুয়োখন দেশৰ আকোঁৰগোজ স্থিতিৰ বাবে এতিয়ালৈকে প্ৰাণ হেৰুৱাইছে হাজাৰ-হাজাৰ নিৰীহ লোকে।

Similar Articles

Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

‘উন্নত ভাৰত ২০৪৭’- কেৱল শ্লোগান নহয়, এয়া প্ৰতিশ্ৰুতিহে

0
‘উন্নত ভাৰত ২০৪৭’- কেৱল শ্লোগান নহয়, এয়া প্ৰতিশ্ৰুতিহে... এক্স হেণ্ডেলত প্ৰধানমন্ত্ৰী মোদীৰ অঙ্গীকাৰ ‘উন্নত ভাৰত শ্লোগান নহয়, এয়া প্ৰতিশ্ৰুতিহে’ – প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে নিজৰ এক্স...