তৃণমূলৰ তিনিগৰাকী প্ৰাক্তন সাংসদৰ বিজেপিত যোগদান

Published:

তৃণমূল কংগ্ৰেছ ত্যাগ কৰা ৰাজ্যসভাৰ তিনিগৰাকী প্ৰাক্তন সাংসদে যোগদান কৰিলে ভাৰতীয় জনতা পাৰ্টীত। পশ্চিম বংগৰ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতেই মমতা বেনাৰ্জীৰ পৰা আঁতৰি আহি ৰাজ্য়সভাৰ সাংসদ পদ ত্যাগ কৰিছিল সুস্মিতা দেব, শুখেন্দু শেখৰ ৰায় আৰু প্ৰকাশ চিক বাৰাইকে।

এই তিনিওগৰাকী প্ৰাক্তন সাংসদে আজি কলকাতাস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত আনুষ্ঠানিকভাৱে দলটোত যোগদান কৰে। পশ্চিম বংগৰ ৰাজ্যিক বিজেপি সভাপতি সমিক ভট্টাচাৰ্যৰ উপস্থিতিত বিজেপি দলত যোগদান কৰে।

যোগদান কাৰ্যসূচীৰ পিছতে সংবাদ মাধ্যমক সম্বোধন কৰি ৰাজ্যিক সভাপতি ভট্টাচাৰ্যই কয় যে ৰাজ্য়সভাৰ তিনিগৰাকী প্ৰাক্তন সাংসদে বিজেপিত যোগদান কৰাত দলটো আৰু অধিক শক্তিশালী হ’ব। মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ লগতে পশ্চিম বংগৰ সকলো বিজেপি নেতা-কৰ্মী এই যোগদানক লৈ যথেষ্ট আনন্দিত।

POPULAR

RECENT ARTICLES

spot_img