মাৰাঠাভূমি-যোগীৰাজ্যত বিজেপিৰ ভগ্নদশা, কৰ্ণাটকত পৰ্যুদস্ত কংগ্ৰেছ

Published:

যেন আৰ এছ এছৰ ব্ৰহ্মতালুতেই খোঁট ! ৪ ৰাজ্যৰ বিধান পৰিষদৰ ২৮ খন আসনৰ নিৰ্বাচনী ফলাফল কংগ্ৰেছৰ সমূলি প্ৰতিকূলে গৈছে। ভোটগণনাৰ ট্ৰেণ্ডমতে প্ৰথমাৱস্থাৰ পৰাই কংগ্ৰেছ শূন্যৰ দিশে আছিল। কেৱল বিজেপিৰেই জয়ৰ খবৰ! কিন্তু ভোটমুখী যোগীৰাজ্যত ফলাফল বৰ সুখকৰ নহ’ল। উত্তৰ প্ৰদেশৰ ১১ খন আসনৰ ভিতৰত ৬ খন বিজেপিয়ে আৰু বাকী ৫ খন অখিলেশ যাদৱৰ সমাজবাদী দলে লাভ কৰিছে।

বিহাৰৰ ৮ খন আসনৰ ভিতৰত বিজেপিয়ে ৩ খন, নিৰ্দলীয়ই ২ খন, জেডিইউ, প্ৰশান্ত কিশোৰৰ জন সুৰজে ১খনকৈ আসন লাভ কৰিছে। ইয়াৰ বিপৰীতে কৰ্ণাটকে খাৰ্গে-ৰাহুলৰ কংগ্ৰেছক দিছে বিৰাট ধাক্কা। মুখ্যমন্ত্ৰী ডিকে শিৱকুমাৰ নেতৃত্বাধীন কংগ্ৰেছ শাসনাধিষ্ঠিত কৰ্ণাটকৰ ৪ খন আসনৰ ৪খনেই বিজেপি-জেডি(এছ) মিত্ৰজোঁটৰ হাতলৈ গৈছে। নকলেও চলে, কৰ্ণাটকৰ এই ফলাফল কংগ্ৰেছৰ বাবে বিৰাট লজ্জাদায়ক।

ইফালে বিজেপিৰ বাবে হতাশাজনক ফল আহিছে মাৰাঠাভূমিৰ পৰা। মহাৰাষ্ট্ৰৰ শাসনাধিষ্ঠিত বিজেপি মহাযুটীয়ে দুখন আসনতে সীমাবদ্ধ থকাৰ বিপৰীতে শাৰদ পাৱাৰৰ এনচিপিৰ হাতলৈ ২খন আসন আৰু কংগ্ৰেছে লাভ কৰিছে এখন আসন।

এই নিৰ্বাচনত কংগ্ৰেছে লাভ কৰা একমাত্ৰ আসনখন আহিছে মহাৰাষ্ট্ৰৰ পৰা। আসনখন হ’ল নাগপুৰ গ্ৰেজুৱেট। কংগ্ৰেছৰ অভিজিৎ ৱাঞ্জাৰিয়ে বিজেপিৰ সুধাকৰ কোহালিক ৩,২৭১ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে।আৰ এছ এছৰ সদৰ দপ্তৰ নাগপুৰত বিজেপিৰ পৰাস্ত কৰি বিজয়ধ্বজা উৰুৱাইছে ক্ষয়িঞ্চু কংগ্ৰেছে।

নাগপুৰ হ’ল ৰাজ্যখনৰ মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাড়নবিশৰ নিজৰ এলেকা। একেদৰে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ সংসদীয় সমষ্টি নাগপুৰৰ অন্তৰ্গত নাগপুৰ গ্ৰেজুৱেট বিধান পৰিষদ সমষ্টি। আৰ এছ এছৰ সদৰ দপ্তৰো এই নাগপুৰতেই অৱস্থিত। স্বাভাবিকভাৱেই কংগ্ৰেছৰ নাগপুৰ বিজয়ৰ অৰ্থ আৰ এছ এছৰ ব্ৰহ্মতালুতেই খোঁট মৰা নহয়নে? সেই অৰ্থত ক্ষয়িষ্ণু কংগ্ৰেছৰ বাবে নতুন সঞ্জীৱনী সুধা হ’ব পাৰে নাগপুৰ বিজয়!

ৰঞ্জন লাল শৰ্মা

সম্পাদক

POPULAR

RECENT ARTICLES

spot_img