শেহতীয়াকৈ আম আদমী পাৰ্টী ত্যাগ কৰি বিজেপিত যোগদান কৰা ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাড্ডাক ৰাজ্যসভাৰ আবেদন (Petitions) সমিতিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে।
ৰাজ্যসভাৰ অধ্যক্ষ চি পি ৰাধাকৃষ্ণনে ৰাঘৱ চাড্ডাৰ নেতৃত্বত ১০ জনীয়া সদস্যৰে এই সমিতিখন গঠন কৰে। ৰাজ্যসভাৰ তৰফৰ পৰা জাৰি কৰা অধিসূচনাত কোৱা হৈছে, ‘ৰাঘৱ চাড্ডাক সমিতিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে।’
২০ মে’ৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাজ্যসভাৰ অধ্যক্ষই এই সমিতিখন পুনৰ গঠন কৰিছে।
চাড্ডাৰ উপৰি সমিতিৰ সদস্যসকল হ’ল- হৰ্ষ মহাজন, গুলাম আলী, শম্ভু চৰণ পেটেল, মায়ংককুমাৰ নায়ক, মস্তান ৰাও যাদৱ বীধা, জেবি মাথেৰ হিছাম, সুভাশীষ খুন্তিয়া, ৰণগৌৰা নাৰ্জাৰী আৰু সন্দোষ কুমাৰ পি।
আন এখন অধিসূচনাত ৰাজ্যসভা সচিবালয়ে উল্লেখ কৰে যে, ‘ৰাজ্যসভাৰ অধ্যক্ষই ২০ মে’ত ৰাজ্যসভাৰ সদস্য ড° মেনকা গুৰুস্বামীক কৰ্প’ৰেট আইন (সংশোধনী) বিধেয়ক, ২০২৬ৰ যুটীয়া সমিতিৰ সদস্য হিচাপে মনোনীত কৰিছে।’