পুনৰ ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ ভয়ংকৰ আক্ৰমণ; মৃত্যু বহু লোকৰ

Published:

ইউক্ৰেইনৰ বিৰুদ্ধে পুনৰ ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিছে ৰাছিয়াই। ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে জানিব দিয়া অনুসৰি তেওঁলোকৰ সেনাই ইউক্ৰেইনৰ ৰাজধানী কিভৰ ভিন্ন স্থানত মিছাইল আৰু ড্ৰোনেৰ আক্ৰমণ কৰিছে। সেনা ঘাটি, ড্ৰোন নিৰ্মাণ কেন্দ্ৰ, এয়াৰফিল্ড নেটৱৰ্ক আৰু ইন্ধনৰ ভাণ্ডাৰক লক্ষ্য কৰি ৰাছিয়াই এই আক্ৰমণ চলোৱা বুলি বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

ইউক্ৰেইনৰ তৰফৰ পৰা জানিব দিয়া অনুসৰি, ৰাছিয়াৰ এই আক্ৰমণত বহু লোকৰ মৃত্যু হোৱাৰ লগতে আন বহু লোক গুৰুতৰভাৱে আহত হৈছে।

ইফালে ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে দাবী কৰা অনুসৰি সেনা বাহিনীয়ে চলোৱা আক্ৰমণত সম্পূৰ্ণৰূপে ধ্বংস হৈছে অ’ডেশাস্থিত এটা ড্ৰোন কমপ্লেক্স। এই কেন্দ্ৰটোত নিৰ্মাণ কৰা ড্ৰোনেৰেই ইউক্ৰেইনে ৰাছিয়াৰ তেল শোধানাগাৰকে ধৰি অন্যান্য গুৰুত্বপূৰ্ণ স্থানসমূহত আক্ৰমণ চলাই আছিল বুলি অভিযোগ উত্থাপন কৰে ৰাছিয়াই।

উল্লেখ্য যে ইউক্ৰেইনৰ ৰাজধানী কিভত বিগত ২৪ ঘন্টাত কেইবাটাও বৃহৎ বিস্ফোৰণ সংঘটিত হয়। বাতৰি অনুসৰি মহানগৰীৰ ২৮টা ভিন্ন স্থানত আক্ৰমণ সংঘটিত হয়। প্ৰাথমিক তথ্য অনুসৰি এই আক্ৰমণত কমেও ৮ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৩৮ জন আহত হৈছে। আশংকা কৰা হৈছে যে এতিয়াও কিছু লোক ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ থাকিব পাৰে। সেয়ে সাহায্য আৰু উদ্ধাৰ অভিযান অব্যাহত আছে।

আক্ৰমণৰ পিছতেই বিদেশ ভ্ৰমণ বাতিল জেলেনস্কিৰ

আক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিয়ে আয়াৰলেণ্ড ভ্ৰমণ আধাতে সামৰি ৰাজধানী কিভলৈ উভতি আহিছে। নিৰাপত্তা আৰু সাহায্য অভিযানৰ পৰ্যালোচনা কৰাৰ বাবে ভ্ৰমণ আধাতে সামৰি উভতি অহা বুলি অনুমান কৰা হৈছে।

উল্লেখ্য যে কিছু দিন পূৰ্বে ইউক্ৰেইনৰ তৰফৰ পৰা সংঘটিত কৰা আক্ৰমণৰ প্ৰত্যুত্তৰত ৰাছিয়াই এই আক্ৰমণ সংঘটিত কৰা বুলি দাবী কৰা হৈছে।

POPULAR

RECENT ARTICLES

spot_img