ৰখাই থোৱা ট্ৰাকত প্ৰচণ্ড খুন্দা ছহিদ জোৱান কঢ়িয়াই নিয়া এম্বুলেঞ্চলৰ, ৪ গৰাকীৰ মৃত্যু

Published:

দেওবাৰে পুৱা উত্তৰ প্ৰদেশৰ ছুলতানপুৰৰ পূৰ্বাঞ্চল এক্সপ্ৰেছৱেত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। পঞ্চকুলাৰ পৰা এগৰাকী সেনা জোৱানৰ মৃতদেহ কঢ়িয়াই নিয়া এম্বুলেঞ্চে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা এখন ট্ৰাকত প্ৰচণ্ড জোৰত খুন্দা মাৰে। এই ঘটনাত এম্বুলেঞ্চত থকা চাৰিওগৰাকী লোকৰে মৃত্যু হয়। দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে।

আৰক্ষীয়ে জানিব দিয়া মতে হালিয়াপুৰ থানাৰ অন্তৰ্গত মাইলষ্টোন ৭৯.৬ৰ সমীপত ৰাতিপুৱা প্ৰায় ৮ বজাত এই দুৰ্ঘটনাটো সংঘটিত হয়। জানিব পৰা অনুসৰি চণ্ডীগড়/পঞ্চকুলাত ছহিদবৰণ কৰা সুবেদাৰ সত্যবান সিঙৰ মৃতদেহ লৈ এম্বুলেঞ্চখন দেৱৰীয়ালৈ আহি আছিল। এম্বুলেঞ্চখনত আছিল ছহিদ পৰিয়ালৰ দুগৰাকী লোকৰ উপৰি সেনাৰ এজন জোৱান আৰু এম্বুলেঞ্চখনৰ চালক। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে এম্বুলেঞ্চখনত থকা চাৰিওগৰাকী লোকৰ থিতাতে মৃত্যু হয়।

দুৰ্ঘটনাটোত মৃত্যু হোৱা লোককেইজনক জছপাল সিং (চালক), সাজন সিং আৰু গৌৰৱ সিং (ছহিদ পৰিয়ালৰ সদস্য) আৰু সেনা জোৱান ৰাম সমুঝ সিং বুলি চিনাক্ত কৰা হৈছে। দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলত আৰক্ষীৰ লগতে শীৰ্ষ পৰ্যায়ৰ বিষয়া উপস্থিত হৈ মৃতদেহ কেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

আৰক্ষীৰ প্ৰাথমিক তদন্ত অনুসৰি তীব্ৰ গতিত থকা এম্বুলেঞ্চখনৰ চালকজনৰ টোপনি অহাৰ বাবেই এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়।

POPULAR

RECENT ARTICLES

spot_img