মহাৰাষ্ট্ৰৰ ভিৱাণ্ডীত বৃহস্পতিবাৰে নিশা সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা। এই অঞ্চলটোত থকা কহিনুৰ নামৰ এটা চাৰিমহলীয়া অট্টালিকা হঠাতে খহি পৰাৰ ফলত ৯ গৰাকী লোকৰ মৃত্যু হয়। জানিব পৰা অনুসৰি, এতিয়াও অট্টালিকাটোৰ ধ্বংসস্তূপত আৱদ্ধ হৈছে বহু শ্ৰমিক আৰু পৰিয়াল।
সম্প্ৰতি ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী আৰু NDRF বাহিনীয়ে উদ্ধাৰ অভিযান চলাই আছে।
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, ভিৱাণ্ডীৰ নাৰপোলীস্থিত ভণ্ডাৰী কম্পাউণ্ডস্থিত চাৰি মহলীয়া কহিনুৰ অট্টালিকাটো নগৰ নিগমে বসবাসৰ বাবে অনুপযুক্ত বুলি ঘোষণা কৰি চি কেটেগৰীত অন্তৰ্ভুক্ত কৰিছিল। সেই অনুসৰি, অট্টালিকাটোত বসবাস কৰা পৰিয়ালসমূহক খালী কৰিবলৈও নিৰ্দেশ প্ৰদান কৰিছিল।
এই নিৰ্দেশৰ পিছতেই অধিকাংশ পৰিয়ালে অট্টালিকাটো এৰিছিল। কিন্তু অট্টালিকাটোৰ মেৰামতিৰ কাৰ্য চলাই থকাৰ সময়তে এই কৰুণ ঘটনাটো সংঘটিত হয়।
পশ্চিম ভিৱাণ্ডীৰ বিধায়কমহেশ চৌগুলেই কয় যে নগৰ নিগমে এই অট্টালিকাটোবিপদজনক বুলি ঘোষণা কৰি ঘৰসমূহ খালী কৰি দিছিল। কিন্তু গ্ৰাউণ্ড ফ্লোৰৰ মেৰামতিৰ কাৰ্য চলি থকাৰ সময়তে খহি পৰে অট্টালিকাটো। ধ্বংসস্তূপত এতিয়াও ৬ৰ পৰা ৭ জন লোক আৱদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে। NDRF, অগ্নি নিৰ্বাপক বাহিনী আৰু TDRF দলে উদ্ধাৰ অভিযান চলাই আছে।


