গুজৰাটৰ আহমেদাবাদৰ এটা অবৈধ ফটকা কাৰখানাত শনিবাৰে এক বৃহৎ অগ্নিকাণ্ড সংঘটিত হয়। এই ভয়াৱহ ঘটনাটোত ৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন ৯ জন লোক গুৰুতৰভাৱে আহত হোৱাৰ খবৰ পোৱা গৈছে।
আহমেদাবাদৰ মাহমুদপুৰৰ টেলেণ্ট নামৰ ফটকা কাৰখানাটোত সংঘটিত হয় এই দুৰ্ঘটনা। আহতসকলক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হয়। মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পাব পাৰে বুলি আশংকা কৰিছে বিষয়াসকলে।
উল্লেখ্য যে, দুৰ্ঘটনাটোৰ তথ্য লাভ কৰাৰ লগে লগে কেইবাটাও অগ্নিনিৰ্বাপক বাহিনীৰ দল সেই স্থানত উপস্থিত হয় আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোকে জুই নিৰ্বাপনৰ লগতে উদ্ধাৰ অভিযান আৰম্ভ কৰে। দুপৰীয়া প্ৰায় ৩.৩০ মান বজাত এই অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হৈছিল।
কি কাৰণত কাৰাখানাটোত এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হ’ল তাৰ কাৰণ জানিবলৈ আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়াই তদন্ত আৰম্ভ কৰিছে।


