আমেৰিকাসহ তিনিখন দেশত আয়োজিত ফিফা বিশ্বকাপ ২০২৬ৰ খিতাপ কোনে দখল কৰিব তাক লৈ আহিছে ডাঙৰ ভৱিষ্যদ্বাণী। ফুটবল বিশ্বকাপৰ খিতাপ দখল কৰাটো কোনো সাধাৰণ কথা নহয়। দুৰ্দান্ত প্ৰদৰ্শনেৰে টুৰ্ণামেণ্টত শেষ হাঁহি মাৰিবগীয়া বিশ্বকাপ জয়ী দলটোৱে লাভ কৰিব প্ৰায় ৪৭৭ কোটি টকা (৫০ মিলিয়ন ডলাৰ)।
ইয়াৰ উপৰি বিশ্বকাপ জয়ী দলটোৱে লাভ কৰিব ১৮ কেৰেট সোণৰ ট্ৰফী। ৬ কিলোগ্ৰাম ওজনৰ এই ট্ৰফীটোৰ মূল্য ২০ মিলিয়ন ইউ এছ ডলাৰ অৰ্থাত ১৯০ কোটি টকা। বিশ্বকাপ জয়ী দলটোৱে লাভ কৰিব এই চকমকীয়া ট্ৰফীটো।
চলিত বিশ্বকাপৰ ছেমি ফাইনেলৰ পূৰ্বে জাৰ্মানীৰ মহান গ’লকীপাৰ অলিভাৰ কানে ফ্ৰান্সক বিশ্বকাপ জয়ৰ প্ৰৱল দাবীদাৰ আখ্যা দিছে। কানৰ মতে ফ্ৰান্সৰ দলটোৰ ভাৰসাম্য, খেলুৱৈৰ গভীৰতা আৰু বিভিন্ন ধৰণে মেচ জয় কৰাৰ ক্ষমতাৰ বাবে আন দলৰ তুলনাত সামান্য আগবাঢ়ি আছে।
১৫ জুলাই বুধবাৰে আমেৰিকাৰ ডালাছ ষ্টেডিয়ামত প্ৰথমখন ছেমি ফাইনেলত ফ্ৰান্সে স্পেইনৰ বিৰুদ্ধে খেলিব। দ্বিতীয়বাৰৰ বাবে বিশ্বকাপৰ নকআউট পৰ্যায়ত মুখামুখি হ’ব দুয়োটা দল। ইয়াৰ পূৰ্বে ২০০৬ চনৰ ৰাউণ্ড অৱ ১৬ত ফ্ৰান্সে স্পেইনক ৩-১ গ’লত পৰাস্ত কৰিছিল। অলিভাৰ কানে কয় যে যদি এতিয়ালৈকে তেওঁলোকৰ প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি এটা দল বাছি ল’বলগীয়া হয় তেন্তে তেওঁ ফ্ৰান্সৰ নাম ল’ব।
স্পেইন আৰু ফ্ৰান্সৰ মাজত অনুষ্ঠিত হ’বলগীয়া মেচখন প্ৰতিযোগিতাখনৰ অন্যতম ৰোমাঞ্চকৰ হ’ব বুলি অভিহিত কৰে কানে। প্ৰাক্তন গ’লৰক্ষকগৰাকীৰ মতে, স্পেইন বল নিয়ন্ত্ৰণ আৰু অদম্য আক্ৰমণৰ বাবে পৰিচিত হোৱাৰ বিপৰীতে ফ্ৰান্স দ্ৰুত প্ৰত্যাক্ৰমণত বিশেষজ্ঞ। তেওঁ লগতে কয় যে যি দলে মিডফিল্ডৰ ওপৰত নিয়ন্ত্ৰণ বজাই ৰাখিব আৰু শক্তিশালী ডিফেন্স বজাই ৰাখিব সেই দলেই এই মেচত আটাইতকৈ সফল হ’ব।
উল্লেখ্য যে, টুৰ্ণামেণ্টৰ দ্বিতীয়খন ছেমি ফাইনেলত মুখামুখি হ’ব লিঅ’নেল মেছী নেতৃত্বাধীন আৰ্জেণ্টিনা আৰু হেৰী কেন নেতৃত্বাধীন ইংলেণ্ড।


