দুুই দশকৰ পিছত কলকাতালৈ উভতিব চৰ্চিত লেখিকা তছলিমা নাছৰিন

Published:

ভাৰতত নিৰ্বাসিত জীৱন অতিবাহিত কৰি অহা বাংলাদেশৰ চৰ্চিত লেখিকা তছলিমা নাছৰিনে প্ৰায় দুটা দশকৰ মূৰত কলকাতালৈ উভতি আহিব। বাওঁপন্থী চৰকাৰৰ কাৰ্যকাল অৰ্থাত ২০০৭ চনত তছলিমা নাছৰিনে কলকাতা এৰিছিল। তেওঁ লিখা লিখনিৰ বাবে কলকাতাত হোৱা হিংসাত্মক পৰিস্থিতিৰ বাবে তেওঁক জগৰীয়া কৰাত কলকাতা এৰি গৈছিল লেখিকা নাছৰিন।

জানিব পৰা অনুসৰি ১ আগষ্টত কলকাতাৰ ৰবীন্দ্ৰ সদনত অনুষ্ঠিত হ’বলগীয়া এক অনুষ্ঠানত উপস্থিত থাকিব তছলিমা নাছৰিন। এই অনুষ্ঠানত উপস্থিত থাকিব বুলি তেওঁ নিজেই ছ’চিয়েল মিডিয়াযোগে ঘোষণা কৰিছে।

উল্লেখ্য যে কলকাতাৰ সৈতে তেওঁৰ সম্পৰ্ক দীৰ্ঘদিনীয়া। তেওঁৰ প্ৰস্তাৱিত ভ্ৰমণে সাহিত্য আৰু সাংস্কৃতিক মহলত নতুন বিতৰ্কৰ সূচনা কৰিছে। এইবাৰ চেকুলাৰ মিছন আৰু হিউমেন ৰাইটছ এণ্ড বাংলাদেশ ফ্ৰিডম ফাইটাৰছ ফাউণ্ডেশ্যনে (এইচ আৰ বি এফ এফ) আমন্ত্ৰণ জনাইছে। মৌলবাদৰ বিৰুদ্ধে তেওঁৰ দীৰ্ঘদিনীয়া স্থিতি আৰু মত প্ৰকাশৰ স্বাধীনতাৰ পোষকতাক স্বীকৃতি দি এই আমন্ত্ৰণ প্ৰদান কৰা বুলি উদ্যোক্তাসকলে উল্লেখ কৰে।

নাছৰিনে প্ৰায়ে কলকাতাক অন্যতম আপোন চহৰ বুলি অভিহিত কৰি আহিছে। কিন্তু ধৰ্মীয় মৌলবাদী সংগঠনৰ প্ৰতিবাদ আৰু অহৰহ নিৰাপত্তাজনিত চিন্তাৰ বাবে প্ৰায় ২০ বছৰ ধৰি চহৰখনৰ পৰা আঁতৰি আছিল নাছৰিন। নাৰীৰ অধিকাৰ, ধৰ্মনিৰপেক্ষতা, মত প্ৰকাশৰ স্বাধীনতাৰ ওপৰত স্পষ্ট মতামতৰ বাবে পৰিচিত নাছৰিনে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যথেষ্ট প্ৰশংসা আৰু বিতৰ্ক দুয়োটা লাভ কৰিছে।

স্মৰ্তব্য যে, বংগত শাসন সলনি হোৱাৰ পিছতে তছলিমা নাছৰিনে ছ’চিয়েল মিডিয়াত এটা দীঘলীয়া পোষ্ট দি শুভেন্দু চৰকাৰক প্ৰশংসা কৰে। নাছৰিনে লিখিছিল, ‘এতিয়া কথাবোৰ সলনি হ’ব বুলি আশা কৰিছো। মই সদায় কলকাতালৈ উভতি যাব বিচাৰিছিলো, কিন্তু বাওঁপন্থী চৰকাৰ আৰু তৃণমূল চৰকাৰে অনুমতি নিদিয়াৰ বাবে সেয়া এক অপূৰণীয় ইচ্ছা হৈয়েই থাকিল।’

POPULAR

RECENT ARTICLES

spot_img