হাজাৰ-হাজাৰ গুণমুগ্ধক শোকসাগৰত পেলাই অজান দেশলৈ অভিনেত্ৰী পূৰৱী শৰ্মা

Published:

অসমৰ চলচ্চিত্ৰ জগতৰ বাবে দুঃখবৰ। হাজাৰ-হাজাৰ গুণমুগ্ধক শোকসাগৰত পেলাই অজান দেশলৈ গ’ল জনপ্ৰিয় অভিনেত্ৰী পূৰৱী শৰ্মা। মঙলবাৰে সন্ধিয়া প্ৰায় ৭.৩০ মান বজাত হঠাত অসুস্থ হৈ পৰাৰ পিছতেই মৃত্যুক আকোৱালি লয় অভিনেত্ৰীগৰাকীয়ে।

হৃদৰোগত আক্ৰান্ত হৈ অভিনেত্ৰীগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰা বুলি জানিব পৰা গৈছে। নিজ ঘৰতেই অসুস্থ হৈ পৰাৰ পিছত গুৱাহাটীৰ মাৰোৱাৰী মেটাৰনিটি হাস্পতালত তেওঁক ভৰ্তি কৰোৱা হৈছিল যদিও অভিনেত্ৰীগৰাকীক মৃত ঘোষণা কৰে।

সম্প্ৰতি গুৱাহাটীৰ শান্তিপুৰস্থিত নিজা বাসগৃহলৈ অনা হৈছে অভিনেত্ৰী শৰ্মাৰ মৃতদেহ। জনপ্ৰিয় অভিনেতা তপন দাসৰ পত্নী পূৰৱী শৰ্মাই বহুকেইখন জনপ্ৰিয় ছবিত অভিনয় কৰিছিল। ৮০-৯০ দশকৰ এগৰাকী সফল অভিনেত্ৰী পূৰৱী শৰ্মাই ‘আজলী নবৌ’ ছবিখনত প্ৰথমবাৰ অভিনয় কৰিছিল।

কন্যাদান, পিতা-পুত্ৰ, সোণমইনা, বিধাতা আদিৰ দৰে চিনেমাত দুৰ্দান্ত অভিনয় কৰি হাজাৰ হাজাৰ অনুৰাগীৰ হৃদয়ত স্থান পাইছিল পূৰৱী শৰ্মাই। অসমীয়া চিনেমাৰ উপৰি ধাৰাবাহিক, অনাতাঁৰ নাটক, ভ্ৰাম্যমান থিয়েটাৰতো অভিনয় কৰিছিল পূৰৱী শৰ্মাই।

জনপ্ৰিয় অভিনেত্ৰীগৰাকীৰ মৃত্যু অসমীয়া ছবি জগতৰ বাবে অপূৰণীয় ক্ষতি বুলি অভিহিত কৰি শোক প্ৰকাশ কৰে ৰাজ্যৰ আগশাৰীৰ অভিনেতা-অভিনেত্ৰীয়ে।

POPULAR

RECENT ARTICLES

spot_img