খেলি থকা সময়তে কণমানি তিনিজনীৰ ওপৰত বাগৰিল 𝐌𝐆𝐍𝐑𝐄𝐆𝐀ৰ ফলক; দুটি শিশুৰ কৰুণ মৃত্যু

Published:

নগাঁও জিলাৰ বটদ্ৰৱাত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। অঞ্চলটোৰ ধনীয়াভেটিত 𝐌𝐆𝐍𝐑𝐄𝐆𝐀ৰ চৰকাৰী আঁচনিৰ তথ্য সম্বলিত পকী নাম-ফলক বাগৰি দুটি কণমানিয়ে কৰুণ মৃত্যুক আকোৱালি লয়। এই ঘটনাত আঘাতপ্ৰাপ্ত হোৱা আন এগৰাকী কণমানি ছাত্রীক চিকিৎসালয়ত ভর্তি কৰোৱা হৈছে।

মৃত্যু হোৱা কণমানি ছাত্রী দুগৰাকীৰ নাম তহিদা খাতুন(৯) আৰু ৰিমা খাতুন (৯) বুলি জানিব পৰা গৈছে। আনহাতে আহত ছাত্ৰীগৰাকীৰ নাম হালিমা খাতুন (৯)।

জানিব পৰা মতে, কণমানি ছাত্ৰী কেইগৰাকীয়ে খেলি থকা সময়তে MGNREGAৰ ফলকখন তেওঁলোকৰ ওপৰত বাগৰি পৰে। ধনীয়াভেটি পঞ্চায়তৰ চৌৰাপাৰাত সংঘটিত হৈছে এই হৃদয়বিদাৰক ঘটনাটো।

এই কৰুণ ঘটনাৰ পিছতেই পঞ্চায়তৰ জনপ্ৰতিনিধিৰ বিৰুদ্ধে উত্থাপিত হৈছে গুৰুতৰ অভিযোগ। নিম্নমানৰ সামগ্ৰীৰে 𝐌𝐆𝐍𝐑𝐄𝐆𝐀 ৰ ফলক নিৰ্মাণ কৰাৰ বাবেই এই ঘটনাটো সংঘটিত হোৱা বুলি ক্ষোভ উজাৰিছে স্থানীয় লোকে।

উল্লেখ্য যে ধিং উন্নয়ন খণ্ডৰ অন্তৰ্গত ধনীয়াভেটি গাঁও পঞ্চায়তৰ ৫নং ৱাৰ্ডত সংঘটিত এই ঘটনাৰ পিছতে অঞ্চলটোত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে।

POPULAR

RECENT ARTICLES

spot_img