মাতৃৰ সৈতে থকা সম্পৰ্কৰ সুযোগ লৈ এগৰাকী পিতৃহীন ছাত্ৰীৰ সৈতে অপকৰ্ম সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে শিলচৰত। অভিযুক্ত ৰাজু ৰায় ওৰফে ৰাহুল ৰায়ক গ্ৰেপ্তাৰৰ দাবীৰে এটা স্বেচ্ছাসেৱী সংগঠনে ৰাঙ্গিৰখাড়ী থানাত এজাহাৰ দাখিল কৰিছে।
অভিযোগ অনুসৰি, ভুক্তভোগী ছাত্ৰীগৰাকীৰ মাতৃ বিবাহ বিচ্ছেদিত। অভিযুক্ত ৰাজুও বিবাহ বিচ্ছেদিত বুলি জানিব পৰা গৈছে। প্ৰায় দুবছৰ ধৰি ছাত্ৰীগৰাকীৰ মাতৃৰ সৈতে তেওঁৰ সম্পৰ্ক আছিল। সেই সম্পৰ্কৰ বাবেই ছাত্ৰীগৰাকীয়ে তেওঁক পিতৃ বুলি সম্বোধন কৰিছিল।সেই বিশ্বাসৰ সুযোগ লৈ ছাত্ৰীগৰাকীৰ সৈতে অপকৰ্ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে। ঘটনাৰ ১১ দিন অতিক্ৰম কৰাৰ পিছতো আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি স্বেচ্ছাসেৱী সংগঠনটোৱে অভিযোগ কৰিছে।
ইতিমধ্যে ভুক্তভোগী পৰিয়ালটোৱে ন্যায় বিচাৰি থানাত এজাহাৰ দাখিল কৰিছে। লগতে আৰক্ষীয়ে অভিযোগৰ ভিত্তিত তদন্ত আৰম্ভ কৰি অভিযুক্তক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে সংগঠনটোৱে।


