ধ্ৰুৱ ৰাথীৰ বিৰুদ্ধে জামিনবিহীন ৱাৰেণ্ট জাৰি

Published:

২০১৮ চনৰ এটা মানহানি গোচৰত দিল্লীৰ ছাকেট আদালতে দেশৰ জনপ্ৰিয় ইউটিউবাৰ ধ্ৰুৱ ৰাথীৰ বিৰুদ্ধে জামিনবিহীন ৱাৰেণ্ট জাৰি কৰিছে। অভিযোগকাৰী বিকাশ সাংস্কৃত্যায়নে অভিযোগ কৰিছে যে ধ্ৰুৱ ৰাথীয়ে বিজেপি আই টি চেল পাৰ্ট টু শীৰ্ষক ভিডিঅ’ প্ৰকাশ কৰি তেওঁৰ বিৰুদ্ধে মিছা আৰু মানহানিকাৰক অভিযোগ উত্থাপন কৰিছিল।

জাৰ্মানী বাসিন্দা ধ্ৰুৱ ৰাথীৰ বিৰুদ্ধে দাখিল কৰা মানহানি গোচৰত ছাকেট আদালতে আজি এই জামিনবিহীন ৱাৰেণ্ট জাৰি কৰে। ইয়াৰ পূৰ্বে অক্টোবৰ মাহত আদালতে ধ্ৰুৱ ৰাথীৰ বিৰুদ্ধে জামিনযোগ্য ৱাৰেণ্ট জাৰি কৰিছিল। কিন্তু ৰাথীয়ে বাৰে বাৰে আদালত অৱমাননা কৰাত তেওঁলৈ আজি এই জামিনবিহীন ৱাৰেণ্ট জাৰি কৰা বুলি জনায়।

এই গোচৰৰ শুনানি গ্ৰহণ কৰি থকা মুখ্য ন্যায়াধীশ ছুটিত থকাৰ বাবে কৰ্তব্য দণ্ডাধীশে শুনানি গ্ৰহণ কৰে। আদালতে ৩ ডিচেম্বৰত পৰৱৰ্তী শুনানি ধাৰ্য কৰিছে।

উল্লেখ্য যে অভিযোগকাৰীয়ে দাখিল কৰা এই গোচৰ সন্দৰ্ভত ন্যায়িক দণ্ডাধীশ ৰাহুল জৈনে ১৭ অক্টোবৰ আৰু ৩১ অক্টোবৰত জামিনযোগ্য ৱাৰেণ্ট জাৰি কৰিছিল। কিন্তু জাননী প্ৰেৰণ কৰিবলৈ যোৱা ব্যক্তিয়ে ধ্ৰুৱ ৰাথীৰ ঘৰত তলা লগাই থোৱা বুলি জনাইছিল। ইয়াৰ পিছত আদালতে ৰাথীৰ গুৰুগ্ৰামস্থিত বাসগৃহলৈ নতুন জাননী জাৰি কৰিছিল।

অভিযোগকাৰী বিকাশ সাংস্কৃত্যায়নে অভিযোগ কৰিছিল যে ধ্ৰুৱ ৰাথীয়ে নিজৰ ইউটিউব চেনেলত এটা ভিডিঅ’ শ্বেয়াৰ কৰি তেওঁক অপমান কৰিছিল।

আদালতে ধ্ৰুৱ ৰাথীলৈ ২০১৯ চনত প্ৰথমবাৰলৈ চমন জাৰি কৰিছিল।

POPULAR

RECENT ARTICLES

spot_img