২৮ জুনৰ পৰা আমৰণ অনশন কাৰ্যসূচী ৰূপায়ন কৰি অহা সমাজকৰ্মী, উদ্ভাৱক, শিক্ষা সংস্কাৰক আৰু পৰিৱেশবিদ সোনম ৱাংচুক সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ে গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰিছে। অনশন সন্দৰ্ভত দাখিল কৰা ৰাজহুৱা স্বাৰ্থজনিত আবেদনৰ শুনানি গ্ৰহণ কৰি দিল্লী উচ্চ ন্যায়ালয়ে ৱাংচুকৰ স্বাস্থ্য সন্দৰ্ভত গভীৰ চিন্তা ব্যক্ত কৰিছে।
প্ৰতিগৰাকী ব্যক্তিৰ জীৱন গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰি আদালতে এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশনাও প্ৰদান কৰিছে।
বৃহস্পতিবাৰে দিল্লী উচ্চ ন্যায়ালয়ে শুনানি গ্ৰহণ কৰি কয় যে প্ৰতিগৰাকী ব্যক্তিৰ জীৱন গুৰুত্বপূৰ্ণ আৰু তেওঁৰ জীৱন ৰক্ষাৰ বাবে সকলো ধৰণৰ প্ৰচেষ্টা চলোৱাৰ দায়িত্ব চৰকাৰৰ।
শুনানিৰ সময়ত কেন্দ্ৰ চৰকাৰ আৰু দিল্লী চৰকাৰৰ হৈ আদালতত উপস্থিত থকা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই আদালতক আশ্বাস দিয়ে যে সোনম ৱাংচুকক দৈনিক চিকিৎসকৰ দ্বাৰা পৰীক্ষা কৰা হ’ব। তেওঁ আদালতক অৱগত কৰে যে সোনম ৱাংচুকক দৈনিক স্বাস্থ্য পৰীক্ষা কৰোৱা হয় আৰু প্ৰতিবেদন প্ৰস্তুত কৰা হয়।
সোনম ৱাংচুকক নিৰীক্ষণৰ বাবে কিবা ব্যৱস্থা গ্ৰহণ কৰিছে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত তুষাৰ মেহতাই কয় যে প্ৰতিদিনে তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। তেওঁ যেতিয়াই অনুমতি দিয়ে তেতিয়াই চৰকাৰী চিকিৎসক তেওঁৰ ওচৰলৈ পঠিওৱা হয়।
ৱাংচুক সন্দৰ্ভত কি নিৰ্দেশনা দিলে আদালতে?
নিৰ্দেশনাত আদালতে উল্লেখ কৰিছে যে চিকিৎসকে দৈনিক ৱাংচুকক পৰীক্ষা কৰি থাকিব লাগে। ইয়াত কেন্দ্রীয় চৰকাৰক নির্দেশ দিয়া হৈছে যে যদিহে চিকিৎসকে তেওঁক কোনো ধৰণৰ চিকিৎসা সাহায্যৰ প্রয়োজন বুলি নিৰ্ণয় কৰে তেন্তে তৎকালীন ব্যৱস্থা ল’ব লাগে। আদালতে লগতে কয় যে প্ৰতিজন ব্যক্তিৰ জীৱন বহুমূলীয়া আৰু তেওঁলোকৰ সুৰক্ষা নিশ্চিত কৰাটো চৰকাৰৰ দায়িত্ব।
উল্লেখ্য যে, প্ৰশ্নকাকত ফাদিলৰ বিষয়টোক লৈ বিগত ১৯ দিন ধৰি অনশন কৰি আছে সোণম ৱাংচুকে। ককৰোচ জনতা পাৰ্টিৰ সদস্যসকলেও এই প্ৰতিবাদত অংশগ্ৰহণ কৰিছে। দিল্লীৰ যন্তৰ মন্তৰত চলি থকা এই প্ৰতিবাদ অন্ত পৰা নাই।


