ঘোষণা হ’ল ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা; কাৰ্তিক আৰিয়ান আৰু মামুট্টিলৈ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান

Published:

অৱশেষত ঘোষণা কৰা হ’ল ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৪। বলীউডৰ অভিনেতা কাৰ্তিক আৰিয়ান আৰু মালয়ালম ছবি জগতৰ ছুপাৰষ্টাৰ মামুট্টিক যৌথভাৱে শ্ৰেষ্ঠ অভিনেতা হিচাপে নিৰ্বাচিত কৰা হয়। বলীউডৰ প্ৰখ্যাত অভিনেত্ৰী য়ামি গৌতমক শ্ৰেষ্ঠ অভিনেত্ৰী হিচাপে ঘোষণা কৰা হয়। ৰাজকুমাৰ ৰাওৰ ‘শ্ৰীকান্ত’ ছবিয়ে শ্ৰেষ্ঠ হিন্দী চলচ্চিত্ৰৰ বঁটা লাভ কৰে।

শনিবাৰে সন্ধিয়া নতুন দিল্লীত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ঘোষণা কৰে ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা। মালয়ালম অভিনেতা মামুট্টিক ‘ব্ৰহ্মায়ুগম’ ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেতা হিচাপে নিৰ্বাচিত কৰা হয়। আনহাতে কাৰ্তিক আৰিয়ানেও তেওঁৰ ছবি ‘চান্দু চেম্পিয়ন’ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰে।

এই ৰাষ্ট্ৰীয় বঁটা ২০২৪ চনৰ ছবিৰ বাবে মামুট্টি আৰু কাৰ্তিক আৰিয়ান শ্ৰেষ্ঠ অভিনেতা হিচাপে নিৰ্বাচিত হোৱাৰ বিপৰীতে বলীউডৰ অভিনেত্ৰী য়ামি গৌতমে ‘আৰ্টিকল ৩৭০’ ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰে।

ইফালে ‘জুইফুল’ ছবিয়ে লাভ কৰিছে শ্ৰেষ্ঠ অসমীয়া ছবিৰ শিতানত ৰজত কমল। ছবিখনৰ প্ৰযোজক আৰু পৰিচালক যদুমনি দত্ত।

তামিল ছবি ‘অমৰণ’-ৰ বাবে জি ভি প্ৰকাশ কুমাৰে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰে। হিন্দী শাখাত ‘আৰ্টিকল ৩৭০’-ৰ বাবে শাশ্বত সচদেৱ এই সন্মান লাভ কৰে। শ্ৰেষ্ঠ কষ্টিউম ডিজাইনৰ বঁটা লাভ কৰে পুষ্পা : দ্যা ৰুলে। ‘কল্কি ২৮৯৮ এডি’-ক শ্ৰেষ্ঠ প্ৰডাকশ্যন ডিজাইনৰ লগতে ‘সম্পূৰ্ণ মনোৰঞ্জন প্ৰদান কৰা জনপ্ৰিয় চলচ্চিত্ৰ’ৰ ৰাষ্ট্ৰীয় বঁটাও প্ৰদান কৰা হয়।

তামিল ছবি ‘অমৰণ’-এ শ্ৰেষ্ঠ সম্পাদনাৰ বঁটা লাভ কৰাৰ বিপৰীতে হিন্দী ছবি ‘ভুল ভুলাইয়া ৩’-এ শ্ৰেষ্ঠ শব্দ নক্সাৰ সন্মান অৰ্জন কৰে। তেলুগু ছবি ‘লাকি ভাস্কৰ’-ক শ্ৰেষ্ঠ চিত্ৰনাট্যৰ বঁটা প্ৰদান কৰা হয়।

নন-ফিচাৰ চলচ্চিত্ৰ শাখাত শ্ৰেষ্ঠ তথ্যচিত্ৰ হিচাপে নিৰ্বাচিত হয় হিন্দী তথ্যচিত্ৰ ‘ৰাম-নামী’। শ্ৰেষ্ঠ এনিমেশ্যন চলচ্চিত্ৰৰ বঁটা লাভ কৰে নীৰৱ ছবি ‘টাচ্ড এজ ৱাটাৰ’-এ। ‘ষ্টেচ্যু অৱ ইউনিটি – একতাৰ প্ৰতীক’ ছবিখনৰ বাবে পৰিচালক আনন্দ এল ৰায়ে শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰে। মাৰাঠী ছবি ‘হামছফৰ’ শ্ৰেষ্ঠ চুটি চলচ্চিত্ৰ হিচাপে নিৰ্বাচিত হয়। শ্ৰেষ্ঠ গীতৰ কথা: মনোজ মুন্টাশ্বিৰ (Jaane Do – Maidan)।

POPULAR

RECENT ARTICLES

spot_img