চৰকাৰলৈ পত্ৰ সোনম ৱাংচুকৰ; অনশন ভংগৰ বাবে বান্ধি দিলে বিশেষ চৰ্ত

Published:

নীট প্ৰশ্নকাকত ফাদিল আৰু দেশৰ কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত বিগত বহু দিন ধৰি আমৰণ অনশন অব্যাহত ৰখা পৰিৱেশ কৰ্মী সোনম ৱাংচুকে হাস্পতালৰ বিচনাৰ পৰাই চৰকাৰলৈ লিখিছে পত্ৰ। এই পত্ৰৰ জৰিয়তে ৱাংচুকে অনশন ভংগ কৰাৰ বাবে চৰকাৰক বান্ধি দিছে বিশেষ চৰ্ত।

চৰকাৰলৈ লিখা পত্ৰখনত তেওঁ উল্লেখ কৰিছে যে আত্মহত্যা কৰা শিক্ষাৰ্থীসকলৰ পৰিয়াললৈ আৰ্থিক সাহায্য আৰু বিষয়টোক লৈ সংসদত আলোচনা হওক আৰু শিক্ষামন্ত্ৰীৰ পদত্যাগ।

ইয়াৰ উপৰি পত্ৰখনত ৱাংচুকে উল্লেখ কৰিছে যে মঙলবাৰে নিশা কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু জীতেন্দ্ৰ সিঙে হাস্পতালত তেওঁক সাক্ষাত কৰিছে। ইয়াৰ বাবে দুয়োজন নেতাক তেওঁ ধন্যবাদ জ্ঞাপন কৰে।

সোণম ৱাংচুকে লিখিছে, ‘আলোচনাৰ সময়ত আপুনি মোক আশ্বাস দিছিল যে প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছত আত্মহত্যা কৰা ছাত্ৰ-ছাত্ৰীৰ পৰিয়ালক পৰ্যাপ্ত ক্ষতিপূৰণ দিয়া, শিক্ষামন্ত্ৰীৰ পদত্যাগৰ কথা বিবেচনাকে ধৰি জবাবদিহিতা নিশ্চিত কৰিবলৈ সংসদত অৰ্থপূৰ্ণ আলোচনাকে ধৰি সকলো বিষয় চৰকাৰে ইতিবাচকভাৱে বিবেচনা কৰিব।’

ৱাংচুকে লগতে পত্ৰখনত এই কথাও উল্লেখ কৰিছে যে অধিক আৰক্ষী আৰু নিৰাপত্তা বাহিনী মোতায়েন কৰাৰ পিছতো সংসদ চলো কাৰ্যসূচী সফল আৰু শান্তিপূৰ্ণ আছিল।

ছাত্ৰ সমাজৰ লগত জড়িত বিষয়ক লৈ প্ৰতিবাদ তথা অনশন অব্যাহত ৰখা ৱাংচুকক তেওঁৰ অনশন ভংগ কৰিবলৈ দেশৰ ভিন্ন ৰাজনৈতিক দলৰ প্ৰায় ৬৫ গৰাকী সাংসদে তেওঁলৈ পত্ৰ প্ৰেৰণ কৰা বুলিও পত্ৰখনত উল্লেখ কৰে।

POPULAR

RECENT ARTICLES

spot_img