বিৰোধীৰ উত্তাল প্ৰতিবাদৰ মাজতে ৰাজ্যসভাত আজি উত্থাপন কৰা হয় বন্দে মাতৰম সম্পৰ্কীয় এখন বিধেয়ক। ৰাষ্ট্ৰীয় সন্মানক অপমান প্ৰতিৰোধ (সংশোধনী) বিধেয়কখন দেশৰ গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে উত্থাপন কৰে। এইখনক বন্দে মাতৰম বিধেয়ক হিচাপেও আখ্যা দিয়া হৈছে।
বিধেয়কখন উত্থাপন হোৱাৰ লগে লগে বিৰোধীয়ে সদনত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰাৰ বাবে এই বিধেয়কখন সন্দৰ্ভত সদনৰ মজিয়াত কোনো ধৰণৰ আলোচনা নহ’ল। কেৱল এয়াই নহয় সদনত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ বাবে সোমবাৰলৈ (২৭ জুলাই, ২০২৬) স্থগিত ৰাখিবলগীয়া হয় ৰাজ্যসভা।
বিধেয়কখনত উল্লেখ কৰা হৈছে যে বন্দে মাতৰমক অপমান কৰা ব্যক্তিয়ে আইনী ব্যৱস্থাৰ সন্মুখীন হ’ব লাগিব। ইয়াৰ উদ্দেশ্য হৈছে আমাৰ জাতীয় সংগীত ‘জন গণ মন’ক যিধৰণৰ সন্মান দিয়া হয়, সেই সন্মান বন্দে মাতৰমকো দিয়া হ’ব।
বন্দে মাতৰম গোৱাত বাধা বা অপমান কৰাসকলৰ বিৰুদ্ধে কি হ’ব শাস্তি?
এই বিধেয়ক অনুসৰি যিকোনো ব্যক্তিয়ে ইচ্ছাকৃতভাৱে জাতীয় সংগীত বা ৰাষ্ট্ৰীয় গীত গোৱাত বাধা বা ব্যাঘাত জন্মালে বা সমাৱেশত গোৱাৰ সময়ত হুলস্থুলৰ সৃষ্টি কৰিলে সেই ব্যক্তিজনক তিনি বছৰলৈকে কাৰাদণ্ডৰে দণ্ডিত কৰা হ’ব। শেহতীয়াকৈ এই বিধেয়কখন কেবিনেটে গৃহীত কৰা হৈছিল।
সেই অনুসৰি, আজি ইয়াক প্ৰথমে ৰাজ্যসভাত উত্থাপন কৰা হয়। উল্লেখ্য যে, ইতিমধ্যে মোদী চৰকাৰে সকলো চৰকাৰী অনুষ্ঠানতে বন্দে মাতৰম গোৱাটো বাধ্যতামূলক কৰিছিল।


