জম্মু-কাশ্মীৰৰ উৰীত মাইন বিস্ফোৰণ, দুজন সেনা জোৱান আহত

Published:

জম্মু-কাশ্মীৰৰ বাৰামুলা জিলাৰ উৰী ছেক্টৰৰ লাইন অফ কণ্ট্ৰোল(LoC)ৰ সমীপত সংঘটিত হৈছে মাইন বিস্ফোৰণ। এই বিস্ফোৰণত দুজন সেনা জোৱান আহত হোৱাৰ খবৰ লাভ কৰা গৈছে। কমলকোট উপখণ্ডৰ ১২ নং ইনফেনট্ৰি ব্ৰিগেডৰ অধীনত কাম কৰা ৮ ৰাষ্ট্ৰীয় ৰাইফলছ (৮ আৰ আৰ)ৰ আপাৰ গড় ফৰৱাৰ্ড পোষ্টৰ সমীপত সংঘটিত হয় এই বিস্ফোৰণ। বিস্ফোৰণ সংঘটিত হোৱা অঞ্চলটো উৰি থানাৰ অধীনৰ।

এই ঘটনাৰ পিছতে ততাতৈয়াকৈ আহত জোৱানকেইজনক ঘটনাস্থলীৰ পৰা বিমানেৰে লৈ গৈ শ্ৰীনগৰৰ বাদামিবাগস্থিত আৰ্মি বেছ হাস্পতাললৈ লৈ যোৱা হয়। সম্প্ৰতি দুয়োজন জোৱান সেই হাস্পতালখনতে চিকিৎসাধীন হৈ আছে।

আহত জোৱান দুজন ৮ ৰাষ্ট্ৰীয় ৰাইফলছৰ দফাদাৰ বিজয় কুমাৰ (৪২) আৰু নায়ক শৰণপা আংগৰী (২৮) বুলি চিনাক্ত কৰা হৈছে। বিষয়াসকলে জনোৱা মতে, মাইন বিস্ফোৰণৰ কাৰণৰ তদন্ত চলি আছে।

POPULAR

RECENT ARTICLES

spot_img