কাছাৰত ভয়ংকৰ ঘটনা; পানীৰ টেংকি চাফা কৰিবলৈ গৈ মৃত্যু ৪ শ্ৰমিকৰ

Published:

কাছাৰৰ নিজ জয়নগৰ কুমাৰপাৰত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। পানীৰ টেংকি চাফা কৰিবলৈ গৈ মৃত্যুক সাৱটি ল’লে চাৰিগৰাকী শ্ৰমিকে। ভয়ংকৰ এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

জানিব পৰা মতে, নিৰ্মীয়মান এটা অট্টালিকাৰ পানীৰ টেংকি চাফা কৰিবলৈ প্ৰথমে টেংকিৰ ভিতৰত প্ৰৱেশ কৰিছিল এজন শ্ৰমিক। কিছু সময় পাছত টেংকিৰ ভিতৰত অচেতন হৈ পৰে শ্ৰমিকজন। এই ঘটনা প্ৰত্যক্ষ কৰি আন এজন শ্ৰমিকে উদ্ধাৰৰ বাবে টেংকিৰ ভিতৰত প্ৰৱেশ কৰে। কিন্তু উদ্ধাৰৰ বাবে যোৱা দ্বিতীয়জন শ্ৰমিকো টেংকিৰ ভিতৰতেই অচেতন হৈ পৰে।

দুয়োজন শ্ৰমিক বহু সময় আৱদ্ধ হৈ থকা দেখি আৰু দুজন শ্ৰমিকে প্ৰৱেশ কৰে টেংকিৰ ভিতৰত। কিন্ত দুৰ্ভাগ্যজনকভাৱে প্ৰথম দুজন শ্ৰমিকৰ দৰে পিছত যোৱা শ্ৰমিক দুজনো শ্বাহৰুদ্ধ হৈ অচেতন হৈ পৰে।

এই খবৰ অঞ্চলটোত বিয়পি পৰাৰ পাছত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। ঘটনাস্থলীত উপস্থিত হয় শ-শ ৰাইজ। ইয়াৰে স্থানীয় এজন লোকে সাহসিকতাৰে টেংকিৰ ভিতৰত প্ৰৱেশ কৰি অচেতন হৈ পৰি থকা চাৰি শ্ৰমিকক উদ্ধাৰ কৰি বাহিৰলৈ লৈ আহে।

লগে লগে শ্ৰমিক চাৰিজনক শিলচৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসকে আটাইকেইজনক মৃত বুলি ঘোষণা কৰে। মৃত চাৰি শ্ৰমিকৰ নাম নিলয় পাল, নন্দন পাল, দেবাশীষ পাল আৰু চাম্পু পাল বুলি জানিব পৰা গৈছে। নিহত আটাইকেইজন শ্ৰমিক অঞ্চলটোৰ স্থানীয় বাসিন্দা।

আনহাতে এই ঘটনাৰ পাছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনা সংঘটিত হোৱা ঘৰখনৰ মুৰব্বী গৌতম পালক আটক কৰে। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ লগতে চেপা উত্তেজনাময় পৰিৱেশে বিৰাজ কৰিছে।

POPULAR

RECENT ARTICLES

spot_img