হ’ব পাৰে উপ-নিৰ্বাচন। হয়তো সংখ্যাগৰিষ্ঠ চৰকাৰ এখনৰ বাবে এই নিৰ্বাচনৰ ফলাফল অপ্ৰাসংগিক। কিন্তু ভাবীকালৰ ৰাজনীতিৰ বাবে মধ্যপ্ৰদেশৰ দাতিয়া বা বিহাৰৰ বাংকিপুৰৰ ফলাফল এটা টাৰ্ণিং পইণ্ট হ’ব পাৰে নেকি? সম্প্ৰতি দেশৰ সংবাদ মাধ্যমত সেই চৰ্চাই চলিছে।
প্ৰশ্ন উঠিছে – কিয় বিজেপি বাংকিপুৰ অথবা দাতিয়াত হাৰিল? অথচ, মধ্যপ্ৰদেশ আৰু বিহাৰ দুয়োখন ৰাজ্যতেই আছে বিজেপি নেতৃত্বাধীন চৰকাৰ। তেন্তে ভুল ক’ত হ’ল? কি ভুল হ’ল – সেই প্ৰশ্নই দোলা দি গৈছে বিজেপিৰ ভিতৰচ’ৰাত।
সবাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল – বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে এৰি যোৱা আসনখনতেই খোপনি হেৰালে দলটোৱে। অথচ, বিগত তিনিটা দশক ধৰি বিজেপিৰ মাৰফতত নীতিন নবীন পৰিয়ালৰ হাতত আছিল বাংকিপুৰ। কিন্তু এতিয়া বাংকিপুৰ প্ৰশান্ত কিশোৰৰ হাতত। আনহাতে, দাতিয়া হাৰিল কংগ্ৰেছৰ হাতত।
এই পৰাজয়ৰ পিছতেই প্ৰশ্ন উঠিছে, ক্ৰমাৎ হিন্দু ভোটাৰে আস্থা হেৰাইছে নেকি মোদী-অমিত শ্বাহৰ বিজেপিৰ ওপৰত? উঠি অহা প্ৰজন্ম, বিশেষকৈ বহুচৰ্চিত তথাকথিত GenZ ৰ আস্থা অৰ্জনত ব্যৰ্থ হৈছে নেকি বিজেপি?
সংসদ ভৱনৰ পৰা বিজেপিৰ ৰাষ্ট্ৰীয় দপ্তৰলৈ যোৱা দুটা দিনত এটাই চৰ্চা কিয় দাতিয়া আৰু বাংকিপুৰত এই বিপৰ্যয়? বাংকিপুৰত দলীয় প্ৰাৰ্থী নিৰ্বাচনত হোৱা ভুল বাছনিয়েই এই বিপৰ্যয়ৰ প্ৰাথমিক কাৰণ সেয়া ইতিমধ্যেই নিশ্চিত হৈছে।
কাৰণ ক’ত উচ্চশিক্ষিত আৰু উচ্চবৰ্ণৰ প্ৰশান্ত কিশোৰ আৰু ক’ত বিজেপি প্ৰাৰ্থী নীৰজ কুমাৰ! নীৰজ কুমাৰ প্ৰায় অখ্যাত এক প্ৰাৰ্থী। ইয়াৰ উপৰি বাংকিপুৰে বিজেপিক দিয়া সবাতোকৈ বিপজ্জনক বাৰ্তাটো হ’ল- সমষ্টিটোৰ ৪২২টা বুথৰ ৪০০ টা বুথতেই জয়ী হৈছে প্ৰশান্ত কিশোৰ। অৰ্থাৎ বিজেপিৰ নিজস্ব ভোটবেংক তছনছ কৰি পেলাইছে জন সুৰাজৰ প্ৰশান্ত কিশোৰে।
একেদৰে উদ্বেগৰ কথাটো হ’ল- গুজৰাটত জিকিছে ঠিকেই। কিন্তু বিজয়ৰ ব্যৱধান সাংঘাতিক ধৰণে হ্ৰাস পাইছে। গুজৰাটত অহা বছৰ নিৰ্বাচন। বিধানসভা নিৰ্বাচনৰ পূৰ্বে অনুষ্ঠিত এই উপ-নিৰ্বাচনেই যেন সূচাইছে জনমত কোনফালে ধাৱমান হ’বলৈ গৈ আছে!
তিনিটাকৈ সমষ্টিৰ উপ-নিৰ্বাচনৰ এই ফলাফলৰ পাছত স্বাভাৱিকভাৱেই উত্থাপিত হোৱা প্ৰশ্নটো হ’ল- বিজেপিৰ পৰম্পৰাগত হিন্দু ভোট বেংক ক্ৰমাৎ আস্থাহীন হৈ পৰিছে নেকি দলটোৰ ওপৰত?
ইয়াৰ মাজতে বিজেপিৰ আই টি চেলৰ মুৰব্বী অমিত মালব্যই তাৎপৰ্যপূৰ্ণ এক মন্তব্য কৰি কৈছে- ‘আমি আৰু অধিক ৰাইজৰ ওচৰত যাব লাগিব’।


