শিহৰণকাৰী দুৰ্ঘটনা… পথৰ পৰা ২৫০ মিটাৰ তলত বাগৰিল বলেৰো, একেটা পৰিয়ালৰে ৫ জনৰ মৃত্যু

Published:

শুকুৰবাৰে উত্তৰাখণ্ডৰ পৌৰী-দেৱপ্ৰয়াগ পথত সংঘটিত হয় এক মৰ্মান্তিক পথ দুৰ্ঘটনা। কুণ্ডধাৰৰ সমীপৰ ২৫০ মিটাৰ দ খাৱৈত এখন বলেৰো বাহন বাগৰি পৰাৰ ফলত একেটা পৰিয়ালৰ পাঁচজন সদস্যৰ থিতাতে মৃত্যু হয়। আনহাতে দুৰ্ঘটনাটোত এজন যুৱক গুৰুতৰভাৱে আহত হয়।

দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে দেৱপ্ৰয়াগ আৰক্ষী, এছডিআৰএফ, আৰু অন্যান্য উদ্ধাৰকাৰী দলে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। যথেষ্ট কষ্টৰ অন্তত উদ্ধাৰকাৰী দলে গুৰুতৰভাৱে আহত আৰমান নামৰ যুৱকজনক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে।

আৰক্ষীয়ে জনোৱা মতে, দুৰ্ঘটনাটোত নিহত আটাইকেইজন লোক হৰিদ্বাৰ জিলাৰ লক্ষৰ অঞ্চলৰ কোতৱালি থানা অন্তৰ্গত ৰায়পুৰ জীতপুৰ গাঁৱৰ বাসিন্দা। নিহত লোক কেইজনক আফজাল, শ্বাব্বো, আন্নাভিয়া, ছাদাব গুফৰাণ বুলি চিনাক্ত কৰা হৈছে।

শুকুৰবাৰে আফজালসহ তেওঁৰ পৰিয়ালটোৱে এখন বলেৰো বাহনেৰে পৌৰীলৈ গৈ থকা অৱস্থাতে কুণ্ডধাৰৰ সমীপত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো। তিনি বছৰীয়া কিশোৰীকে ধৰি পাঁচজন লোকৰ মৃত্যুৰ খবৰে তেওঁলোকৰ গৃহ চহৰ লক্ষৰত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে।

ইফালে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ধামীয়ে কয়, ‘দেৱপ্ৰয়াগ-পৌৰী পথত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাৰ খবৰটো অতি বেদনাদায়ক।’

POPULAR

RECENT ARTICLES

spot_img