অষ্ট্ৰেলিয়া আৰু বাংলাদেশৰ মাজৰ টেষ্ট শৃংখলাৰ প্ৰথমখন মেচ আজিৰ পৰা ডাৰ্বিনৰ মাৰাৰা ক্ৰিকেট গ্ৰাউণ্ডত আৰম্ভ হৈছে। মেচখনৰ প্ৰথম দিনৰ খেল সমাপ্ত হোৱাৰ কিছু সময় পূৰ্বে অষ্ট্ৰেলিয়াৰ বেগী বলাৰ মিচেল ষ্টাৰ্কে এটা উইকেট দখল কৰি টেষ্ট ক্ৰিকেটত ৰচিলে ইতিহাস। টেষ্ট ক্ৰিকেটত সৰ্বাধিক উইকেট দখল কৰা বাওঁহতীয়া বলাৰত পৰিণত হ’ল ষ্টাৰ্ক।
বাংলাদেশৰ অপেনাৰ বেটাৰ ছাদমান ইছলামক পেভেলিয়নমুখী কৰাৰ লগে লগে তেওঁ এই বিশেষ কৃতিত্বৰ অধিকাৰী হয়। শ্ৰীলংকাৰ প্ৰাক্তন বাঁওহতীয়া স্পিনাৰ ৰংগনা হেৰাথক অতিক্ৰম কৰি এই অভিলেখ গঢ়ে ষ্টাৰ্কে।
এই পৰ্যন্ত টেষ্ট ক্ৰিকেটত ষ্টাৰ্কৰ নামত আছে ৪৩৪টা উইকেট। আনহাতে হেৰাথে টেষ্ট ক্ৰিকেটত ৪৩৩টা উইকেট দখল কৰিছিল। হেৰাথৰ নামত থকা এই অভিলেখ ভংগ কৰাৰ পূৰ্বে ষ্টাৰ্কে অতিক্ৰম কৰিছিল মহান বেগী বলাৰ ৱাছিম আক্ৰামক। আক্ৰামে ক্ৰিকেটৰ দীৰ্ঘতম ফৰ্মেটত ৪১৪টা উইকেট দখল কৰিছিল।
উল্লেখ্য যে, আজিৰ পৰা আৰম্ভ হোৱা টেষ্টখনৰ প্ৰথম দিনটো সম্পূৰ্ণৰূপে বাংলাদেশৰ আধিপত্যত থাকে। অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্সে টছত জয়ী হৈ বেটিং কৰাৰ সিদ্ধান্ত ভুল প্ৰমাণিত হয়। দলটোৱে ১৯৮ ৰানতে সামৰে নিজৰ প্ৰথম ইনিংছ। অষ্ট্ৰেলিয়াৰ হৈ ষ্টিভেন স্মিথে সৰ্বাধিক ৭১ ৰানৰ ইনিংছ খেলে।
ইফালে বাংলাদেশৰ ২৬ বছৰীয়া বেগী বলাৰ হাছান মাহমুদ ৬টাকৈ উইকেট দখল কৰে। তেওঁৰ এই দুৰ্দমনীয় বলিং প্ৰদৰ্শনৰ বাবেই ঘৰুৱা দল অষ্ট্ৰেলিয়াই ২০০ ৰানৰ তলতেই নিজৰ ইনিংছ সামৰিবলৈ বাধ্য হয়। মাহমুদৰ উপৰি তাছকিন আহমেদ আৰু ইবাদত হুছেইনে লাভ কৰে দুটাকৈ উইকেট।
ইফালে প্ৰথম দিনৰ অন্তত বাংলাদেশে প্ৰথম ইনিংছত এটা উইকেট হেৰুৱাই ৯৬ ৰান সংগ্ৰহ কৰিছে। তানজিদ হাছানে ৩২ আৰু মমিনুল হকে ৩৫ ৰান কৰি ক্ৰিজত বৰ্তি আছে।


