অৰুণাচলত প্ৰকৃতিৰ তাণ্ডৱ; ভূমিস্খলনত ৪ জনৰ মৃত্যু, বানত উটি গ’ল ৫ জন সেনা জোৱান

Published:

বিগত কিছু দিনৰ পৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত অৰুণাচল প্ৰদেশত ভূমিস্খলন আৰু বানপানীয়ে ধাৰণ কৰিছে বিধ্বংসী ৰূপ। ৰাজ্যখনৰ দুটা পৃথক স্থানত সংঘটিত হোৱা ভূমিস্খলন আৰু বানৰ ফলত এই পৰ্যন্ত চাৰিজন লোকৰ মৃত্যু হোৱাৰ লগতে নিৰুদ্দেশ হৈ আছে ৫জন সেনা জোৱান। ৰাজ্যিক জৰুৰীকালীন অভিযান কেন্দ্ৰৰ তথ্য অনুসৰি শুকুৰবাৰে সন্ধিয়া দুয়োটা ঘটনা সংঘটিত হয়।

১৫ আগষ্ট শনিবাৰে বিষয়াসকলে জানিব দিয়ে যে অৰুণাচল প্ৰদেশৰ দিবাং ভেলী জিলাত হোৱা প্ৰচণ্ড বৰষুণৰ ফলত হঠাতে হোৱা বানে সেনাবাহিনীৰ দুটা অস্থায়ী শিবিৰ উটুৱাই নিয়ে। ইয়াৰ ফলত পাঁচজন জোৱান সন্ধানহীন হৈ পৰে।

বিষয়াসকলে জনোৱা মতে, হঠাতে অহা পানীৰ ঢলত উটি যায় সেনাবাহিনীৰ ৭ জন জোৱান। ইয়াৰে দুজনক উদ্ধাৰ কৰাৰ বিপৰীতে পাঁচজন এতিয়াও সন্ধানহীন হৈ আছে। নিৰুদ্দেশ হোৱা জোৱান কেইজন হ’ল হাবিলদাৰ উপেন্দ্ৰ আৰু সেনা জোৱান ক্ৰমে কুন্দন, বিনোদ, আদিত্য আৰু সমুণ্ডা।

আইটিবিপিৰ ৫৮ নং বেটেলিয়ন, জেনেৰেল ৰিজাৰ্ভ ইঞ্জিনিয়াৰ ফৰ্চৰ ৬২ আৰচিচি, স্থানীয় স্বেচ্ছাসেৱক আৰু অৰুণাচল প্ৰদেশ আৰক্ষীৰ জোৱানে চলাই আছে উদ্ধাৰ অভিযান। তদুপৰি পাছিঘাটৰ এছ ডি আৰ এফৰ এটা দলেও উদ্ধাৰ অভিযানত সহযোগিতা আগবঢ়াইছে।

ইফালে অৰুণাচল প্ৰদেশৰ আপাৰ শোৱণশিৰি জিলাৰ এটা পথ নিৰ্মাণ স্থানত হোৱা ভয়ংকৰ ভূমিস্খলনত ৪ জন লোকৰ মৃত্যু। ভূমিস্খলনৰ ফলত কেইবাজনো লোক ধ্বংসাৱশেষৰ তলত আৱদ্ধ হয় আৰু ইয়াৰে চাৰিজনৰ মৃত্যুৰ খবৰ পোৱা গৈছে। মৃত লোক কেইজনক তাদু বাকী, তাজী ৰায়, মাৰ্কোষ বসুমতাৰী আৰু বাবুল আলী বুলি চিনাক্ত কৰা হৈছে।

আপাৰ শোৱণশিৰি জিলা দুৰ্যোগ ব্যৱস্থাপনা বিষয়াই জনোৱা মতে, বাবুল আলীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। অনুসন্ধান আৰু উদ্ধাৰ অভিযানৰ বাবে নাচো থানাৰ আৰক্ষী মোতায়েন কৰা হৈছে। তদুপৰি অগ্নিনিৰ্বাপক আৰু জৰুৰীকালীন সেৱাৰ লগতে ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ এটা দলেও অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান।

POPULAR

RECENT ARTICLES

spot_img