টেষ্ট ক্ৰিকেটত ঋষভ পন্তে ৰচিলে ইতিহাস; এই অভিলেখ গঢ়া প্ৰথমগৰাকী ভাৰতীয়

Published:

শ্ৰীলংকাৰ বিৰুদ্ধে চলি থকা টেষ্ট শৃংখলাৰ প্ৰথমখন টেষ্টত ভাৰতৰ উইকেট কীপাৰ বেটাৰ ঋষভ পন্তে ৰচিলে ইতিহাস। গালে টেষ্টৰ দ্বিতীয় ইনিংছত দুটা ছয় কোবোৱাৰ লগে লগে টেষ্ট কেৰিয়াৰত ১০০টা ছয় সম্পূৰ্ণ কৰাৰ বিশেষ অভিলেখ গঢ়ে পন্তে।

ইয়াৰ সমান্তৰালকৈ টেষ্ট ক্ৰিকেটত ১০০টা ছয় কোবোৱা পন্ত ভাৰতৰ প্ৰথমগৰাকী ক্ৰিকেটাৰত পৰিণত হয়। তদুপৰি পন্তে দ্ৰুত গতিত ছয়ৰ শতক অৰ্জন কৰাৰ বিশ্ব অভিলেখো গঢ়িবলৈ সক্ষম হয়।

টেষ্ট ক্ৰিকেটত ভাৰতৰ হৈ সৰ্বাধিক ছয় কোবোৱা বেটাৰৰ তালিকাত শীৰ্ষ স্থানত আছে পন্ত। ৯১টা ছয়ৰ সহায়ত এই তালিকাৰ দ্বিতীয় স্থানত বীৰেন্দ্ৰ সেহৱাগ আৰু ৮৮টা ছয়ৰ সহায়ত তৃতীয় স্থানত আছে ৰোহিত শৰ্মা।

টেষ্টত সৰ্বাধিক ছয় কোবোৱা ভাৰতীয়

ঋষভ পন্ত- ১০০ ছিক্স
বীৰেন্দ্ৰ সেহৱাগ- ৯১ ছিক্স
ৰোহিত শৰ্মা- ৮৮ ছিক্স
ৰবীন্দ্ৰ জাদেজা- ৮২ ছিক্স

টেষ্টত সৰ্বাধিক ছিক্সাৰ কোবোৱা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ

বেন ষ্টোকছ- ১৩৮ ছিক্স
ব্ৰেণ্ডন মেককুলাম- ১০৭ ছিক্স
ঋষভ পন্ত- ১০০ ছিক্স
এডাম গীলখ্ৰিষ্ট- ১০০ ছিক্স
ক্ৰিছ গেইল- ৯৮ ছিক্স

উল্লেখ্য যে, প্ৰথমখন টেষ্টত টীম ইণ্ডিয়াই ঘৰুৱা দল শ্ৰীলংকাক ৩৭২ ৰানৰ লক্ষ্য বান্ধি দিছে। প্ৰথম ইনিংছত ৪৬২ ৰান সংগ্ৰহ কৰা ভাৰতে দ্বিতীয় ইনিংছত শোচনীয় প্ৰদৰ্শন আগবঢ়াই মাত্ৰ ১৯৩ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। দ্বিতীয় ইনিংছত ভাৰতৰ হৈ সৰ্বাধিক ঋষভ পন্তে ৬৬ ৰানৰ ইনিংছ খেলে।

POPULAR

RECENT ARTICLES

spot_img