যন্তৰ মন্তৰত পুনৰ প্ৰতিবাদ; এইবাৰ জাতিৰ ভিত্তিত সংৰক্ষণ ব্যৱস্থাৰ বিৰুদ্ধে ওলাই আহিল শ-শ লোক

Published:

ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ যন্তৰ মন্তৰত শুকুৰবাৰে পুনৰ সূত্ৰপাত ঘটে প্ৰতিবাদৰ। ককৰোচ্চ জনতা পাৰ্টিৰ এক বিক্ষোভৰ পিছত আজি জাতিভিত্তিক সংৰক্ষণৰ প্ৰতিবাদত যন্তৰ মন্তৰত একত্ৰিত হয় শ-শ লোক। জাতিৰ ভিত্তিত সংৰক্ষণ ব্যৱস্থাৰ বিপৰীতে অৰ্থনৈতিক অৱস্থাৰ ওপৰত ভিত্তি কৰিহে সংৰক্ষণ দিয়াটো উচিত বুলি দাবী কৰে প্ৰতিবাদকাৰীয়ে।

এই প্ৰতিবাদত বহু সংখ্যক লোক সমবেত হোৱাৰ পিছতে যন্তৰ মন্তৰত বৃহৎ আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে আৰু প্ৰতিবাদকাৰীসকলক তাৰ পৰা ঘূৰাই পঠিওৱাৰ চেষ্টা অব্যাহত ৰাখিছে।

হাতত বেনাৰ, পোষ্টাৰ লৈ যন্তৰ মন্তৰত উপস্থিত হৈছে প্ৰতিবাদকাৰীসকল। তেওঁলোকৰ দাবীৰ সমৰ্থনত শ্লোগান দিয়াও পৰিলক্ষিত হয়। তেওঁলোকে জাতিভিত্তিক সংৰক্ষণ ব্যৱস্থাৰ পৰিৱৰ্তনৰ দাবী জনাই কয় যে সংৰক্ষণৰ সুফল প্ৰকৃততে প্ৰয়োজনীয় লোকৰ মাজলৈ যাব লাগে। বিক্ষোভৰ সময়ত একাংশই অনুসূচিত জাতি/জনজাতি আইনৰ বিৰুদ্ধেও প্ৰতিবাদ সাব্যস্ত কৰি ইয়াক বাতিল কৰাৰ দাবী জনায়।

প্ৰতিবাদকাৰীসকলে বিশ্ববিদ্যালয় অনুদান আয়োগৰ (ইউজিচি)ৰ সংৰক্ষণ আৰু ইকুইটি নিয়মৰ বিৰুদ্ধেও প্ৰতিবাদকাৰীসকলে নিজৰ দাবী উত্থাপন কৰে।

ইফালে প্ৰতিবাদস্থলীৰ পৰা একাংশ প্ৰতিবাদকাৰীক আৰক্ষীয়ে জিম্মাত লোৱা বুলিও জানিব পৰা গৈছে।

POPULAR

RECENT ARTICLES

spot_img