‘এইটো জাতিগত লোকপিয়ল নহয়, ই এটা প্ৰৱঞ্চনা…’, কেন্দ্ৰক সমালোচনা কংগ্ৰেছৰ

Published:

সংৰক্ষণ বিৰোধী আন্দোলনৰ মাজতে কংগ্ৰেছ দলে এইবাৰ জাতি লোকপিয়লৰ বিষয়ক লৈ সৰৱ হৈ পৰিছে। কেন্দ্ৰ চৰকাৰে সঠিকভাৱে জাতিগত লোকপিয়ল কৰিব নিবিচৰাৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশে। ইয়াৰ সৈতে সামাজিক ন্যায়ৰ কোনো সম্পৰ্ক নাথাকিব। এইটো জাতিগত লোকপিয়ল নহয়, ই এটা প্ৰৱঞ্চনা, এটা বিশ্বাসঘাতকতা। এইদৰে সমালোচনা কৰে জয়ৰাম ৰমেশে।

উল্লেখ্য যে, লোকপিয়ল প্ৰ-পত্ৰত অনুসূচিত জাতি/জনজাতিৰ বাবে এটা স্তম্ভ অন্তৰ্ভুক্ত কৰা হৈছে, কিন্তু অন্য জাতিৰ বাবে কোনো স্তম্ভ নাই। এই সন্দৰ্ভত আগ্ৰাসী হৈ পৰিছে কংগ্ৰেছ।

জয়ৰাম ৰমেশে সংবাদমেলত কয়, ‘যদি আপুনি আন্তৰিকতাৰে সামাজিক ন্যায়ত বিশ্বাস কৰে, তেন্তে আপুনি যি কৰি আছে সেয়া বাতিল কৰক। বিহাৰ আৰু তেলেংগানাত গ্ৰহণ কৰা পদ্ধতি ৰাষ্ট্ৰীয় পৰ্যায়ত কাৰ্যকৰী কৰক। বিশেষজ্ঞৰ সৈতে কথা পাতক। সৰ্বদলীয় বৈঠক আহ্বান কৰক। সংৰক্ষণৰ ব্যৱস্থা জনসংখ্যাৰ সৈতে জড়িত। যদিহে জাতিগত লোকপিয়ল সঠিকভাৱে সম্পন্ন নহয়, তেন্তে সংৰক্ষণ ব্যৱস্থাটো শক্তিশালীভাৱে থাকিব নোৱাৰিব।’

তেওঁ লগতে কয়, ‘জাতি লোকপিয়ল কেৱল এটা প্ৰশ্ন কৰাতেই সীমাবদ্ধ থাকিব নোৱাৰে। এই কাম ব্যাপক, বিজ্ঞানসন্মত আৰু স্বচ্ছ পদ্ধতিৰে কৰিব লাগে, যাতে দেশৰ সকলো শ্ৰেণীৰ প্ৰকৃত আৰ্থ-সামাজিক অৱস্থা প্ৰকাশ পাব পাৰে।’

ইয়াৰ উপৰি ৰমেশে কয়, ‘যোৱা ২০ আগষ্টত কংগ্ৰেছৰ অধ্যক্ষ তথা ৰাজ্যসভাৰ বিৰোধী দলৰ নেতা মল্লিকাৰ্জুন খাৰ্গে আৰু বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে জাতি লোকপিয়ল সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ২১ পৃষ্ঠাৰ এখন পত্ৰ লিখিছিল। জাতি লোকপিয়লৰ বিষয়ত কংগ্ৰেছ দলে প্ৰধানমন্ত্ৰীলৈ লিখা এইখন তৃতীয়খন চিঠি। ইয়াৰ পূৰ্বে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই ২০২৩ চনৰ ১৬ এপ্ৰিলত প্ৰথমখন চিঠি লিখিছিল। তাৰ পিছত খৰ্গেই ২০২৫ চনৰ ৫ মে’ত দ্বিতীয়খন চিঠি লিখিছিল, য’ত কিছু গঠনমূলক পৰামৰ্শও আগবঢ়োৱা হৈছে। কিন্তু পৰিতাপৰ কথা এয়াই যে এই পৰ্যন্ত দুয়োখন পত্ৰৰ কোনো উত্তৰ পোৱা নগ’ল।’

POPULAR

RECENT ARTICLES

spot_img