আজি তিব্বতৰ পৰা নামি অহা পানীৰ ঢলে নিমিষতে ধ্বংসলীলা চলালে নেপালত। প্ৰলয়ংকাৰী বানে উটুৱাই লৈ গ’ল কেইবাটাও পথ আৰু কেইবাখনো গুৰুত্বপূৰ্ণ দলং। বিদ্যুত উপাদনৰ পৰা আৰম্ভ কৰি বেংকিঙৰ লগতে টেলিকম ছেক্টৰৰ ওপৰতো পৰিল জলপ্ৰলয়ৰ প্ৰভাৱ।
প্ৰাৰম্ভিক তথ্য অনুসৰি, হঠাতে অহা বানৰ ফলত ক্ষতিগ্ৰস্ত হৈছে ১১টাকৈ জলবিদ্যুত প্ৰকল্প। যাৰ ফলত প্ৰভাৱ পৰিছে ৪৩১ মেগাৱট বিদ্যুত উৎপাদনত। আনহাতে ১৯খন দলং আৰু প্ৰায় ৪০ কিলোমিটাৰ পথ উটুৱাই লৈ যায় বানে। ইয়াৰ ফলত নেপালৰ ভিন্ন এলেকাত স্তব্ধ হৈ পৰিছে যাতায়ত ব্যৱস্থা।
ৰছুৱাৰ পৰা মাল্খু লৈকে ২০ৰো অধিক ওলোমা আৰু যান-বাহন আহ যাহ কৰা দলং বাঢ়নী পানীয়ে উটুৱাই নিয়ে। ইয়াৰ ভিতৰত ধাদিংবেছী সংযোগী দলংখনো আছে। দলং উটুৱাই নিয়াৰ ফলত এই অঞ্চলসমূহৰ যাতায়ত ব্যৱস্থাত ব্যাপক ব্যাঘাত জন্মিছে।
ইফালে ১৯খনকৈ অন্য দলং আৰু ৪০ কিলোমিটাৰৰো অধিক পথ যথেষ্ট পৰিমানে ক্ষতিগ্ৰস্ত হোৱাৰো তথ্য পোহৰলৈ আহিছে।
অন্যহাতে বেংকিং আৰু বিত্তীয় প্ৰতিষ্ঠানটো পৰিছে বানৰ প্ৰভাৱ। আধা ডজনৰো অধিক বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানৰ কাৰ্যালয় উটুৱাই নিছে বানে। ইয়াৰ উপৰি টেলিকম ছেক্টৰতো পৰিছে ব্যাপক প্ৰভাৱ। ২৫ৰো অধিক টেলিকম ছাইট বানৰ কৱলত পৰিছে। নেপাল টেলিকম অৰ্থাত NTC আৰু Ncellৰ কেইবাটাও টাৱাৰ আৰু ছাইট সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে। চীনৰ সৈতে সংযোগ কৰা নেপাল টেলিকমৰ ফাইবাৰ লাইনো ক্ষতিগ্ৰস্ত হোৱা বুলি জানিব পৰা গৈছে।
লাভ কৰা তথ্য অনুসৰি, নুৱাকোটৰ বিদুৰ জিলা-৬স্থিত খাম্পাকাম্পৰ কেন্দ্ৰীয় কাৰাগাৰৰ প্ৰশাসনিক ভৱন আৰু নেপাল আৰক্ষী নিৰাপত্তা ইউনিটৰ ভৱনো ক্ষতিগ্ৰস্ত হয়। বাহিৰৰ দেৱাল আৰু বাহনসমূহ ক্ষতিগ্ৰস্ত হয় যদিও জেইলৰ ভিতৰত থকা প্ৰায় ৮০০ বন্দী সুৰক্ষিত।
উল্লেখ্য যে, নেপালৰ প্ৰলয়ংকাৰী বানত এই পৰ্যন্ত ৬২ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ৫০০ৰো অধিক লোক সন্ধানহীন হৈ থকাৰ তথ্য পোহৰলৈ আহিছে।


