ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ সময়ত কৰ্ণাটকৰ পৰা আহিছে এক চাঞ্চল্যকৰ ঘটনা। দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন লাভ কৰা ৯২ বছৰীয়া বিজ্ঞানী অধ্যাপক চি এন আৰ ৰাওক নিজৰ পৰিচয় প্ৰমাণ কৰিবলৈ জাননী জাৰি কৰা হৈছে। কৰ্ণাটকৰ ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ সময়ত বানানৰ ভুল পোৱা বাবেই তেওঁলৈ জাননী জাৰি কৰিছে নিৰ্চাচন আয়োগে।
উল্লেখ্য যে, যদি ২০০২ চনৰ পুৰণি ভোটাৰ তালিকা আৰু আজিৰ নতুন ভোটাৰ তালিকাত কোনো ভোটাৰৰ নাম বেলেগ দেখা যায় (যেনে বানানৰ ভুল), তেতিয়া ব্যৱস্থাটোৱে ইয়াক “ছেল্ফ নেম মিছমেচ” বুলি চিনাক্ত কৰা হয়। অৰ্থাৎ প্ৰপত্ৰত উল্লেখ কৰা পুৰণি নামটো বৰ্তমানৰ তালিকাত থকা নামৰ সৈতে মিল খোৱা নাই। এই কাৰিকৰী ত্ৰুটিৰ বাবে নিৰ্বাচনী বিষয়াই প্ৰখ্যাত বিজ্ঞানীগৰাকীলৈ জাননী জাৰি কৰে।
জানিব পৰা মতে, ভোটাৰ তালিকাত চি এন আৰ ৰাওৰ নামৰ আগত ‘Prof’ৰ ঠাইত ভুলতে ‘Proff’ বুলি লিখা হৈছিল, অৰ্থাৎ তেওঁৰ নামত এটা অতিৰিক্ত ‘এফ’ আছিল। এই সৰু বানান ভুলটোৰ বাবে বিষয়াসকলে ইয়াক নেম মিছমেচ বুলি ধৰি লয়। ইয়াৰ পিছতে ৯২ বছৰীয়া বিজ্ঞানীগৰাকীলৈ জাননী প্ৰেৰণ কৰি তেওঁক ব্যক্তিগতভাৱে কাৰ্যালয়ত উপস্থিত হ’বলৈ নিৰ্দেশ দিয়া হয়।
পদ্ধতি অনুসৰি যিজন ব্যক্তিৰ নামত জাননী জাৰি কৰা হয় তেওঁ শুনানিৰ সময়ত উপস্থিত থকাটো বাধ্যতামূলক। এই নিয়মৰ উদ্ধৃতি দি অধ্যাপক ৰাওক ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ সমীপৰ মলেশ্বৰমস্থিত কেন্দ্ৰত ব্যক্তিগতভাৱে হাজিৰ হ’বলৈ কোৱা হৈছে।
স্মৰ্তব্য যে, ইয়াৰ পূৰ্বে নোবেল বঁটা বিজয়ী তথা অৰ্থনীতিবিদ অমৰ্ত্য সেনৰ নামৰ বানানতো একেধৰণৰ অমিল পোৱা গৈছিল। কিন্তু সেই গোচৰত তেওঁৰ বয়স আৰু মৰ্যাদাৰ বাবে নির্বাচন আয়োগে তেওঁক ব্যক্তিগতভাৱে হাজিৰ হোৱাৰ পৰা ৰেহাই দিছিল৷
চি এন আৰ ৰাও কোন?
অধ্যাপক চিএনআৰ ৰাওৱে বিজ্ঞানৰ ক্ষেত্ৰত আগবঢ়োৱা অসাধাৰণ অৱদানৰ বাবে ২০১৪ চনত ভাৰতৰত্ন বঁটা লাভ কৰিছিল। এই সন্মান লাভ কৰা তেওঁ দেশৰ তৃতীয়জন বিজ্ঞানী। তেওঁৰ পূৰ্বে চি ভি ৰমন আৰু এ পি জে আব্দুল কালাম লাভ কৰিছিল ভাৰত ৰত্ন। ১৯৮৪ চনৰ পৰা ১৯৯৪ চনলৈকে আই আই এছ চিৰ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল চি এন আৰ ৰাওৱে।


