এগৰাকী ২৭ বছৰীয়া এআই গৱেষক জেকব কক্সনে এনথ্ৰোপিকৰ পৰা পদত্যাগ কৰি সামাজিক মাধ্যমত দিয়া মন্তব্যই বিশ্বজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। সামাজিক মাধ্যম এক্সযোগে লিখা ধাৰাবাহিক পোষ্টত কক্সনে উল্লেখ কৰিছে যে এআই ডেভেলপাৰসকলে বিশ্বাস কৰে যে এই দশকৰ শেষৰ ফালে (২০৩০) এআইয়ে আমাক সকলোকে ধ্বংস কৰি পেলাব পাৰে।
এই প্ৰযুক্তিৰ শক্তিক তুচ্ছজ্ঞান নকৰিবলৈ সকীয়নি প্ৰদান কৰি কক্সনে কয় যে এই ব্যৱস্থাসমূহ অতি সোনকালে “অতিমানৱীয়” ব্যৱস্থালৈ পৰিণত হ’ব যিয়ে যিকোনো বস্তু হেক কৰিব পাৰে, যিকোনো ক্ষেত্ৰতে নিশাৰ ভিতৰতে বৈপ্লৱিক পৰিৱৰ্তন আনিব পাৰে।
জেকব কক্সনে তেওঁৰ এক্স পোষ্টত কি লিখিছিল?
তিনি বছৰ ধৰি এআই গৱেষক হিচাপে কাম কৰা জেকব কক্সনে নিজৰ পোষ্টত লিখিছে, ‘মই এন্থ্ৰোপিকৰ পৰা পদত্যাগ কৰিছো। বিগত তিনি বছৰ মই অ’পেনএআই আৰু এন্থ্ৰোপিকত ‘প্ৰি-ট্ৰেইনিং ৰিচাৰ্চ’ কৰি কটালো।’ জেকবে লগতে এই দুয়োটা কোম্পানীয়ে দায়িত্বশীলভাৱে কাম নকৰা বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।
সামাজিক মাধ্যমত নিজৰ মত প্ৰকাশ কৰি জেকবে আৰু কয় যে এইটো দশক (২০৩০)ৰ ভিতৰতে এআইয়ে আমাক সকলোকে গ্ৰাস কৰিব পেলাব বুলি খোদ এআই ডেভেলপাৰসকলে আশংকা প্ৰকাশ কৰিছে।
এই কোম্পানীবোৰত কৰ্মৰত লোকসকলে প্ৰেছ আৰু সংবাদ মাধ্যমৰ সৈতে অতি বুদ্ধিমত্তাৰে মন্তব্য প্ৰদান কৰে, কিন্তু ব্যক্তিগত কথা-বতৰাত এই একেখিনি লোকেই এআইৰ প্ৰতি ভয় প্ৰকাশ কৰা শুনিছো। জেকবৰ মতে এই প্ৰযুক্তিৰ শক্তিক তুচ্ছজ্ঞান নকৰিব। এইবোৰ অতি সোনকালে “অতিমানৱীয়” ব্যৱস্থাত পৰিণত হ’ব যিয়ে যিকোনো বস্তু হেক কৰি সম্পদ দখল কৰিব পাৰে।
OpenAI ত কৰ্মৰত লোকসকলে এতিয়াও এই ভয়াৱহতাক সম্পূৰ্ণৰূপে উপলব্ধি কৰিব পৰা নাই বুলিও জেকব কক্সনে তেওঁৰ পোষ্টত লিখিছে।


