BRICSৰ প্ৰতিটো প্ৰস্তাৱত অনুমোদন; প্ৰধানমন্ত্ৰী মোদীয়ে কৰিলে এই ঘোষণা

Published:

নতুন দিল্লীত অনুষ্ঠিত ১৮ সংখ্যক ব্ৰিকছ (BRICS) সন্মিলনত ভাৰতে উত্থাপন কৰা নিউ দিল্লী ডিক্লেৰেশ্যন প্ৰস্তাৱক সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰা হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে ব্ৰিকছৰ বৈঠকক অৰ্থপূৰ্ণ আৰু গঠনমূলক আখ্যা দিয়ে। ভাৰতে উত্থাপন কৰা ১০টা প্রস্তাৱৰ আটাইকেইটাকে অনুমোদন জনোৱাৰ কথাও তেওঁ উল্লেখ কৰে।

প্ৰস্তাৱ উত্থাপন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘মই নিউ দিল্লী ডিক্লেৰেশ্যন গ্ৰহণ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছো। নিউ দিল্লী ডিক্লেৰেশ্যন সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰা হৈছে। কোনো সদস্যই কোনো আপত্তি উত্থাপন কৰা নাই। নিউ দিল্লী ডিক্লেৰেশ্যন ২০২৬ সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰা হৈছে।’

তেওঁ লগতে আৰু কয়, ‘আজি আমাৰ বৈঠক ফলপ্ৰসূ আৰু গঠনমূলক আছিল। আমাৰ ভাগ-বতৰা প্ৰতিশ্ৰুতি প্ৰতিফলিত হৈছে। পৰিৱৰ্তিত বিশ্ব পুৰণি সম্পদেৰে পৰিচালনা কৰিব নোৱাৰি। সংস্কাৰৰ প্ৰয়োজন। গ্ল’বেল চাউথৰ অংশগ্ৰহণ থাকিব লাগিব। আজি গ্ৰহণ কৰা নতুন দিল্লী ঘোষণাই আমাৰ ভাগ-বতৰা প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰিছে।’

৪৫ পৃষ্ঠাৰ ঘোষণা ব্ৰিকছৰ যৌথ ঘোষণাৰ আৰম্ভণিৰ পৃষ্ঠাত উল্লেখ কৰা হৈছে যে ব্ৰিকছৰ সদস্য দেশসমূহে বহুপক্ষীয়তাবাদ আৰু আন্তঃৰাষ্ট্ৰীয় আইন আনুগত্যত বিশ্বাস কৰে। আন্তঃৰাষ্ট্ৰীয় আইন মানি চলিব লাগিব, আৰু এই বিষয়ে সহমতত উপনীত হয়। তদুপৰি ইয়াত গণতন্ত্ৰ সুৰক্ষিত হ’ব লাগিব, মানৱ অধিকাৰ সুৰক্ষিত হ’ব লাগিব, ৰাষ্ট্ৰসংঘৰ সংস্কাৰ হ’ব লাগিব বুলিও উল্লেখ আছে। ব্ৰাজিল আৰু ভাৰতৰ দৰে দেশৰ ভূমিকা বৃদ্ধি কৰিব লাগিব।

উল্লেখ্য যে, বিশেষজ্ঞসকলৰ মতে ব্ৰিকছৰ এই যুটীয়া ঘোষণাৰ সৰ্বসন্মতিক্ৰমে গৃহীত হোৱাটো প্ৰধানমন্ত্ৰী মোদীৰ বাবে এক উল্লেখযোগ্য সফলতা। প্ৰধানমন্ত্ৰী মোদীয়ে যেতিয়া চীনৰ ৰাষ্ট্ৰপতি শ্বী জিনপিঙৰ সন্মুখত ৰাষ্ট্ৰসংঘত স্থায়ী সদস্যৰ সংখ্যা বৃদ্ধিৰ দাবী উত্থাপন কৰাটোও এক উল্লেখযোগ্য পদক্ষেপ। কিয়নো চীনৰ বাধাৰ বাবেই ভাৰত এতিয়ালৈকে ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্য হ’ব পৰা নাই।

POPULAR

RECENT ARTICLES

spot_img