অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয়ত হঠাতে দেখা পোৱা গ’ল বৃহৎ ৰাজনৈতিক পট পৰিৱৰ্তন। দীৰ্ঘ সময়ৰ পৰা চলি থকা জল্পনা-কল্পনাৰ অন্ত পেলাই ইউনাইটেড ডেম’ক্ৰেটিক পাৰ্টি চমুকৈ ইউডিপিৰ ৮ গৰাকী বিধায়কে যোগ দিলে বিজেপিত।
বুধবাৰে নতুন দিল্লীস্থিত বিজেপিৰ কেন্দ্ৰীয় কাৰ্যালয়ত এই ৮ গৰাকী বিধায়কে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে। এই ব্যাপক যোগদান কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু, ৰাষ্ট্ৰীয় মুখপাত্ৰ সম্বিত পাত্ৰ আৰু প্ৰদেশ অধ্যক্ষ অনিল এণ্টনি উপস্থিত থাকে।
দলৰ প্ৰতি মোহভংগ হৈ বিজেপিত যোগদান কৰা এই ৮ গৰাকী বিধায়ক হৈছে লাকমেন ৰিম্বুই, কিৰমেন শিল্পা, ওলান সিং সুইন, মেথিউ বেয়ণ্ডষ্টাৰ কৰবাহ, মায়ৰালবৰ্ণ ছিয়েম, পিউছ মাৰউইন, চিনহাৰ থাবাহ আৰু বালাজিদ ছিনৰেম।
ইউডিপিৰ এই ৮ গৰাকী বিধায়কৰ বিজেপি গমনৰ ফলত সম্পূৰ্ণৰূপে সলনি হৈ গ’ল পাহাৰীয়া ৰাজ্যখনৰ ৰাজনৈতিক সমীকৰণ। ৬০ জনীয়া সদস্যৰে গঠিত মেঘালয় বিধানসভাত ইউডিপিৰ আছিল ১২ গৰাকী বিধায়ক। কিন্তু ৮ গৰাকী বিধায়কৰ দল ত্যাগ কৰাৰ পিছত এতিয়া তেওঁলোকৰ হাতত কেৱল ৪ গৰাকী বিধায়কহে ৰৈ গ’ল।
ইফালে মাত্ৰ দুজন বিধায়ক থকা বিজেপিৰ এতিয়া বিধায়কৰ সংখ্যা ১০লৈ বৃদ্ধি পালে। এই বৃদ্ধিৰ পিছতে এতিয়া ৰাজ্যখনৰ সৰ্ববৃহত ৰাজনৈতিক দল হিচাপে পৰিগণিত হ’ল বিজেপি।
উল্লেখ্য যে, বিগত বহু দিনৰ পৰা ৰাজ্যখনৰ ৰাজনৈতিক মহলত ব্যাপক ৰূপত চলি আছিল এই দল ত্যাগৰ চৰ্চা। চলিত মাহৰেই ১৬ ছেপ্তেম্বৰত ইউডিপিৰ বিধায়ক কিৰ্মেন সায়লাই দাবী কৰিছিল যে দলটোৰ ৮ গৰাকী বিধায়কে বিজেপিত চামিল হোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে আৰু এই সংখ্যা ৯ লৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।
শেহতীয়াকৈ নতুন দিল্লীত ইউডিপিৰ বিসম্বাদী বিধায়ক কেইজনে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাতৰ পিছতেই দল ত্যাগৰ চৰ্চাই অধিক মাত্ৰা প্ৰদান কৰিছিল।
সূত্ৰ অনুসৰি বিধায়কসকলে বিজেপিত যোগদান কৰাৰ পূৰ্বে বান্ধি দিছে কিছু চৰ্ত। ইয়াৰ ভিতৰত কয়লা খননৰ নিয়ম সংশোধন আৰু সংবিধানৰ অষ্টম অনুসূচীত খাচী ভাষা অন্তৰ্ভুক্ত কৰাৰ দাবীও আছে। তদুপৰি তেওঁলোকে মেঘালয় ৰেচিডেণ্টছ ছেফ্টি এণ্ড ছিকিউৰিটি এক্ট কাৰ্যকৰী কৰাৰ দাবী জনায়। ২০২৮ চনৰ নিৰ্বাচনৰ পূৰ্বে এই দাবীসমূহ পূৰণ কৰা হ’ব বুলি আশ্বাস লাভ কৰাৰ বাবেই তেওঁলোকে বিজেপিত যোগদান কৰা বুলি জনাইছে।


