আইচি নাগোয়া এছিয়ান গেমছৰ ক্ৰিকেট ইভেণ্টত দেখা পোৱা গ’ল প্ৰথমটো অঘটন। তুলনামূলকভাৱে বহুত দুৰ্বল বা সহযোগী (Associate) দলে শক্তিশালী আফগানিস্তান দলক ৫ উইকেটত পৰাস্ত কৰি সমগ্ৰ ক্ৰিকেট অনুৰাগীক আচৰিত কৰি তুলিছে।
জাপানৰ নিশিন কোৰোগী স্প’ৰ্টছ পাৰ্কত অনুষ্ঠিত মেচখনত আফগানিস্তান দলে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত সংগ্ৰহ কৰে মাত্ৰ ১০২ ৰান। প্ৰত্য়ুত্তৰত নেপালে ১৮ অভাৰতে পাঁচ উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয়। নেপালৰ হৈ সুন্দীপ জোৰাই ৩৪ আৰু ৰোহিত পোড়োলে ৩৩ ৰানৰ ইনিংছ খেলে।
উল্লেখ্য যে, প্ৰথমে বেট ধৰিবলৈ অহা আফগানিস্তানৰ আৰম্ভণি আছিল যথেষ্ট নিৰাশাজনক। অপেনাৰ দ্বয় ক্ৰমে মহম্মদ আক্ৰাম ২ আৰু হাছান ইছাখিলে শূন্যতে পেভেলিয়নলৈ ওভতে। ইনিংছৰ পঞ্চমটো অভাৰত আফগানিস্তান দলে তিনিটা উইকেট হেৰুৱাই সংগ্ৰহ কৰিছিল মাত্ৰ ১৬ ৰান।
ইয়াৰ পিছত ফৈছল শিনিজাদা আৰু নাজিবুল্লাহ জাদৰানে সংযমতাৰে বেটিং কৰি দলক কিছু পৰিমাণে সংকটৰ গৰাহৰ পৰা উদ্ধাৰ কৰে। ফৈছলে ৩৩টা বলত ৩০ আৰু জাদৰানে ৪০টা বলত ৩০ ৰান কৰি আউট হয়। ইয়াৰ পিছত বেটিং কৰিবলৈ অহা মহম্মদ ইছাকে ১০টা বলত কৰে মাত্ৰ ৭ ৰান। ইফালে অধিনায়ক দাৰৱিশ্ব ৰছুলীয়ে ৭ নম্বৰত বেটিং কৰিবলৈ আহি মাত্ৰ শূন্যতে আউট হয়।
এইদৰে আফগানিস্তানে নিৰ্ধাৰিত ২০ অভাৰত সংগ্ৰহ কৰে মাত্ৰ ১০২ ৰান। নেপালৰ হৈ কুশল ভুৰ্তেলে ৪টা আৰু ললিত ৰাজবংশীয়ে ৩টা উইকেট দখল কৰে।
ইফালে সহজ লক্ষ্য অতিক্ৰম কৰিবলৈ অহা নেপালৰ আৰম্ভণিও আছিল হতাশাজনক। মাত্ৰ ১২ ৰানতে পেভেলিয়নলৈ উভতিছিল দুয়োগৰাকী অপেনাৰ। দলটোৱে ৭ অভাৰত তিনিটা উইকেট হেৰুৱাই সংগ্ৰহ কৰিছিল ৩১ ৰান।
বলিং সহায়ক মেচখনত নেপালৰ বাবেও বিজয় সহজ নহ’ব বুলি ধাৰণা কৰা হৈছিল। কিন্তু সুন্দীপ জোৰা আৰু ৰোহিত পোড়েলৰ ধৈৰ্যশীল বেটিঙৰ বাবে জয় নিশ্চিত হৈ পৰে নেপালৰ। পোড়েলে ৩৩ ৰান আৰু জোৰাই খেলে ৩৪ ৰানৰ ইনিংছ। ইফালে অভিনায়ক এৰীয়ে গুৰুত্বপূৰ্ণ ১৫ ৰানৰ অৱদান আগবঢ়ায়। আৰু এইদৰে নেপালে ১৮ অভাৰতে বিজয় লক্ষ্যত উপনীত হয়।


