ৰন্ধন গেছ পাবলৈ কৰিব লাগিব এই কাম, নহ’লে নাপাব চিলিণ্ডাৰ…

Published:

কাইলৈ অৰ্থাত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ব অক্টোবৰ মাহ আৰু মাহটোৰ প্ৰথম দিনটোৰ পৰাই সলনি হৈ পৰিব এল পি জি চিলিণ্ডাৰ লোৱাৰ নিয়ম। ১ অক্টোবৰৰ পৰা গেছ চিলিণ্ডাৰ লোৱাৰ সময়ত গ্ৰাহকে প্ৰদান কৰিব লাগিব OTP। যদিহে কোনো গ্ৰাহকে OTP দিব নোৱাৰে তেন্তে সেই গ্ৰাহকজনে নাপাব বুক কৰি থোৱা চিলিণ্ডাৰ।

প্ৰকৃততে এতিয়ালৈকে OTP নোহোৱাকৈয়ে গ্ৰাহকসকলে লাভ কৰি আহিছিল গেছ চিলিণ্ডাৰ। কিন্তু ১ অক্টোবৰৰ পৰা এই ক্ষেত্ৰত দেখা পোৱা যাব কিছু কঠোৰ নিয়ম। যেতিয়া চিলিণ্ডাৰৰ ডেলিভাৰী ল’ব তেতিয়া আপোনাৰ মোবাইলত এটা OTP আহিব আৰু সেইটো প্ৰদান কৰাটো হ’ব বাধ্যতামূলক।

অৰ্থাত ইয়াৰ পৰা এই কথা স্পষ্ট হৈ পৰিছে যে ১ অক্টোবৰৰ পৰা OTP প্ৰদান কৰিব নোৱাৰিলে কোনো গ্ৰাহকে লাভ নকৰিব চিলিণ্ডাৰ।

কেনেধৰণৰ হ’ব এই প্ৰক্ৰিয়াটো

উল্লেখ্য যে যেতিয়া আপুনি চিলিণ্ডাৰ বুক কৰিব তেতিয়া আপোনাৰ মোবাইললৈ আহিব এটা OTP, সেইটোক DAC অৰ্থাত ডেলিভাৰী অথেণ্টিকেশ্যন ক’ড বুলি কোৱা হয়। বুকিঙৰ পিছতে আপোনাৰ পঞ্জীয়নকৃত মোবাইল নম্বৰলৈ আহিব OTP আৰু সেইটো ডেলিভাৰী নিদিয়া পৰ্যন্ত আপুনি সযতনে ৰাখিব লাগিব।

যেতিয়া আপোনাৰ ঘৰলৈ চিলিণ্ডাৰ ডেলিভাৰী দিবলৈ আহিব তেতিয়া ডেলিভাৰী লোকজনে আপোনাৰ পৰা OTPটো বিচাৰিব। আৰু সেই OTPটো ডেলিভাৰী লোকজনে এটা বিশেষ এপত সংযোজন কৰি সমগ্ৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিব। অৰ্থাত যদিহে আপুনি মোবাইললৈ অহা OTPটো দিব নোৱাৰে তেন্তে চিলিণ্ডাৰ লোৱাত সমস্যাৰ সন্মুখীন হ’ব।

ডেলিভাৰী প্ৰক্ৰিয়া আৰু অধিক সুৰক্ষিত কৰাৰ উদ্দেশ্যে ১ অক্টোবৰৰ পৰা এই কঠোৰ নিয়ম প্ৰযোজ্য কৰিছে। এই নিয়ম প্ৰযোজ্য কৰাৰ অন্য এটা কাৰণ হৈছে চিলিণ্ডাৰৰ ক’লা ব্যৱসায় আৰু ভুৱা বুকিং ৰোধ কৰা।

OTPৰ লগতে ১ অক্টোবৰৰ পৰা এলপিজি গেছ কানেকশ্যনৰ ই-কেৱাইচিও বাধ্যতামূলক কৰিছে। এতিয়া যিসকল গ্ৰাহকে ই-কেৱাইচি নকৰিব তেওঁলোকে ৰাজসাহায্যৰ লাভ নাপাব। অৰ্থাত অক্টোবৰ মাহৰ প্ৰথম দিনটোৰ পৰাই জনসাধাৰণৰ সৈতে জড়িত কেইবাটাও বিষয়ত গুৰুত্বপূৰ্ণ সালসলনি হোৱা দেখা যাব।

POPULAR

RECENT ARTICLES

spot_img