‘মই সকলোকে মৰিব দিব নোৱাৰো…’, প্ৰধানমন্ত্ৰী মোদীৰ সন্মুখত আৱেগিক বিশ্ব বন্দিত পাইলট স্মিত মচ্চাৰ

Published:

১৭০ৰো অধিক বিমান যাত্ৰীক নিশ্চিত মৃত্যু মুখৰ পৰা প্ৰাণ বচাই বিশ্ব বন্দিত ফ্লাই ডুবাইৰ সাহসী ভাৰতীয় পাইলট স্মিত মচ্চাৰৰ সৈতে আজি ফোনযোগে বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বাৰ্তালাপৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে পাইলটগৰাকীক ভূয়সী প্ৰশংসা কৰাৰ লগতে তেওঁক ভাৰতত উষ্ম আদৰণি জনাবলৈ দেশবাসী উদগ্ৰীৱ হৈ আছে বুলিও কয়।

প্ৰধানমন্ত্ৰী মোদীৰ সৈতে হোৱা ভিডিঅ’ বাৰ্তালাপত পাইলট মচ্চাৰে বিমানখনত তেওঁৰ ওপৰত কিদৰে আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল, সেই প্ৰতিটো মুহূৰ্তৰ ঘটনা এটা এটাকৈ বৰ্ণনা দি যোৱা পৰিলক্ষিত হয়।

তেওঁ প্ৰধানমন্ত্ৰী মোদীক কয়, ‘মই পৰি গৈছিলো, কিন্তু মোৰ এনেকুৱা লাগিছিল যে মই একো নকৰিলে… যদি মই থিয় হ’ব নোৱাৰো তেন্তে… মই ১৭ বছৰ ধৰি বিমান উৰুৱাই আছো। মই তলত ঢলি পৰাৰ সময়ত বিমানখন তললৈ নামিব ধৰিছিল। মই তেতিয়া মনতে ভাবিছিলো যে মই সকলোকে মৰিব দিব নোৱাৰো। এই কঠিন পৰিস্থিতিৰ সময়ত মই কেৱল হনুমান চালিশা পঢ়ি আছিলো। মই সদাই হনুমান চালিশা পঢ়ো।’

ইফালে প্ৰধানমন্ত্ৰী মোদীৰ তৰফৰ পৰা ফোন অহা সম্পৰ্কত স্মিতে কয়, ‘আপোনাৰ সৈতে বাৰ্তালাপ হ’ব বুলি মই কেতিয়াও ভবা নাছিলো। মোৰ মনোবল বৃদ্ধি পাইছে। গৌৰৱ অনুভৱ কৰিছো।’

বাৰ্তালাপৰ সময়ত অত্যন্ত আবেগিক হৈ পৰা পাইলট স্মিত মচ্চাৰক মোদীয়ে কয়, ‘মোৰ সন্মুখত আৱেগিক নহয় কাৰ সন্মুখত হ’ব? আপুনি ইমান এটা ডাঙৰ কাম কৰিলে, দেশবাসীৰ লগতে বিশ্ববাসীয়ে আপোনাক লগ পাবলৈ আৰু বাৰ্তালাপৰ বাবে অধীৰ আগ্ৰহী হৈ আছে। আপুনি হনুমান চালিশাৰ কথা উল্লেখ কৰিছে… ইয়াৰ বাবে মই গীতা বেনক প্ৰণাম জনাইছো। মই আপোনাৰ মা আৰু পত্নীৰ সৈতেও কথা পাতিছো। বহু সাহসিকতাৰে তেওঁলোকে কথা পাতিছে। আপুনি সমগ্ৰ দেশৰ নাম গৌৰৱান্বিত কৰিছে।’

প্ৰধানমন্ত্ৰী মোদীয়ে আৰু কয়, ‘আপোনাৰ ধৈৰ্য্য, বুদ্ধি আৰু মাত্ৰ এটা ছেকেণ্ডতে লোৱা সিদ্ধান্তই ইমানবোৰ মানুহৰ জীৱন ৰক্ষা কৰিলে। আমি ভাৰতীয় জীৱন ল’বলৈ নহয়, জীৱন দিয়া মানুহ।’

উল্লেখ্য যে, ৩০ ছেপ্তেম্বৰত ১৭৪ গৰাকী যাত্ৰীক লগত লৈ উৰা মৰা ‘ফ্লাই ডুবাই’ নামৰ বিমানখনত সংঘটিত হৈছিল এক অবাঞ্চিত ঘটনা। বিমানখনৰ ক’কপিটৰ ভিতৰত দুই পাইলটৰ মাজত কাজিয়াৰ সূত্ৰপাত ঘটিছিল। ইয়াৰ সুযোগতে কেপ্টেইন স্মিত মচ্চাৰক তেওঁৰ সহ-পাইলটে চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছিল। আক্ৰমণত আহত হোৱা সত্ত্বেও কেপ্টেইন মচ্চাৰে অসীম ধৈৰ্য আৰু সাহসৰে সহ-পাইলটজনৰ সৈতে মোকাবিলা কৰি বিমানখন সুকলমে তাবুক চহৰস্থিত প্ৰিন্স ছুলতান বিন আব্দেল আজীজ বিমান বন্দৰত অৱতৰণ কৰোৱাইছিল।

POPULAR

RECENT ARTICLES

spot_img