দেওবাৰে মহাৰাষ্ট্ৰত বিৰোধী দলসমূহে দেশৰ নিৰ্বাচন আয়োগৰ কাৰ্যপ্ৰণালী আৰু SIRত হোৱা বিসংগতিৰ বিৰুদ্ধে বিশাল প্ৰতিবাদী সভা অনুষ্ঠিত কৰিব। শিৱসেনা (UBT) প্ৰধান উদ্ধৱ থাকৰে আৰু মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনা (MNS) প্ৰধান ৰাজ থাকৰেই এই ‘গৰ্জনা মাৰ্চ’ৰ নেতৃত্ব দিব। এই বিশাল প্ৰতিবাদী ৰেলীত কংগ্ৰেছৰ লগতে শাৰদ পাৱাৰ গোটৰ NCP দলেও অংশ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
উল্লেখ্য যে, এই প্ৰতিবাদী ৰেলীৰ বাবে প্ৰথমে নিৰ্ধাৰণ কৰা পথ মুম্বাই আৰক্ষীৰ অনুৰোধত সলনি কৰা হৈছে। শেহতীয়াকৈ জানিব পৰা অনুসৰি, এই ৰেলী মেট্ৰ’ চিনেমাৰ পৰা আৰম্ভ হৈ BMC মুখ্য কাৰ্যালয়ত অন্ত পৰিব। ৰেলীত বিৰোধী দলসমূহৰ কাৰ্যকৰ্তাৰ লগতে বৃহত সংখ্যক সমৰ্থক গোট খোৱাৰ সম্ভাৱনা আছে। ৰেলীৰ অন্তৰ পিছতে শীৰ্ষ পৰ্যায়ৰ নেতাসকলে উপস্থিত প্ৰতিবাদকাৰীক সম্বোধন কৰিব।
উদ্ধৱ থাকৰে আৰু ৰাজ থাকৰেই মহাৰাষ্ট্ৰৰ ভিন্ন প্ৰান্তৰ পৰা ৰাজনৈতিক দলৰ শীৰ্ষ পৰ্যায়ৰ নেতা, কাৰ্যকৰ্তা আৰু সাধাৰণ নাগৰিকক এই ৰেলীত অংশ লোৱাৰ বাবে আহ্বান জনাইছে।
এই ৰেলীৰ আয়োজন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি উদ্ধৱ গোটৰ সাংসদ অৰবিন্দ সাৱন্তে কয় যে এজনৰ সৈতে আন এজনৰ মিলনে শক্তি দুগুন বৃদ্ধি কৰে আৰু আত্মবিশ্বাসো যথেষ্ট পৰিমানে বৃদ্ধি পায়।
উদ্ধৱ থাকৰে আৰু ৰাজ থাকৰেৰ মিলন সন্দৰ্ভত সাংসদ সাৱন্তে কয়, ‘দুয়োগৰাকী ডাঙৰ নেতা। তেওঁলোকে আপোচ কৰা নাই, সেয়ে নিজৰ মত শক্তিশালীভাৱে উত্থাপন কৰিছে।’ তেওঁ লগতে ৰাহুল গান্ধী, মমতা বেনাৰ্জী আৰু উদ্ধৱ থাকৰেৰ কথা উল্লেখ কৰি কয় যে এইসকল নেতা একত্ৰিত হৈছে আৰু এতিয়া দুয়োগৰাকী ভাতৃ একত্ৰিত হোৱাটো ‘সোণত সুৱগা চৰা’ৰ দৰে।
উল্লেখ্য যে, শেহতীয়াকৈ দেশৰ আগশাৰীৰ ৰাষ্ট্ৰীয় বাতৰি কাকত ইণ্ডিয়ান এক্সপ্ৰেছত নিৰ্বাচন আয়োগ আৰু SIR সন্দৰ্ভত এক অনুসন্ধানমূলক বাতৰি প্ৰকাশ পাইছিল। এই বাতৰিত নিৰ্বাচন আয়োগৰ মুখ্য আয়ুক্ত জ্ঞানেশ কুমাৰৰ একনায়কত্ববাদ আৰু SIRৰ নামত হোৱা ব্যাপক অনিয়মৰ তথ্য প্ৰকাশ পাইছিল। ইয়াৰ পিছৰে পৰা কংগ্ৰেছকে ধৰি দেশৰ আগশাৰীৰ বিৰোধী দলসমূহে মুখ্য় আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত তীব্ৰতৰ কৰি তুলিছে প্ৰতিবাদ।


