ইউক্ৰেইনৰ ছুমিস্থিত ভাৰতৰ কুছুম গ্ৰুপৰ সৈতে জড়িত এটা ডাঙৰ ফাৰ্মা প্লাণ্টত ৰাছিয়াৰ তৰফৰ পৰা ভয়ংকৰ আক্ৰমণ সংঘটিত কৰাৰ খবৰ পোহৰলৈ আহিছে। এই ড্ৰ’ন আক্ৰমণত এজন লোক নিহত হোৱাৰ লগতে কেইবাজনো আহত হয়।
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি ঔষধ উদ্যোগটোৰ মূল ভৱনটো যথেষ্ট ক্ষতিগ্ৰস্ত হোৱাৰ লগতে এটা বৃহৎ অংশ প্ৰায় সম্পূৰ্ণৰূপে ধ্বংস হৈছে। উদ্ধাৰ আৰু সাহায্য অভিযানৰ তথ্যৰ ভিত্তিত মৃত আৰু আহতসকলৰ সংখ্যা সলনি হোৱাৰ সম্ভাৱনা আছে।
ড্ৰ’ন আক্ৰমণৰ পিছত প্ৰকাশ পোৱা ভিডিঅ’ আৰু ফটোত দেখা গৈছে যে উদ্যোগটোৰ চৌপাশ ধোঁৱাই আৱৰি ধৰিছে। এই আক্ৰমণৰ ফলত ফাৰ্মাচিউটিকেল প্লাণ্টটোৰ মূল গঠনত যথেষ্ট ক্ষতিসাধন হয়। স্থানীয় কৰ্তৃপক্ষই ক্ষয়-ক্ষতি আৰু হতাহতিৰ মূল্যায়ন কৰি আছে।
এই কুছুম গ্ৰুপৰ উদ্যোগটোৱে ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ সময়তো অবিৰতভাৱে কাম কৰি আছিল। এই আক্ৰমণৰ পিছতে কোম্পানীটোৱে যথেষ্ট লোকচানৰ সন্মুখীন হৈছে। প্ৰাথমিক হিচাপ অনুসৰি ক্ষতি কমেও ৪০০ কোটি হ’ব পাৰে।
উল্লেখ্য যে, কুছুম গ্ৰুপে ১৯৯৪ চনত ইউক্ৰেইনত ভাৰতীয় ঔষধৰ বিতৰক হিচাপে ব্যৱসায় আৰম্ভ কৰিছিল। সেই সময়ত কোম্পানীটোৱে ভাৰতৰ পৰা ইউক্ৰেইনলৈ ঔষধ প্ৰেৰণ কৰি বিতৰণ কৰিছিল। বৰ্তমান এই গোটটো ভাৰতীয় নাগৰিক ৰাজীৱ গুপ্তাৰ দ্বাৰা পৰিচালিত।
২০০২ চনত কোম্পানীটোৱে আন কোম্পানীৰ সামগ্ৰী বিতৰণ বন্ধ কৰি নিজা ব্ৰেণ্ডৰ ঔষধৰ বিপণন আৰম্ভ কৰে। ইয়াৰ পিছত এই গোটটোৱে ঔষধ উৎপাদন খণ্ডত প্ৰৱেশ কৰে। ২০০৭ চনত ভাৰতত ইয়াৰ প্ৰথমটো উৎপাদন কাৰখানা মুকলি হোৱাৰ বিপৰীতে ২০০৯ চনত ইউক্ৰেইনৰ ছুমিত এটা ঔষধ উদ্যোগ স্থাপন কৰা হয়। তাৰ পিছত ভাৰতত আৰু দুটা উদ্যোগ মুকলি কৰা হয়।


