গান্ধী-নেহৰু পৰিয়ালৰ ৰাজনৈতিক বৃত্তত ৰায়হান

Published:

ৰাজনীতিত প্ৰত্যক্ষভাৱে প্ৰবেশ নকৰাকৈয়ো যে ৰাজনৈতিক চৰ্চাৰ মধ্যবিন্দু হ’ব পাৰি সেই কথা অন্ততঃ প্ৰিয়ংকা-তনয় ৰায়হান ভাদ্ৰালৈ লক্ষ্য কৰিলেই বুজিব পাৰি। ৰায়হান দেশৰ সবাতোকৈ চৰ্চিত আৰু সবাতোকৈ প্ৰভাৱশালী ৰাজনৈতিক পৰিয়ালটোৰ উত্তৰসূৰী। মাতৃ প্ৰিয়ংকা গান্ধী – নামেই যাৰ পৰিচয়। ককাক-আইতাক-আজোককাক সকলোৰে আছে বিৰাট বিৰাট ৰাজনৈতিক পৰিচয়। গতিকে ৰায়হানকেন্দ্ৰিক শেহতীয়া চৰ্চাতো ৰাজনৈতিক ৰং লাগিছে। সেয়া স্বাভাৱিক।

এতিয়া আহোঁ মূল কথালৈ। যোৱা ২৪ ঘণ্টাত দেশৰ সৰ্বাধিক চৰ্চাৰ বিষয় হৈ পৰিছে এই ৰায়হান। কাৰণ – ৰায়হানৰ এখন একক চিত্ৰ প্ৰদৰ্শনী। দেশৰ ৰাজনীতিৰ নাভিকেন্দ্ৰ দিল্লীৰ বিকানেৰ হাউছত আয়োজিত হৈছিল ৰায়হানৰ একক চিত্ৰ প্ৰদৰ্শনী। কিন্তু বিকানেৰ হাউচ কৰ্তৃপক্ষৰ আপত্তি আহিল ৰায়হানৰ প্ৰদৰ্শনীত সন্নিবিষ্ট কিছু চিত্ৰক লৈ। ১০৫ খন চিত্ৰৰ ভিতৰত বেছিভাগেই আপত্তিজনক বুলি কোৱা হ’ল আৰু সেয়া প্ৰদৰ্শনীত অন্তৰ্ভুক্ত কৰাত বাধা আৰোপ কৰা হ’ল।

আপত্তিজনক এই চিত্ৰ সমূহ আছিল শেহতীয়াকৈ যন্তৰ মন্তৰত হোৱা প্ৰতিবাদৰ ৰাজনৈতিক ছবি আৰু অভিযোগ অনুসৰি প্ৰদৰ্শনীত এই সমূহ ছবি সন্নিৱিষ্ট কৰাটো আছিল ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত। ছবি সমূহ প্ৰদৰ্শনীৰ পৰা কৰ্তন কৰাৰ পাছতে বিষয়টোৱে লাভ কৰিলে মাত্ৰাধিক প্ৰচাৰ আৰু এই প্ৰচাৰত চিৰাচৰিতভাৱেই সংযোগ হ’ল পলিটিকেল এংগল। লগে লগে ৰৌজাল-বৌজাল হৈ পৰিল ৰায়হানকেন্দ্ৰিক ঘটনা প্ৰৱাহ।

মাতৃ প্ৰিয়ংকা, মোমায়েক ৰাহুল গান্ধী, কংগ্ৰেছী বিয়াগোম নেতা-মন্ত্ৰী-মুখ্যমন্ত্ৰী সহিতে সমগ্ৰ কংগ্ৰেছ দপ্তৰ ৰায়হানৰ ঘটনাটোত ৰাজনৈতিক ৰং ঢালি দিছে। সৃষ্টি হৈছে অনেক ক্ৰিয়া-প্ৰতিক্ৰিয়া, বাদ-বিবাদ-বিতৰ্ক। ৰায়হান-প্ৰিয়ংকা-ৰাহুল তথা গান্ধী-নেহৰু পৰিয়ালৰ অগণিত শুভাকাংক্ষী-সমৰ্থকৰ দৃষ্টিত ইয়াৰ আঁৰত আছে ৰাজনৈতিক ষড়যন্ত্ৰ। সেয়া যিয়েই নহওঁক, দুদিন আগলৈকে ৰবাৰ্ট ভাদ্ৰা-প্ৰিয়ংকা গান্ধীৰ পুত্ৰৰ পৰিচয়তে সীমিত হৈ থকা ৰায়হান এতিয়া দেশৰ সংবাদ মাধ্যম-ছচিয়েল মিডিয়াৰ মাৰফৎ উদীয়মান ৰাজনৈতিক চৰিত্ৰলৈ পৰিবৰ্তিত হৈ গ’ল।

খুৱ সন্তৰ্পণে যেন ৰাজনৈতিক কক্ষপথত সংস্থাপিত হৈ গ’ল ৰায়হান। চৰ্চা চলিছে, মতিলাল নেহৰুৰ জৰিয়তে আৰম্ভ হোৱা গান্ধী-নেহৰু পৰিয়ালৰ ৰাজনৈতিক বৃত্তত সোমাই পৰিল ৰায়হান। এই ৰায়হান ৰাজীৱ ভাদ্ৰা গান্ধী-নেহৰু পৰিয়ালৰ ষষ্ঠটো প্ৰজন্মৰ প্ৰতিনিধি।

ইমানদিনে কংগ্ৰেছী ৰাজনীতিত ৰাহুল-প্ৰিয়ংকাৰৰ পিছত কোন বুলি চলি থকা চৰ্চাৰো যেন একপ্ৰকাৰ যৱনিকা পৰিল। নকলেও চলে, ক’কৰোচ্ছ আন্দোলনৰ সবাতোকৈ বেছি কোনোবাই যদি লাভ উঠাইছে তেন্তে সেয়া হ’ল ৰাহুল গান্ধী। দীপকে-ৰাঙ্কা-সৌৰভক পিছ পেলাই ৰাহুলেই সৰ্বাধিক লাভবান হোৱাৰ পিছত এইবাৰ প্ৰিয়ংকা-পুত্ৰ ৰায়হান ৰাজীৱ ভাদ্ৰাৰ বাবেও লাভাৰ্থী হোৱাৰ সুযোগ ওলাইছে। ক’ব পাৰি, ক’কৰোচ্ছ আন্দোলনৰ পাৰ্শ্বক্ৰিয়াৰ পৰিণতি স্বৰূপে দেশৰ ৰাজনীতিত চমকি উঠাৰ সুযোগ আহিছে ৰায়হানলৈ। এতিয়া অপেক্ষা ৰায়হানৰ ৰাজনৈতিক অভিষেকৰ আনুষ্ঠানিকতালৈ…

ৰঞ্জন লাল শৰ্মা

POPULAR

RECENT ARTICLES

spot_img