বিধান পৰিষদৰ নিৰ্বাচনত কংগ্ৰেছৰ শোচনীয় প্ৰদৰ্শনৰ পিছতে কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধীক তীব্ৰ কটাক্ষ দেশৰ গৃহ মন্ত্ৰী অমিত শ্বাহৰ। গৃহমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যম এক্সযোগে এটা প’ষ্ট শ্বেয়াৰ কৰি লিখিছে যে বেলট বক্স পদত্যাগ কৰক। প’ষ্টটোত অমিত শ্বাহে ৰাহুল গান্ধীৰ সাদৃশ্য থকা এখন ফটোও শ্বেয়াৰ কৰিছে।
এই প’ষ্টটোত শূন্যক কোড আনকোড কৰাও পৰিলক্ষিত হয়। লগতে লিখিছে যে ২৮খন আসনৰ কেইখনত জয়ী হ’ল… MLC নিৰ্বাচনৰ ফলাফল, কংগ্ৰেছ 0। বেলট বক্স পদত্যাগ কৰক। আশ্চৰ্যজনকভাৱে এই পোষ্টাৰ ছবিখনত বেলট বক্সৰ কাৰ্টুন এটাও সংলগ্ন কৰিছে।
ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও কংগ্ৰেছক কটাক্ষ কৰি প্ৰশ্ন কৰিছিল, ‘বেলট পেপাৰৰ জৰিয়তে নিৰ্বাচন অনুষ্ঠিত হৈছিল, অনুমান কৰকচোন কংগ্ৰেছে কিমান আসন লাভ কৰিছিল?’
প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীৰ লগতে এই নিৰ্বাচনী ফলাফলক লৈ কংগ্ৰেছক সমালোচনা কৰিছে বিজেপিৰ কেইবাজনো জ্যেষ্ঠ নেতাই। ইফালে, কংগ্ৰেছক প্ৰতিনিধিত্ব কৰি পৱন খেৰাই প্ৰধানমন্ত্ৰী মোদীয়ে ভৱিষ্যতে লোকসভা আৰু বিধানসভাৰ সকলো নিৰ্বাচন বেলট পেপাৰেৰে অনুষ্ঠিত কৰাৰ প্ৰতিশ্ৰুতি দিবলৈ দাবী জনাইছে।
এম এল চিৰ নিৰ্বাচনৰ ফলাফল স্পষ্ট?
উল্লেখ্য যে, ২৮ অক্টোবৰত প্ৰকাশ পোৱা এম এল চিৰ ফলাফলত কংগ্ৰেছে সমগ্ৰ উত্তৰ প্ৰদেশ, বিহাৰ, কৰ্ণাটক, আৰু মহাৰাষ্ট্ৰৰ মুঠ ২৮খন আসনৰ ভিতৰত এখনতো জয়ী হ’বলৈ সক্ষম নহ’ল। উত্তৰ প্ৰদেশৰ ১১খন আসনৰ ভিতৰত বিজেপিয়ে ৬খন আসন লাভ কৰাৰ বিপৰীতে সমাজবাদী পাৰ্টিয়ে ৫খন আসনত জয়লাভ কৰে।
কৰ্ণাটকৰ চাৰিওখন আসনত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে জয়লাভ কৰে। মহাৰাষ্ট্ৰৰ ৫খন আসনৰ ভিতৰত বিজেপিয়ে দুখন, আৰু বিৰোধী দল মহা বিকাশ আঘাড়ীয়ে দুখন আসন লাভ কৰে। এখন আসনৰ বাবে ফলাফল এতিয়াও প্ৰকাশ পোৱা নাই।
আনহাতে বিহাৰত বিজেপিয়ে দুখন, আৰজেডিয়ে এখন, জন সুৰজে এখন, নিৰ্দলীয়, আৰু জেডিইউয়ে এখন জয়লাভ কৰে। এতিয়াও দুখন আসনৰ বাবে গণনা চলি আছে।


