অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰা হ’ল অনুসূচিত জাতিৰ সংগ্ৰামী নেতা মৃদুল দাসক। আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ মৃদুল দাসক এই দায়িত্ব প্ৰদান কৰা হৈছে বুলি জানিবলৈ দিয়ে সংগঠনটোৰ কেন্দ্ৰীয় উপদেষ্টামণ্ডলী আৰু কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকে। অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ মুখ্য উপদেষ্টা পবিত্ৰ হাজৰিকা আৰু সভাপতি সঞ্জীৱ দাসে এক বিবৃতিযোগে এই কথা উল্লেখ কৰিছে।
উল্লেখ্য যে, মৃদুল দাসে দীৰ্ঘদিন ধৰি সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সৈতে জড়িত হৈ অনুসূচিত জাতি সমাজৰ ন্যায্য অধিকাৰ, সামাজিক ন্যায় আৰু সাংবিধানিক প্ৰাপ্য প্ৰতিষ্ঠাৰ হকে সংগ্ৰামী ভূমিকা পালন কৰি আহিছে। দাসে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হিচাপেও দায়িত্ব পালন কৰি আছিল যদিও উক্ত সংগঠনটো ত্যাগ কৰিছে।
দীৰ্ঘদিনীয়া সাংগঠনিক অভিজ্ঞতা, আন্দোলন-সংগ্ৰামৰ সৈতে ওতপ্ৰোতঃ সম্পৰ্ক আৰু প্ৰতিবাদী সত্তাৰে পৰিপুষ্ট দাসৰ অভিজ্ঞতাক অনুসূচিত জাতি সমাজৰ সামূহিক স্বাৰ্থ আৰু অধিকাৰৰ সংগ্ৰামত ব্যৱহাৰৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছে কেন্দ্ৰীয় উপদেষ্টামণ্ডলী আৰু কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকে।
শেহতীয়াকৈ পুনৰ সক্ৰিয়ভাৱে অনুসূচিত জাতিৰ অধিকাৰ আন্দোলনত সহযোগিতা আগবঢ়োৱাৰ মনোভাৱেৰে আগবাঢ়ি অহাৰ পৰিপ্ৰেক্ষিতত তেওঁৰ অভিজ্ঞতা, কৰ্মদক্ষতা আৰু সংগ্ৰামী চিন্তাধাৰাক যথোচিত সাংগঠনিক দায়িত্ব প্ৰদানৰ জৰিয়তে কামত নিয়োজিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে।
কেন্দ্ৰীয় উপদেষ্টামণ্ডলী আৰু কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকে আশা প্ৰকাশ কৰে যে মৃদুল দাসৰ যোগদান আৰু নতুন দায়িত্ব গ্ৰহণে অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ সাংগঠনিক কাৰ্যকলাপক অধিক গতিশীলতা প্ৰদান কৰিব। বিশেষকৈ অনুসূচিত জাতিৰ ন্যায্য অধিকাৰ, সামাজিক মৰ্যাদা, সাংবিধানিক সুৰক্ষা আৰু সামগ্ৰিক উন্নয়নৰ হকে চলি থকা সংগ্ৰামখনক অধিক শক্তিশালী কৰাৰ লগতে ৰাজ্যজুৰি সংগঠনটোৰ সাংগঠনিক ভেটি সম্প্ৰসাৰণ আৰু ভাৱমূৰ্তি উজ্জ্বল কৰাত গুৰুত্বপূৰ্ণ অৰিহণা যোগাব বুলি কেন্দ্ৰীয় সমিতিয়ে দৃঢ় বিশ্বাস প্ৰকাশ কৰিছে।


